Assamese: Assamese Unlocked Literal Bible Print

Updated ? hours ago # views See on WACS
দ্বিতীয় বিৱৰণ
তীয় বিৱৰণ
1

1 যৰ্দ্দনৰ পূব থকা মৰু প্ৰান্তৰ চুফৰ সন্মুখৰ অৰাবত, অৰ্থাৎ পাৰণ, তোফল, লাবন, হচেৰোত আৰু দীবাহোৰেবৰ মাজ স্থানত ইস্ৰায়েলৰ সকলো সন্তানক কব লগীয়া কথাবোৰ মোচিয়ে কৈছিল। 2 হোৰেব 1 পাহাৰৰ পৰা চেয়ীৰ পৰ্ব্বতমালাৰ পথেদি কাদেচ-বৰ্ণেয়ালৈ যাবলৈ এঘাৰ দিন লাগে। 3 ইস্রায়েলীয়া সকলে মিচৰ দেশ ত্যাগ কৰাৰ চল্লিশ বছৰৰ, বছৰি একাদশ প্রথম দিনা যিহোৱাই ইস্ৰায়েল সকলৰ সম্পর্কে মোচিক যি সকলো আজ্ঞা দিছিল, সেই সকলো কথা তেওঁ তেওঁলোকৰ ওচৰত প্ৰকাশ কৰিলে। 4-5 যিহোৱাই ইমোৰীয়া সকলৰ ৰজা হিচবোন নিবাসী চীহোনক আৰু অষ্টাৰোৎ নিবাসী বাচানৰ ৰজা ওগক ইদ্ৰেয়ীত বধ কৰাৰ পাছত যৰ্দ্দনৰ পূব পাৰে মোৱাব দেশত মোচিয়ে যিহোৱাৰ এই আজ্ঞা সমূহ দিবলৈ ধৰি কলে: 6 “হোৰেব পাহাৰত, আমাৰ ঈশ্বৰ যিহোৱাই আমাক কৈছিল, ‘তোমালোকে যথেষ্ট কাল এই পাহাৰত বাস কৰিছা। 7 এতিয়া তোমালোকে ঘূৰি যাত্ৰা কৰা। ইমোৰীয়া সকলে বাস কৰা পাহাৰীয়া অঞ্চললৈ যোৱা। তাৰ ওচৰ পাজৰৰ সকলো ঠাইলৈকে যোৱা। তাৰ ওচৰৰ যর্দন নদীৰ উপত্যকাৰ সমথল, পাহাৰীয়া অঞ্চল, নিম্ন ভূমি অঞ্চল, নেগেভ আৰু সমুদ্ৰ তীৰলৈকে যোৱা। কনানীয়া সকলৰ দেশৰ লগতে লিবানোনৰ পাহাৰলৈকে ইউফ্রেটিচ 2 নামৰ মহানদী পর্যন্ত যোৱা। 8 শুনা, মই সেই দেশ তোমালোকৰ আগত ৰাখিছোঁ; মই যিহোৱাই তোমালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক আৰু যাকোবলৈ আৰু পাছত তেওঁলোকৰ ভাবী-বংশলৈকো যি দেশ দিম বুলি শপত খাইছিলো, তোমালোকে গৈ তাক অধিকাৰ কৰা।”

9 সেই সময়ত মই তোমালোকক কৈছিলোঁ, “মোৰ পক্ষে তোমালোকৰ ভাৰ অকলে বৈ নিয়াটো সম্ভৱ নহয়। 10 তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ জনসংখ্যা অধিককৈ বৃদ্ধি কৰিলে আৰু চোৱা, আজি তোমালোকৰ আকাশৰ তৰাৰ নিচিনা অসংখ্য হ’লা। 11 তোমালোকৰ পূর্ব পুৰুষ সকলৰ ঈশ্বৰ যিহোৱাই বর্তমানতকৈ তোমালোকৰ সংখ্যা আৰু হাজাৰ গুণে বৃদ্ধি কৰক; তেওঁৰ প্রতিজ্ঞা অনুসাৰেই তোমালোকৰ তেওঁ আশীৰ্ব্বাদ কৰক। 12 কিন্তু মই অকলে কেনেকৈ তোমালোকৰ সকলো বাদ-বিবাদ মীমাংসা কৰাৰ ভাৰ আৰু বোজা বহন কৰিম? 13 তোমালোককে তোমালোকৰ প্রত্যেকটো ফৈদৰ পৰা কেইজনমান জ্ঞানৱান, বিজ্ঞ আৰু সুখ্যাতিপূর্ণ লোকক বাচি লোৱা; মই তোমালোকৰ ওপৰত তেওঁলোকক মুখিয়াল পাতিম।”

14 তোমালোকে তাৰ উত্তৰত মোক কৈছিলা, “আপুনি যি কথা কৈছে তাকে কৰা ভাল।” 15 সেয়ে মই আপোনালোকৰ ফৈদবোৰৰ পৰা জ্ঞানৱান আৰু সুখ্যাতিপূর্ণ লোক সকলক লৈ তোমালোকৰ ওপৰত মুখিয়াল পাতিলো। প্রত্যেক ফৈদৰ পৰা হাজাৰপতি, শতপতি, পঞ্চাশপতি, দশপতি আৰু অন্যান্য পদাধিকাৰী ব্যক্তিক নিযুক্ত কৰিলোঁ। 16 তোমালোকৰ বিচাৰক সকলক সেই সময়ত মই এই আজ্ঞা দিছিলোঁ, “আপোনালোকে বাদ-বিবাদৰ সময়ত ভাই সকলৰ দুই পক্ষৰ কথা শুনি ন্যায় ভাৱে বিচাৰ কৰিবা; সেই বিবাদ ইস্রায়েলীয়া ভাই সকলৰ মাজতেই হওঁক বা এজন ইস্রায়েলীয়া আৰু ভিন্ন জাতিৰ বিদেশীৰ মাজতেই হওঁক; 17 বিবাদৰ বিচাৰৰ সময়ত তোমালোকৰ কাৰো পক্ষ নলবা আৰু ডাঙৰ-সৰু সকলোৰে কথা সমানে শুনিব। বিচাৰৰ কার্য প্রকৃততে ঈশ্বৰৰ; সেয়ে তোমালোকে মানুহৰ মুখলৈ চাই ভয় নাখাব। যদি কোনো বিবাদ তোমালোকৰ কাৰণে কঠিন যেন লাগে, তেন্তে সেই বিচাৰ মোৰ ওচৰলৈ আনিবা, মই সেই বিচাৰ কৰিম।” 18 তোমালোকে কৰিবলগীয়া সকলোবোৰেই মই তেতিয়া তোমালোকক আজ্ঞা দিছিলোঁ।

19 ইয়াৰ পাছত আমাৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে আমি হোৰেব পাহাৰ এৰি ইমোৰীয়া সকলৰ পাহাৰীয়া অঞ্চলৰ অভিমুখে যাত্রা কৰিছিলোঁ। তোমালোকে যি ডাঙৰ আৰু বিপদ সংকুল মৰুপ্ৰান্ত দেখিছিলা, তাৰ মাজেদি আমি গৈ কাদেচ-বৰ্ণেয়া পাইছিলোঁ।

20 তাৰ পাছত মই আপোনালোকক কৈছিলোঁ, “তোমালোক ইমোৰীয়া পাহাৰী অঞ্চল আহি পালা। আমাৰ ঈশ্বৰ যিহোৱাই আমাক এই দেশ দিবলৈ গৈ আছে। 21 চোৱা তোমালোকৰ ঈশ্বৰ যিহোৱাই দিয়া গোটেই দেশ তোমালোকৰ আগত আছে। তোমালোকৰ পূর্বপুৰুষ সকলৰ ঈশ্বৰ যিহোৱাৰ কথা অনুসাৰে আপোনালোকে গৈ দেশখন অধিকাৰ কৰা: তোমালোকে ভয় নকৰিব, নিৰাশ নহবা।”

22 তেতিয়া তোমালোক সকলোৱে আহি মোক কৈছিলা, “কেইজনমান লোক আগেয়ে পঠাই দিয়া হওঁক যাতে তেওঁলোকে দেশখন চাই মেলি আহি আমাক কব পাৰে কোন পথেৰে গৈ আমি আক্রমণ কৰা উচিত আৰু কোন কোন নগৰবোৰ আমি সন্মুখত পাম।” 23 তোমালোকৰ এই প্রস্তাৱ মোৰ ভাল লাগিছিল; সেয়ে মই তোমালোকৰ প্রত্যেক ফৈদৰ পৰা এজনকৈ মুঠ বাৰজন লোকক বাচি লৈছিলোঁ। 24 তেওঁলোকে পার্বত্য দেশৰ ওপৰলৈ উঠি গৈছিল আৰু ইষ্কোলৰ উপত্যকালৈ আহি ভালদৰে দেশখন অনুসন্ধান কৰি আহিছিল। 25 তেওঁলোকে হাতত সেই দেশৰ কিছু কিছু ফল লৈ নামি আহি আমাক কৈছিল, “আমাৰ ঈশ্বৰ যিহোৱাই যি দেশ আমাক দিছে, ই সঁচাকৈয়ে এক উত্তম দেশ।” 26 কিন্তু আপোনালোকে তোমালোকে সেই দেশ আক্রমণ কৰিবলৈ অস্বীকাৰ কৰিছিল। তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ কৰিছিলা। 27 তোমালোকে, তোমালোকৰ তম্বুত আপত্তি দর্শাই কৈছিলা, “যিহোৱাই আমাক ঘৃণা কৰে। সেয়ে তেওঁ আমাক মিচৰ দেশৰ পৰা বাহিৰ কৰি আনিছিল যাতে ইমোৰীয়া সকলৰ শক্তিৰ দ্বাৰা আমি পৰাজিত হৈ সম্পূর্ণ বিনষ্ট হওঁ। 28 এতিয়া আমি ক’লৈ যাব পাৰোঁ? ভাই সকলে আমাৰ মন ভাঙি দিলে। কিয়নো তেওঁলোকে কৈছিল, ‘সেই ঠাইৰ অধিবা সীসকল আমাৰ তুলনাত অতিশয় ডাঙৰ আৰু দীঘল; তেওঁলোকৰ নগৰবোৰো ডাঙৰ ডাঙৰ আৰু তাৰ চৌদিশ আকাশ লঙ্ঘা প্রাচীৰেৰে আবৃত। তাত বাজেও, আমি সেই ঠাইত অনাকীয়াৰ বংশধৰৰ দৈত্যকায় লোক সকলকো দেখিলোঁ।’”

29 তেতিয়া মই তোমালোকক কৈছিলোঁ, “আপোনালোকে ভয় নকৰিবা, সেই লোক সকললৈ ভয় নকৰিব। 30 তোমালোকৰ ঈশ্বৰ যিহোৱা তোমালোকৰ আগে আগে আছে আৰু তেওঁ তোমালোকৰ হৈ যুদ্ধ কৰিব। মিচৰ দেশত তোমালোকৰ চকুৰ সন্মুখত তেওঁ যি কৰিছিল, ইয়াতো তেওঁ সেই একে কার্য কৰিব। 31 পুনৰ তোমালোকে মৰুপ্ৰন্তত দেখিছিল যে, কেনেদৰে তোমালোকৰ ঈশ্বৰ যিহোৱাই সন্মুখত থাকি তোমালোকক লৈ গৈছিল; যেনেকৈ পিতৃয়ে পুত্রক কোলাত তুলি লৈ যায়, তেনেকৈয়ে তোমালোক যোৱা সকলো ঠাইতে, গোটেই পথত এই ঠাই নোপোৱালৈকে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক লৈ আনিলে।” 32 তথাপিও ইমানতো তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ ওপৰত ভাৰসা নকৰিলা। 33 যিহোৱা তোমালোকৰ যাত্রা পথত আগে আগে গৈছিল, যাতে তেওঁ তোমালোকৰ কাৰণে শিবিৰ পাতিবৰ ঠাই বিচাৰি পায় আৰু যি পথেদি তোমালোক যোৱা উচিত, সেই পথ দেখুৱাই তোমালোকক লৈ যাবলৈ তেঁৱেই ৰাতি অগ্নি স্তম্ভৰ মাজেৰে আৰু দিনত মেঘ স্তম্ভৰ মাজেদি তোমালোকৰ আগে আগে গৈছিল। 34 তোমালোকৰ কথা শুনি যিহোৱাই ক্রোধিত হৈ শপত খাই এইদৰে কৈছিলা, 35 “যি উত্তম দেশ তোমালোকৰ পূর্বপুৰুষ সকলক দিম বুলি মই শপত খাইছিলোঁ, নিশ্চয়কৈ এই দুষ্ট বংশৰ লোক সকলৰ মাজৰ এজনেও সেই উত্তম দেশ দেখা নাপাব। 36 কেৱল যিফুন্নিৰ পুত্ৰ কালেবে তাক দেখিব; কালেবে যি ঠাইৰ মাজেদি খোজ কাঢ়ি গৈছিল, সেই ভূমি মই তেওঁক আৰু তেওঁৰ বংশধৰ সকলক দিম। কাৰণ তেওঁ যিহোৱাৰ পথত সম্পুৰ্ণ ভাৱে চলিলে।” 37 তোমালোকৰ বাবে যিহোৱাই মোৰ ওপৰতো ক্রুদ্ধ হৈ কৈছিল, “তুমিও সেই ঠাইত সোমাবলৈ নাপাবা। 38 কিন্তু পৰিচাৰক হিচাবে তোমাৰ আগত থকা নুনৰ পুত্ৰ যিহোচূৱাইহে সেই দেশত প্রৱেশ কৰিব; তুমি যিহোচূৱাক উৎসাহিত কৰিবা, কিয়নো দেশখন অধিকাৰ কৰিবৰ কাৰণে তেৱেই ইস্ৰায়েল সকলক নেতৃত্ব দি আগবঢ়াই নিব। 39 তাৰোপৰি তোমালোকে কৈছিলা, তোমালোকৰ সৰু সৰু ল’ৰা–ছোৱালীবোৰ ক্ষতিগ্রস্ত হ’ব; কিন্তু শিশুবোৰে সেই দেশত প্রৱেশ কৰিব। কাৰণ, সিহঁতৰ ভাল বা বেয়া বুজাৰ জ্ঞান বর্তমানো হোৱা নাই। সিহঁতকেই মই এই দেশ দিম আৰু সিহঁতেইহে তাক অধিকাৰ কৰিব। 40 কিন্তু তোমালোকে হ’লে চূফ সাগৰলৈ যোৱা বাটেদি ঘূৰি মৰুভূমিৰ ফালে যাত্ৰা কৰা।” 41 যিহোৱাৰ এই কথা শুনি তোমালোকে মোক কৈছিলা, “আমি যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ; আমি যুদ্ধ কৰিবলৈ উঠি যাম আৰু আমি আমাৰ ঈশ্বৰ যিহোৱাই দিয়া আজ্ঞা অনুসাৰেই সকলো কার্য কৰিম।” এই বুলি তোমালোক প্ৰতিজনে যুদ্ধৰ অস্ত্ৰ-শস্ত্র লৈ পার্বত্য অঞ্চল আক্রমণ কৰিবলৈ যুগুত হৈছিলা। 42 তেতিয়া যিহোৱাই মোক কৈছিল, “তুমি তেওঁলোকক কোৱা, ‘তোমালোকে আক্রমণ নকৰিবা আৰু যুদ্ধও নকৰিবা। কিয়নো মই তোমালোকৰ লগত নাথাকিম’; সেয়ে যদি তোমালোক যোৱা, তোমালোক শত্রুবোৰৰ হাতত পৰাজিত হ’বা।”

43 মই তোমালোকক সেই কথা জনাইছিলোঁ, কিন্তু তোমালোকে তাক নুশুনিলা। তোমালোকে যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ কৰিলা; কিন্তু তোমালোক অভিমানী লোক আৰু পার্বত্য অঞ্চললৈ উঠি গৈছিলা। 44 সেই পৰ্ব্বতত বাস কৰা ইমোৰীয়া সকলে তোমালোকৰ বিৰুদ্ধে ওলাই আহিছিল আৰু মৌ-মাখিৰ দৰে তোমালোকক খেদি পঠাইছিল। চেয়ীৰত হৰ্মালৈকে তোমালোকক আঘাত কৰি খেদি নিছিল। 45 তেতিয়া তোমালোকে উলটি আহি যিহোৱাৰ আগত কান্দিছিলা, কিন্তু যিহোৱাই তোমালোকৰ ক্রন্দন নুশুনিলে; তেওঁ তোমালোকৰ ক্রন্দনলৈ কাণ নিদিলে। 46 এইদৰে তোমালোক কাদেচত অনেক দিন ধৰি আছিলা আৰু তাতেই দীর্ঘদিন অতিবাহিত কৰিছিলা।


1হোৰেব চিনয়
2ইউফ্রেটিচ ফৰাৎ

2

1 যিহোৱাই যেনেকৈ আমাক নির্দেশ দিছিল, সেইদৰে আমি ঘূৰি চূফ সাগৰৰ বাটেদি মৰুভূমিলৈ যাত্ৰা কৰিছিলোঁ আৰু বহুদিন ধৰি আমি চেয়ীৰ 1 পর্বতমালাত ঘূৰি ফুৰিছিলোঁ। 2 তাৰ পাছত যিহোৱাই মোক কৈছিল, 3 “তোমালোকে অনেক দিন ধৰি এই পাহাৰী এলেকাত ঘূৰিলা; এতিয়া উত্তৰ ফালে ঘূৰা। 4 তুমি লোক সকলক এই আজ্ঞা দিয়া, ‘চেয়ীৰত বাস কৰা তোমালোকৰ ভাই এচৌৰ বংশধৰ সকলৰ সীমাৰ ওচৰেদি এতিয়া তোমালোক যাব লাগে; তাতে তেওঁলোকে তোমালোকলৈ ভয় কৰিব; তোমালোকক দেখি তেওঁলোক আতঙ্কিত হ’ব; সেয়ে তোমালোক সাৱধানে থাকিবা। 5 তোমালোকে এচৌৰ বংশধৰৰ সৈতে যুদ্ধ নকৰিবা; কিয়নো তেওঁলোকৰ দেশৰ কোনো অংশই মই তোমালোকক নিদিওঁ; এনেকি ভৰি থব পৰা ঠাইৰ পৰিমাণো নিদিওঁ। কাৰণ চেয়ীৰ এই পার্বত্য অঞ্চল মই এচৌক অধিকাৰ কৰিবলৈ দিলোঁ।

6 তোমালোকে আহাৰৰ কাৰণে তেওঁলোকৰ পৰা ধন দি আহাৰ কিনি খাবা; সেইদৰে পানীও তেওঁলোকৰ পৰা কিনি পান কৰিবা। 7 কিয়নো, মনত ৰাখিবা যে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ হাতে কৰা সকলো কাৰ্যত তোমালোকক আশীৰ্ব্বাদ কৰিছে; এই বৃহৎ মৰুভূমিৰ মাজেদি তোমালোকে খোজকাঢ়ি ফুৰা সময়ৰ ঘটনাবোৰ তেওঁৰ অৱগত। এই চল্লিশটা বছৰ তোমালোকৰ ঈশ্বৰ যিহোৱা তোমালোকৰ লগত আছে আৰু তোমালোকৰ একোৰে অভাৱ হোৱা নাই।”

8 সেয়ে আমি আমাৰ ভাই চেয়ীৰৰ বাসিন্দা এচৌৰ বংশধৰৰ ওচৰেদি পাৰ হৈ আহিলোঁ। আমি এলৎ ও ইচিয়োন-গেবৰ নগৰৰ পৰা অৰাবাৰ বাট ত্যাগ কৰি মোৱাবৰ মৰুভূমিলৈ যোৱা পথৰ ফালে ঘূৰিছিলোঁ।

9 তাৰ পাছত যিহোৱাই মোক কৈছিল, “তোমালোকে মোৱাবীয়া সকলক বিৰক্ত নকৰিবা। তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ নকৰিবা। তেওঁলোকৰ দেশৰ কোনো অংশই মই তোমালোকক অধিকাৰ কৰিবলৈ নিদিওঁ; কাৰণ, তেওঁলোক লোটৰ বংশধৰ আৰু মই তেওঁলোকক অধিকাৰৰ অৰ্থে আৰ নগৰ দিলোঁ।”

10 পূর্বে এই ঠাইত এমীয়া সকলে বাস কৰিছিল; এমীয়া জাতিৰ লোক সকল আছিল শক্তিশালী, সংখ্যাত অধিক আৰু অনাকীয়া সকলৰ দৰে দীৰ্ঘকায়। 11 অনাকীয়া সকলৰ দৰে এমীয়া সকলকো ৰফায়ীয়া বুলি গণিত কৰা হৈছিল; কিন্তু মোৱাবীয়া সকলে তেওঁলোকক এমীয়া বুলি কয়। 12 চেয়ীৰতো পূর্বে হোৰীয়া সকলে বাস কৰিছিল, কিন্তু পাছত এচৌৰ বংশধৰ সকলে তেওঁলোকৰ সেই ঠাইত আধিপত্য বিস্তাৰ কৰিলে। যিহোৱাই অধিকাৰ সূত্রে ইস্ৰায়েল সকলক যি দেশ দিছিল তাত তেওঁলোকে যি কার্য কৰিছিল, এচৌৰ বংশধৰ সকলেও সেই একে কার্য কৰিছিল। তেওঁলোকৰ আগৰ পৰা হোৰীয়া সকলক বিনষ্ট কৰি তেওঁলোকে সেই ঠাইত নিজে বাস কৰিবলৈ ধৰিলে।

13 পাছত যিহোৱাই কৈছিল, “এতিয়া তোমালোকে উঠি জেৰদ জুৰি পাৰ হৈ যোৱা।” তেতিয়া আমি জেৰদ জুৰি পাৰ হলোঁ। 14 কাদেচ-বৰ্ণেয়াৰ পৰা জেৰদ জুৰি পাৰ হোৱালৈকে আমি যাত্ৰা কৰা আঠত্ৰিশ বছৰ হ’ল; এই আঠত্রিশ বছৰত আমাৰ ছাউনিত যিসকল যোদ্ধা পুৰুষ আছিল, তেওঁলোক সকলো যিহোৱাৰ শপত অনুসাৰে সেই প্রজন্মৰ সকলো লোক উচ্ছন্ন হ’ল। 15 ছাউনিৰ মাজৰ পৰা সেই প্রজন্মক উচ্ছন্ন কৰিবৰ কাৰণে তেওঁলোক নিঃশেষ নোহোৱা পর্যন্ত যিহোৱাৰ হাত তেওঁলোকৰ বিৰুদ্ধে আছিল।

16 সেয়ে, সকলো যোদ্ধাৰ মৃত্যু হ’ল আৰু তেওঁলোক লোক সকলৰ মাজৰ পৰা গ’ল। 17 যিহোৱাই মোক কৈছিল, 18 “আজি তোমালোকে মোৱাবৰ সীমায়েদি আৰ নগৰ পাৰ হৈ যাব লাগে। 19 তোমালোকে যেতিয়া অম্মোনৰ লোক সকলৰ কাষত গৈ উপস্থিত হ’বা, তেতিয়া তেওঁলোকক বিৰক্ত নকৰিবা আৰু তেওঁলোকৰ বিৰুদ্ধে যুদ্ধও নকৰিবা। কিয়নো, অম্মোনীয়া সকলৰ দেশৰ কোনো অংশই মই তোমালোকক অধিকাৰ কৰিবলৈ নিদিওঁ; কাৰণ, লোটৰ বংশধৰ সকলক মই অধিকাৰৰ অৰ্থে এই নগৰ দিলোঁ।” 20 সেই দেশকো ৰফায়ীয়া সকলৰ দেশ বুলি গণিত কৰা হয়, কাৰণ পূর্বে ৰেফায়ীয়া সকলে তাত বাস কৰিছিল। কিন্তু অম্মোনীয়া সকলে তেওঁলোকক জুমজুমীয়া বুলিছিল। 21 এই জাতিৰ লোক সকল আছিল শক্তিশালী, সংখ্যাত অধিক আৰু অনাকীয়া সকলৰ দৰেই দীর্ঘকায়। কিন্তু যিহোৱাই তেওঁলোকক উচ্ছন্ন কৰিলে; অম্মোনীয়া সকলে জুমজুমীয়া সকলক উচ্ছন্ন কৰিলে আৰু তেওঁলোকৰ ঠাইত নিজৰ আধিপত্য বিস্তাৰ কৰি সেই ঠাইত বসতি কৰিলে। 22 যিহোৱাই চেয়ীৰ-নিবাসী এচৌৰ বংশধৰ সকলৰ কাৰণেও এই একে কাৰ্য কৰিছিল। সেই সময়ত যিহোৱাই এচৌৰ লোক সকলৰ সন্মুখৰ পৰা হোৰীয়া সকলক উচ্ছন্ন কৰিছিল আৰু তেওঁলোকে সেই ঠাইৰ আধিপত্য ল’লে; আজি পর্যন্ত তেওঁলোক সেই ঠাইতে বাস কৰি আছে।

23 কপ্তোৰৰ পৰা কপ্তোৰীয়া সকলে আহি অবীয়া সকলক উচ্ছন্ন কৰি তেওঁলোকৰ সেই ঠাইত বসতি কৰিছিল। অব্বীয়া সকল তেতিয়া গাজা পর্যন্ত সকলো গাওঁবোৰতে বাস কৰি আছিল।

24 তাৰ পাছত যিহোৱাই কৈছিল, “তোমালোক উঠা আৰু যাত্ৰা কৰি অৰ্ণোন উপত্যকা পাৰ হৈ যোৱা। চোৱা, মই হিচবোনৰ ৰজা ইমোৰীয়া চীহোনক আৰু তেওঁৰ দেশকো তোমালোকৰ হাতত সমৰ্পণ কৰিলোঁ; তোমালোকে তাক অধিগ্রহণ কৰিবলৈ আৰম্ভ কৰা; সেয়ে তেওঁৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰা। 25 আজিৰ পৰা মই আকাশৰ তলত থকা সমগ্র জাতিৰ মাজত তোমালোকৰ দ্বাৰা এক ভীতি আৰু ত্ৰাসৰ সঞ্চাৰ কৰিম। তোমালোকৰ বিষয়ে শুনা মাত্ৰকেই তেওঁলোকৰ কঁপনি উঠিব আৰু তোমালোকৰ কাৰণে অত্যন্ত আতঙ্কিত হ’ব।”

26 সেয়ে মই কদেমোৎ মৰুভূমিৰ হিচবোনৰ ৰজা চীহোনলৈ লোক পঠাই শান্তিৰ প্রস্তাৱ দি কৈছিলোঁ, 27 “আপোনাৰ দেশৰ মাজেদি আমাক ৰাজআলিয়েদি যাবলৈ দিয়ক; মই সোঁ বা বাওঁ কোনো ফালে নুঘূৰিম। 28 আপোনালোকে ধনৰ বিনিময়ত আমাক খাবলৈ আহাৰ আৰু পান কৰিবলৈও পানী বেচিব। কেৱল আপোনাৰ দেশৰ মাজেদি আমাক খোজকাঢ়ি যাবলৈ দিয়ক। 29 চেয়ীৰ-নিবাসী এচৌৰ বংশধৰসকলে আৰু আৰ নগৰ নিবাসী মোৱাবীয়া সকলে আমাক তেওঁলোকৰ দেশৰ মাজেদি খোজকাঢ়ি যাবলৈ দিয়াৰ দৰে আপুনিও আমাক ঈশ্বৰ যিহোৱাই যি দেশ আমাক দিছে, যৰ্দ্দন নদী অতিক্রম কৰি সেই দেশ নোপোৱা পর্যন্ত আপোনাৰ দেশৰ মাজেদি পাৰ হৈ যাবলৈ দিয়ক।”

30 কিন্তু হিচবোনৰ ৰজা চীহোনে নিজ দেশৰ মাজেদি যাবলৈ আমাক অনুমতি নিদিলে; কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই তেওঁৰ মন কঠিন কৰি হৃদয় অটল কৰি ৰাখিছিল, যাতে তেওঁ আপোনালোকৰ হাতত পৰে। আজি এই সময়ত তেওঁ তাকেই কৰিছে। 31 পাছত যিহোৱাই মোক কৈছিল, “শুনা, মই চীহোন আৰু তেওঁৰ দেশ তোমাৰ হাতত শোধাই দিবলৈ আৰম্ভ কৰিলোঁ। তুমি এতিয়া তেওঁৰ দেশত বাস কৰিবৰ অর্থে সেই দেশ অধিগ্রহণ কৰা।” 32 তেতিয়া আমাৰ বিপক্ষে যুদ্ধ কৰিবলৈ চীহোন আৰু তেওঁৰ সকলো লোক যহচ নামৰ ঠাইলৈ ওলাই আহিছিল। 33 আমাৰ ঈশ্বৰ যিহোৱাই তেওঁক আমাৰ হাতত শোধাই দিলে; তাতে আমি তেওঁক, তেওঁৰ পুত্র সকলক আৰু তেওঁৰ লোক সকলকো আঘাত কৰি পৰাস্ত কৰিছিলোঁ। 34 সেই সময়ত আমি তেওঁৰ সকলো নগৰ অধিকাৰ কৰি লৈছিলোঁ; নগৰৰ সকলো অধিবাসীৰ লগতে মহিলা, সৰু ল’ৰা-ছোৱালীক নিঃশেষে বিনষ্ট কৰিছিলোঁ, কাকো অৱশিষ্ট নাৰাখিলোঁ; 35 কেৱল পশুধনবোৰ আৰু নগৰৰ পৰা লুট কৰা বস্তুবোৰ আমি নিজৰ কাৰণে লৈ আহিছিলো। 36 অৰ্ণোন উপত্যকাৰ দাঁতিত অৰোয়েৰ নগৰ আৰু সেই উপত্যকাৰ মাজত থকা নগৰৰ পৰা গিলিয়দলৈকে আমি জয় কৰিব নোৱাৰা এনে কোনো নগৰ বাকী নাথাকিল। আমাৰ ঈশ্বৰ যিহোৱাই আমাৰ সন্মুখত থকা সকলো শত্রু পক্ষৰ ওপৰত আমাক জয়ী কৰাইছিল। 37 কেৱল অম্মোনৰ বংশধৰ সকলৰ দেশ, যব্বোক নদীৰ কাষলৈ, পার্বত্য অঞ্চলৰ নগৰবোৰলৈ আৰু অন্যান্য যি সকলো ঠাইলৈ আমাৰ ঈশ্বৰ যিহোৱাই নিষেধ কৰিছিল, তাৰ ওচৰলৈ তোমালোক যোৱা নাই।


1চেয়ীৰ ইদোম

3

1 তাৰ পাছত আমি ঘুৰি বাচান দেশৰ ফালে যোৱা বাটেদি গ’লো। আমাৰ লগত যুদ্ধ কৰিবলৈ বাচানৰ ৰজা ওগ আৰু তেওঁৰ সকলো লোক ইদ্ৰেয়ী নগৰলৈ আমাক আক্রমণ কৰিবৰ কাৰণে ওলাই আহিছিল। 2 তেতিয়া যিহোৱাই মোক কৈছিল, “তুমি তেওঁলৈ ভয় নকৰিবা; কিয়নো মই তেওঁৰ ওপৰত তোমাক বিজয়ী কৰিলোঁ; তেওঁক, তেওঁৰ লোক সকলক আৰু তেওঁৰ দেশ তোমাৰ অধীনত শোধাই দিলোঁ; তুমি হিচবোন নিবাসী ইমোৰীয়া সকলৰ ৰজা চীহোনক যেনে কৰিছিলা, এওঁলৈকো তেনে কৰিবা।”

3 এইদৰে আমাৰ ঈশ্বৰ যিহোৱাই বাচানৰ ৰজা ওগক আৰু তেওঁৰ সকলো লোকক আমাৰ অধীনত শোধাই দিছিল; তাতে আমি তেওঁক আৰু তেওঁৰ সকলো লোককে আঘাত কৰি বধ কৰিছিলোঁ; এজনকো অৱশিষ্ট নাৰাখিলোঁ। 4 সেই সময়ত আমি ওগৰ সকলোবোৰ নগৰ অধিকাৰ কৰি লৈছিলোঁ; তেওঁৰ ষাঠিখন নগৰৰ আটাইখিনি আমি দখল কৰিছিলোঁ; এটাও বাদ নপৰিল। অর্গোবৰ সমগ্র অঞ্চল অর্থাৎ বাচান দেশৰ ৰজা ওগৰ ৰাজ্য আমি অধিকাৰ কৰি লৈছিলোঁ। 5 সেই নগৰবোৰ ওখ ওখ প্রাচীৰেৰে ঘেৰি থোৱা আছিল আৰু তাত দুৱাৰ আছিল; দুৱাৰবোৰ শলখাৰে বন্ধ কৰি ৰখা আছিল; তাৰ উপৰিও বহুতো প্রাচীৰ নথকা নগৰো আছিল। 6 আমি সেই সকলো নগৰ সম্পূর্ণৰূপে ধ্বংস কৰিছিলোঁ। আমি হিচবোনৰ ৰজা চীহোনলৈ যেনে কৰিছিলোঁ, তেনেকৈ নগৰৰ সকলো অধিবাসীৰ লগতে মহিলা, সৰু ল’ৰা-ছোৱালী সকলোকে নিঃশেষে বিনষ্ট কৰিছিলোঁ। 7 কিন্তু সকলো পশুধন আৰু নগৰৰ লুট কৰা বস্তুবোৰ আমি নিজৰ কাৰণে লৈ আহিছিলো।

8 সেই সময়ত আমি অৰ্ণোন নদীৰ উপত্যকাৰ পৰা হৰ্মোণ পাহাৰলৈকে যৰ্দ্দন নদীৰ সিপাৰৰ এলেকা ইমোৰীয়া সকলৰ দুজন ৰজাৰ হাতৰ পৰা অধিকাৰ কৰিছিলোঁ। 9 (চীদোনৰ লোক সকলে এই হৰ্মোণ পাহাৰক চিৰিয়োন বুলি কয় আৰু ইমোৰীয়া সকলে চনীৰ বোলে।) 10 সেই সমথল ভূমিৰ সকলোবোৰ নগৰ, সমস্ত গিলিয়দ এলেকা আৰু বাচানৰ ৰজা ওগৰ ৰাজ্যৰ সকলো নগৰ, চলখা আৰু ইদ্ৰেয়ীলৈকে গোটেই বাচান দেশ আমি অধিকাৰ কৰিলোঁ। 11 অৱশিষ্ট ৰফায়ীয়া লোক সকলৰ মাজত কেৱল বাচানৰ ৰজা ওগেই জীৱিত আছিল; তেওঁৰ বিচনাখন লোহাৰে নির্মিত আছিল; সেই বিচনা মানুহৰ হাতৰ মাপ অনুসাৰে দীঘলে ন হাত, বহলে চাৰি হাত আছিল। সেইখন এতিয়াও জানো অম্মোনৰ বংশধৰ সকলে বাস কৰা ৰব্বা নগৰত নাই?

12 সেই সময়ত আমি অধিকাৰ কৰা ঠাই অৰ্ণোনৰ উপত্যকাৰ ওচৰত অৰোয়েৰ নগৰৰ পৰা গিলিয়দৰ পার্বত্য অঞ্চলৰ আধা অংশ আৰু তাৰ নগৰবোৰ মই ৰূবেন আৰু গাদ ফৈদক দিলোঁ। 13 গিলিয়দ দেশৰ বাকী অংশ আৰু অর্গোবৰ সমগ্র অঞ্চল অর্থাৎ বাচান দেশৰ ৰজা ওগৰ ৰাজ্য মই মনচিৰ আধা ফৈদক দিলোঁ। (বাচানৰ সেই অঞ্চলক ৰফায়ীয়া সকলৰ দেশ বোলা হয়। 14 যায়ীৰ নামৰে মনচিৰ এজন বংশধৰে গচুৰীয়া আৰু মাখাথীয়া সকলৰ সীমালৈকে গোটেই অর্গোব অঞ্চলটো অধিকাৰ কৰি নিজৰ নাম অনুসাৰে সেই ঠাইৰ নাম, এনেকি বাচানৰো নাম হব্বোৎ-যায়ীৰ ৰাখিছিল। আজিলৈকে এই নাম আছে।) 15 মই মাখীৰক গিলিয়দ দিলোঁ। 16 অৰ্ণোনবেন আৰু গাদ ফৈদৰ লোকক মই গিলিয়দৰ পৰা অর্ণোন উপত্যকাৰ মাজৰ সীমা পর্যন্ত আৰু যব্বোক নদীলৈকে দিলোঁ। যাব্বোক নদীখন অম্মোনৰ বংশধৰ সকলৰ সীমা। 17 ইয়াৰ আন সীমাবোৰ হৈছে যৰ্দ্দন নদীৰ উপত্যকাৰ সমথলভূমি; কিন্নৰতৰ 1 পৰা অৰাবা সাগৰলৈকে 2 আৰু পূবফালৰ পিচগা পার্বত্য অঞ্চলৰ এঢলীয়া ঠাইলৈকে।

18 সেই সময়ত মই তোমালোককক এইবুলি কৈ আদেশ দিছিলোঁ, “আপোনালোকৰ ঈশ্বৰ যিহোৱাই এই ঠাই আপোনালোকৰ অধিকাৰৰ অৰ্থে দিলে; কিন্তু তোমালোকৰ যোদ্ধাসকলে সুসজ্জিত হৈ, তোমালোকৰ অন্যান্য ইস্ৰায়েল ভাই সকলৰ আগে আগে নদী পাৰ হৈ যাব লাগিব। 19 অৱশ্যে, মই তোমালোকক যিবোৰ নগৰ দিলোঁ, সেই নগৰবোৰত তোমালোকৰ ভার্যা, ল’ৰা-ছোৱালীৰ লগতে তোমালোকৰ পশুধনবোৰ থাকিব। মই জানো যে তোমালোকৰ বহুত পশুধন আছে।

20 যিহোৱাই তোমালোকক জিৰণিৰ ভূমি দিয়াৰ দৰে তোমালোকৰ ভাই সকলেও যৰ্দ্দনৰ সিপাৰে তোমালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকক দিয়া জিৰণিৰ ভূমি অধিকাৰ নকৰা পর্যন্ত তোমালোকে তেওঁলোকক সহায় কৰিব লাগিব। তাৰ পাছতহে মই তোমালোকক দিয়া নিজৰ নিজৰ আধিপত্যলৈ তোমালোক প্রত্যেকেই ঘূৰি আহিবা।”

21 সেই সময়ত মই যিহোচূৱাক এই আজ্ঞা দি কৈছিলোঁ, “তোমালোকৰ ঈশ্বৰ যিহোৱাই সেই দুজন ৰজালৈ কৰা সকলো কাৰ্য তুমি নিজ চকুৰে দেখিলা; তোমালোকে পাৰ হৈ যি ৰাজ্যলৈকে যাবা, সেই ৰাজ্যবোৰলৈকো যিহোৱাই সেইদৰে কৰিব। 22 তোমালোকে তেওঁলোকলৈ ভয় নকৰিবা; কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই নিজে তোমালোকৰ পক্ষে যুদ্ধ কৰিব।”

23 সেই সময়ত মই যিহোৱাক মিনতি কৰি কৈছিলোঁ, 24 “হে মোৰ প্ৰভু যিহোৱা, আপুনি যে কিমান মহান আৰু আপোনাৰ হাত কিমান যে শক্তিশালী, তাক আপুনি আপোনাৰ দাসক দেখুৱাবলৈ আৰম্ভ কৰিছে। আপুনি যি মহৎ আৰু শক্তিসম্পন্ন কার্যবোৰ কৰিছে, তেনে কার্য কৰিব পৰা এনে কোন দেৱতা স্বর্গত বা পৃথিৱীত আছে? 25 মই আপোনাৰ ওচৰত বিনয় কৰিছোঁ, মোক যৰ্দ্দন নদী পাৰ হবলৈ আৰু সেই উত্তম দেশ প্রত্যক্ষ কৰিবলৈ দিয়ক। মোক সেই সুন্দৰ পার্বত্য দেশ আৰু লিবানোন দর্শন কৰিবলৈ দিয়ক।”

26 কিন্তু তোমালোকৰ কাৰণেই যিহোৱা মোৰ ওপৰত ক্ষুদ্ধ হৈ আছিল; তেওঁ মোৰ বিনয় শুনিবলৈ অস্বীকাৰ কৰিলে। যিহোৱাই মোক কৈছিল, “তোমাৰ বাবে ইমানেই যথেষ্ট! এই প্রসঙ্গত মোক আৰু কোনো কথা নক’বা; 27 তুমি পিচগাৰ চূড়ালৈ উঠি যোৱা আৰু তাৰ পশ্চিমফালে, উত্তৰফালে, দক্ষিণফালে আৰু পূব ফালে চকু তুলি চোৱা। এই সকলো তুমি নিজৰ চকুৰে প্রত্যক্ষ কৰিবা। কিন্তু তুমি যৰ্দ্দন নদী অতিক্রম নকৰিবা। 28 তাৰ পৰিবর্তে, তুমি যিহোচুৱাক নির্দেশ দিবা। তুমি অৱশ্যেই তেওঁক উৎসাহিত আৰু সবল কৰিবা। কিয়নো তেৱেঁই এই লোক সকলক নেতৃত্ব দি আগে আগে গৈ পাৰ কৰি নিব। তুমি কেৱল দেশখন দেখাহে পাবা, কিন্তু যিহোচূৱাই তেওঁলোকক সেই দেশ অধিকাৰ কৰাব।” 29 সেয়ে আমি বৈৎ-পিয়োৰৰ বিপৰীত ফালৰ উপত্যকাত থাকি গ’লো।


1কিন্নৰতৰ গালীল সাগৰ
2অৰাবা সাগৰলৈকে লৱন বা মৰু সাগৰ

4

1 এতিয়া, হে ইস্ৰায়েল সকল শুনা, তোমালোক যেন জীয়াই থাকে আৰু তোমালোকৰ পূর্বপুৰুষ সকলৰ ঈশ্বৰ যিহোৱাই তোমালোকক দিয়া দেশত প্রৱেশ কৰি তোমালোকে যেন তাক অধিকাৰ কৰিব পাৰা, সেয়ে মই তোমালোকক যি বিধান আৰু অনুশাসনবোৰৰ বিষয়ে শিকাব বিচাৰিছোঁ, সেইবোৰ মানি চলিবা। 2 মই তোমালোকক যি আজ্ঞা দিছো তাৰ লগত একো যোগ নিদিবা আৰু তাৰ পৰা একো বাদ নিদিবা। তোমালোকৰ ঈশ্বৰ যিহোৱাৰ যি সকলো আজ্ঞা মই তোমালোকক দিছো, সেইবোৰ আপোনালোকে মানি চলিবা। 3 তোমালোকেতো বাল-পিয়োৰৰ কাৰণে যিহোৱাই কি কি কৰিছিল, তাক নিজ চকুৰেই দেখিলে; আপোনালোকৰ মাজৰ যিমান লোকে বাল-পিয়োৰক অনুসৰণ কৰিছিল, তোমালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোক সকলোকে তোমালোকৰ মাজৰ পৰা উচ্ছন্ন কৰিলে। 4 কিন্তু তোমালোক যিসকলে তোমালোকৰ ঈশ্বৰ যিহোৱাক খামুচি ধৰি আছিলা, তোমালোক সকলো এতিয়াও জীয়াই আছা।

5 শুনা, মই মোৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা মানি তোমালোকক বিধান আৰু অনুশাসনবোৰৰ বিষয়ে শিকাইছোঁ; যি দেশ অধিকাৰ কৰিবৰ কাৰণে তোমালোকে প্রৱেশ কৰিবলৈ গৈ আছা, সেই দেশত যেন এইবোৰ মানি চলিব পাৰা। 6 তোমালোকে সেইবোৰ পালন কৰি সেই মতে কাৰ্য কৰিবা; কিয়নো এই সকলো পালন কৰাৰ যোগেদি আন আন জাতিৰ লোক সকলৰ দৃষ্টিত তোমালোকৰ জ্ঞান আৰু বুদ্ধি প্রকাশ পাব। তেওঁলোকে এই সকলো বিধানৰ বিষয়ে শুনি ক’ব, “সঁচাকৈয়ে এই মহাজাতিৰ লোক সকল জ্ঞানী আৰু বুদ্ধিমান।”

7 চোৱা, যেনেকৈ আমাৰ ঈশ্বৰ যিহোৱাক আমি মাতিলেই আমাৰ কাষত পাওঁ, তেনেকৈ এনে কোন মহাজাতি আছে যি সকলৰ এজন দেৱতা তেওঁলোকৰ অতি ওচৰত থাকে? 8 মই আজি তোমালোকৰ আপোনালোকৰ আগত যি সকলো বিধান শিকাইছোঁ, তেনেকুৱা ধর্মময় বিধান আৰু অনুশাসন আন কোন মহাজাতিৰ আছে?

9 যিমান দিনলৈকে তোমালোক জীয়াই থাকিব, সিমান দিনলৈকে তোমালোকে নিজৰ বিষয়ে সতর্কতাৰে চলি তোমালোকৰ আত্মাক যত্নেৰে সুৰক্ষা দিবা; তোমালোকে নিজ চকুৰে যি যি দেখিলে, সেইবোৰ যেন পাহৰি নাযায় আৰু তোমালোকৰ হৃদয়ৰ পৰা যেন সেইবোৰ লুপ্ত নহয়। অৱশ্যেই তোমালোকে তোমালোকৰ সন্তান-সন্ততি আৰু তোমালোকৰ নাতি-নাতিনী সকলক এই সকলোবোৰৰ বিষয়ে শিকাবা। 10 যি দিনা হোৰেব পর্বতত তোমালোক, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হৈছিলা, সেই দিনটোৰ কথা তোমালোকে মনত ৰাখিবা। সেই দিনা যিহোৱাই মোক কৈছিল, “তুমি লোক সকলক মোৰ ওচৰত একগোট কৰা। মই তেওঁলোকক মোৰ কথা শুনিবলৈ দিম যাতে তেওঁলোকে এই পৃথিৱীত থাকোঁতে জীৱনৰ সকলো কালত মোকেই ভয় কৰি চলিব আৰু তেওঁলোকৰ সন্তান সকলকো মোৰ আজ্ঞাৰ বিষয়ে শিক্ষা দিবা।”

11 সেয়ে তোমালোকে ওচৰ চাপি আহি সেই পৰ্বতটোৰ তলত থিয় হৈছিলা। তেতিয়া পৰ্বতটোত জুই জ্বলিছিল আৰু সেই জুই আকাশ পর্যন্ত প্রসাৰিত হৈছিল; ক’লা ঘন মেঘ আৰু ঘোৰ অন্ধকাৰে পর্বতটো জুৰি পেলাইছিল। 12 সেই সময়তে যিহোৱাই জুইৰ মাজৰ পৰা তোমালোকক কথা কৈছিল; তোমালোকে যিহোৱাৰ মাত শুনিছিল; কিন্তু তোমালোকে তেওঁৰ কোনো আকাৰ দেখা পোৱা নাছিলা, কেৱল এক মাতৰ শব্দহে শুনিছিলা। 13 তেওঁ তোমালোকৰ ওচৰত নিজৰ নিয়ম অর্থাৎ দহ আজ্ঞা ঘোষণা কৰিছিল আৰু সেই দহ আজ্ঞা তোমালোকক পালন কৰিবলৈ নির্দেশ দিছিল। তেওঁ সেই আজ্ঞাবোৰ দুখন শিলৰ ফলিত লিখিছিল। 14 সেই সময়ত যিহোৱাই তোমালোকক বিধি আৰু নিয়মবোৰ শিকাবলৈ মোক আদেশ দিলে যাতে তোমালোকে যি দেশ অধিকাৰ কৰিবলৈ গৈ আছা, সেই ঠাইত সেইবোৰ মানি চলিব পাৰা।

15 যি দিনা হোৰেব পর্বতত যিহোৱাই জুইৰ মাজৰ পৰা তোমালোকক কথা কৈছিল, তেতিয়া তোমালোকে তেওঁৰ কোনো আকাৰ দেখা পোৱা নাছিলা; সেয়ে তোমালোক নিজে অতি সাৱধান হোৱা। 16 সাৱধান হোৱা, তোমালোক নিজে ভ্ৰষ্ট নহবা, কোনো প্রাণীৰ আকৃতিৰে খোদিত কৰা কটা প্রতিমা বা পুৰুষ কি স্ত্রীৰ আকাৰ নির্মাণ কৰি, 17 পৃথিবীত থকা কোনো পশুৰ আকৃতিৰে বা আকাশত উড়ি ফুৰা ডেউকা লগা চৰাইৰ আকৃতিৰে 18 নাইবা কোনো সৰীসৃপ জীৱ বা ভূমিৰ তলৰ পানীত থকা কোনো মাছৰ আকৃতি নির্মাণ কৰি ভ্রষ্ট নহবা। 19 আকাশৰ ফালে যেতিয়া তোমালোকে চকু তুলি চাই আৰু সূৰ্য, চন্দ্ৰ, তৰা আদি কৰি আকাশৰ বাহিনীবোৰ দেখা, তেতিয়া তোমালোক সাৱধান হবা। তোমালোকৰ ঈশ্বৰ যিহোৱাই আকাশৰ তলত থকা সকলো জাতিকে দিয়া এই সকলোবোৰ বস্তুলৈ আকৰ্ষিত হৈ সেইবোৰক সেৱা আৰু ভক্তি-পূজা কৰাৰ পৰাও সাৱধান হবা। 20 অগ্নি কুণ্ডৰ নিচিনা মিচৰ দেশৰ যন্ত্ৰণাদায়ক বন্দীত্বৰ পৰা তোমালোকক বহিৰ কৰি অনোছে, যাতে তেওঁৰ অধিকাৰৰ লোকহোৱা, ঠিক তেনেকৈ এতিয়া হৈ আছা। 21 তাৰ উপৰি তোমালোকৰ কাৰণে যিহোৱা মোৰ ওপৰত ক্ষুদ্ধ হৈছিল আৰু তেওঁ প্রতিজ্ঞা কৰি কৈছিল যে মোক যৰ্দ্দন নদী অতিক্রম কৰি যাব নিদিব। তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যি দেশ অধিকাৰ কৰিবলৈ দিছে, মই সেই উত্তম দেশত প্রৱেশ কৰিব নোৱাৰিম। 22 মই এই ঠাইতেই মৰিম; মই যৰ্দ্দন নদী পাৰ হৈ যাব নোৱাৰিম; কিন্তু তোমালোকে নদী পাৰ হৈ গৈ সেই উত্তম দেশ অধিকাৰ কৰিবা।

23 এই কাৰণে তোমালোকে মনোযোগেৰে নিজৰ কাৰণে সর্তক হৈ থাকা, প্রভু ঈশ্বৰ যিহোৱাই তোমালোকৰ লগত যি নিয়মৰ চুক্তি কৰিছিল তাক নাপাহৰা আৰু ঈশ্বৰ যিহোৱাই তোমালোকক নিষেধ কৰা কোনো বস্তুৰ আকৃতিৰে কটা প্ৰতিমা যেন নাসাজা। 24 কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱা গ্ৰাস কৰোঁতা অগ্নিস্বৰূপ আৰু নিজৰ মৰ্য্যদা ৰখাত উদ্যোগী ঈশ্বৰ।

25 সেই দেশত তোমালোকে পুত্ৰ, নাতি আৰু পৰিনাতি জন্ম দি বহু কাল বাস কৰাৰ পাছত যদি তোমালোক ভ্ৰষ্ট হোৱা, কোনো বস্তুৰ মুৰ্তি ক্ষোদিত কৰ্ প্ৰতিমা নিৰ্ম্মণ কৰা, আৰু তোমাৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি মন্দ তাকে কৰি তেওঁক অসন্তুষ্ট কৰা, 26 তেন্তে অজি মই তোমালোকৰ বিৰুদ্ধে স্বৰ্গ আৰু মৰ্ত্ত্যক সাক্ষী কৰি কও যে তোমালোকে যি দেশ অধিকাৰ কৰিবলৈ যৰ্দন পাৰ হৈ যাবা সেই দেশৰ পৰা উচ্ছন্ন হবা, সেই ঠাইত তোমালোক বহু দিন থকিবলৈ নাপাবা, কিন্তু নিসন্দেহে বিনষ্ট হবা।

27 যিহোৱাই তোমালোকক মানুহৰ মাজত সিঁচৰতি কৰিব আৰু যিহোৱাই যি ঠাইলৈ তোমালোকক লৈ যাব, তাত ক’ম সংখ্যক লোকহে জাতিবোৰৰ মাজত থাকিব। 28 সেই ঠাইত তোমালোকে, মানুহৰ হাতেৰে নির্মাণ কৰা যি কাঠ আৰু শিলৰ দেৱ-মুৰ্ত্তিবোৰে নেদেখে, নুশুনে, খাব নোৱাৰে আৰু গোন্ধও ল’ব নোৱাৰে এনে কাঠ আৰু শিলক সেৱা পুজা কৰিবা। 29 কিন্তু সেই ঠাইত থাকি যদি তোমালোকে নিজ ঈশ্বৰ যিহোৱাক বিচাৰা, তেন্তে, তোমালোকে তেওঁক পাবা। তোমালোকে যদি নিজৰ সমস্ত হৃদয়ৰে আৰু আত্মাৰে বিচাৰা তেহে তেওঁক পাবা। 30 যেতিয়া তোমালোকে সঙ্কতত পৰিব, আৰু এই সকলো ঘটনা তোমালোকলৈ ঘটিব, তেতিয়া সেই ভৱিষ্যত কালত তোমালোকে নিজ ঈশ্বৰ যিহোৱালৈ উলটিবা; আৰু তেওঁৰ কন্ঠস্বৰ শুনিবলৈ পাবা। 31 কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱা দয়ালু ঈশ্বৰ; তেওঁ তোমালোকক হতাশ নকৰে আৰু ধ্বংসও নকৰে, আৰু তোমালোকৰ পিতৃ সকলৰ লগত যি প্ৰতিজ্ঞা কৰি শপত খাইছিল তাক তেওঁ নাপাহৰে।

32-33 কিন্তু চোৱা, পৃথিৱীত ঈশ্বৰে মানুহ সৃষ্টি কৰা দিনৰে পৰা তোমালোকৰ পূৰ্ব্বৰ দিন কালৰ বিষয়ে আকাশ-মণ্ডলৰ এক প্ৰান্তৰ পৰা আন এক প্ৰান্তলৈকে সোধা যদি এনে মহৎ কাৰ্যৰ তুল্য কৰবাত হৈছে, তোমালোকৰ দৰে কোন জাতিয়ে জুইৰ মাজৰ পৰা ঈশ্বৰৰ মাত শুনি জীয়াই আছে? 34 নইবা, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ সাক্ষাতে মিচৰ দেশত নানা মহৎ কাৰ্যবোৰে, অৰ্থাৎ নানা পৰীক্ষা, অদ্ভুত লক্ষণ, ৰণ, বলৱাল হাত, মেলা বহু আৰু ভয়ভ্কৰ মহৎ কৰ্ম্মেৰে আন জাতিৰ মাজৰ পৰা এক জাতিক নিজৰ লোক ৰূপে গ্ৰহণ কৰাৰ ব্যৱস্থা কৰাৰ গৰে আন কোনে কৰিছে?

35 যিহোৱা যে ঈশ্বৰ, তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই ইয়াক জানিবৰ কাৰণে এই সকলো তোমালোককহে দেখুউৱা হ’ল। 36 তেওঁ তোমালোকক শিক্ষা দিবৰ কাৰণে স্বৰ্গৰ পৰা নিজৰ বাণী শুনালে। পৃথিবীত নিজৰ অনন্ত অগ্নিশিখা তোমালোকক দেখুৱালে; আৰু অগ্নিশিখাৰ মাজৰ পৰা তেওঁৰ কন্ঠস্বৰ শুনিবলৈ পালা।

37 তেওঁ তোমালোকৰ ওপৰ পিতৃ আৰু তোমালোকৰ পাচৰ বংশধৰ বিলাককো প্ৰম কৰাৰ বাবে তোমালোককো মনোনীত কৰি তেওঁ নিজৰ উপস্থিতি আৰু মহা পৰাক্ৰমেৰে মিচৰ দেশৰ পৰা তোমালোকক বাহিৰ কৰি আনিলে, 38 যাতে তোমালোকতকৈ মহান আৰু পৰাক্ৰমী জাতি বিলাকক তোমালোকৰ সন্মুখৰ পৰা দূৰ কৰি তোমালোকৰ দেশত তোমালোকক প্ৰৱেশ কৰোৱাব পাৰে আৰু তেওঁলোকৰ দেশত তোমালোকক প্ৰৱেশ কৰোৱাব পাৰে আৰু অধিকাৰৰ অৰ্থে সেই দেশ তোমালোকক দিব পাৰে আৰু আজি সেইটোৱাই তোমালোকৰ ক্ষেত্ৰত হৈছে। 39 এই হেতুকে, তোমালোকে অৱশ্যেই জ্ঞাত হোৱা যে ওপৰত থকা স্বৰ্গত আৰু তলত থকা পৃথিবীত যিহোৱাই যে ঈশ্বৰ; তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই। 40 সেয়ে আজি মই তোমালোকক যি বিধি আৰু আজ্ঞাবোৰৰ আদেশ দিলোঁ, সেইবোৰ তোমালোকে অৱশ্যেই মানি চলিবা। তোমালোকৰ আৰু ভাবী সন্তান সকলৰ যেন মঙ্গল হয়, ঈশ্বৰ যিহোৱাই যি দেশ তোমালোকক চিৰকালৰ কাৰণে দিছে, তাত যেন তোমালোকৰ দীর্ঘাযু হয়।

41 ইয়াৰ পাছত মোচিয়ে যৰ্দ্দন নদীৰ পূব ফালে তিনিখন নগৰ বাচি বেলেগ কৰি ৰাখিলে। 42 সেয়ে যদি কোনো ব্যক্তিয়ে দুর্ঘটনা ক্রমে, আগৰ কোনো শত্রুতা নথকাতো আন এজনক বধ কৰে, আৰু তেওঁ পলাই গৈ সেই তিনিখন নগৰৰ মাজৰ এখনত সোমাই বাচি থাকিব পাৰে। 43 সেই নগৰ কেইখন আছিল: অৰণ্যৰ সমথল ভূমিত থকা ৰূবেণীয়া সকলৰ কাৰণে বেচৰ; আৰু গাদীয়া সকলৰ বাবে গিলিয়দত থকা ৰমোৎ, মনচিয়াসকলৰ বাবে বাচানত থকা গোলন।

44 এইবোৰ বিধি-ব্যৱস্থা ইস্ৰায়েলৰ সন্তান সকলৰ সন্মূখত মোচিয়ে স্থাপন কৰিছিল। 45 এইবোৰ চুক্তি কৰি শিক্ষা, বিধি-বিধান মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলক মিচৰৰ পৰা উলিয়াই অনা সময়ত দিছিল। 46 যেতিয়া তেওঁলোক যৰ্দ্দনৰ পূব ফালে অর্থাৎ বৈৎ-পিয়োৰৰ বিপৰীত দিশৰ উপত্যকাত, চিহোন দেশত বসবাস কৰা ইমোৰীয়া সকলৰ ৰজা, যি জন হিচবোন নিবাসী আছিল। মিচৰ দেশৰ পৰা ওলাই অহা সময়ত ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক পৰাজিত কৰিছিল। 47 তেওঁলোকে চীহোন অধিকাৰ কৰি লৈছিল আৰু ইয়াৰ বাহিৰেও বাচানৰ ৰজা ওগৰ দেশ অধিকাৰ কৰি লৈছিল। ইমোৰীয়া সকলৰ এই ৰজা দুজন যৰ্দ্দন নদীৰ পূব দিশত বাস কৰিছিল। 48 এই অঞ্চলটো অৰ্ণোনৰ পৰা আৰম্ভ হোৱা, উপত্যকাৰ দাঁতিত থকা অৰোয়েৰৰ পৰা চীয়োন অৰ্থাৎ হৰ্মোণ পৰ্ব্বতলৈকে বিস্তাৰিত হৈ আছে; 49 এই পৰ্ব্বতলৈকে থকা সকলো দেশ আৰু পিচগাৰ চাৱলীয়া ঠাইবোৰৰ তলত থকা যৰ্দ্দন নদীৰ পূব ফালৰ সমগ্র যর্দন উপত্যকা এই দেশৰ অন্তর্ভুক্ত আছিল।

5

1 তেতিয়া মোচিয়ে গোটেই ইস্ৰায়েল সকলক মাতি আনি ক’লে, “হে ইস্ৰায়েল, আজি মই যি যি বিধি আৰু ব্যৱস্থা তোমালোকক জনাম সেইবোৰ শুনা আৰু শিকি পালন কৰি সেই মতে কাৰ্য কৰিবা। 2 আমাৰ ঈশ্বৰ যিহোৱাই হোৰেবত আমাৰ লগত এটি নিয়ম কৰিলে। 3 যিহোৱাই আমাৰ পূর্বপুৰুষ সকলৰ লগতে এই চুক্তি কৰা নাই, কিন্তু আজি আমি যিমান লোক জীয়াই আছোঁ, আমাৰ সকলোৰে সৈতে কৰিলে।

4 যিহোৱাই পৰ্ব্বতত অগ্নিৰ মাজৰ পৰা তোমালোকৰ সৈতে মুখামুখিকৈ কথা কৈছিল। 5 সেই সময়ত জুইৰ ভয়ত তোমালোকে পর্বতৰ ওপৰলৈ উঠা নাছিলা বাবে মই তোমালোকৰ আৰু যিহোৱাৰ মাজত থিয় হৈ তেওঁৰ কথা তোমালোকৰ আগত প্রকাশ কৰিছিলোঁ। তেতিয়া যিহোৱাই কৈছিল:

6 ‘মই তোমালোকৰ ঈশ্বৰ যিহোৱা। মিচৰ দেশৰ দাসত্বৰ পৰা ময়েই তোমালোকক বাহিৰ কৰি আনিলো।

7 মোৰ আগত আন কোনো দেৱতা নাথাকক।

8 তোমালোকে নিজলৈ কোনো কটা প্ৰতিমা, ওপৰত থকা স্বৰ্গত, তলত থকা পৃথিবীত, আৰু পৃথিবীৰ তলত থকা পানীত যি যি আছে, সেইবোৰৰ আকৃতিৰে কোনো মুৰ্ত্তি নাসাজিবা। 9 সেইবোৰৰ আগত তোমালোকে প্ৰণিপাত নকৰিবা আৰু সেইবোৰৰ সেৱা পূজাও নকৰিবা; কিয়নো কেৱল মই যিহোৱা, তোমালোকৰ ঈশ্বৰ। মই নিজ মর্য্যাদা ৰখাত উদ্যোগী; যিসকলে মোক ঘিণ কৰে, তেওঁলোকৰ দুষ্টতাৰ শাস্তি মই তেওঁলোকৰ তৃতীয় আৰু চতুৰ্থ পুৰুষলৈকে দিওঁ। 10 কিন্তু মোক প্ৰেম কৰা ও মোৰ আজ্ঞা পালন কৰা সকলক মই হাজাৰ হাজাৰ পুৰুষলৈকে দয়া কৰোঁ।

11 তোমালোকে অনর্থক ৰূপে নিজ ঈশ্বৰ যিহোৱাৰ নাম নল’বা; কিয়নো যিকোনোৱে তেওঁৰ নাম অনৰ্থক ৰূপে লয়, যিহোৱাই তেওঁক নিৰ্দোষী নকৰিব।

12 তোমালোকক ঈশ্বৰ যিহোৱাই দিয়া আজ্ঞা অনুসাৰে বিশ্ৰাম-দিন পালন কৰি পবিত্ৰ কৰা। 13 সপ্তাহৰ ছয়দিন পৰিশ্ৰম কৰি তোমালোকৰ সকলো কাৰ্য সম্পন্ন কৰিবা; 14 কিন্তু সপ্তম দিন তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে এক বিশ্ৰাম-দিন; সেই দিনা তোমালোকে তোমালোকৰ পো বা জী, দাস বা দাসী, আৰু গৰু বা গাধ, নাইবা আন কোনো পশু, আৰু তোমালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা বিদেশী, কোনোৱে একো কাম নকৰিবা, তোমালোকৰ দাস-দাসীয়েও যেন তোমালোকৰ নিচিনাকৈ বিশ্ৰাম পাব। 15 সোঁৱৰণ কৰা, তোমালোকো মিচৰ দেশত দাস আছিলা আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাই ক্ষমতাশালী হাতৰ শক্তি প্রর্দশন কৰি তাৰ পৰা তোমালোকক উলিয়াই আনিলে; এই কাৰণেই তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক বিশ্ৰাম-দিন পালন কৰিবলৈ আজ্ঞা দিছে।

16 নিজ পিতৃ-মাতৃক সন্মান কৰিবা; ঈশ্বৰ যিহোৱাই তোমাক দিয়া আজ্ঞা অনুসাৰে, সেই আদেশ মানি চলিলে তোমালোকৰ আয়ুস দীঘল হ’ব আৰু তোমালোকৰ মঙ্গল হ’ব

17 তোমালোকে নৰবধ নকৰিবা।

18 তোমালোকে ব্যভিচাৰ নকৰিবা।

19 তোমালোকে চুৰ নকৰিবা।

20 তোমালোকে ওচৰ চুবুৰীয়াৰ অহিতে মিছা সাক্ষ্য নিদিবা।

21 আনৰ ভার্যালৈ লোভ নকৰিবা; আন লোকৰ ঘৰ-দুৱাৰ, খেতি-বাতি, দাস-দাসী, গৰু-গাধ বা আন কোনো বস্তুলৈকে লোভ নকৰিবা।’

22 এইবোৰ আজ্ঞা সেই পর্বতৰ ওপৰত জুই, মেঘ আৰু ঘোৰ অন্ধকাৰৰ মাজৰ পৰা যিহোৱাই তোমালোকৰ গোটেই সমাজৰ আগত বৰ মাতেৰে ঘোষণা কৰিছিল; ইয়াৰ বাহিৰে তেওঁ আৰু একোকে কোৱা নাছিল। পাছত তেওঁ সেইবোৰ দুখন শিলৰ ফলিত লিখি মোক দিলে। 23 সেইদিনা যেতিয়া পৰ্ব্বতত জুই জ্বলিছিল আৰু অন্ধকাৰৰ মাজৰ পৰা তোমালোকে তেওঁৰ সেই কন্ঠস্বৰ শুনিবলৈ পাইছিলা, তেতিয়া তোমালোকৰ সকলো পৰিচাৰক আৰু ফৈদৰ মুখ্য লোক সকল মোৰ ওচৰলৈ আহিছিলা 24 তোমালোকে কৈছিলা, ‘আমাৰ ঈশ্বৰ যিহোৱাই আমাৰ আগত নিজৰ প্ৰতাপ আৰু মহিমা দেখুৱালে, আৰু জুইৰ মাজৰ পৰা আমি তেওঁৰ মাত শুনিলোঁ; আজি আমি জানিলোঁ যে, ঈশ্বৰে মানুহৰ লগত কথা পতাৰ পাছতো মানুহ জীয়াই থাকিব পাৰে। 25 কিন্তু এতিয়া আমি কিয় মৰিবলৈ যাম? কিয়নো এই মহান জুইয়ে আমাক গ্ৰাস কৰি পেলাব; যদি আৰু বেছি সময় আমি আমাৰ ঈশ্বৰ যিহোৱাৰ কন্ঠস্বৰ শুনো, তেন্তে আমি নিশ্চয়ে মৰিম। 26 মৰ্ত্ত্য লোকৰ মাজত এনে কোন লোক আছে যে, আমাৰ দৰে অগ্নিৰ মাজৰ পৰা কোৱা জীৱন্ত ঈশ্বৰৰ কন্ঠস্বৰ শুনাৰ পাছতো জীয়াই আছে? 27 আপুনি, আপুনিয়েই ওচৰলৈ গৈ, আমাৰ ঈশ্বৰ যিহোৱাই কোৱা সকলো কথা শুনি আঁহক; তেওঁ আপোনাক যি যি ক’ব, সেই সকলো কথা আমাক জনাব, আমি সেইবোৰ শুনি সেইদৰে চলিম।’

28 এই বুলি যেতিয়া তোমালোকে মোক ক’লে, তেতিয়া যিহোৱাই তোমালোকৰ সেই কথা শুনি মোক ক’লে, ‘এই লোক সকলে তোমাক যি যি ক’লে তাক মই শুনিলোঁ। তেওঁলোকে যি কৈছে ভাল কথাই কৈছে। 29 মোক ভয় কৰিবলৈ আৰু মোৰ আজ্ঞা পালন কৰাৰ এই মনোভাৱ যেন তেওঁলোকৰ সদায় থাকে; যাতে তেওঁলোক আৰু তেওঁলোকৰ সন্তান সকল চিৰকাল কুশলে থাকে। 30 তুমি গৈ তেওঁলোকক নিজ নিজ তম্বুলৈ উলটি যাবলৈ কোৱা। 31 কিন্তু তুমি হ’লে মোৰ ওচৰত এই ঠাইতে থিয় হৈ থাকা; মই তোমাক সেই সকলো আজ্ঞা, নিয়ম আৰু ব্যৱস্থা দিম যিবোৰ তুমি তেওঁলোকক শিকাব লাগিব যাতে অধিকাৰ কৰিবলৈ যি দেশ মই তেওঁলোকক দিম, সেই দেশত তেওঁলোকে সেইবোৰ পালন কৰি চলিব।’

32 এতেকে, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যি যি আজ্ঞা দিলে, তোমালোকে যত্নেৰে সেইবোৰ পালন কৰা; তাৰ পৰা সোঁ কি বাওঁফালে নুঘূৰিব। 33 তোমালোক যেন জীয়াই থাকিব পাৰা, তোমালোকৰ যেন মঙ্গল হয়, আৰু যি দেশ তোমালোকে অধিকাৰ কৰিবা, তাত যেন অনেক কাল জীয়াই থাকিব পাৰা, সেইবাবে আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি যি পথত তোমালোকক চলিবলৈ আজ্ঞা দিলে, সেই পথতে তোমালোক চলিবা।”

6

1 তোমালোকৰ ঈশ্বৰ যিহোৱাই এইবোৰ আজ্ঞা, নিয়ম আৰু ব্যৱস্থা তোমালোকক শিকাবৰ কাৰণে মোক নির্দেশ দিলে যাতে যর্দন নদী পাৰ হৈ যি দেশ তোমালোকে অধিকাৰ কৰিবলৈ গৈ আছা, সেই দেশত তোমালোকে সেইবোৰ মানি কৰি চলিবা। 2 তোমালোকে, ল’ৰা-ছোৱালী আৰু তেওঁলোকৰ বংশধৰ সকলে যেন তোমালোকৰ ঈশ্বৰ যিহোৱালৈ ভয় ৰাখি মই দিয়া সকলো নিয়ম আৰু আজ্ঞাবোৰ গোটেই জীৱন কালত পালন কৰে আৰু তাৰ ফলত তোমালোকৰ আয়ুস যেন দীঘল হয়।

3 সেয়ে, হে ইস্ৰায়েল সকল, মনোযোগেৰে শুনা আৰু সেইবোৰ মানি চলা। তোমালোকৰ পূর্বপুৰুষ সকলৰ ঈশ্বৰ যিহোৱাৰ শপত অনুসাৰে গাখীৰ মৌ বোৱা দেশত তোমালোকৰ যেন মঙ্গল হয় আৰু তোমালোকক যেন বহু বংশ হৱা।

4 হে ইস্ৰায়েল সকল, শুনা আমাৰ ঈশ্বৰ যিহোৱা এজনেই; 5 তোমালোক সকলোৱেই তোমালোকৰ সকলো মন, সকলো প্ৰাণ, আৰু সকলো শক্তিৰে সৈতে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰা। 6 আজি মই তোমালোকক দিয়া আজ্ঞাৰ সকলো কথা তোমালোকৰ হৃদয়ত ৰাখিব লাগে। 7 তোমালোকে নিজৰ সন্তান সকলক যত্নেৰে সেইবোৰ শিকাবা; তোমালোক ঘৰত বহোঁতে বা বাটত যাওঁতে, আৰু শোওঁতে বা উঠোতে, সেইবোৰৰ বিষয়ে কথা-বতৰা হবা। 8 তোমালোকৰ হাতত চিনস্বৰূপে সেইবোৰ বান্ধিব, আৰু সেইবোৰ তোমালোকৰ দুই চকুৰ মাজত ভুষণ স্বৰূপ হ’ব লাগে। 9 তোমালোকৰ ঘৰৰ দুৱাৰৰ খুটাত আৰু বাহিৰৰ দুৱাৰত সেইবোৰ লিখি ৰাখিবা।

10 তোমালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক আৰু যাকোবৰ আগত ঈশ্বৰ যিহোৱাই তোমালোকক যি দেশ দিবলৈ শপত কৰিছিল, সেই দেশলৈ তেওঁ তোমালোকক লৈ যাব; সেই ঠাইত এনে ডাঙৰ আৰু সুন্দৰ নগৰবোৰ আছে, যাক তোমালোকে সজা নাই। 11 এনে অনেক উত্তম দ্রব্যৰে ঘৰবোৰ পূর্ণ হৈ আছে, যিহক তোমালোকে ভৰোৱা নাই; এনে নাদ আছে, যিহক তোমালোকে খনা নাই; যিহক তোমালোকে ৰোৱা নাই, এনে দ্ৰাক্ষাবাৰী আৰু জিত গছবোৰ আছে,; তাত এই সকলো খাই তৃপ্ত হ’বা। 12 কিন্তু সাৱধান হ’বা, যিহক তোমালোকে যিহোৱাক যেন পাহৰি নোযোৱা, যি জনে যিহক তোমালোকক মিচৰ দেশৰ দাসত্বৰ বন্ধন গৃহৰ পৰা বাহিৰ কৰি আনিলে।

13 তোমালোকে নিজ ঈশ্বৰ যিহোৱাক ভয় কৰিবা, কেৱল তেওঁৰেই আৰাধনা কৰিবা, আৰু তেওঁৰ নামেৰেই শপত খাবা। 14 তোমালোকে, তোমালোকৰ চাৰিওফালে থকা জাতিবোৰৰ দেৱতাবোৰৰ পাছত নচলিবা; 15 কিয়নো, তোমালোকৰ মাজত থকা তোমালোকৰ ঈশ্বৰ যিহোৱা নিজৰ মৰ্য্যদা ৰখাত উদ্যোগী; তোমালোকৰ ঈশ্বৰ যিহোৱাৰ ক্ৰোধ তোমালোকৰ বিৰুদ্ধে জ্বলি উঠিব, তাতে তেওঁ পৃথিবীৰ পৰা তোমালোকক উচ্ছন্ন কৰিব।

16 তোমালোকে মচ্ছাত যেনেকৈ নিজ ঈশ্বৰ যিহোৱাক পৰীক্ষা কৰিছিলা, তেনেকৈ তেওঁক পৰীক্ষা নকৰিবা। 17 তোমালোকে নিজ ঈশ্বৰ যিহোৱাই আদেশ কৰা আজ্ঞা, শাসন-প্রণালী আৰু নিয়মবোৰ অৱশ্যেই যত্নেৰে পালন কৰিব লাগিব। 18 ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি যি ন্যায় আৰু সজ কাম তোমালোকে তাকে কৰিবা, তেহে তোমালোকৰ মঙ্গল হ’ব আৰু যিহোৱাই যি দেশ দিম বুলি তোমালোকৰ পূর্বপুৰুষ সকলক প্ৰতিজ্ঞা কৰিছিল, তোমালোকে সেই উত্তম দেশ অধিকাৰ কৰিবা; 19 যিহোৱাৰ বাক্য অনুসাৰে তোমালোকৰ আগৰ পৰা তোমালোকৰ সকলো শত্রুক তোমালোকে দূৰ কৰিব পাৰিবা।

20 ভৱিষ্যতে যেতিয়া তোমালোকৰ সন্তানে সুধিব, যে, “আমাৰ ঈশ্বৰ যিহোৱাই দিয়া আজ্ঞা, বিধি আৰু শাসন-প্ৰণালীবোৰৰ অৰ্থ কি?” 21 তেতিয়া তোমালোকে নিজ সন্তানক ক’বা, “আমি মিচৰ দেশত ফৰৌণৰ দাস আছিলোঁ; পাছত ঈশ্বৰ যিহোৱাই ক্ষমতাশালী হাতেৰে মিচৰৰ পৰা আমাক উলিয়াই আনিলে। 22 ঈশ্বৰ যিহোৱাই আমাৰ চকুৰ সন্মুখতে মিচৰলৈ, ফৰৌণ আৰু তেওঁৰ বংশলৈ, মহৎ আৰু ভয়ঙ্কৰ ক্লেশযুক্ত চিন আৰু অদ্ভুত লক্ষণ দেখুৱালে। 23 সেই ঠাইৰ পৰা তেওঁ আমাক বাহিৰ কৰি আনিলে যাতে যি দেশ দিম বুলি তেওঁ আমাৰ পূর্বপুৰুষ সকলৰ আগত শপত কৰিছিল, সেই দেশলৈ আনি তাক আমাক দিব পাৰে। 24 আজিৰ দৰে সদায় আমাৰ মঙ্গল হবলৈ আৰু আমাক জীয়াই ৰাখিবলৈ যিহোৱাই আমাক এই সকলো নিয়ম পালন কৰিবলৈ আৰু তেওঁক ভয় কৰি চলিবলৈ আজ্ঞা দিছে। 25 আমি যদি নিজ ঈশ্বৰ যিহোৱাই আদেশ কৰা আজ্ঞাৰ দৰে তেওঁলৈ ভয় ৰাখি এই সকলো পালন কৰি সেই মতে কাৰ্য কৰোঁ, তেন্তে সেয়ে হ’ব আমাৰ ধাৰ্মিকতা।”

7

1 আমাৰ ঈশ্বৰ যিহোৱাই তোমালোকক যি দেশ অধিকাৰ কৰিবলৈ উলিয়াই আনিলে, সেই দেশত তোমালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক লৈ যাব আৰু অনেক জাতিক তোমালোকৰ সন্মুখৰ পৰা দূৰ কৰিব। এই জাতিবোৰ হ’ল হিত্তীয়া, গিৰ্গাচীয়া, ইমোৰীয়া, কনানীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া। এই সাতটা জাতি তোমালোকতকৈ বৃহৎ আৰু শক্তিশালী। 2 তেওঁ যেতিয়া যুদ্ধত তেওঁলোকক তোমালোকৰ হাতত আনি দিব আৰু তোমালোকক বিজয়ী কৰাব, তেতিয়া তোমালোকে তেওঁলোকক সমূলেঞ্চ ধ্বংস কৰি পেলাবা। তেওঁলোকৰ সৈতে কোনো সন্ধি নকৰিবা আৰু তেওঁলোকক দয়া নেদেখুৱাব; 3 নাইবা তেওঁলোকৰ সৈতে বিবাহৰ সম্বন্ধ স্থাপন নকৰিবা; তোমালোকৰ ছোৱালীবোৰক তেওঁলোকৰ পুতেকলৈ বিয়া নিদিবা, আৰু নিজৰ ল’ৰাৰ কাৰণেও তেওঁলোকৰ ছোৱালীক বিয়া কৰাই নানিবা। 4 কিয়নো সেই ছোৱালীবোৰে তোমালোকৰ ল’ৰাবোৰক মোক অনুসৰণ কৰাৰ পৰা আঁতৰাই নিব আৰু আন দেৱ-দেৱীৰ সেৱা পূজা কৰাব; সেয়ে হ’লে, তোমালোকলৈ যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ব, আৰু তেওঁ তোমালোকক শীঘ্ৰে বিনষ্ট কৰিব। 5 বৰং তোমালোকে তেওঁলোকলৈ এই ব্যৱহাৰ কৰিবা; তেওঁলোকৰ যজ্ঞ-বেদীবোৰ ভাঙি পেলাবা, তেওঁলোকৰ পূজাৰ স্তম্ভবোৰ ডোখৰ ডোখৰ কৰিবা, আচেৰা মূৰ্ত্তিবোৰ কাটি পেলাবা, আৰু কটা প্ৰতিমাবোৰ জুইত পুৰি পেলাবা।

6 কিয়নো তোমালোক নিজ ঈশ্বৰ যিহোৱাৰ পবিত্ৰ লোক; পৃথিবীত থকা সকলো জাতিৰ মাজৰ পৰা, নিজৰ এক বিশেষ জাতি হ’বলৈ, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোককহে কৰি আনিলে। 7 আন সকলো জাতিতকৈ তোমালোক লেখত অধিক বুলি যে যিহোৱাই তোমালোকক স্নেহ কৰিলে বা মনোনীত কৰিলে, এনে নহয়; কিয়নো আন সকলো জাতিৰ তুলনাত তোমালোক লেখত তাকৰহে আছিল। 8 কিন্তু যিহোৱাই তোমালোকক প্ৰেম কৰে, আৰু তোমালোকৰ পূর্বপুৰুষ সকলৰ ওচৰত তেওঁ যি শপত কৰিছিল, তাক ৰক্ষা কৰিবৰ কাৰণে তেওঁ ইয়াক কৰিলে। সেই বাবেই এক ক্ষমতাশালী হাতেৰে তোমালোকক বাহিৰ কৰি আনিলে আৰু মিচৰৰ ৰজা ফৰৌণৰ অধীনত দাসত্বৰ বন্ধন গৃহৰ পৰা উদ্ধাৰ কৰিলে। 9 এতেকে তোমালোকে জানিবা যে, ঈশ্বৰ যিহোৱাই তোমালোকৰ ঈশ্বৰ; তেওঁক প্ৰেম কৰা আৰু তেওঁৰ আজ্ঞা পালন কৰা সকলৰ পক্ষে তেওঁ হাজাৰ হাজাৰ পুৰুষলৈকে দয়া আৰু নিয়মটি ৰক্ষা কৰোঁতা বিশ্বস্ত ঈশ্বৰ; 10 কিন্তু তেওঁক ঘিণ কৰাসকলক বিনষ্ট কৰি তেওঁ তেওঁলোকক প্ৰতিফল দিয়ে; তেওঁক ঘিণ কৰা লোকলৈ তেনে কৰাত তেওঁ পলম নকৰে; যিহোৱাই তেওঁৰ সাক্ষাতেই তেওঁলোকক প্ৰতিফল দিব। 11 এই হেতুকে, মই আজি তোমালোকক যি সকলো আজ্ঞা, বিধি, আৰু শাসন-প্ৰণালী দিছো, সেই সকলোকে মানি চলি সেইদৰে কাৰ্য কৰিবা।

12 যদি তোমালোকে এই সকলো নিয়মবোৰলৈ মনোযোগ দিয়ো আৰু সেইবোৰ যত্নেৰে পালন কৰি সেই মতে কাৰ্য কৰা, তেন্তে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ পূর্বপুৰুষ সকলৰ ওচৰত যি প্রতিজ্ঞা কৰিছিল, সেই অনুসাৰে তোমালোকৰ কাৰণে তেওঁ যি নিয়ম স্থাপন কৰিলে, তাক বিশ্বস্ততাৰে ৰক্ষা কৰিবা। 13 তেওঁ তোমালোকক প্ৰেম কৰিব, আশীৰ্ব্বাদ কৰিব আৰু তোমালোকৰ সংখ্যা বৃদ্ধি কৰিব; যি দেশ দিম বুলি তোমালোকৰ পূর্বপুৰুষ সকলৰ আগত তেওঁ শপত কৰিছিল, সেই দেশত তোমালোকৰ গৰ্ভফল, খেতিৰ ফল, শস্য, নতুন দ্ৰাক্ষাৰস, তেল, তোমালোকৰ পশুবোৰৰ লগতে মেৰছাগ আৰু ছাগলী পোৱালীৰ সংখ্যা বৃদ্ধি আদি সকলোতে তেওঁ আশীৰ্ব্বাদ কৰিব।

14 সকলো জাতিতকৈ তোমালোকে অধিক গুণে আশীৰ্ব্বাদ পাবা আৰু তোমালোকৰ মাজত কোনো পুৰুষেই সন্তানহীন নহ’ব বা মহিলা সকলো বন্ধ্যা নহ’ব। ল’ৰা সন্তান সকল আৰু জাকৰ পশুবোৰৰ পোৱালি নোহোৱাকৈ নাথাকিব। 15 যিহোৱাই তোমালোকৰ মাজৰ পৰা সকলো ৰোগ দূৰ কৰিব; মিচৰত যি সকলো বিষম ৰোগ তোমালোকে দেখিছিলা, সেইবোৰ তেওঁ তোমালোকৰ ওপৰত নিদিব, কিন্তু তোমালোকক ঘিণ কৰোঁতা সকলৰ ওপৰতহে দিব।

16 তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ হাতত যি সকলো জাতিক শোধাই দি বিজয়ী কৰাব, তোমালোকে তেওঁলোক সকলোকে গ্ৰাস কৰিবা; তেওঁলোকলৈ তোমালোকে কৃপা-দৃষ্টি নকৰিবা; তেওঁলোকৰ দেৱতাবোৰক সেৱা-পূজাও নকৰিবা, কিয়নো সেয়া তোমালোকলৈ এক ফান্দ স্বৰূপ হ’ব।

17 তোমালোকে যদি নিজৰ মনতে কোৱা, “এই জাতি সমূহ আমাতকৈ সংখ্যাত অধিক, আমি কেনেকৈ তেওঁলোকক উৎখাত কৰিম?” 18 কিন্তু তোমালোকে তেওঁলোকলৈ ভয় নকৰিব; তোমালোকৰ ঈশ্বৰ যিহোৱাই ফৰৌণ আৰু গোটেই মিচৰ দেশলৈ যি যি কৰিছিল, তাক সোঁৱৰণ কৰিবা। 19 তোমালোকৰ ঈশ্বৰ যিহোৱাই যি সকলো দুখ-কষ্ট, অদ্ভুত চিন, আচৰিত কার্য, শক্তি আৰু ক্ষমতাশালী হাতৰ প্রদর্শনৰ দ্বাৰা তোমালোকক বাহিৰ কৰি আনিছিল, তাক তোমালোকে নিজ চকুৰে দেখিছিলা। তোমালোকে এতিয়া যি জাতিবোৰক দেখি ভয় খাইছা, তোমালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকলৈকো সেইদৰে কৰিব।

20 ইয়াৰ বাহিৰেও, যিসকল অৱশিষ্ট লোক তোমালোকৰ পৰা লুকাই থাকিব, তেওঁলোক বিনষ্ট নহয় মানে তোমালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকৰ মাজলৈ কোদো পঠাই দিব। 21 তোমালোকে তেওঁলোকক ভয় নকৰিবা; কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱা যিজন মহান আৰু ভয়ঙ্কৰ ঈশ্বৰ তেওঁ তোমালোকৰ মাজত আছে। 22 তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ আগৰ পৰা সেই জাতিবোৰক ক্ৰমে ক্ৰমে দূৰ কৰিব; তেওঁলোক সকলোকে তোমালোকে একেলগে পৰাস্ত নকৰিবা, কাৰণ তেনে কৰিলে তোমালোকৰ চাৰিওফালৰ বনৰীয়া জন্তুবোৰৰ সংখ্যা বাঢ়ি যাব। 23 কিন্তু ঈশ্বৰ যিহোৱাই ভীষণ বিশৃঙ্খলতাৰ মাজত তেওঁলোকক ধ্বংস নকৰালৈকে যুদ্ধক্ষেত্রত তোমালোকৰ হাতত তেওঁলোকক পৰাজয় কৰিবলৈ শোধাই দিব। 24 তেওঁলোকৰ ৰজাসকলক তোমালোকৰ হাতত শোধাই দিব; তাতে তোমালোকে আকাশৰ তলৰ পৰা তেওঁলোকৰ নাম লুপ্ত কৰিবা। তোমালোকে তেওঁলোকক বিনষ্ট নকৰে মানে তোমালোকৰ আগত কোনো লোক থিয় হ’ব নোৱাৰিব।

25 তোমালোকে তেওঁলোকৰ দেৱতাবোৰৰ খোদিত মুৰ্ত্তিবোৰ জুইত পুৰি ভষ্ম কৰিব; তোমালোক যেন ফান্দত নপৰা, এই কাৰণে সেইবোৰত থকা ৰূপ বা সোণলৈ লোভ নকৰিবা আৰু তাক নিজৰ কাৰণে নল’বা; কিয়নো সেইবোৰ তোমালোকৰ ঈশ্বৰ যিহোৱাৰ অতিশয় ঘিণলগীয়া বস্তু। 26 তোমালোকে ঘিণলগীয়া কোনো বস্তু নিজৰ ঘৰলৈ আনি তাৰ উপাসনা নকৰিবা। সেইবোৰক তোমালোকে মনে-প্রাণে ঘৃণা আৰু তুচ্ছ কৰিবা, কাৰণ সেইবোৰক ধ্বংসৰ বাবে পৃথক কৰা হৈছে।

8

1 আজি মই তেমেলেকক যি আজ্ঞা দিছো, সেই সকলো আজ্ঞা তেমেলেকে মানি চলিবা যাতে তেমেলেক জীয়াই থাকি সংখ্যাত বৃদ্ধি পোৱা আৰু যিহোৱাই পূৰ্বপুৰুষ সকলৰ আগত যি দেশ দিম বুলি শপত কৰিছিল, সেই দেশত প্রৱেশ কৰি অধিকাৰ কৰিব পাৰা। 2 তেমেলেকে অৱশ্যেই মনত ৰখা উচিত, যে ঈশ্বৰ যিহোৱাই চল্লিশ বছৰলৈকে মৰু প্রান্তৰত তেমেলেকক নেতৃত্ব দি পৰিচালিত কৰিছিল। তেওঁ তেমেলেকক নম্র কৰিবলৈ আৰু তেমেলেকে যিহোৱাৰ আজ্ঞা মানি চলিব নে নাই তাক পৰীক্ষা কৰি জানিবলৈ তেওঁ এই কার্য কৰিছিল।

3 ভোকত কষ্ট দি, যি মান্নাৰ কথা তেমেলেকে আৰু তেমেলেকৰ পূর্বপূৰুষ সকলে জনা নাছিল তাক খোৱাই যিহোৱাই তেমেলেকক নম্র কৰিছিল। এই কার্যবোৰৰ দ্বাৰাই তেওঁ তেমেলেকক জনাব বিচাৰিছিল যে, মানুহ কেৱল পিঠাৰে নিজীয়ে, কিন্তু মানুহৰ জীৱন যিহোৱাই কোৱা বাক্যৰ দ্বাৰাইহে জীয়ে।

4 এই চল্লিশ বছৰত, তেমেলেকৰ গাৰ কাপোৰ ফাটি যোৱা নাছিল আৰু তেমেলেকৰ ভৰিও ফুলা নাছিল। 5 এই কথা তেমেলেকে অৱশ্যেই মনত ৰখা উচিত যে বাপেকে যেনেকৈ নিজ পুতেকক শাসন কৰে, ঠিক তেনেকৈয়ে তেমেলেকৰ ঈশ্বৰ যিহোৱায়ো তেমেলেকক শাসন কৰিব। 6 তেমেলেকে ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালন কৰিব, তেওঁৰ পথত চলিবা আৰু তেওঁক ভয় কৰিবা।

7 কিয়নো তেমেলেকৰ ঈশ্বৰ যিহোৱাই এখন উত্তম দেশলৈ তেমেলেকক লৈ গৈাছে; সেই দেশ পাহাৰ আৰু উপত্যকাৰ মাজেদি বৈ যোৱা জলৰ সোঁত আৰু জুৰি থকা দেশ; মাটিৰ তলত ওলোৱা পানীৰ ভুমুকৰ দেশ। 8 সেই দেশ ঘেহুঁ ধান আৰু যৱ ধান উৎপন্ন হোৱা দেশ, আৰু দ্ৰাক্ষালতা, ডিমৰু, ডালিম থকা দেশ, জিত গছ আৰু মৌ উৎপন্ন হোৱা দেশ।

9 সেই দেশত তেমেলেকে অভাৱত নপৰাকৈ আহাৰ খাবলৈ পাবা আৰু তেমেলেকৰ প্রয়োজনীয় সকলো বস্তুয়েই তেমেলেকে পাবা। সেই ঠাইৰ শিলবোৰ লোহাৰ আৰু সেই ঠাইৰ পাহাৰবোৰৰ পৰা তেমেলেকে খনন কৰি তাম পাবা। 10 তেমেলেকে তাত ভোজন কৰি তৃপ্ত হ’বা আৰু তেমেলেকৰ ঈশ্বৰ যিহোৱাই দিয়া উত্তম দেশৰ কাৰণে তেওঁৰ ধন্যবাদ কৰিবা।

11 তেমেলেক সাৱধান হ’বা; আজি মই তেমেলেকক তেওঁৰ যি সকলো আজ্ঞা, নির্দেশ আৰু শাসন-প্রণালীবোৰ দিছো, সেইবোৰ যেন অমান্য কৰি তেমেলেকে তেমেলেকৰ ঈশ্বৰ যিহোৱাক পাহৰি নোযোৱা। 12 অন্যথা, যেতিয়া জোৰাওকৈলখাবলৈ পাই তোমালোক তৃপ্ত হবা আৰু ঘৰ-বাৰী পাতি বাসকৰিবা; 13 যেতিয়া তেমেলেকৰ গৰু-ছাগলী, মেৰছাগৰ জাক বৃদ্ধি পাব, তেমেলেকৰ অধিক সোণ ৰূপ হব আৰু তেমেলেকৰ সম্পত্তি বৃদ্ধি পাব, 14 তেতিয়া তেমেলেকৰ হৃদয় অহংকাৰী হৈ উঠিব আৰু যি জনে তেমেলেকক মিচৰ দেশৰ বন্দী গৃহৰ পৰা উলিয়াই আনিলে তেমেলেকৰ সেই ঈশ্বৰ যিহোৱাক তেমেলেকে পাহৰিবা।

15 তেওঁ তেমেলেকক শুকান, জলহীন, বিষাক্ত সাপ আৰু কেকোঁৰা বিছা ভৰা বিশাল আৰু ভয়ানক মৰুপ্রান্তৰৰ মাজেদি তেমেলেকক আনিলে। তেওঁ কঠিন শিলৰ পৰা আপোনালোকৰ কাৰণে পানী বাহিৰ কৰি উলিয়াইছিল। 16 সেই মৰুপ্ৰান্তত তোমালোকৰ পূৰ্ব্ব পুৰুষ সকলে কেতিয়াও নেদেখা মান্ন আহাৰ ৰূপে তোমালোকক খবলৈ দিছিল, যিহোৱাই তেমেলেকক পৰীক্ষা আৰু নম্র কৰিবৰ কাৰণে তেওঁ এইদৰে কৰিছিল যাতে শেষত তেমেলেকৰ সৰ্ব্বতো প্ৰকাৰে ভাল হয়। 17 তেমেলেকে হয়তো মনতে ক’ব পাৰা, “তোমাৰ নিজৰ শক্তিত আৰু নিজৰ হাতৰ কর্মৰেহে এই ধন-সম্পত্তি পালোঁ।”

18 কিন্তু তেমেলেকে তেমেলেকৰ ঈশ্বৰ যিহোৱাক সোঁৱৰণ কৰিবা; কিয়নো তেওঁৱেই তেমেলেকক এই সম্পত্তি লাভ কৰিবলৈ সামর্থ কৰিছে, আৰু তেমেলেকৰ পূৰ্বপুৰুষ সকলৰ আগত যি নিয়মৰ বিষয়ে প্ৰতিজ্ঞা বদ্ধ হৈ কৈছিলে, তেওঁ তাক এতিয়া পূর্ণ কৰিছে। 19 তেমেলেকে যদি কেতিয়াবা তেমেলেকৰ ঈশ্বৰ যিহোৱাক পাহৰি আন দেৱতাবোৰৰ পাছত চলা আৰু সেইবোৰৰ সেৱা-পূজা কৰা, তেন্তে আজি মই তেমেলেকৰ বিৰুদ্ধে এই কথা নিশ্চয় কৰি কৈছো যে, তেমেলেক ধ্বংস হৈ যাবা। 20 তেমেলেকৰ সন্মুখত যিহোৱাই যি সকলো জাতিক বিনষ্ট কৰিছে, তেমেলেকে তেমেলেকৰ ঈশ্বৰ যিহোৱাৰ বাক্য নুশুনিলে তেনেদৰেই বিনষ্ট হ’বা।

9

1 হে ইস্ৰায়েল সকল শুনক; যি সকলো জাতি তোমালোকতকৈ বৃহৎ আৰু শক্তিশালী, তোমালোকে এতিয়া তেওঁলোকৰ আকাশ লঙ্ঘী দেৱালেৰে আবৃত বৃহৎ নগৰবোৰ অধিকাৰ কৰিবৰ কাৰণে যৰ্দ্দন নদী পাৰ হ’বলৈ গৈ আছা। 2 সেই ঠাইৰ লোক সকল অনাকীয়। তেওঁলোক শক্তিশালী আৰু ওখ। তোমালোকে অনাকীয়া সকলৰ বিষয়ে জানা। তেওঁলোকৰ বিষয়ে এইবুলি কোৱা তোমালোকে শুনিছিলা যে, “অনাকীয় সন্তান সকলৰ আগত থিয় হ’ব পৰা কোন লোক আছে?”

3 কিন্তু আজি তোমালোকে এই কথা জানি ৰাখা যে, তোমালোকৰ ঈশ্বৰ যিহোৱা গ্ৰাসকাৰী অগ্নিৰ নিচিনাকৈ তোমালোকৰ আগে আগে যাওঁতা; তেওঁ তেওঁলোকক ধ্বংস কৰি দিব; তেঁৱেই তোমালোকৰ সন্মুখত তেওঁলোকক তল কৰিব। তোমালোকৰ ওচৰত যিহোৱাই যি আশ্বাস দিছিল সেই অনুসাৰে তোমালোকে তেওঁলোকক খেদি পঠিয়াবা আৰু মূহূর্ততে তেওঁলোকক বিনষ্ট কৰিবা।

4 তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ সন্মুখৰ পৰা তেওঁলোকক খেদাই পঠোৱাৰ পাছত তোমালোকৰ কোনেও যেন মনতে এনে কথা নকয়, “মোৰ ধাৰ্মিকতাৰ কাৰণেই যিহোৱাই মোক এই দেশ অধিকাৰ কৰিবলৈ লৈ আনিছে।” আচলতে এই সকলো জাতিৰ লোকসকলৰ দুষ্টতাৰ কাৰণেই যিহোৱাই তোমালোকৰ সন্মুখৰ পৰা তেওঁলোকক খেদাই পঠাব। 5 তোমালোকৰ ধাৰ্মিকতা বা অন্তৰৰ সততাৰ কাৰণেই যে তোমালোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিবলৈ গৈছা, সেয়ে নহয়, বৰং এই জাতিবোৰৰ দুষ্টতাৰ কাৰণেহে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ সন্মুখৰ পৰা তেওঁলোকক খেদাব যাতে তোমালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক আৰু যাকোবৰ ওচৰত যি প্রতিজ্ঞা কৰিছিল, তাক পূর্ণ কৰিব পাৰে।

6 এই হেতুকে তোমালোকে জানিব যে, তোমালোকৰ ধাৰ্মিকতাৰ বাবেই যে ঈশ্বৰ যিহোৱাই এই উত্তম দেশ তোমালোকৰ অধিকাৰৰ অৰ্থে দিছে, সেয়ে নহয়; কিয়নো তোমালোক এক ঠৰডিঙীয়া জাতি।

7 তোমালোকে মৰুপ্ৰন্তত তোমালোকৰ ঈশ্বৰ যিহোৱাৰ কেনেদৰে ক্রোধ জগাই তুলিছিলা, তাক মনত পেলোৱা, কেতিয়াও পাহৰি নাযাবা। মিচৰ দেশ এৰি অহা দিনৰে পৰা এই ঠাই পোৱালৈকে তোমালোকে যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰি আহিছা। 8 হোৰেবতো তোমালোকে যিহোৱাৰ ক্ৰোধ জন্মাইছিলা; তাতে যিহোৱাই তোমালোকৰ ওপৰত ক্ৰোধিত হৈ তোমালোকক ধ্বংস কৰিব খুজিছিল।

9 যিহোৱাই তোমালোকৰ সৈতে স্থাপন কৰা নিয়ম লিখা শিলৰ ফলি দুখন গ্রহণ কৰিবলৈ মই যেতিয়া পর্বতলৈ উঠি গৈ চল্লিশ দিন আৰু চল্লিশ ৰাতি সেই ঠাইতে আছিলোঁ; তেতিয়া মই আহাৰ কি পানী নোখোৱাকৈয়ে আছিলোঁ। 10 যিহোৱাই নিজৰ আঙুলিৰে লিখা এনে দুখন শিলৰ ফলি মোক দিলে। যিদিনা তোমালোক সকলোৱে যিহোৱাৰ সন্মুখত গোট খাইছিলা, সেইদিনা তেওঁ পাহাৰৰ ওপৰত জুইৰ মাজৰ পৰা তোমালোকক যি যি আজ্ঞা ঘোষণা কৰিছিল, সেইবোৰ সেই ফলি দুখনত লিখা আছিল।

11 সেই চল্লিশ দিন আৰু চল্লিশ ৰাতিৰ শেষত যিহোৱাই মোক এই শিলৰ ফলি দুখন দিছিল। 12 যিহোৱাই মোক কৈছিল, “উঠা, তুমি শীঘ্রেই এই ঠাইৰ পৰা তললৈ নামি যোৱা; কিয়নো তুমি তোমাৰ যি লোক সকলক মিচৰ দেশৰ পৰা উলিয়াই আনিলা, তেওঁলোক ভ্ৰষ্ট হৈছে। মই আজ্ঞা কৰা পথ এৰি তেওঁলোকে নিজৰ কাৰণে সাঁচত ঢলা এটা মূৰ্ত্তি নিৰ্ম্মাণ কৰি লৈছে।”

13 যিহোৱাই মোক পুনৰ কৈছিল, “মই এই লোক সকললৈ চাই দেখিলোঁ, তেওঁলোক এক ঠৰডিঙীয়া জাতি। 14 তুমি মোক বাধা নিদিবা; মই তেওঁলোকক বিনষ্ট কৰিম আৰু আকাশৰ তলৰ পৰা তেওঁলোকৰ নাম লুপ্ত কৰিম; তাৰ পাছত তোমাৰ পৰাই মই এক শক্তিশালী আৰু মহান জাতি সৃষ্টি কৰিম।”

15 সেয়ে মই পৰ্বতৰ পৰা উলটি তললৈ নামি আহিলোঁ; তেতিয়াও পৰ্বতত জুই জ্বলি আছিল আৰু মোৰ দুখন হাতত নিয়ম লিখা দুখন ফলি আছিল। 16 তাৰ পাছত মই দেখিলোঁ, তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে পাপ কৰি পূজাৰ অর্থে তোমালোকে সাঁচত ঢলা এটা দামুৰি নিৰ্ম্মাণ কৰিলা। যিহোৱাই তোমালোকক যি পথত চলিবলৈ আজ্ঞা দিছিল, মুহূর্ততে তোমালোকে সেই পথৰ পৰা আঁতৰি গৈছিলা।

17 তাতে মই সেই ফলি দুখন মোৰ হাতৰ পৰা দলিয়াই দিছিলোঁ; তোমালোকৰ চকুৰ আগতে সেই ফলি দুখন ভাঙি পেলাইছিলোঁ। 18 যিহোৱাৰ দৃষ্টিত যি বেয়া, এনে সকলো পাপ কৰি তোমালোকে তেওঁৰ ক্রোধ জগাই তুলিছিলা বাবে মই পুনৰ যিহোৱাৰ সন্মুখত পূর্বৰ দৰে চল্লিশ দিন চল্লিশ ৰাতি উবুৰি হৈ পৰিছিলোঁ; আহাৰ-পানী একো নোখোৱাকৈ আছিলোঁ।

19 যিহোৱাৰ প্রচণ্ড ক্রোধত মই ভয় খাইছিলো; কিয়নো, তোমালোকক বিনষ্ট কৰিবলৈ তেওঁ তোমালোকৰ বিৰুদ্ধে ক্রোধিত হৈ পৰিছিল। কিন্তু সেই সময়তো যিহোৱাই মোৰ নিবেদন শুনিছিল। 20 ধ্বংস কৰি পেলাব পৰাকৈ যিহোৱা হাৰুণৰ ওপৰতো অতিশয় ক্রুদ্ধ হৈছিল; মই তেতিয়া হাৰোণৰ নিমিত্তেও প্ৰাৰ্থনা কৰিছিলোঁ।

21 মই তোমালোকৰ পাপ, অৰ্থাৎ তোমালোকে নিৰ্ম্মাণ কৰা দামুৰিটো জুইত পুৰি দিছিলোঁ। তাৰ পাছত মই তাক ধুলিৰ নিচিনাকৈ গুড়ি কৰি পৰ্বতৰ পৰা বৈ অহা নদীৰ সোঁতত ধুলিবোৰ পেলাই দিছিলোঁ।

22 ইয়াৰ পাছত, তবিয়েৰাত, মচ্ছাত আৰু কিব্ৰোৎ-হত্তাবাত তোমালোকে যিহোৱাক ক্ৰোধ জগাই তুলিছিলা। 23 তাৰ পাছত, যিহোৱাই কাদেচ-বৰ্ণেয়াৰ পৰা তোমালোকক পঠোৱাৰ সময়ত ক’লে, “তোমালোক উঠি যোৱা, মই তোমালোকক যি দেশ দিছো তোমালোকে তাক অধিকাৰ কৰা।” কিন্তু সেই সময়ত তোমালোকে নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধে বিদ্রোহ কৰিলা। তোমালোকে তেওঁক বিশ্বাসো নকৰিলা আৰু তেওঁৰ কথালৈ কাণষাৰ নিদিলা। 24 মই যেতিয়াৰে পৰা তোমালোকক জানিছোঁ, তেতিয়াৰে পৰা তোমালোক সকলো সময়তে যিহোৱাৰ অবাধ্য হৈছা।

25 যিহোৱাই তোমালোকক ধ্বংস কৰিম বুলি কোৱাৰ কাৰণে মই যিহোৱাৰ আগত চল্লিশ দিন আৰু ৰাতি উবুৰি হৈ পৰি আছিলোঁ। 26 মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি কৈছিলোঁ, “হে মোৰ প্ৰভু যিহোৱা, তুমি তোমাৰ লোক সকলক ধ্বংস কৰি নেপেলাবা। তেওঁলোক তোমাৰেই; নিজ মহিমাৰে মুক্ত কৰি, তোমাৰ ক্ষমতাশালী হাতেৰে মিচৰৰ পৰা উলিয়াই অনা তোমাৰ উত্তৰাধিকাৰী লোক সকলক ধ্বংস নকৰিবা।

27 তোমাৰ দাস অব্ৰাহাম, ইচহাক, আৰু যাকোবক সোঁৱৰণ কৰা; এই লোক সকলৰ ঠৰডিঙীয়া স্বভাৱ, দুষ্টতা আৰু পাপলৈ দৃষ্টি নকৰিবা; 28 কৰিলে, তুমি আমাক যি দেশৰ পৰা উলিয়াই আনিলা, সেই দেশৰ লোক সকলে ক’ব, ‘যিহোৱাই তেওঁলোকক যি দেশ দিম বুলি প্ৰতিজ্ঞা কৰিছিল, সেই দেশলৈ নিবলৈ অসমর্থ হোৱাৰ কাৰণে আৰু তেওঁলোকক ঘিণ কৰাৰ কাৰণে তেওঁ মৰুপ্রান্তৰত তেওঁলোকক বধ কৰিবলৈ উলিয়াই আনিলে।’

29 কিন্তু তথাপিও তেওঁলোক তোমাৰেই লোক আৰু আধিপত্য, যাক তুমি তোমাৰ পৰাক্রমী শক্তিৰ দ্বাৰা আৰু তোমাৰ ক্ষমতাৰ প্রর্দশনেৰে উলিয়াই আনিছিলা।”

10

1 সেই সময়ত যিহোৱাই মোক কৈছিল, “তুমি আগৰ বাৰৰ দৰেই দুখন শিলৰ ফলি কাটি লোৱা আৰু পর্বতৰ ওপৰত মোৰ ওচৰলৈ উঠি আহাঁ। তাৰ লগতে কাঠৰ এটা চন্দুকো নিৰ্ম্মাণ কৰি ল’বা। 2 তুমি আগেয়ে যি দুখন শিলৰ ফলি ভাঙি পেলালা তাৰ ওপৰত যি কথা লিখা আছিল, মই তাকে এই ফলি দুখনত লিখি দিম। পাছত তুমি সেই দুখন লৈ চন্দুকত ভৰাই থবা।”

3 সেই বাবে মই চিটীম কাঠৰ এটা চন্দুক সাজিছিলোঁ আৰু আগৰ দৰেই শিলৰ দুখন ফলি কাটি লৈছিলোঁ; তাৰ পাছত ফলি দুখন হাতত লৈ পৰ্বতৰ ওপৰলৈ উঠি গ’লো। 4 যিহোৱাই প্রথম ফলি দুটাৰ ওপৰত যি কথা লিখিছিল, এই দুটাৰ ওপৰতো তাকে লিখি ফলি দুখন মোক দিলে। এই কথাবোৰেই হৈছে তেওঁৰ দহ আজ্ঞা যি তেওঁ তোমালোক সকলো একগোট হোৱা দিনা পৰ্বতৰ ওপৰত জুইৰ মাজৰ পৰা তোমালোকক কৈছিল।

5 তাৰ পাছত যিহোৱাৰ আজ্ঞা অনুসাৰে মই পৰ্বতৰ পৰা উভটি নামি আহি মই তৈয়াৰ কৰা সেই চন্দুকৰ ভিতৰত ফলি দুখন থলোঁ; সেইবোৰ এতিয়াও তাতে আছে।’

6 তাৰ পাছত ইস্ৰায়েল সকল বোৰোৎবনেই যাকনৰ পৰা মোচেৰালৈ যাত্ৰা কৰিছিল; সেই ঠাইতে হাৰোণৰ মৃত্যু হৈছিল আৰু তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ পুত্ৰ ইলিয়াজৰে তেওঁৰ সলনি পুৰোহিতৰ কাৰ্য কৰিবলৈ ধৰিলে। 7 সেই ঠাইৰ পৰা তেওঁলোকে গুদগোদালৈ যাত্ৰা কৰিছিল আৰু তাৰ পৰা যটবাথালৈ গৈছিল। যটবাথাত বহুতো জুৰি আছিল।

8 সেই সময়ত, যিহোৱাই তেওঁৰ নিয়ম চন্দুক বৈ নিবৰ কাৰণে, পুৰোহিতৰ কার্য কৰিবৰ উদ্দেশ্যে তেওঁৰ সন্মুখত থিয় হবলৈ আৰু তেওঁৰ নামত লোক সকলক আশীৰ্ব্বাদ কৰিবলৈ লেবীয়া ফৈদক মনোনীত কৰিলে। এই সকলো কাম তেওঁলোকে এতিয়ালৈকে কৰি আছে। 9 সেই কাৰণে লেবীয়া সকলে তেওঁলোকৰ ইস্রায়েলীয়া ককাই ভাইসকলৰ মাজত সম্পত্তিৰ কোনো ভাগ বা দেশৰ অধিকাৰ পোৱা নাই। তোমালোকৰ ঈশ্বৰ যিহোৱাৰ কথা অনুসাৰে যিহোৱাই তেওঁলোকৰ আধিপত্য।

10 পূৰ্বৰ দৰেই সেইবাৰো মই চল্লিশ দিন আৰু চল্লিশ ৰাতি পৰ্বতৰ ওপৰত আছিলোঁ আৰু সেই সময়তো যিহোৱাই মোৰ নিবেদন শুনিছিল। তোমালোকক ধ্বংস কৰি দিয়াৰ ইচ্ছা যিহোৱাৰ নাছিল। 11 যিহোৱাই মোক কৈছিল, “তুমি উঠি লোক সকলক পৰিচালনা কৰি আগে আগে যাত্ৰা কৰা; মই তেওঁলোকৰ পূর্বপুৰুষ সকলৰ ওচৰত যি দেশ দিবলৈ প্রতিজ্ঞা কৰিছিলোঁ সেই দেশলৈ গৈ তেওঁলোকে যেন তাক অধিকাৰ কৰে।”

12 ইস্ৰায়েল সকল, তোমালোকৰ ঈশ্বৰ যিহোৱাই এতিয়া তোমালোকৰ পৰা কি বিচাৰিছে? তেওঁ কেৱল বিচাৰিছে যেন তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাক ভয় কৰা, তেওঁৰ সকলো পথত চলা, তেওঁক প্ৰেম কৰে, তোমালোকৰ সকলো মন আৰু প্ৰাণেৰে সৈতে ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰা; 13 লগতে তোমালোকৰ ভালৰ কাৰণে আজি মই তোমালোকৰ ওচৰত যিহোৱাৰ যি সকলো আজ্ঞা আৰু বিধি তোমালোকক দিছো, সেই সকলোকে যেন পালন কৰা।

14 শুনা, আকাশ আৰু তাৰ ওপৰৰ সকলোবোৰেই, পৃথিৱী আৰু তাত থকা সকলোবোৰেই তোমালোকৰ ঈশ্বৰ যিহোৱাৰ। 15 কেৱল তোমালোকৰ পূর্বপুৰুষ সকলৰ প্রতি যিহোৱা সন্তুষ্ট আছিল বাবেই তেওঁ তেওঁলোকক প্ৰেম কৰিছিল। তেওঁ তেওঁলোকৰ পাছত, তেওঁলোকৰ বংশধৰ তোমালোকক আন সকলো জাতিৰ মাজৰ পৰা বাচি ল’লে। আজিও তোমালোক তেওঁৰ সেই মনোনীত জাতি।

16 সেয়ে, তোমালোকে তোমালোকৰ অন্তঃকৰণৰ চুন্নত কৰক; তোমালোক ঠৰডিঙীয়া নহ’বা। 17 কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱা, ঈশ্বৰৰো ঈশ্বৰ আৰু প্ৰভুৰো প্ৰভু, মহান ঈশ্বৰ; পৰাক্রমী আৰু ভয়ঙ্কৰ ঈশ্বৰ; কাৰো মুখলৈ নাচায় আৰু ভেঁটীও নলয়।

18 তেওঁ পিতৃহীন আৰু বিধৱাৰ বিচাৰ নিস্পত্তি কৰোঁতা আৰু বিদেশীক এনে দৰে প্ৰেম কৰে যে তেওঁলোকক অন্ন-বস্ত্ৰও দিয়ে। 19 তোমালোকেও বিদেশীক প্ৰেম কৰিবা; কিয়নো মিচৰ দেশত তোমালোকো বিদেশী আছিলা।

20 তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাকেই ভয় কৰিবা আৰু তেওঁৰেই আৰাধনা কৰিবা; তেওঁতেই লাগি থাকিব আৰু তেওঁৰ নামেৰেই প্রতিজ্ঞা কৰিবা। 21 তেওঁৱেই তোমালোকৰ প্ৰশংসা, তেওঁৱেই তোমালোকৰ ঈশ্বৰ। তোমালোকে নিজ চকুৰে যি সকলো মহৎ আৰু ভয়ঙ্কৰ কাৰ্যবোৰ দেখিছে তাক তেওঁ তোমালোকৰ কাৰণেই কৰিছে।

22 তোমালোকৰ যি পূৰ্বপুৰুষ সকল মিচৰলৈ গৈছিল তেওঁলোক সংখ্যাত মাত্র সত্তৰ জন আছিল আৰু এতিয়া তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ সংখ্যা আকাশৰ তৰাবোৰৰ দৰে অসংখ্য কৰিলে।

11

1 “তেমালোকে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰিবা আৰু তেওঁ যি বিচাৰিছে, তাক কৰিবা আৰু তেওঁৰ নির্দেশ, নিয়ম, শাসন-প্ৰণালী আৰু আজ্ঞাবোৰ নিতৌ পালন কৰিবা।

2 তেমালোকে জনা উচ্ছিত যে তেমালোকৰ সতি-সন্তান বিলাক তেমালোকৰ ঈশ্বৰ যিহুৱাৰই দিয়া শাসন প্ৰনালী, নাজানে, দেখা নই। তেওঁলোকে নাজানে, দেখাও নাই, তেওঁৰ মহান কার্য, তেওঁৰ শক্তিশালী হাত আৰু পৰাক্রম প্রর্দশনৰ কথা আৰু 3 মিচৰৰ দেশত মিচৰৰ ৰজা ফৰৌণলৈ কৰা তেওঁৰ চিন আৰু কার্য সমূহ। 4 যিহোৱাই মিচৰীয় সৈন্য দললৈ, তেওঁলোকৰ ঘোঁৰা আৰু ৰথবোৰলৈ যি কৰিছিল আৰু সৈন্যদলে যেতিয়া তেমালোকৰ পাছে পাছে খেদি আহিছিল, তেতিয়া কেনেকৈ তেওঁ চূফ সাগৰৰ পানীত তেওঁলোকক সম্পূর্ণকে ডুবাই দিছিল আৰু কেনেকৈ তেওঁলোকক ধ্বংস কৰিছিল, তাকো তেওঁলোকে দেখা নাছিল। 5 তেমালোকে এই ঠাই আহি নোপোৱালৈকে তেমালোকৰ কাৰণে তেওঁ মৰুপ্রান্তৰৰ মাজত কি কৰিছিল, তাকো তোওঁলোকে দেখা নাছিল।

6 ৰূবেণ ফৈদৰ ইলিয়াবৰ পুতেক দাথন আৰু অবীৰামৰ প্রতি তেওঁ যি কৰিছিল, অর্থাৎ, সমগ্র ইস্ৰায়েল লোকৰ মাজত পৃথিৱীয়ে মুখ মেলি তেওঁলোকক আৰু তেওঁলোকৰ পৰিয়ালৰ লোক সকলক, তেওঁলোকৰ তম্বু আৰু সকলোবোৰ প্রাণীক যিদৰে গ্রাস কৰিছিল সেয়াও তেওঁলোকে দেখা নাছিল। 7 কিন্তু যিহোৱাৰ সেই মহৎ মহৎ কার্যবোৰ তেমালোকেই নিজ চকুৰে দেখিছিলা।

8 এই হেতুকে, মই আজি তেমালোকক যি সকলো আজ্ঞা দিছো তাক পালন কৰিব যাতে যি দেশ অধিকাৰ কৰিবলৈ তেমালোকে যর্দন নদী অতিক্রম কৰি যাবা, সেই ঠাইলৈ গৈ তেমালোক শক্তিশালী হৈ তাক অধিকাৰ কৰি ল’ব পাৰা আৰু 9 যিহোৱাই তেমালোকৰ পূর্বপুৰুষ আৰু তেওঁলোকৰ বংশধৰৰ ওচৰত দুগ্ধ-মধু বোৱা যি দেশ দিয়াৰ প্রতিজ্ঞা কৰিছিল, সেই দেশত যেন তেমালোক অনেক দিন জীয়াই থাকিব পাৰা।

10 কিয়নো যি দেশ অধিকাৰ কৰিবলৈ তেমালোক গৈছা, সেইখন মিচৰ দেশৰ নিচিনা নহয়; য’ত তেমালোকে শস্য সিঁচি, শাকনি বাৰীত ভৰিৰে পানী দিয়াৰ কার্য কৰিছিলা। 11 কিন্তু যর্দন নদী পাৰ হৈ যি দেশ তেমালোকে অধিকাৰ কৰিবলৈ গৈছা, সেই ঠাই পাহাৰ আৰু উপত্যকাৰে ভৰা। সেই দেশে পানী আকাশৰ পৰা পায়; 12 তেমালোকৰ ঈশ্বৰ যিহোৱাই সেই দেশৰ যত্ন লয়; বছৰৰ আৰম্ভণিৰ পৰা শেষলৈকে সকলো সময়তে তেমালোকৰ ঈশ্বৰ যিহোৱাৰ চকু সেই দেশৰ ওপৰত থাকে।

13 গতিকে তেমালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰিবলৈ আৰু সমস্ত মন আৰু প্রাণেৰে তেওঁৰ সেৱা-আৰধনা কৰিবলৈ যি আজ্ঞা আজি মই তেমালোকক দিলোঁ তাক তেমালোকে বিশ্বস্ততাৰে পালন কৰিবা।

14 তেতিয়া যিহোৱাই সঠিক কালত তেমালোকৰ দেশৰ ওপৰত আগতীয়া আৰু শেষতীয়া বৰষুণ পঠাব। তাতে তেমালোকে প্রচুৰ শস্য, নতুন আঙ্গুৰৰ ৰস আৰু তেল গোটাব পাৰিবা। 15 তেমালোকৰ পশুধন বোৰৰ কাৰণেও যিহোৱাই পথাৰত ঘাঁহ হবলৈ দিব; তেমালোকেও তৃপ্ত হোৱাকৈ খাবলৈ পাবা।

16 তেমালোকৰ হৃদয় যেন ছলনাত পৰি ভ্রান্ত হৈ নাযায় আৰু তেমালোকে আন দেৱতাবোৰৰ উপাসনা কৰি সেইবোৰৰ আগত যেন প্ৰণিপাত নকৰিবা, তাৰ বাবে তেমালোক নিজৰ বিষয়ে সাৱধান হ’বা; 17 তেনে কৰিলে তেমালোকৰ ওপৰত যিহোৱা ক্রোধত প্রজ্বলিত হৈ উঠিব আৰু তেওঁ আকাশৰ দুৱাৰ বন্ধ কৰি দিব, যাৰ ফলত বৰষুণ নহ’ব আৰু ভুমিয়ে নিজ ফল উৎপন্ন নকৰিব। যি উত্তম দেশ যিহোৱাই তেমালোকক দিব, তাৰ পৰা তেমালোক অতি শীঘ্রেই নিশ্চিহ্ন হৈ যাবা।

18 এতেকে তেমালোকে মোৰ এই কথাবোৰ নিজ নিজ হৃদয়ত আৰু মনত গাঁথি ৰাখিব; চিন স্বৰূপে সেইবোৰ হাতত বান্ধিবা আৰু তেমালোকৰ চকুৰ মাজত প্রতীক ৰূপে ভূষিত কৰিবা। 19 তেমালোকৰ নিজৰ সন্তান সকলক সকলো সময়তে, ঘৰত বহোঁতে বা বাটত যাওঁতে, শোওঁতে বা উঠোতে বা কোনো কার্য কৰোঁতে সেইবোৰৰ বিষয়ে শিক্ষা দিবা।

20 তেমালোকে ঘৰৰ দুৱাৰৰ চৌকাঠত আৰু নগৰৰ প্রৱেশ দুৱাৰত সেইবোৰ লিখি থ’বা।

21 যিহোৱাই তেমালোকৰ পূৰ্বপুৰুষ সকলৰ ওচৰত যি দেশ দিয়াৰ প্রতিজ্ঞা কৰিছিল সেই দেশত তেমালোক আৰু তেমালোকৰ সন্তান সকল যিমান কাল এই পৃথিবীৰ ওপৰত আকাশ থাকিব সিমানকাল জীয়াই থাকিবা।

22 কিয়নো এই যি আজ্ঞাবোৰ মনি চলিবলৈ মই তেমালোকক আদেশ দিছোঁ, তেমালোকে যদি যত্নেৰে সেই গোটেই ব্যৱস্থা পালন কৰি সেই মতে কাৰ্য কৰি নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰা, তেওঁৰ সকলো পথত চলা, আৰু তেওঁত লাগি থাকা, 23 তেন্তে যিহোৱাই তেমালোকৰ আগৰ পৰা এই আটাই আন জাতিবোৰক দূৰ কৰিব, আৰু তেমালোকে তেমালোকতকৈ মহান আৰু শক্তিশালী জাতিবোৰক উচ্ছেদ কৰিবা।

24 তেমালোকে যি যি ঠাইত ভৰি দিব, সেই সকলো ঠাই তেমালোকৰ হ’ব; মৰুপ্ৰান্তৰ পৰা লিবানোন পর্যন্ত আৰু ইউফ্রেটিচ নদীৰ পৰা ভূমধ্য সাগৰলৈকে তেমালোকৰ সীমা হ’ব। 25 তেমালোকৰ আগত কোনো লোক থিয় হ’ব নোৱাৰিব; তেমালোকে সেই দেশত যলৈকে যাবা, তেমালোকৰ ঈশ্বৰ যিহোৱাই তেমালোকক কোৱা বাক্য অনুসাৰে তেওঁলোকৰ মনত তেমালোকৰ সমন্ধে এক ভয় আৰু আতঙ্ক ভাৱৰ সৃষ্টি কৰিব।

26 চোৱা, আজি মই তেমালোকৰ আগত আশীৰ্ব্বাদ আৰু শাও ৰাখিছোঁ। 27 আজি মই তেমালোকৰ ওচৰত তেমালোকৰ ঈশ্বৰ যিহোৱাৰ যি আজ্ঞাবোৰ দিলোঁ, সেই বোৰলৈ যদি তেমালোকে মনোযোগ দিয়া, তেন্তে আপোনালোকে আশীৰ্ব্বাদ পাবা। 28 কিন্তু যদি তেমালোকে নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞাবোৰলৈ কাণ নিদিয়া, আৰু মই আজি তেমালোকক যি পথত চলিবলৈ আজ্ঞা দিছোঁ, তাৰ পৰা আঁতৰি তেমালোকে নজনা আন দেৱতাৰ পাছত চলা, তেন্তে তেমালোকে শাও পাবা।

29 তেমালোকে যি দেশ অধিকাৰ কৰিবলৈ গৈছা, তেমালোকৰ ঈশ্বৰ যিহোৱাই যেতিয়া সেই দেশলৈ তেমালোকক লৈ যাব, তেতিয়া গৰিজ্জীম পৰ্বতত সেই আশীৰ্ব্বাদ, আৰু এবাল পৰ্ব্বতত সেই শাও প্ৰকাশ কৰিব। 30 সেই দুই পৰ্বত যৰ্দ্দনৰ সিপাৰত পশ্চিম ফালৰ বাটৰ পশ্চিমত গিলগলৰ সন্মুখত অৰাবা-নিবাসী কনানীয়া সকলৰ দেশৰ মাজত মোৰিৰ এলোন গছবোৰৰ ওচৰত নহয় নে?

31 কিয়নো ঈশ্বৰ যিহোৱাই তেমালোকক যি দেশ দিছে, তাক অধিকাৰ কৰিবৰ অৰ্থে তেমালোকে তাত সোমাবলৈ যৰ্দ্দন পাৰ হৈ যাবা। তেমালোকে তাক অধিকাৰ কৰি তাতে বসতি কৰিবা। 32 এই কাৰণে, মই আজি তেমালোকৰ আগত যি যি বিধি আৰু শাসন-প্ৰণালী প্ৰকাশ কৰিছোঁ, সেই সকলোকে পালন কৰি সেই অনুসাৰে কাৰ্য কৰিবা।”

12

1 তোমালোকৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাই যি দেশ তোমালোকক অধিকাৰৰ অৰ্থে দিছে, সেই দেশত গোটেই জীৱন কাল তোমালোকে এই সকলো বিধি আৰু শাসন-প্ৰণালীবোৰ মানি চলিবা। 2 তোমালোকে যি জাতিবোৰক উচ্ছেদ কৰিবা, তেওঁলোকে ওখ পর্বতত, পাহাৰত আৰু সেউজীয়া গছৰ তলত যি সকলো দেৱ-দেৱীৰ পূজা কৰে, সেই ঠাইবোৰ তোমালোকে সম্পূর্ণকৈ ধ্বংস কৰিবা।

3 তেওঁলোকৰ যজ্ঞ-বেদীবোৰ ভাঙি পেলাবা, তেওঁলোকৰ শিলৰ স্তম্ভবোৰ ডোখৰ ডোখৰ কৰিবা, তেওঁলোকৰ আচেৰা মূৰ্ত্তিবোৰ জুইত পুৰি পেলাবা, তেওঁলোকৰ দেৱতাৰ সকলো কটা-প্ৰতিমাবোৰ কাটি পেলাবা আৰু এই দৰে সেই ঠাইৰ পৰা তেওঁলোকৰ নাম লুপ্ত কৰিবা। 4 তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উপাসনা সেই লোকসকলে কৰাৰ দৰে নকৰিবা।

5 কিন্তু ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপন কৰিবৰ কাৰণে তোমালোকৰ সকলো ফৈদৰ মাজত যি ঠাই মনোনীত কৰিব, সেই ঠাই তেওঁৰ বসতিৰ ঠাই হ’ব। আপোনালোকে অৱশ্যেই তেওঁৰ উপসানাৰ কাৰণে সেই ঠাইলৈ যাব। 6 তোমালোকেতোমালোকৰ হোম-বলি, বলি উৎসর্গ, দশম ভাগ আৰু তোমালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য, সঙ্কল্প পূৰণৰ নৈবেদ্য, ইচ্ছাকৃত বিশেষ দান আৰু গৰু-ছাগলী, মেৰছাগ আদিৰ জাকৰ প্ৰথমে জগা পোৱালি সেই ঠাইলৈ লৈ যাবা।

7 সেই ঠাইতেই তোমালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত তোমালোকে আৰু তোমালোকৰ পৰিয়ালৰ সকলোৱে আহাৰ গ্রহণ কৰিবা আৰু তোমালোকে হাত দিয়া সকলো কাৰ্যত তেওঁ দিয়া আশীৰ্ব্বাদক লৈ তোমালোকে আনন্দ উল্লাস কৰিবা।

8 আমি এতিয়া ইয়াত যি যি কাৰ্য কৰিছোঁ, সেইবোৰৰ দৰে তোমালোকে সেই ঠাইত নকৰিবা; প্ৰতিজনে নিজৰ চকুত যি ভাল দেখে তাকে নকৰিবা। 9 কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই বিশ্ৰামৰ কাৰণে যি আধিপত্য তোমালোকক দিবলৈ গৈছে, তোমালোকে এতিয়াও সেই ঠাইত প্রৱেশ কৰা নাই।

10 তোমালোকৰ ঈশ্বৰ যিহোৱাই আধিপত্য হিচাবে যি দেশ তোমালোকক দিছে, তোমালোকে যৰ্দ্দন নদী পাৰ হৈ যেতিয়া সেই দেশত বাস কৰিবা, তেতিয়া তেওঁ তোমালোকৰ চাৰিওফালে থকা শত্রুবোৰৰ কাষৰ পৰা তোমালোকক বিশ্রাম দিব আৰু তোমালোকে নিৰাপদে সেই ঠাইত বাস কৰিব পাৰিবা।

11 তাৰ পাছত তোমালোকৰ ঈশ্বৰ যিহোৱাই তেওঁৰ নাম স্থাপনৰ কাৰণে যি ঠাই বাছি লব, সেই ঠাইলৈ মই আদেশ কৰা সকলো বস্তু লৈ আহিবা অৰ্থাৎ নিজ নিজ হোমবলি, বলি উৎসর্গ, দশম ভাগ, তোমালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য, যিহোৱাৰ উদ্দেশ্যে কৰা সকলো সঙ্কল্প পূৰণৰ নৈবেদ্য।

12 সেই ঠাইত তোমালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত তোমালোকে, তোমালোকৰ ল’ৰা-ছোৱালী, দাস-দাসী, তোমালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত বাস কৰা লেবীয়া লোকসকল, যি সকলৰ নিজৰ বুলিবলৈ কোনো ভাগ বা আধিপত্য নাই, তোমালোক সকলোৱেই একেলগে আনন্দ কৰিবা।

13 নিজৰ বিষয়ে সাৱধান হ’ব, যি কোনো স্থানতে তোমালোকে হোম-বলি উৎসৰ্গ নকৰিবা; 14 কিন্তু তোমালোকৰ ফৈদৰ মাজত যিহোৱাই যি ঠাই মনোনীত কৰিব, কেৱল সেই ঠাইতেহে হোম-বলি উৎসৰ্গ কৰিবা আৰু সেই ঠাইতেহে মই আদেশ কৰা সকলো আজ্ঞা পালন কৰিবা।

15 তেতিয়াহে তথাপি যেতিয়া তোমালোকে তোমালোকৰ যি কোনো নগৰৰ দোৱাৰৰ ভিতৰত তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আশীৰ্ব্বাদ অনুসাৰে পশু বধ কৰা তেতিয়া প্ৰয়োজন অনুসাৰে মাংস ভোদন কৰিব পাৰা, অশুচি আৰু শুচি কৃষ্ণসাৰ বা হৰিণৰ মাংস ৰূপে ভোজন কৰিব পাৰিবা। 16 কিন্তু আপোনালোকে তেজ নাখাব; তাক পানীৰ দৰে মাটিত ঢালি পেলাব।

17 তোমালোকৰ শস্য, নতুন দ্ৰাক্ষাৰস বা তেলৰ দশম ভাগ নাইবা গৰু-ছাগলী, মেৰছাগ আদিৰ প্ৰথমে জগা পোৱালি, সঙ্কল্প সিদ্ধ কৰিবৰ কাৰণে দিয়া কোনো নৈবেদ্য, ইচ্ছাকৃত বিশেষ দান বা তোমালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য তোমালোকে নিজৰ নগৰৰ দুৱাৰৰ ভিতৰত খাব নোৱাৰিবা; 18 কিন্তু তোমালোকৰ ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত তোমালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত তোমালোকে, তোমালোকৰ ল’ৰা-ছোৱালী, দাস-দাসী, তোমালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত বাস কৰা লেবীয়া লোক সকলে সেইবোৰ ভোজন কৰিব আৰু তোমালোকে হাত দিয়া সকলো কাৰ্যত তেওঁ দিয়া আশীর্বাদক লৈ তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আনন্দ উল্লাস কৰিবা। 19 শুনা, তোমালোকে যিমান দিন তোমালোকক দেশত বাস কৰিব, সিমান দিনলৈকে লেবীয়া সকলক ত্যাগ নকৰিবা।

20 তোমালোকৰ ঈশ্বৰ যিহোৱাই কৰা নিজ প্ৰতিজ্ঞাৰ দৰে সীমা বিস্তাৰ কৰাৰ পাছত যেতিয়া তোমালোকে মাংস খাবলৈ ইচ্ছা কৰি ক’বা, “মোৰ মাংস খাবলৈ মন!” তেতিয়া তোমালোকে ইচ্ছা মনেৰে মাংস খাব পাৰিবা।

21 তোমালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপন কৰিবৰ অৰ্থে যি ঠাই বাছি ল’বা, সেয়ে যদি তোমালোকৰ পৰা বহু দূৰৈত হয়, তেন্তে মই দিয়া আজ্ঞা অনুসাৰে তোমালোকে যিহোৱাই তোমালোকক দিয়া গৰু-ছাগলী, মেৰছাগ আদি জাকৰ পৰা পশু লৈ মাৰিব পাৰিবা আৰু তোমালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত মনৰ ইচ্ছাৰ দৰে ভোজন কৰিব পাৰিবা। 22 কৃষ্ণসাৰ আৰু হৰিণাৰ মাংস খোৱাৰ দৰেই তোমালোকে তাক খাবা; শুচি বা অশুচি সকলো লোকেই তাক ভোজন কৰিব পাৰিবা।

23 কিন্তু সাৱধান! তেজ নাখাবা; কিয়নো তেজেই হৈছে জীৱনৰ প্ৰাণ; এই হেতুকে মঙহেৰে সৈতে প্ৰাণ নাখাবা। 24 তোমালোকে তাক নাখাই পানীৰ দৰে মাটিত ঢালি দিবা। 25 তোমালোক আৰু তোমালোকৰ ভাবী সন্তান সকলৰ মঙ্গল হ’বৰ কাৰণে তোমালোকে তেজ পান নকৰিবা; তেতিয়া যিহোৱাৰ দৃষ্টিত যি ভাল তাকে কৰা হ’ব।

26 যিহোৱাই মনোনীত কৰা ঠাইত কেৱল তোমালোকৰ পবিত্ৰ দ্ৰব্য আৰু সংকল্প কৰা নৈব্যদ্য নিব লাগিব। 27 তোমালোকৰ ঈশ্বৰ যিহোৱাৰ যজ্ঞ-বেদীৰ ওপৰত তোমালোকে তোমালোকৰ হোমবলি অর্থাৎ মঙহ আৰু তেজ উৎসৰ্গ কৰিবা; তোমালোকৰ ঈশ্বৰ যিহোৱাৰ যজ্ঞ-বেদীৰ ওপৰত বলিৰ তেজ ঢালি দিব লাগিব; কিন্তু তাৰ মাংস তোমালোকে খাব পাৰিবা।

28 তোমালোক আৰু তোমালোকৰ পাছত তোমালোকৰ ভাবী সন্তান সকলৰ যেন চিৰকাল মঙ্গল হয়, সেয়ে মই দিয়া এই সকলো আজ্ঞা তোমালোকে যত্নেৰে পালন কৰিবা; কাৰণ তেনে কৰিলে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি ন্যায় আৰু ভাল তাকে কৰা হ’ব।

29 যি জাতি সমূহৰ আধিপত্য ল’বলৈ তোমালোক গৈছা, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ আগৰ পৰা তেওঁলোকক একেবাৰে ধ্বংস কৰিব। যেতিয়া আধিপত্য ভোগ কৰি তেওঁলোকৰ দেশত বাস কৰিবা, 30 তেতিয়া সাৱধান হ’বা যাতে তোমালোকৰ আগৰ পৰা তেওঁলোক বিনষ্ট হৈ যোৱাৰ পাছত তেওঁলোকৰ দেৱ-দেৱীৰ বিষয়ে বিচাৰ নিবলৈ গৈ তোমালোকে এই বুলি সুধি ফান্দত নপৰিবা “এই জাতিবোৰে কেনেদৰে নিজৰ দেৱতাবোৰৰ আৰাধনা কৰে? সেইদৰে বিচাৰ লৈ শেষত তোমালোকেও কবা, “আমিও তেনেকৈ ককৰিম” 31 তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা তেওঁলোকে কৰাৰ দৰে নকৰিবা; কিয়নো তেওঁলোকে তেওঁলোকৰ দেৱতাবোৰৰ উদ্দেশ্যে যি ঘিণ লগীয়া কার্য কৰে, সেই সকলোবোৰ যিহোৱাই ঘিণ কৰে; এনেকি, তেওঁলোকে তেওঁলোকৰ দেৱতাবোৰৰ উদ্দেশ্যে নিজৰ ল’ৰা-ছোৱালীবোৰক জুইত পুৰি উৎসর্গ কৰে।

32 মই তোমালোকক যি যি আজ্ঞা দিছোঁ, তোমালোকে সেই সকলোকে পালন কৰিবা; ইয়াৰ লগত তোমালোকে একো কথা যোগ নিদিবা আৰু ইয়াৰ পৰা একো কথা বাদ নিদিবা।

13

1-3 তোমালোকৰ মাজত যদি কোনো ভাববাদী বা সপোন দেখি ভাবাণী কোৱা কোনো লোক ওলাই আচৰিত চিন আৰু অদ্ভুত লক্ষণৰ কথা কৈ ভৱবাণী প্ৰচাৰ কৰে অৰু সেই ভাৱবাণীৰ দৰে ঘটনা ঘটে, আৰু তাৰ পাছততেএঁ কয়, “আহাহঁক আমি আন দেবতাবোৰক মানো (যি দেৱতাবোৰক তোমালোকে নাজানা) আৰু সেইবোৰক সেৱা কৰো”, তেতিয়া তোমালোকে সেই ভাৱবাদী বা সপোন দেখা জনৰ কথা কেতিয়াও লিহোনিবা। কিয়নো তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাক সকলো মনেৰে আৰু সকলো প্ৰাণেৰে প্ৰেম কৰা নে নকৰা, তাক জানিবৰ কাৰণেহে তোমালোকৰ যিহোৱাই তোমালোকক পৰীক্ষা কৰে।

4 তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰেই পাছত চলিবা, তেওঁকেই ভয় কৰিবা, তেওঁৰেই আজ্ঞাবোৰ পালন কৰিবা, তেওঁকেই অনুসৰণ কৰিবা, তেওঁৰেই আৰাধনা কৰিবা আৰু তেওঁক কেতিয়াও পৰিত্যাগ নকৰিবা। 5 তেনে ভাববাদী বা সপোন দেখা লোকক প্ৰাণদণ্ড দিয়া হ’ব; কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱা, যিজনে মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনিলে আৰু বন্দীত্বৰ গৃহৰ পৰা তোমালোকক মুক্ত কৰিলে, তেওঁৰেই বিৰুদ্ধে সেই লোকে উচটনি দিছে; তোমালোকৰ ঈশ্বৰ যিহোৱাই যি পথত চলিবলৈ তোমালোকক আজ্ঞা দিছে, তেওঁ সেই পথৰ পৰা তোমালোকক এফলীয়া কৰিবলৈ চেষ্টা কৰে; সেয়ে তোমালোকৰ মাজৰ পৰা তেনে দুষ্টতাক তেওঁ লোপ কৰিব।

6 যদি তোমাৰ নিজৰ ভাই বা আপোনাৰ ল’ৰা কি ছোৱালী নাইবা প্রিয় ভার্যা কি আপোনাৰ প্রাণৰ বন্ধুৱে আপোনাক বিপথে নিবৰ কাৰণে গোপনে প্রবৃত্তি দি কয় যে, ব’লা, আমি গৈ আন দেৱতাৰ পূজা কৰোঁ; 7 পৃথিৱীৰ (সেইবোৰ দেৱতা যিবোৰ দেৱতাক না তোমালোকে জানা না তোমালোকৰ পিতৃ সকলে জানিছিল? ওচৰৰেই হওঁক বা দেশৰ ইমূৰৰ পৰা সিমূৰৰ দূৰত্বৰেই হওঁক, তোমালোকৰ চাৰিও ফালে থকা আন জাতি সমূহহৰ দেৱতা সেইবোৰ।) 8 তেতিয়া তোমালোকে সেই মানুহৰ কথাত সন্মত নহ’বা আৰু তেওঁৰ কথালৈ কাণ নিদিবা; তেওঁলৈ দয়া নেদেখুৱাবা; কৃপাও নকৰিব আৰু তেওঁক লুকুৱাই নাৰাখিবা। 9 কিন্তু অৱশ্যেই সেই জনক বধ কৰিবা। তেওঁক বধ কৰিবলৈ তোমালক নিজৰ হাতেৰেই আৰম্ভ কৰিবা; তাৰ পাছত সকলোৱে যোগ দিবা।

10 যিজনে তোমালোকক মিচৰ দেশৰ বন্দীত্বৰ গৃহৰ পৰা উলিয়াই আনিলে; তোমালোকৰ ঈশ্বৰ যিহোৱাৰ পাছত চলাৰ পৰা তোমালোকক এফলীয়া কৰিবলৈ চেষ্টা কৰাৰ কাৰণে তেওঁক তোমালোকে শিল দলিয়াই হত্যা কৰিবা। 11 তাতে ইস্ৰায়েল সকলে সেই কথা শুনি ভয় খাব আৰু তোমালোকৰ মাজত কোনেও তেনে কুকৰ্ম পুনৰ নকৰিব।

12 তোমালোকৰ ঈশ্বৰ যিহোৱাই যি নগৰবোৰ তোমালোকক বাস কৰিবৰ অৰ্থে দিছে, তাৰ কোনো এখনৰ বিষয়ে যদি শুনিবলৈ পোৱা যে: 13 সেই নগৰৰ ইস্রায়েল সকলৰ মাজত কেইজনমান দুষ্টলোক ওলাই সেই নিবাসী সকলক “আহাহঁক আমি ইতৰ দেৱতাক পূজাকৰো” (যি দেৱতাক তোমালোকে কোনেও নাজানা) বুলি যদি বিপথে সেই নগৰ বাসীক পৰিচালিত কৰে, 14 তেতিয়া বিষয়টো ভালদৰে অনুসন্ধা কৰি তোমালোকে পৰীক্ষা আৰু তদন্ত কৰিবা। সেয়ে যদি সঁচা বুলি প্রমাণিত হয় যে এই ঘৃণনীয় কাম তোমালোকৰ মাজত হৈছে, 15 তেন্তে তোমালোকে সেই নগৰ-নিবাসী সকলক প্ৰহাৰ কৰি, পশু আদি তাৰ মাজত থকা সকলোকে তৰোৱালেৰে নিঃশেষে বিনষ্ট কৰিবা। 16 সেই ঠাইৰ সকলো লুট দ্ৰব্য তোমালোকে নগৰৰ চকৰ মাজত গোটাই সেই নগৰ আৰু তাৰ লুট দ্ৰব্যৰ সকলোবোৰ নিজ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে জুইত পুৰিবা; সেই নগৰ চিৰকালৰ কাৰণে যেন সেই নগৰ ভগ্নাৱশেষ হৈ থাকিব; তাক পুনৰায় কেতিয়াও সজা নহ’ব।

17 যিহোৱাই যেন তেওঁৰ প্রচণ্ড ক্রোধৰ পৰা ক্ষান্ত হয়, সেই বাবে তোমালোকৰ হাতত যেন এই লুট দ্রব্যবোৰৰ এটাও দেখা নাযায়; তেতিয়া তেওঁ তোমালোকক কৃপা আৰু দয়া কৰিব লগতে তোমালোকৰ পূর্বপুৰুষ সকলৰ আগত কৰা শপতৰ দৰে তোমালোকৰ বংশ বৃদ্ধি কৰিব। 18 তেওঁ এইদৰে কৰিব, যেতিয়া তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ মাত শুনি মই আজি তোমালোকক যি সকলো আজ্ঞা দিছো, তাক পালন কৰিবা আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি ভাল, তাক কৰি বাধ্য হ’বা।

14

1 তোমালোক তোমালোকৰ ঈশ্বৰ যিহোৱাৰ সন্তান। তোমালোকে মৃত জনৰ কাৰণে শোক প্রকাশ কৰিবলৈ নিজৰ শৰীৰত কাটকুট নকৰিবা বা মূৰৰ চুলি নুখুৰাবা। 2 কিয়নো তোমালোক তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে এক পবিত্ৰ জাতি; পৃথিবীত থকা সকলো জাতিৰ মাজৰ পৰা যিহোৱাই তোমালোকক মনোনীত কৰিলে যাতে তোমালোক তেওঁৰ নিজৰ বিশেষ সম্পত্তি হোৱা।

শুচি আৰু অশুচি আহাৰ

3 তোমালোকে কোনো ঘিণলগীয়া বস্তু নাখাবা। 4 তোমালোকে খাব পৰা পশু এইবোৰ: গৰু, মেৰছাগ, ছাগলী, 5 হৰিণা, কৃষ্ণসাৰ, যহমুৰ পহু, বনৰীয়া ছাগলী, দীচোন পশু, টৱো আৰু পৰ্বতীয়া মেৰছাগ। 6 যিবোৰ জন্তুৰ খুৰা সম্পূৰ্ণকৈ দুফাল আৰু ঘাঁহ পাগুলে, সেই সকলো পশু তোমালোকে খাব পাৰিবা। 7 তথাপিও এইবোৰৰ মাজত যিবোৰে ঘাঁহ পাগুলে বা খুৰা দুফাল সেই পশুবোৰৰ মাজত তোমালোকে এইবোৰ খাব নালাগে: উট, শহা আৰু চাফন পহু। কাৰণ সেইবোৰে ঘাঁহ পাগুলে হয়, কিন্তু খুৰা দুফাল নহয়; সেইবোৰ তোমালোকৰ কাৰণে অশুচি।

8 গাহৰি অশুচি। কাৰণ তাৰ খুৰা দুফাল হলেও সি ঘাঁহ নাপাগুলে, সি তোমালোকৰ পক্ষে অশুচি। তোমালোকে সেইবোৰৰ মাংস নাখাবা, সেইবোৰৰ শৱকো নুচুবা।

9 পানীত বাস কৰা প্রাণীবোৰৰ মাজত যিবোৰৰ পাখি আৰু বাকলি আছে, সেইবোৰ তোমালোকে খাব পাৰিবা। 10 কিন্তু যিবোৰৰ পাখি আৰু বাকলি নাই, সেইবোৰ নাখাবা। সেইবোৰ তোমালোকৰ কাৰণে অশুচি।

11 তোমালোকে সকলোবিধৰ শুচি চৰাই খাব পাৰিবা। 12 কিন্তু তোমালোকে এইবোৰ খাব নোৱাৰিবা: ঈগল, শগুণ, শেন, 13 শঙ্কৰ চিলনী, ৰঙা চিলনী, সকলো বিধৰ মটিয়া চিলনী, 14 সকলো বিধৰ কাউৰী, 15 উট চৰাই, ৰাতি-শেন, গঙ্গা-চিলনী, সকলো বিধৰ শেন; 16 ফেঁচা, হুদু, বগা-ফেঁচা, 17 হাড়গিলা, ঢোঁৰা কাউৰী, মাছৰোকা, 18 বৰটোকোলা, সকলো বিধৰ বগলী, ৰাজহংস আৰু বাদুলী। 19 জাক বান্ধি উৰি ফুৰা সকলো পতঙ্গ তোমালোকৰ কাৰণে অশুচি হ’ব; সেইবোৰ খাব নালাগে। 20 কিন্তু আন পাখি থকা শুচি প্রাণীবোৰ তোমালোকে খাব পাৰিবা।

21 নিজে মৰি পৰি থকা কোনো পশু তোমালোকে নাখাবা। কিয়নো তোমালোক তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে এক পবিত্ৰ জাতি। কিন্তু তোমালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা কোনো বিদেশীক তাক দিব পাৰিবা আৰু তেওঁলোকে তাক খাব পাৰিব নাইবা তোমালোকে কোনো বিদেশীৰ ওচৰত তাক বিক্রী কৰিব পাৰিবা। ছাগলী পোৱালিৰ মাংস তাৰ মাকৰ গাখীৰত নিসিজাবা।

22 বছৰে বছৰে উৎপন্ন হোৱা খেতিৰ শস্যৰ দশম ভাগ তোমালোকে পৃথক কৰি থবা। 23 যি ঠাই তোমালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নামৰ বাসস্থান কৰিবৰ কাৰণে মনোনীত কৰিলে, সেই ঠাইত তোমালোকৰ শস্য, নতুন দ্রাক্ষাৰস, তেলৰ দশম ভাগ আৰু নিজৰ গৰু, মেৰ ছাগ, ছাগলীৰ প্রথমে জগাবোৰক তোমালোকে ঈশ্বৰ যিহোৱাৰ সন্মুখত খাবা: তাতে তোমালোকে ঈশ্বৰ যিহোৱাক ভয় ভক্তি কৰিবলৈ শিকিবা। 24 কিন্তু যি ঠাই তোমালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপন কৰিবৰ অর্থে মনোনীত কৰিবা, যদি সেই ঠাই বহু দূৰৈত হয় আৰু তাৰ কাৰণে তোমালোকৰ যাত্রাও ইমান দীঘলীয়া হয় যে তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আশীৰ্ব্বাদত পোৱা দশম ভাগৰ বস্তু তালৈ নিব নোৱাৰা। 25 তেন্তে সেই উৎসর্গিত বস্তু বিক্রি কৰি তাৰ ধন লৈ তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ মনোনীত ঠাইলৈ যাবা।

26 তোমালোকে সেই ধনেৰে নিজৰ ইচ্ছামতে বস্তু কিনিবা, যেনে গৰু, মেৰছাগ, ছাগলী নাইবা দ্ৰাক্ষাৰস বা তোমালোকৰ মনৰ ইচ্ছাৰ যি কোনো বস্তু। সেইবোৰ কিনি তোমালোকে তোমালোকৰ সপৰিয়ালক লৈ সেই ঠাইতে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আহাৰ গ্রহণ কৰি আনন্দ কৰিবা। 27 তোমালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা যি লেবীয়াসকলক নাপাহৰিবা; কিয়নো নিজৰ বুলিবলৈ তেওঁলোকৰ কোনো অংশ বা আধিপত্য নাই। 28 প্ৰত্যেক তৃতীয় বছৰৰ শেষত, তোমালোকৰ সেই বছৰৰ উৎপাদিত শস্যৰ দশম ভাগ উলিয়াই আনি তোমালোকে নগৰৰ দুৱাৰৰ ভিতৰত জমা কৰিবা। 29 তাতে লেবীয়া সকল, যি সকলৰ নিজৰ বুলিবলৈ কোনো আধিপত্য নাই, তেওঁলোকৰ লগতে সেই নগৰৰ বিদেশী বাসিন্দা, বিধৱা আৰু পিতৃহীন ল’ৰা-ছোৱালীবোৰে তৃপ্তিৰে খাবলৈ পাব। তোমালোকৰ হাতে কৰা এই সকলো কাৰ্যত তোমালোকৰ ঈশ্বৰ যিহোৱাই আশীৰ্ব্বাদ কৰিবৰ কাৰণে ইয়াকে কৰিবা।

15

1 তোমালোকে প্ৰত্যেক সাত বছৰৰ মূৰত ধাৰ ক্ষমা কৰিবা। 2 সেই ধাৰ ক্ষমা কৰাৰ নিয়ম এই, প্ৰতিজন ধাৰ দিওঁতাই নিজৰ ওচৰ চুবুৰীয়াক দিয়া ধাৰ ক্ষমা কৰিব; তেওঁ নিজৰ ওচৰ-চুবুৰীয়া ভাইৰ পৰা তাক আদায় নকৰিব, কিয়নো যিহোৱাৰ ধাৰ ক্ষমাৰ সময় ঘোষণা কৰা হ’ল। 3 তোমালোকে পৰজাতিৰ পৰা দাবী কৰি ঋণ আদায় কৰিব পাৰা; কিন্তু ভাইৰ ওচৰত তোমালোকৰ যি ঋণ আছে, সেয়া এৰি দিবা।

4 কিন্তু তোমালোকৰ মাজত কোনো দৰিদ্রলোক থকিব নোৱাৰিব । কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক অধিকাৰৰ কাৰণে যি দেশ আধিপত্য স্বৰূপে দিছে, যিহোৱাই সেই দেশত তোমালোকক নিশ্চয় আশীৰ্ব্বাদ কৰিব। 5 যদি তোমালোকে কায়মনোবাক্যে ঈশ্বৰ যিহোৱাৰ কথা শুনা, তোমালোকে তেওঁৰ সকলো আজ্ঞা পালন কৰা; এই আদেশ মই আজি তোমালোকক দিলোঁ। 6 কিয়নো ঈশ্বৰ যিহোৱাই তোমালোকৰ আগত যি দৰে প্ৰতিজ্ঞা কৰিছিল সেইদৰেই তোমালোকক আশীৰ্ব্বাদ কৰিব। তেতিয়া তোমালোকে অনেক জাতিক ঋণ দিবা। কিন্তু অন্য লোকৰ পৰা তোমালোকে ঋণ ল’ব লগা নহ’ব। তোমালোকে বহুতো জাতিৰ ওপৰত শাসন কৰিব পাৰিবা, কিন্তু তেওঁলোকৰ কোনো এজনেও তোমালোকক শাসন কৰিব নোৱাৰিব।

7 ঈশ্বৰ যিহোৱাই তোমালোকক যি দেশ দিছে, তাৰ কোনো নগৰৰ দুৱাৰৰ ভিতৰত যদি কোনো ভাই তোমালোকৰ দেখাত দুখীয়া, তেতিয়া তোমালোকে তেওঁলৈ হৃদয় কঠিন নকৰিবা, সেই দুখীয়া ভাইলৈ তোমালোকৰ হাত বন্ধ নকৰিবা। 8 কিন্তু তোমালোকে তেওঁলৈ হাত মুকলি কৰি, তেওঁৰ অভাৱ পূৰ কৰিবৰ কাৰণে তেওঁক যি প্রয়োজন, অৱশ্যে সিমান তেওঁক ধাৰ দিবা।

9 সাৱধান, সপ্তম বছৰ, ধাৰ ক্ষমা কৰা বছৰ ওচৰ হৈছে, এই বুলি নিজৰ হৃদয়ত নীহ ভাব উদয় নহওক; নহ’লে নিজৰ দুখীয়া ভাইলৈ কু-দৃষ্টি ৰাখি তেওঁক একোকে নিদিবা, আৰু তেওঁ তোমালোকৰ বিৰুদ্ধে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিব; তাতে তোমালোকৰ পাপ হ’ব। 10 তোমালোকে তেওঁক অৱশ্যে দিবা, দিওঁতে মনত বেজাৰ নকৰিবা। কিয়নো এই কার্যৰ কাৰণে ঈশ্বৰ যিহোৱাই তোমালোকৰ সকলো কৰ্মত, আৰু তোমালোকে হাত দিয়া আটাই কাৰ্যত তোমালোকক আশীৰ্ব্বাদ কৰিব।

11 কিয়নো দুখীয়া মানুহ দেশৰ পৰা আতৰ নহ’ৱ, এই কাৰণে মই তোমালোকক এই আজ্ঞা দিছোঁ, যে, তোমালোকে নিজৰ দেশত থকা দুখীয়া আৰু দৰিদ্ৰ ভাইলৈ হাত মুকলি কৰি ৰাখিবা।

12 যদি তোমালোকৰ ভাই এজন ইব্ৰীয়া পুৰুষ বা এজনী ইব্ৰীয়া মহিলা তোমালোকৰ হাতত বেচা হয়, আৰু তেওঁ তোমালোকক ছয় বছৰ খাটি দিয়ে, তেন্তে তোমালোকে সপ্তম বছৰত তেওঁক মুকলি কৰি বিদায় দিবা। 13 মুকলি কৰি বিদায় দিয়া সময়ত, তেওঁক শুদা হাতে নপঠাবা। 14 তোমালোকে তোমালোকৰ মেৰছাগ আৰু ছাগলী জাকৰ পৰা, মৰণা মৰা খোলাৰ পৰা আৰু দ্ৰাক্ষাকুণ্ডৰ পৰা তাক ভালকৈ দি পঠাবা। তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক আশীৰ্ব্বাদ কৰাৰ দৰেই তেওঁক দি’বা।

15 তোমালোকে অৱশ্যেই মনত ৰখা উচিত যে মিচৰ দেশত তোমালোক বন্দী অৱস্থাত আছিলা, আৰু ঈশ্বৰ যিহোৱাই তোমালোকক মুক্ত কৰিলে; তাক সোৱঁৰা; এই কাৰণে মই আজি তোমালোকক এই আজ্ঞা দিছোঁ।

16 কিন্তু তোমালোকৰ পৰিয়ালৰ লোক সকলৰ প্রতি ভাল পোৱা থকাৰ কাৰণে আৰু তোমালোকৰ ওচৰত সুখেৰে আছা বুলি কৈ যদি তোমালোকক এৰি নাযাওঁ বুলি কয়, 17 তেন্তে তোমালোকে তেওঁৰ কাণৰ লতি দুৱাৰত লগাই বিন্ধনাৰে ফুটা কৰিবা। তাৰ পাছৰ পৰা তেওঁ সদায় তোমালোকৰ বন্দী হৈ থাকিব; আৰু বেটীৰ ক্ষেত্ৰতো সেই দৰেই কৰিবা।

18 তেওঁ ছয় বছৰ তোমালোকৰ কাৰণে তোমালোকৰ বেচ খোৱা চাকৰতকৈ দুগুণ কাম কৰিলে, তোমালোকে তেওঁক মুকলি কৰি বিদায় দিয়াত কষ্টবোধ নকৰিবা; তাতে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকে কৰা সকলো কাৰ্যত আশীৰ্ব্বাদ কৰিব।

19 তোমালোকে তোমালোকৰ গৰু, মেৰছাগ আদি পশুৰ জাকৰ পৰা প্ৰথমে আটাই মতা পশুবোৰ তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰিবা; তোমালোকে প্ৰথমে জগা গৰু, কোনো কামত নলগাবা, আৰু প্ৰথমে জন্মা মেৰছাগৰ নোম নাকাটিবা। 20 যিহোৱাই যি ঠাইত মনোনীত কৰিব সেই ঠাইত তোমালোকৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে তোমালোকৰ সপৰিয়ালে তাক প্ৰতি বছৰে আহাৰ হিচাপে গ্রহণ কৰিবা। 21 যদি তাত কোনো ঘুণ থাকে, অৰ্থাৎ সেইবোৰ যদি খোৰা, কণা, বা আন প্ৰকাৰৰ ঘুণ থকা হয়, তেন্তে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে তাক উৎসৰ্গ নকৰিবা।

22 তোমালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত তাক খাবা। শুচি আৰু অশুচি সকলো লোকে সমানে বলদ গৰু বা হৰিণাৰ মাংস খোৱাৰ দৰে তাক খাব পাৰিবা। 23 তোমালোকৰ কেৱল তাৰ তেজ নাখাবা; তাক পানীৰ দৰে মাটিত ঢালি পেলাবা।

16

1 তোমালোকে আবীব মাহ মানিবা, আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব পালন কৰিবা; কিয়নো আবীব মাহতেই তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক মিচৰ দেশৰ পৰা ৰাতি উলিয়াই আনিছিল। 2 ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে, নিজৰ নাম স্থাপনৰ কৰিবৰ অৰ্থে তেওঁ যি ঠাই মনোনীত কৰিব, সেই ঠাইত তোমালোকে তোমালোকৰ পশুৰ 1 জাকৰ পৰা আৰু জন্তুৰ 2 জাকৰ পৰা লৈ, নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিবা।

3 মিচৰ দেশৰ পৰা ওলাই অহাৰ দিন ধৰি জীয়াই থাকা মানে সোঁৱৰণ কৰিবৰ কাৰণে, তোমালোকে তাৰে সৈতে খমিৰ দিয়া পিঠা নাখাবা। সাত দিন তাৰে সৈতে, খমীৰ নিদিয়া পিঠা ভোজন কৰিবা; কিয়নো তোমালোকে লৰালৰিকৈ মিচৰ দেশৰ পৰা ওলাই আহিছিলা। 4 সাদিনলৈকে তোমালোকৰ সকলো সীমাত, তোমালোকৰ ওচৰত খমীৰ দেখা নাযাওক; আৰু প্ৰথম দিনত সন্ধ্যা কালত মৰা যি বলি, তাৰ কোনো মাংস ৰাতিপুৱালৈকে অৱশিষ্ট নাথাকক।

5 ঈশ্বৰ যিহোৱাই তোমালোকক যি যি নগৰ দিছে, তাৰ কোনো নগৰৰ দুৱাৰৰ ভিতৰত নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিব নোৱাৰিবা। 6 কিন্তু তোমালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপনৰ অৰ্থে যি ঠাই মনোনীত কৰিবা, সেই ঠাইত, মিচৰ দেশৰ পৰা ওলাই অহাৰ সময় পৰিলে, সন্ধ্যা বেলা সূৰ্য মাৰ যোৱা সময়ত নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিবা।

7 তোমালোকৰ ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিবা, সেই ঠাইত তাক খৰিকাত দি খাবা। পাছত ৰাতিপুৱা নিজ নিজ তম্বুলৈ উলটি যাবা। 8 তোমালোকে ছয় দিন খমীৰ নিদিয়া পিঠা খাবা; আৰু সপ্তম দিনা তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে ধৰ্ম-সভা আয়োজন হ’ব, সেই দিনা তোমালোকে কোনো কাম নকৰিবা।

9 তাৰ পাছত তোমালোকে সাত সপ্তাহ লেখ কৰিবা। শস্যত প্ৰথমে কাচি লগোৱাৰে পৰা আৰম্ভ কৰি সাত সপ্তাহ গন্তি কৰিবা। 10 আৰু ঈশ্বৰ যিহোৱাই যি পৰিমাণে আশীৰ্ব্বাদ দিলে, সেই পৰিমাণে নিজ ইচ্ছাৰে দিয়া উপহাৰৰ দ্বাৰাই তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে সেই সাত সপ্তাহৰ মুৰত হোৱা সেই পৰ্ব্ব পালন কৰিবা।

11 আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপনৰ অৰ্থে যি ঠাই মনোনীত কৰিব, সেই ঠাইত, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত, তোমালোকৰ পো-জী, বন্দী-বেটী, তোমালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা লেবীয়া লোক, আৰু তোমালোকৰ মাজত বাস কৰা বিদেশী, পিতৃহীন, আৰু বিধৱা, এই সকলোৰে সৈতে আনন্দ কৰিবা। 12 আৰু তোমালোক মিচৰ দেশত যে বন্দীত্ব অৱস্থাত আছিলা, তাক সোঁৱৰণ কৰিবা; আৰু এই সকলো বিধি পালন কৰি সেই মতে কাৰ্য কৰিবা।

13 পাছত তোমালোকৰ শস্য মৰা ঠাইৰ আৰু দ্ৰাক্ষাকুণ্ডৰ পৰা যি গোটাব লগীয়া, তাক গোটোৱা হ’লে, তোমালোকে সাত দিন পঁজা-পৰ্ব্ব পালন কৰিবা। 14 তোমালোকৰ সেই উৎসৱত তোমালোকৰ পো-জী, বন্দী-বেটী আৰুতোমালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা লেবীয়া সকল, বিদেশী সকল, পিতৃহীন, আৰু বিধৱা, এই সকলোৰে সৈতে আনন্দ কৰিবা।

15 যি ঠাই যিহোৱাই মনোনীত কৰিব, সেই ঠাইত তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে সাত দিন উৎসৱ পালন কৰিবা। কিয়নো তোমালোকৰ ভূমিত উৎপন্ন হোৱা সকলো দ্ৰব্য আৰু হাতেৰে কৰা আটাই কাৰ্যত যিহোৱাই তোমালোকক আশীৰ্ব্বাদ কৰিব, আৰু তোমালোক সকলোভাৱে আনন্দিত হ’বা।

16 ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত বছৰত তিনিবাৰ, খমীৰ নিদিয়া পিঠাৰ উৎসৱত, সপ্তাহবোৰৰ মূৰৰ উৎসৱত, আৰু পঁজা-পৰ্ব্বত তেওঁৰ আগত আটাই পুৰুষ উপস্থিত হ’ব; কিন্তু শুদা হাতে তেওঁৰ আগত উপস্থিত হ’ব নালাগে। 17 ঈশ্বৰ যিহোৱাই তোমালোকক দিয়া আশীৰ্ব্বাদ অনুসাৰে প্ৰতিজনে নিজ সমৰ্থ অনুসাৰে উপহাৰ আনিবা।

18 ঈশ্বৰ যিহোৱাই তোমালোকৰ সকলো ফৈদ অনুসাৰে তোমালোকক যিবোৰ নগৰ দিছে, সেইবোৰৰ দুৱাৰৰ ভিতৰত তোমালোকৰ কাৰণে বিচাৰকৰ্ত্তা আৰু বিষয়া নিযুক্ত কৰিবা। তেওঁলোকে, ন্যায়ৰূপে প্ৰজাসকলক বিচাৰ কৰিব। 19 তোমালোকে বলপূর্বক অন্যায় বিচাৰ নকৰিবা, আৰু কাৰো মুখলৈ নাচাবা; আৰু কাৰো পৰা ভেঁটি নল’বা, কিয়নো ভেঁটিয়ে জ্ঞানীসকলৰ চকু অন্ধ কৰে, আৰু ধাৰ্মিকৰ কথা ওলোটায়। 20 তাতে তোমালোক জীয়াই থাকি, তোমালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ দিছে, সেই দেশ অধিকাৰ কৰিবলৈ সকলো ভাৱে যি ন্যায়, সেই মতে চলিবা।

21 তাত তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে যি যজ্ঞ-বেদি নিৰ্ম্মাণ কৰিবা, তাৰ গুৰিত আচেৰা মুৰ্ত্তি বুলি কোনো প্ৰকাৰৰ কাঠ স্থাপন নকৰিবা, 22 আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত ঘিণ লগা কোনো স্তম্ভ স্থাপন নকৰিবা।


1মেৰছাগ আদি,
2গৰু আদি

17

1 ঈশ্বৰ যিহোৱালৈ তোমালোকে কোনো ঘুণ কি খূঁত থকা বলদ গৰু বা মেৰছাগ বলিদান নকৰিবা। কিয়নো সেয়ে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ ঘিণলগীয়া।

2 ঈশ্বৰ যিহোৱাই তোমালোকক যি যি নগৰ দিছে, তাৰ কোনো নগৰৰ দুৱাৰৰ ভিতৰত যদি এনে পুৰুষ কি স্ত্ৰীক তোমাৰ মাজত পোৱা গৈছে, যে, তেওঁলোকে গৈ তোমাৰ ঈশ্বৰ যিহোৱাৰ নিয়মটি ভাঙি তেওঁৰ দৃষ্টিত কুকৰ্ম কৰি, আন দেৱতাক সেৱা পূজা কৰিছে; 3 আৰু সেই বোৰৰ আগত প্ৰণিপাত কৰিছে, বা মই নিষেধ কৰা সূৰ্য, চন্দ্ৰ আদি আকাশৰ বাহিনী সকলৰ যি কোনো এজনৰ আগত প্ৰণিপাত কৰিছে, 4 আৰু সেইবোৰ তোমালোকৰ কোৱা হৈছে, আৰু তোমালোকে তাক শুনিলা, এই সকলো তোমালোকে শুনি সাৱধানতাৰে বিচাৰ কৰিবা। ইস্ৰায়েলৰ মাজত তেনে ঘিণ লগীয়া কাৰ্য কৰা যদি হৈছে, সেই কথা যদি সঁচা আৰু নিশ্চয় হয়, 5 তেন্তে যি পুৰুষ কি স্ত্ৰীয়ে সেই কুকৰ্ম কৰিছে, সেই পুৰুষ কি স্ত্ৰীক তোমালোকৰ নগৰৰ দুৱাৰ- মুখলৈ উলিয়াই নি, তেওঁলোক মৰাকৈ তেওঁলোকক শিল দলিয়াই মাৰিবা। 6 কিন্তু তোমালোকে সেই কথা দুজন সাক্ষীৰ মুখেৰে শুনিহে যাৰ প্ৰাণদণ্ড কৰিব লাগে, তাৰ প্ৰাণদণ্ড কৰিবা। এজন সাক্ষীৰ মুখেৰে তেওঁৰ প্ৰাণদণ্ড নহ’ব। 7 তেওঁক বধ কৰিবলৈ, প্রথমে সাক্ষী সকলে, পাছত সকলো প্ৰজাই তেওঁৰ বিৰুদ্ধে হাত উঠাব। এইদৰে তোমালোকে তেওঁলোকৰ মাজৰ পৰা দুষ্টতা উৎখাত কৰিবা।

8 কোনো ৰক্তপাত বা বিৰোধীতা কৰা বা আঘাত কৰাৰ কথা লৈ কোনো দুজনৰ বিছাৰৰ কাৰণে তোমালোকৰ কোনো নগৰৰ ভিতৰত উপস্থিত হোৱা, আৰু যদি সেই বিচাৰ তোমালোকৰ কাৰণে কঠিন হয়, তেন্তে ঈশ্বৰ যিহোৱাৰই মনোনিত কৰ ঠাইলৈ তেমালোকে যাবা, 9 আৰু লেবীয়া পুৰোহিত আৰু যথা সময়ৰ বিচাৰকৰ্তা সকলক সুধিবা, তেওঁলোকে বিচাৰত উচিত ৰায় 10 ঈশ্বৰ যিহোৱাই মনোনীত কৰা স্থানত তেওঁলোকে যি সিদ্ধান্ত দিব তোমালোকে সেই মতে কৰিবা। তেওঁলোকে যি কৰিবলৈ কয়, সেইবোৰ খুউব সাৱধনেই কৰিবা। 11 তেওঁলোকে তোমালোকক শিকোৱা বিধি আৰু তোমালোকক দিয়া সিদ্ধান্ত অনুসাৰে কাম কৰিবা। তেওঁলোকে যি কৰিবলৈ কয় তাৰ বিপৰীতে তোমালোকে সোঁ কি বাওঁ ফালে নুঘুৰিবাহঁক। 12 কিন্তু যিকোনো লোকে গৰ্ব্ব কৰি, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ পৰিচৰ্যা কৰিবৰ বাবে সেই ঠাইত থিয় হোৱা পুৰোহিতৰ, বা বিচাৰকৰ্ত্তাৰ কথা নুশুনে, সেই মানুহৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। এইদৰে তোমালোকে ইস্ৰায়েলৰ মাজৰ পৰা তেনে দুষ্টতা দুৰ কৰিবা। 13 যাতে সকলো প্ৰজাই তাক শুনি ভয় পাই সেইদৰে আৰু গৰ্ব্ব নকৰিব।

14 ঈশ্বৰ যিহোৱাই তোমালোকক যি দেশ দিছে, সেই দেশত সোমাই তাক অধিকাৰ কৰি বাস কৰোঁতে, যেতিয়া কবা, “আমাৰ চাৰিওফালে থকা আটাই জাতিৰ দৰে আমিও আমাৰ ওপৰত এজন ৰজা পাতোঁ।” 15 তেতিয়া তোমালোকৰ ঈশ্বৰ যিহোৱাই যি জনক মনোনীত কৰিবা, সেই জনকেই তোমালোকৰ ওপৰত ৰজা পাতিবা। তোমালোকৰ নিজৰ ভাই সকলৰ মাজৰ পৰা এজনক বাচি লৈ তোমালোকৰ ওপৰত ৰজা পাতিবা। যি জন তোমালোকৰ ভাই নহয়, এনে অনা-ইহুদী লোকক তোমালোকৰ ওপৰত ৰজা পাতিব নোৱাৰিবা।

16 কেৱল ৰজা গৰাকীয়ে নিজৰ কাৰণে অনেক ঘোঁৰা নাৰাখিব, বা অনেক ঘোঁৰা ৰাখিবৰ মনেৰে প্ৰজা সকলক পুনৰায় মিচৰলৈ নপঠাব। কিয়নো যিহোৱাই তোমালোকক কৈছিল, ইয়াৰ পাছত “তোমালোকেসেই বাটেদি পুনৰায় উলটি নাযাবা।” 17 আৰু মন যেন অপথে নাযায় তাৰ কাৰনে বহু বিবাস যেন নকৰে, আৰু নিজৰ কাৰণে ৰূপ আৰু সোণ অধিককৈ সংগ্ৰহ নকৰে।

18 যেতিয়া তেওঁ সেই ৰাজ সিংহাসনত বহিব, তেতিয়া তেওঁ নিশ্চয়কৈ লেবীয়া পুৰোহিত সকলৰ লগত থকা পুস্তকখনিৰ পৰা এখন পুস্তক নিজৰ কাৰণে নকল কৰি লিখি লব। 19 ইস্রায়েলৰ মাজত নিজ ৰাজ্যত তেওঁ আৰু তেওঁৰ সন্তান সকল দীৰ্ঘ জীৱি হবৰ কাৰণে তেওঁ যেন ভাই সকলৰ সন্মুখত অহংকাৰ নকৰে আৰু এই আজ্ঞাৰ সোঁ কি বাওঁফালে নুঘূৰে। 20 এই কাৰণে নিজ ঈশ্বৰ যিহোৱাক ভয় কৰিবলৈ শিকি, এই ব্যৱস্থাৰ সকলো বাক্য, আৰু বিধিবোৰ পালন কৰি সেই মতে কাৰ্য কৰিবৰ অৰ্থে, সেই পুস্তকখনি তেওঁৰ ওচৰত থাকিব, আৰু তেওঁ জীৱনৰ সকলো সময়ত তাক পাঠ কৰিব।

18

1 লেবীয়া পুৰোহিতসকল আৰু লেবী গোষ্ঠীৰ সকলো লোকে আন ইস্ৰায়েল সকলৰ দৰে কোনো ভূমি বা সম্পত্তিৰ আধিপত্য নাপাব। তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে হোম বলিৰ কাৰণে যি সকলো অনা হ’ব আৰু যিহোৱাক আন যি সকলো আগ বঢ়োৱা হ’ব, তেওঁলোকে সেইবোৰ বস্তুহে খাব। 2 ইস্রায়েলীয়া ভাই সকলৰ মাজত তেওঁলোকৰ উত্তৰাধিকাৰ প্রাপ্তি বুলি একো নাথাকিব। যিহোৱাই কৰা প্রতিজ্ঞা অনুসাৰে যিহোৱাই হ’ব তেওঁলোকৰ উত্তৰাধিকাৰ।

3 লোক সকলে যিবোৰ গৰু-ছাগলী বা মেৰছাগ বলি দিব, সেইবোৰৰ কান্ধ, গাল দুখনৰ মাংস আৰু পাকস্থলী তেওঁলোকে পুৰোহিত সকলক দিব; এইবোৰেই হ’ব পুৰোহিত সকলে পাবলগীয়া ভাগ। 4 আপোনালোকৰ প্রথমে চপোৱা শস্যৰ ফলবোৰ, নতুন দ্ৰাক্ষাৰস আৰু তেল, আৰু মেৰছাগৰ পৰা প্রথমবাৰ কাটি উলিওৱা নোম তোমালোকে পুৰোহিতক দিবা। 5 কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ সকলো গোষ্ঠীৰ মাজৰ পৰা লেবী গোষ্ঠীক আৰু তেওঁলোকৰ বংশধৰ সকলক বাছি ল’লে যাতে তেওঁলোকে সকলো সময়তে যিহোৱাৰ নামেৰে পৰিচর্যা কার্য কৰিব পাৰে।

6 ইস্ৰায়েল সকল থকা এখন নগৰৰ পৰা এজন লেবীয়াই যদি নিজৰ বাসস্থান এৰি সম্পূর্ণ নিজ ইচ্ছাৰে যিহোৱাই মনোনীত কৰা ঠাইত বাস কৰিবলৈ যায়, 7 তেতিয়া আন সকলো লেবীয়া ভাই সকলৰ দৰে তেৱোঁ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে পৰিচর্যা কার্য কৰিব লাগিব। 8 সেই লেবীয়া লোকে পৈত্রিক সম্পত্তি বিক্রী কৰি পোৱা মূল্যৰ উপৰিও সেই ঠাইৰ আন লেবীয়া সকলৰ লগত আহাৰৰ সমান ভাগ পাব।

9 তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যি দেশ দিবলৈ গৈছে, সেই দেশত সোমাই আন জাতিবোৰে যি সকলো ঘিণ লগীয়া কার্য কৰে, তোমালোকে সেই কাৰ্যবোৰ কৰিবলৈ নিশিকিবা। 10 তোমালোকৰ মাজত যেন এনে কোনো লোক নাথাকে, যি নিজৰ সন্তানক হোম বলি উৎসর্গ কৰে, যি জনে মঙ্গল চায়, যি জনে লক্ষণ চাই ভৱিষ্যতৰ কথা কয় বা মায়া বিদ্যা, যাদু বিদ্যাৰ অভ্যাস কৰে, 11 যি জনে তন্ত্র-মন্ত্রৰে সন্মোহিত কৰে, যিজনে ভূতৰ পৰামর্শ লয় আৰু মৃত লোকৰ আত্মাৰ লগত সম্পর্ক ৰাখে। 12 এনেবোৰ কার্য কৰা সকলো লোক যিহোৱাৰ আগত ঘিণ লগীয়া আৰু এনে ঘৃণণীয় কার্যৰ কাৰণেই তোমালোকৰ ঈশ্বৰ যিহোৱাই সেই সকলো জাতিক তোমালোকৰ সন্মুখৰ পৰা দূৰ কৰিবা। 13 তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত নির্দোষী হ’ব লাগিব।

14 তোমালোকে যি জাতিবোৰক দূৰ কৰি তেওঁলোকৰ ভূমি অধিকাৰ কৰিবা, সেই জাতিবিলাকে মায়া বিদ্যা, মঙ্গল চোৱা আৰু ভৱিষ্যত বক্তাসকলৰ কথা শুনে। কিন্তু তোমালোকক হ’লে তোমালোকৰ ঈশ্বৰ যিহোৱাই তেনে কৰিবলৈ নিষেধ কৰিছে।

15 তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ মাজৰ ভাই সকলৰ এজনক তোমালোকৰ কাৰণে মোৰ নিচিনা ভাববাদী উৎপন্ন কৰিব। তোমালোকে তেওঁৰ কথামতে চলিব লাগিব। 16 হোৰেব পাহাৰৰ ওচৰত তোমালোক সকলোৱেই যিহোৱাৰ সন্মুখত সমবেত হোৱাৰ দিনা তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ ওচৰত ইয়াকে প্রার্থনা কৰিছিলা। তোমালোকে এইবুলি প্রার্থনা কৰিছিলা, “ঈশ্বৰ যিহোৱাৰ মাত আমাক পুনৰ শুনিবলৈ নিদিবা বা এই মহা-অগ্নি আমাক পুনৰ চাবলৈ নিদিবা; সেয়ে হ’লে আমি মৰি যাম।”

17 যিহোৱাই মোক কৈছিল, “তেওঁলোকে ঠিকেই কৈছে। 18 মই তেওঁলোকৰ ভাই সকলৰ মাজৰ পৰা তেওঁলোকৰ কাৰণে তোমাৰ দৰে এজন ভাববাদী উৎপন্ন কৰিম। তেওঁৰ মুখেৰেই মই মোৰ কথা ক’ম আৰু মই যি সকলো কবলৈ তেওঁক আজ্ঞা দিম, তেওঁ তাকে ক’ব। 19 সেই ভাৱবাদীয়ে মোৰ নামেৰে এই যি কথা ক’ব, কোনোৱে যদি মোৰ সেই কথা নুশুনে, তেন্তে মই নিজে তেওঁৰ পৰা তাৰ হিচাপ ল’ম।

20 কিন্তু মই আজ্ঞা নিদিয়া কথা যদি কোনো ভাববাদীয়ে মোৰ নাম লৈ অহংকাৰ কৰি ক’য়, অথবা যদি আন কোনো দেৱতাৰ নামেৰে ক’য়, সেই ভাববাদী জনৰ অৱশ্যেই প্ৰাণদণ্ড হ’ব।”

21 “কোনো কথাত তোমালোকে হয়তো মনতে ভাৱিব পাৰা, ‘এই বার্তা যিহোৱাই কৈছে নে নাই, তাক আমি কেনেকৈ জানিম?’

22 কোনো ভাববাদীয়ে যদি যিহোৱাৰ নামেৰে কথা ক’য় আৰু সেয়ে যদি পাছত সিদ্ধ নহয় বা নঘটে, তেন্তে জানিব লাগিব যে, সেই কথা যিহোৱাই কোৱা নাই; সেই ভাৱবাদীয়ে অহংকাৰ কৰি সেই কথা কৈছে। তোমালোকে তেওঁক ভয় নকৰিব।”

19

1 তোমালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ তোমালোকক আধিপত্যৰ বাবে দিব, সেই ঠাইৰ জাতিবোৰক যেতিয়া উচ্ছন্ন কৰিব, আৰু আপোনালোকে তেওঁলোকৰ নগৰ আৰু ঘৰবোৰত বাস কৰিবলৈ ধৰিব, 2 তেতিয়া যি দেশ ঈশ্বৰ যিহোৱাই অধিকাৰৰ অৰ্থে তোমালোকক দিব, তোমালোকে সেই দেশৰ মধ্য ভাগত তিনিখন নগৰ নিজৰ কাৰণে মনোনীত কৰি ল’ব লাগিব। 3 সেই ঠাইলৈ যাবলৈ এটা পথো তোমালোকে নির্মাণ কৰি ল’বা আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাই যি দেশত প্রৱেশ কৰাবলৈ তোমালোকক নিছে, সেই দেশৰ সীমা তোমালোকে তিনি ভাগত ভাগ কৰিবা যাতে কোনো ব্যক্তিক হত্যা কৰা প্ৰতিজন হত্যাকাৰী তালৈ পলাই যাব পাৰে।

4 সেই ঠাইলৈ পলাই গৈ বাস কৰাই হৈছে কোনো হত্যাকৰীৰ বাবে এই নিয়ম। পূর্বে মনত কোনো ঘৃণা নাৰাখি কোনোৱে যদি অজ্ঞাতে কাৰোবাক হত্যা কৰে, 5 যেনেকৈ এজন লোক নিজৰ চুবুৰীয়াৰ সৈতে কাঠ কাটিবলৈ হাবিলৈ গ’ল আৰু গছ কাটিবলৈ কুঠাৰখন দাঙিলত, সেই কুঠাৰ নালৰ পৰা সুলকি পৰি চুবুৰীয়াক আঘাত কৰিলে, তাতে তেওঁৰ মৃত্যু হ’ল; তেতিয়া সেই ব্যক্তিজনে সেই তিনিখনৰ মাজৰ কোনো এখন নগৰলৈ পলাই গৈ তাতে বাস কৰি থাকিব পাৰিব; 6 তেওঁ এইদৰে কৰা উচিত, কিয়নো ৰক্তপাতৰ প্রতিশোধ লবলৈ নিহত ব্যক্তিৰ কোনো নিকট আত্মীয়ই খঙতে তেওঁক পাছে পাছে খেদি যাব পাৰে; আশ্রয় নগৰখনৰ বাট বহু দূৰ হ’লে, নগৰত সোমোৱাৰ আগেয়ে আত্মীয়ই ক্রুদ্ধ হৈ তেওঁক ধৰি বধ কৰিব পাৰে; যদিও সেই ব্যক্তি মৃত্যুদণ্ডৰ যোগ্য নাছিল; কিয়নো তেওঁ মনত কোনো ঘৃণা লৈ সেই ব্যক্তিজনক হত্যা কৰা নাছিল। 7 এই কাৰণতে মই তোমালোকৰ নিজৰ বাবে তিনিখন নগৰ নির্বাচন কৰিবলৈ আজ্ঞা দিছো। 8 যদি তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ পূর্বপুৰুষ সকলৰ ওচৰত প্রতিজ্ঞা কৰাৰ দৰে গোটেই দেশ দিয়ে আৰু তোমালোকৰ সীমাবোৰ বৃদ্ধি কৰে, 9 মই আজি তোমালোকক দিয়া সকলো আজ্ঞা যদি তোমালোকে মানি চলা - যদি তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম আৰু তেওঁৰ পথত চলা, তেতিয়া তোমালোকে সেই তিনিখন নগৰৰ উপৰিও পুনৰ তিনিখন নগৰ নিজৰ বাবে যোগ দিবা। 10 তোমালোকে এইদৰে কার্য কৰিবা, যাতে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আধিপত্যৰ অৰ্থে তোমালোকক যি দেশ দিব সেই দেশৰ মাজত নিৰ্দ্দোষী লোকৰ ৰক্তপাত নহ’ব আৰু নির্দোষী লোকৰ ৰক্তপাতৰ দোষত তোমালোকো দোষী নহ’বা।

11 কিন্তু কোনোৱে যদি আন ব্যক্তিক ঘৃণা কৰি হত্যা কৰিবলৈ অপেক্ষা কৰি থাকি তেওঁৰ বিৰুদ্ধে উঠি আঘাত কৰি বধ কৰে, তাৰ পাছত সেই তিনিখন নগৰৰ কোনো এখনলৈ যদি পলাই যায়, 12 তেন্তে তেওঁৰ নগৰৰ বৃদ্ধলোকে মানুহ পঠাই সেই আশ্রয় নগৰৰ পৰা হত্যাকাৰী জনক ধৰি আনিব আৰু তেওঁক বধ কৰি ৰক্তপাতৰ প্ৰতিশোধ লবলৈ নিহতৰ আত্মীয়ৰ হাতত শোধাই দিব। 13 তোমালোকে তেওঁলৈ কোনো দয়া নেদেখুৱাবা। কিন্তু, তাৰ পৰিবর্তে তোমালোকে ইস্ৰায়েলৰ মাজৰ পৰা নিৰ্দ্দোষী লোকৰ ৰক্তপাতৰ দোষ মছি পেলাবা। তাতে তোমালোকৰ মঙ্গল হ’ব।

14 তোমালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ আধিপত্যৰ অৰ্থে তোমালোকক প্রৱেশ কৰিবলৈ দিব, সেই দেশত প্রতিবেশীৰ ভূমিৰ সীমাৰ চিহ্ন কেতিয়াও নলৰাবা। আগৰে পৰাই সেই চিহ্নবোৰ তাত ৰখা হৈছিল।

15 কোনো ব্যক্তিয়ে কৰা অপৰাধৰ বাবে বা পাপ কার্যৰ বাবে, তেওঁৰ বিৰুদ্ধে যদি গোচৰ অনা হয়, তেন্তে কেৱল এজন সাক্ষী থিয় হ’লে নহ’ব; দুই বা তিনিজন সাক্ষীৰ মুখেৰেহে কোনো বিষয় সত্য ৰূপে প্রমাণিত হ’ব। 16 যদি কোনো অধার্মিক সাক্ষীয়ে কোনো লোকৰ ভুল কার্যৰ হৈ সাক্ষ্য দিবলৈ উঠে, 17 তেন্তে সেই বিষয়ত জড়িত উভয় লোক সেই সময়ৰ পুৰোহিত আৰু বিচাৰক সকলৰ আগত যিহোৱাৰ সাক্ষাতে থিয় হ’ব লাগিব; 18 বিচাৰক সকলে বিষয়টো ভালদৰে তদন্ত কৰিব; যদি তেওঁ নিজৰ ইস্রায়েলীয়া ভাইৰ বিৰুদ্ধে মিছা সাক্ষী দিয়াৰ দ্বাৰা মিথ্যাবাদী বুলি ধৰা পৰে, 19 তেন্তে, তেওঁ নিজ ভাইলৈ যিহকে কৰিব বিচাৰিব, তাকে তেওঁলৈ কৰিব; এইদৰে তোমালোকে তোমালোকৰ মাজৰ পৰা তেনে দুষ্টতা দূৰ কৰিব লাগিব। 20 তাতে এই কথা শুনি বাকী সকলো ইস্রায়েলীয়া লোকে ভয় খাব আৰু এই ধৰণৰ অন্যায় কার্য তেওঁলোকে তেতিয়াৰে পৰা তোমালোকৰ মাজত পুনৰ কেতিয়াও নকৰিবা। 21 তোমালোকে তেওঁৰ প্রতি কোনো দয়া নেদেখুৱাব; প্ৰাণৰ সলনি প্ৰাণ, চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত, হাতৰ সলনি হাত, ভৰিৰ সলনি ভৰি ল’বা।

20

1 যুদ্ধ কৰিবলৈ যাওঁতে শত্রু পক্ষত তোমালোকতকৈ অধিক সংখ্যাৰ ঘোঁৰা, ৰথ আৰু সেনাদল দেখি তোমালোকে ভয় নকৰিবা, কিয়নো, তোমালোকৰ ঈশ্বৰ যিহোৱা, যি জনে মিচৰ দেশৰ পৰা তোমালোকক বাহিৰ কৰি আনিছে, তেওঁ তোমালোকৰ লগত আছে। 2 যেতিয়া তোমালোকে যুদ্ধলৈ যাবলৈ সাজু হ’বা, পুৰোহিতে আগবাঢ়ি আহি সৈন্যদলক উদ্দেশ্যি ক’বা, 3 “হে ইস্ৰায়েল শুনা, আজি তোমালোকৰ শত্রুবোৰৰ লগত যুদ্ধ কৰিবলৈ তোমালোক ওচৰ চাপিছা; তোমালোকৰ হৃদয়ত সাহস নেহেৰুৱাবা; ভয় নকৰিবা বা কম্পিত নহ’বা আৰু শত্রু পক্ষক দেখি ভয়ত ত্ৰাসিত নহ’বা। 4 কিয়নো, তোমালোকক ৰক্ষা কৰিবলৈ আৰু শত্রুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ তোমালোকৰ ঈশ্বৰ যিহোৱায়েই তোমালোকৰ লগত গৈছে।” 5 তাৰ পাছত বিষয়া সকলে সৈন্যবোৰক ক’ব, “তোমালোকৰ মাজত নতুন ঘৰ সাজি প্ৰতিষ্ঠা নকৰাকৈ থকা কোনো লোক আছে নেকি? যদি আছে, তেন্তে তেওঁ নিজৰ ঘৰলৈ উলটি যাওক; নহ’লে তেওঁৰ যুদ্ধত মৃত্যু হ’লে, আন কোনোবাই সেই ঘৰ প্ৰতিষ্ঠা কৰিবা। 6 দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ নকৰাকৈ কোনো লোক আছে নেকি? তেৱোঁ নিজ ঘৰলৈ উলটি যাওঁক। নহ’লে তেওঁৰ যুদ্ধত মৃত্যু হ’লে, আনে তাৰ ফল ভোগ কৰিবা। 7 বিয়াৰ সম্বন্ধ হোৱাৰ পাছত বিয়া নকৰাকৈ থকা কোনো লোক আছে নেকি? তেন্তে তেওঁ নিজ ঘৰলৈ উলটি যাওক; নহ’লে তেওঁৰ যুদ্ধত মৃত্যু হ’লে, আনে সেই ছোৱালীক বিয়া কৰিব।” 8 সেই বিষয়া সকলে পুনৰ ক’বা, “তোমালোকৰ মাজত কোনো ভয়াতুৰ বা সাহস নথকা হৃদয়ৰ লোক আছে নেকি? তেন্তে তেওঁ নিজ ঘৰলৈ উলটি যাওঁক; যতে তেওঁৰ ভাইসকলৰ মনোবল তেওঁৰ হৃদয়ৰ দৰে ভাঙি নপৰে।” 9 সৈন্যসকলৰ ওচৰত কথা কোৱা শেষ কৰি বিষয়াসকলে সৈন্যদলৰ ওপৰত সেনাপতি নিযুক্ত কৰিব।

10 তোমালোকে কোনো নগৰ আক্রমণ কৰিবলৈ যাওঁতে, প্ৰথমতে সেই ঠাইৰ লোক সকলৰ ওচৰত শান্তিৰ প্রস্তাৱ আগ বঢ়াবা। 11 যদি তেওঁলোকে প্রস্তাৱ গ্রহণ কৰে আৰু তেওঁলোকৰ দুৱাৰবোৰ তোমালোকলৈ মুকলি কৰি দিয়ে, তেন্তে সেই ঠাইৰ সকলো লোক তোমালোকৰ অধীনত ক্রীতদাস হ’ব আৰু তোমালোকৰ কাৰণে কার্য কৰিবলৈ বাধ্য হ’ব। 12 কিন্তু যদি শান্তিৰ প্রস্তাৱ প্রত্যাখান কৰে আৰু তাৰ পৰিবর্তে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰে, তেতিয়া তোমালোকে সেই নগৰ অৱৰোধ কৰিবা। 13 তোমালোকৰ ঈশ্বৰ যিহোৱাই যেতিয়া তোমালোকক জয়ী কৰিব আৰু সেই ঠাই তোমালোকৰ হাতত তুলি দিব, তেতিয়া নগৰৰ সকলো পুৰুষকে তোমালোকে বধ কৰিবা। 14 কিন্তু মহিলা , শিশু আৰু পশুপাল আদি কৰি সেই নগৰত থকা আন সকলো বস্তু তোমালোকে লুটদ্রব্যৰ সামগ্রীৰূপে নিজৰ কাৰণে নিব পাৰিবা। শত্রুবোৰৰ দেশৰ পৰা লুট কৰা যি সকলো বস্তু তোমালোকৰ ঈশ্বৰ যিহোৱাই দিব, তাক তোমালোকে ভোগ কৰিব পাৰিবা। 15 যিবোৰ নগৰ তোমালোকৰ দেশৰ পৰা অনেক দূৰৈত আছে, যিবোৰ তোমালোকৰ ওচৰৰ জাতিবোৰৰ নগৰ নহয়, সেইবোৰৰ প্রতি তোমালোকক সেইদৰে কৰিবা। 16 কিন্তু তোমালোকৰ ঈশ্বৰ যিহোৱাই আধিপত্যৰ অৰ্থে এই জাতিবোৰৰ যি সকলো নগৰ তোমালোকক দিব, সেইবোৰ ঠাইৰ কোনো প্ৰাণীকে তোমালোকে জীৱিত নাৰাখিবা, 17 কিন্তু তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে তোমালোকে হিত্তীয়া, ইমোৰীয়া, কনানীয়া, পৰিজ্জীয়া, হিব্বীয়া আৰু যিবুচীয়া লোক সকলক সম্পূর্ণভাৱে ধ্বংস কৰি পেলাবা। 18 এনে নহওঁক যে যি ঘৃণনীয় কার্য তেওঁলোকে নিজৰ দেৱতাবোৰৰ পূজাৰ উদ্দেশ্যে কৰে, সেইবোৰ তোমালোককো শিকাব। তাতে তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে পাপ কৰিবা। 19 তোমালোকে অনেক দিন ধৰি যেতিয়া কোনো নগৰ অৱৰোধ কৰি ৰাখি অধিকাৰ কৰিবলৈ যুদ্ধ কৰি থাকিবা, তেতিয়া তাত থকা গছবোৰ কুঠাৰৰে কাটি নষ্ট নকৰিবা। কিয়নো সেই গছবোৰৰ ফল তোমালোকে খাব পাৰিবা। সেয়ে তোমালোকে গছবোৰ নাকাটিবা। পথাৰৰ গছবোৰ জানো মানুহ যে, সেইবোৰক তোমালোকে অৱৰোধ কৰিবা?

20 কিন্তু যিবোৰ গছৰ ফল খাব পৰা নাযায় বুলি জানিবা, কেৱল তেনে গছহে কাটি নষ্ট কৰিব পাৰিবা আৰু যি ঠাইৰ লোকসকলে তোমালোকৰ লগত যুদ্ধ কৰিব, তেওঁলোকৰ পতন নোহোৱালৈকে সেই গছবোৰক তোমালোকে আত্মৰক্ষাৰ গড় কৰি ব্যৱহাৰ কৰিব পাৰিবা।

21

1 তোমালোকৰ ঈশ্বৰ যিহোৱাই, যি দেশ অধিকাৰৰ অৰ্থে তোমালোকক দিছে, তাৰ পথাৰত যদি কোনো লোকৰ মৃতদেহ পৰি থকা দেখা পোৱা, কিন্তু তাক কোনে হত্যা কৰিলে সেয়ে জনা নাযায়; 2 তেতিয়া তোমালোকৰ মাজৰ বয়োজ্যেষ্ঠ লোক আৰু বিচাৰকৰ্ত্তা সকল বাহিৰলৈ গৈ, সেই হত হোৱা লোক জনৰ মৃতদেহৰ চাৰিওফালে থকা নগৰবোৰৰ দুৰত্বৰ মাপ ল’বা।

3 যেতিয়া তোমালোকে নিহত ব্যক্তিজনৰ সকলোতকৈ ওচৰত থকা চহৰ খনৰ বিষয়ে জানিবা, সেই নগৰৰ বৃদ্ধ লোক সকলে, জাকৰ পৰা এনে এজনী চেঁউৰী গৰু ল’ব যাৰ দ্বাৰাই যুৱলি টনা আদি কোনো কাম কৰোঁৱা নাই; 4 পাছত সেই নগৰৰ বৃদ্ধ লোক সকলে চেঁউৰী গৰুজনী লৈ, হাল নোবোৱা, গুটি নিসিচাঁ পানী বৈ থকা এনে উপত্যকালৈ নামি গৈ, সেই উপত্যকাত গৰুজনীৰ ডিঙি বিচ্ছেদ কৰিব।

5 আৰু লেবী সকলৰ সন্তান পুৰোহিত সকলো অৱশ্যেই তালৈ যাব; কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ পৰিচৰ্যা কৰিবলৈ আৰু যিহোৱাৰ নামেৰে আশীৰ্ব্বাদ কৰিবলৈ এই লোক সকলকেই মনোনীত কৰিলে; আৰু তেওঁলোকে বাক্য অনুসাৰে প্ৰত্যেক বিবাদ আৰু আঘাতৰ বিচাৰ নিস্পত্তি কৰিব। 6 সেই শৱটোৰ ওচৰত থকা নগৰৰ উপত্যকাত আটাই বৃদ্ধ সকলে, গৰুজনীৰ দিঙি বিচ্ছেদ কৰাৰ ওপৰত নিজৰ নিজৰ হাত ধুব। 7 আৰু এই লোক সকলে ক’ব “আমাৰ হাতে এই ৰক্তপাত কৰা নাই আৰু আমি এই ঘটনাও দেখা নাই।

8 হে যিহোৱা, তুমি মুক্ত কৰা তোমাৰ প্ৰজা ইস্ৰায়েলক ক্ষমা কৰি, তোমাৰ প্ৰজা ইস্ৰায়েলৰ গাত নিৰ্দোষীৰ ৰক্তপাতৰ দোষ নেপেলাবা।” তাতে তেওঁলোকলৈ সেই ৰক্তপাতৰ দোষ ক্ষমা কৰা হ’ব। 9 এইদৰে তোমালোকে যিহোৱাৰ দৃষ্টিত যি ভাল, তাকেই কৰি তোমালোকৰ আপোনালোকৰ মাজৰ পৰা নিৰ্দ্দোষীৰ ৰক্তপাতৰ দোষ দূৰ কৰিব।

10 যেতিয়া তোমালোকে তোমালোকৰ শত্রুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাবা, তেতিয়া তোমালোকৰ ঈশ্বৰ যিহোৱাই সেই লোক সকলক পৰাস্ত কৰিব আৰু তোমালোকে শত্রুবোৰক বন্দী কৰি আনিব পাৰিবা। 11 আৰু সেই বন্দী কৰি অনা লোক সকলৰ মাজত কোনো সুন্দৰী যুৱতীক দেখি মুগ্ধহৈ আপুনি যদি তাইক বিয়া কৰি পত্নী কৰিব খোজে, 12 তেন্তে তেওঁক তোমালোকে ঘৰলৈ নিবা আৰু তাই নিজৰ মুৰ খুৰাই নখ কাটি, 13 বন্দী অৱস্থাৰ কাপোৰ সোলোকাই থৈ, তোমাৰ ঘৰত থাকি বাপেক-মাকৰ কাৰণে পুৰা এমাহ শোক প্রকাশ কৰিব; তাৰ পাছত তুমি তাইৰ ওচৰলৈ যাব পাৰিবা বা তেওঁৰ স্বামী হ’বা, আৰু তাই তোমাৰ ভাৰ্য্যা হ’ব। 14 পাছত যদি তুমি তেওঁকলৈ সুখী নোহোৱা, তেন্তে যি ঠাইলৈ তেওঁ যাবলৈ ইচ্ছা কৰে, সেই ঠাইলৈকে যাবলৈ দিবা; কিন্তু কোনো ধন লৈ তাইক নেবেচিবা, তুমি তাইলৈ বেটী বা দাসীৰ নিচিনাকৈ ব্যৱহাৰ নকৰিবা, কিয়নো তুমি তাইক অপদস্থ কৰিলা।

15 যদি কোনো পুৰুষৰ দুগৰাকী ভার্যা থাকে, এগৰাকী তেওঁৰ মৰমৰ আন গৰাকী ঘৃণাৰ, আৰু যদি দুয়ো গৰাকীয়ে তেওঁলৈ সন্তান জন্ম দিয়ে, কিন্তু বৰ পুতেক যদি ঘৃণাৰ গৰাকীৰ সন্তান হয়; 16 তেতিয়া সেই ব্যক্তিয়ে পুতেক কেইজনক সম্পত্তিৰ ভাগ কৰা দিনা, ঘৃণাৰ গৰাকীৰ পৰা হোৱা বৰ পুতেক থাকোঁতে, তেওঁ মৰমৰ গৰাকীৰ পুতেকক জ্যেষ্ঠাধিকাৰ দিব নোৱাৰিবা।

17 কিন্তু অৱশ্যেই তেওঁ সকলো সম্পত্তিৰ দুভাগ দি এলাগী জনীৰ পুতেককে বৰ-পো বুলি স্বীকাৰ কৰিবা। কাৰণ সেই সন্তান তেওঁৰ প্ৰথম সন্তান। প্রথমে জন্ম পোৱা হিচাবে সমস্ত জ্যেষ্ঠাধিকাৰ তেওঁৰ আছে।

18 কোনো এজন মাক-বোপেকৰ যদি জেদী ও বিৰোধী বা মাক দেউতাকৰ কথা নুশুনা আৰু শাস্তি দিলেও তেওঁলোকৰ কথা শুনিবলৈ অস্বীকাৰ কৰা ল’ৰা, কোনো মানুহৰ থাকিলে; 19 সেই ল’ৰা জনৰ বাপেক-মাকে তেওঁক ধৰি, নিজৰ নগৰৰ বয়োজ্যেষ্ঠ সকলৰ ওচৰলৈ, তেওঁলোকে নিবাস কৰা নগৰৰ দুৱাৰ-মুখলৈ লৈ আহিবা। 20 নগৰৰ বয়োজ্যেষ্ঠ লোক সকলক ক’বা “আমাৰ এই লৰাটি অবাধ্য আৰু বিৰোধী, আমাৰ কথা নুশুনে, অপব্যয়ী আৰু মদপী।” 21 তেতিয়া ল’ৰাজন নিবাস কৰা নগৰৰ সকলো লোকে ল’ৰা জনক শিল দলিয়াই বধ কৰিব। এইদৰে তোমালোকে তোমালোকৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিবা। তাতে ইস্ৰায়েলৰ লোক সকলে এই বিষয়ে শুনি ভয় পাব।

22 কোনো মানুহে যদি প্ৰাণ দণ্ডৰ যোগ্য পাপ কৰে আৰু তেওঁৰ প্ৰাণদণ্ড হয়; তেওঁৰ মৃত দেহ এডাল গছত আঁৰি ৰাখিবা; 23 কিন্তু তেওঁৰ মৃত দেহটো ৰাতি গছ জোপাৰ ওপৰতে ৰাখি নথবা; বৰং একেদিনাই দেহটো পুতি পেলাবা। কিয়নো যি জনৰ শৱ আঁৰি থোৱা হয় তেওঁ ঈশ্বৰৰ অভিশপ্ত। সেই কাৰণেই তোমালোকৰ ঈশ্বৰ যিহোৱাই অধিকাৰৰ অৰ্থে যি দেশ তোমালোকক দিবলৈ গৈছে, তোমালোকে সেই দেশ অশুচি নকৰিবা।

22

1 তোমালোকে কোনো ভাইৰ গৰু বা মেৰছাগে বাট হেৰুৱাই অন্যফালে যোৱা দেখিলে, তালৈ অৱহেলা নকৰিবা। তোমালোকৰ ভাইৰ ওচৰলৈ অৱশ্যে তাক ওভটাই নিবা। 2 যদি তোমালোকৰ সেই ভাই ওচৰত নাই, বা সেই ভাই কোন হয় তাক নাজানা, তেন্তে সেই পশুক তোমালোকে নিজৰ ঘৰলৈ লৈ যাবা আৰু সেই ভায়ে বিচাৰি নাহে মানে তাক তোমালোকৰ ঘৰতে ৰাখি থ’বা; পাছত বিচাৰি আহিলে তোমালোকে তাক ওলোটাই দিবা।

3 তোমালোকে তেওঁৰ গাধলৈকো একেদৰেই কৰিবা; আৰু তেওঁলোকৰ কাপোৰ-কানিলৈকো সেইদৰেই কৰিবা; আপোনালোকৰ ইস্রায়েলীয়া সকলৰ হেৰোৱা যিকোনো বস্তু আপোনালোকে পোৱা, সেই সকলো বিষয়তে তোমালোকে একে দৰেই কৰিব; তোমালোকে নিজৰ মতে লুকুৱাই নাৰাখিবা। 4 তোমালোকৰ কোনো ভাইৰ গাধ বা গৰু বাটত পৰি থকা দেখিলে, তোমালোকে সেইবোৰলৈ অৱহেলা নকৰিবা; সেইবোৰক পুনৰাই উঠিবলৈ সহায় কৰিবা।

5 পুৰুষৰ অধিকাৰত থকা কোনো পোছাক মহিলাই পৰিধান কৰিব নালাগে, বা পুৰুষেও মহিলাৰ পোছাক পিন্ধিব নালাগে; কিয়নো যি কোনোৱে তেনে কাৰ্য কৰে, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত তেওঁলোক বিতৃষ্ণাজনক।

6 তোমালোকে বাটৰ কাষত থকা গছত বা মাটিত থকা কোনো চৰাইৰ বাঁহত চৰাইৰ মাকে পোৱালীৰ ওপৰত বা কণীৰ ওপৰত উমনিত বহি থকা যদি দেখা পায়, তেন্তে তোমালোকে পোৱালিবোৰৰ সৈতে চৰাইজনীক ধৰি লৈ নাযাবা। 7 তোমালোকে পোৱালিবোৰক লৈ যাব পাৰা, কিন্তু মাকক অৱশ্যেই তোমালোকে এৰি দিবা। তাতে তোমালোকৰ তোমালোকৰ উন্নতি হ’ব আৰু তোমালোকৰ আয়ুস দীঘল হ’ব।

8 ঘৰ নির্ম্মাণ কৰাৰ সময়ত তোমালোকে ছাদৰ চাৰিওঁফালে বেৰা দিবা, যাতে ঘৰৰ ছাদৰ ওপৰৰ পৰা পৰি কোনো মানুহৰ মৃত্যু হ’লে, সেই ঘৰৰ লোক তাৰ ৰক্তপাতৰ দায়ী নহয়।

9 দ্ৰাক্ষাবাৰীত তোমালোকে দুই জাতৰ বীজ নলগাবা; তেনে কৰিলে তোমালোকে সিচাঁ বীজৰ শস্য আৰু দ্ৰাক্ষাবাৰীৰ ফল উভয়ে অপবিত্ৰ হ’ব। 10 গৰু আৰু গাধ দুয়োকে এক জুঁট কৰি হাল নাবাবা। 11 ঊল আৰু শণ সুতা মিহলাই বোৱা কাপোৰ নিপিন্ধিবা।

12 তোমালোকৰ গাত লোৱা চাদৰৰ চাৰি কোণা, পকোৱা সুতাৰে দহি বটিবা।

13 কোনো লোকে যদি বিয়া কৰি ভার্যাৰে সৈতে সহবাস কৰাৰ পাছত তাইক পছন্দ নকৰে 14 আৰু তাইৰ অহিতে অনৰ্থক অপবাদ দি ক’য়, “মই এই মহিলাক বিয়া কৰিলোঁ হয়, কিন্তু তাই যে কুমাৰী ছোৱালী তাইৰ ওচৰত সেই প্রমাণ মই নাপালোঁ।”

15 তেতিয়া সেই ছোৱালীৰ বাপেক-মাকে নগৰৰ দুৱাৰত বৃদ্ধ নেতা সকলৰ ওচৰলৈ তাইৰ সতীত্বৰ প্রমাণ লৈ যাব। 16 ছোৱালী জনীৰ বাপেকে বৃদ্ধ নেতা সকলক ক’ব, “মই এই মানুহৰ সৈতে মোৰ জীক বিয়া দিছিলোঁ কিন্তু তেওঁ তাইক পচন্দ নকৰে। 17 এতিয়া তেওঁ তাইক অপবাদ দি কৈছে, ‘মই তাইক কুমাৰী অৱস্থাত পোৱা নাই।’ কিন্তু এইয়া চাওঁক মোৰ ছোৱালীৰ সতীত্বৰ প্রমাণ।” এই বুলি কৈ তেওঁলোকে বৃদ্ধ নেতা সকলৰ আগত কাপোৰখন মেলি দেখুৱাব। 18 পাছত নগৰৰ বৃদ্ধ নেতা সকলে সেই পুৰুষক ধৰি আনি শাস্তি দিব। 19 সেই পুৰুষৰ পৰা তেওঁলোকে জৰিমনা হিচাবে এশ চেকল ৰূপ আদায় কৰি ছোৱালী জনীৰ বাপেকক দিব, কিয়নো সেই মানুহে এগৰাকী ইস্ৰায়েল কুমাৰীৰ দুৰ্নাম কৰিলে; তাৰ উপৰিও ছোৱালী জনী তেওঁৰ ভার্যা হৈ থাকিব আৰু তেওঁ জীয়াই থাকে মানে তাইক এৰিব নোৱাৰিব।

20 কিন্তু কথাটো যদি সত্য হয় আৰু ছোৱালী জনীৰ সতীত্বৰ কোনো প্ৰমাণ পোৱা নাযায়, 21 তেন্তে তেওঁলোকে ছোৱালী জনীক নিজৰ বাপেকৰ ঘৰৰ দুৱাৰ মুখলৈ উলিয়াই আনিব, আৰু নগৰৰ পুৰু ষসকলে তাইক শিল দলিয়াই বধ কৰিব। কিয়নো তাই নিজৰ বাপেকৰ ঘৰত থকাৰ সময়ত ব্যভিচাৰ কৰি ইস্ৰায়েল সকলৰ মাজত ভীষণ ঘৃণণীয় কাম কৰিলে। এই দৰেই ইস্ৰায়েল সকলৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিবা।

22 যদি আন কোনো লোকৰ ভার্যাৰ লগত কোনো পুৰুষে শয়ন কৰোঁতে ধৰা পৰে, তেন্তে মহিলা গৰাকীৰ লগত শয়ন কৰা পুৰুষ আৰু মহিলা দুয়োৰে প্ৰাণ দণ্ড হ’ব; এই দৰে তোমালোকে তোমালোকৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিবা।

23 যদি কোনো লোকলৈ বাগদান কৰি কুমাৰী ছোৱালীক আন কোনো মানুহে নগৰৰ মাজত পাই তাইৰ লগত শয়ন কৰে, 24 তেন্তে তোমালোকে তেওঁলোক দুয়োকে সেই নগৰৰ দুৱাৰ মুখলৈ উলিয়াই আনিব আৰু মৃত্যু নোহোৱা পর্যন্ত তেওঁলোকক শিল দলিয়াই বধ কৰিবা। নগৰৰ মাজত থাকিও ছোৱালী জনীয়ে চিঞৰ-বাখৰ নকৰাৰ কাৰণে তাইক আৰু আন এজন ইস্রায়েল ভাইৰ ভার্যাক নষ্ট কৰাৰ কাৰণে পুৰুষজনক শিল দলিয়াই বধ কৰিবা। এইদৰে তোমালোকে তোমালোকৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিবা।

25 কিন্তু যদি কোনো বাগদত্তা ছোৱালীক পথাৰৰ নির্জন ঠাইত পাই, কোনো পুৰুষে তাইৰ বলাৎকাৰ কৰে, তেন্তে যি পুৰুষে বলাৎকাৰ কৰে, কেৱল তেওঁৰহে প্ৰাণদণ্ড হ’ব; 26 কিন্তু ছোৱালী জনীক হ’লে তোমালোকে একো নকৰিবা। প্ৰাণদণ্ডৰ যোগ্য কোনো পাপ তাই কৰা নাই; কিয়নো, ই এজনে আন এজনৰ বিৰুদ্ধে উঠি তেওঁক বধ কৰাৰ দৰেই হয়। 27 পুৰুষ জনে পথাৰতহে তাইক পালে, সেই বাগদত্তা ছোৱালী জনীয়ে যদিও চিঞঁৰ মাৰিছিল, কিন্তু তাইক উদ্ধাৰ কৰিবলৈ তাত কোনো নাছিল।

28 বাগদত্তা নোহোৱা এনে কোনো কুমাৰীক যদি কোনো পুৰুষে পাই বলেৰে ধৰি তাইৰ লগত বলাৎকাৰ কৰে আৰু যদি তেওঁলোক ধৰা পৰে, 29 তেন্তে তাইৰ লগত বলাৎকাৰ কৰা পুৰুষে ছোৱালী জনীৰ বাপেকক পঞ্চাশ চেকল ৰূপ দিব লাগিব। সেই পুৰুষে তাইক নষ্ট কৰাৰ কাৰণে তায়েই তেওঁৰ ভার্যা হ’ব আৰু তেওঁ জীয়াই থাকে মানে তাইক এৰিব নোৱাৰিব।

30 কোনো পুৰুষে নিজ বাপেকৰ ভার্যাকে নিজৰ কৰি গ্ৰহণ নকৰিব; তেওঁ বাপেকৰ বৈবাহিক অধিকাৰৰ আৱৰণ নুগুচাব।

23

1 যি পুৰুষৰ অণ্ডকোষ চূর্ণ বা গুপ্তা অঙ্গৰ চৰ্ম ছ্দেন কৰা হয়, তেওঁ যিহোৱাৰ সমাজত সোমাব নোৱাৰিব। 2 কোনো জাৰজ সন্তান যিহোৱাৰ সমাজত সোমাব নোৱাৰিব; তেওঁৰ দহ পুৰুষলৈকে কোনেও যিহোৱাৰ সমাজত সোমাব নোৱাৰিব।

3 কোনো অম্মোনীয়া বা মোৱাবীয়া লোক যিহোৱাৰ সমাজত সোমাব নোৱাৰিব; তেওঁৰ দহ পুৰুষলৈকে কোনেও যিহোৱাৰ সমাজত সোমাব নোৱাৰিব। 4 কিয়নো মিচৰ দেশৰ পৰা ওলাই অহাৰ সময়ত তোমালোকৰ যাত্রা পথত তেওঁলোকে অন্ন আৰু জল লৈ অহা নাছিল, বৰং তোমালোকক শাও দিবলৈ তেওঁলোকে অৰাম-নহৰয়িম 1 দেশৰ পথোৰ নগৰৰ পৰা বিয়োৰৰ পুতেক বিলিয়মক ধন দি আনিছিল। 5 কিন্তু তোমালোকৰ ঈশ্বৰ যিহোৱাই বিলিয়মৰ কথা নুশুনিলে; তোমালোকক প্ৰেম কৰাৰ কাৰণে ঈশ্বৰ যিহোৱাই তোমালোকৰ পক্ষে সেই শাও আশীৰ্ব্বাদত পৰিণত কৰিলে। 6 তোমালোক জীয়াই থাকেমানে কেতিয়াও তেওঁলোকৰ সৈতে সন্ধি বা চুক্তিৰ চেষ্টা নকৰিবা।

7 কোনো ইদোমীয়া 2 লোকক তোমালোকে ঘৃণা নকৰিবা; কিয়নো তেওঁ তোমালোকৰ ইস্রায়েলীয়া ভাই। কোনো মিচৰীয়া লোকক তোমালোকে ঘৃণা নকৰিবা, কাৰণ তোমালোকে তেওঁৰ দেশত বিদেশী হৈ আছিলা। 8 তোমালোকৰ মাজত বাস কৰাৰ পাছত তৃতীয় পুৰুষৰ পৰা তেওঁলোক যিহোৱাৰ সমাজত সোমাব পাৰিবা।

9 শত্রুসকলৰ বিৰুদ্ধে যুদ্ধ-যাত্ৰা কৰি ওলাই যোৱা সময়ত, সকলো অশুচি স্থানৰ পৰা তোমালোকে নিজক দূৰৈত ৰাখিবা। 10 তোমালোকৰ মাজত যদি কোনো পুৰুষ ৰাতি ঘটা ঘটনাৰ কাৰণে অশুচি হয়, তেন্তে সি ছাউনিৰ বাহিৰলৈ যাব লাগিব; ছাউনিৰ ভিতৰলৈ ঘূৰি নাহিব। 11 সন্ধিয়া হৈ আহিলে তেওঁ নিজে পানীত গা ধুব। সূৰ্য মাৰ যোৱাৰ পাছত তেওঁ ছাউনিলৈ ঘূৰি যাব পাৰিব। 12 শৌচ-পেচাবৰ কাৰণে তোমালোকে ছাউনিৰ বাহিৰত এটা ঠাই ঠিক কৰি ল’বা। 13 তোমালোকৰ সা-সামগ্রীৰ মাজত মাটি খান্দিবলৈ এখন খন্তি থাকিব। শৌচ কৰাৰ আগতে তোমালোকে তাৰে গাত কৰি লবা, মলখিনি আকৌ মাটিৰে ঢাকি দিব। 14 তোমালোকক ৰক্ষা কৰিবলৈ, আৰু তোমালোকৰ শত্রুবোৰক তোমালোকৰ হাতত তুলি দিবলৈ তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ ছাউনিৰ মাজত অহা-যোৱা কৰে। সেই কাৰণে, তোমালোকে ছাউনি পবিত্ৰ কৰি ৰাখিবা লাগিব যাতে তোমালোকৰ মাজত কোনো অশুচি বস্তু দেখি তেওঁ তোমালোকৰ পৰা বিমুখ হৈ নাযায়।

15 কোনো দাসে যদি নিজৰ গৰাকীৰ পৰা পলাই আহি তোমালোকৰ ওচৰত আশ্রয় লয়, তোমালোকে তাক তাৰ গৰাকীৰ হাতত শোধাই নিদিবা। 16 সেই দাসে যি কোনো এখন নগৰত তোমালোকৰ মাজত, য’তে বাস কৰিব বিচাৰে তাতে বাস কৰিবলৈ দিবা। তাক উপদ্ৰৱ নকৰিবা।

17 ইস্ৰায়েলৰ লোকৰ মাজৰ নাৰীয়েই হওঁক বা পুৰুষেই হওঁক কোনো এজনো যেন মন্দিৰৰ বেশ্যা ৰূপে নাথাকে। 18 পুৰষ হওঁক বা মহিলাই হওঁক, যি জনে বেশ্যাৰ জীৱন কটায়, তেওঁৰ উপার্জনৰ ধন কোনো সঙ্কল্প-সিদ্ধিৰ অৰ্থে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ গৃহলৈ নানিবা; কাৰণ সেই ধৰণৰ পুৰুষ আৰু মহিলাক তোমালোকৰ ঈশ্বৰ যিহোৱাই ঘৃণা কৰে।

19 তোমালোকে কোনো ইস্রায়েলীয়া ভাইক সুদ লৈ ধাৰ নিদিবা - সেই সুদ লাগে ধনৰ ওপৰতে হওঁক বা খোৱা-বস্তুৰ ওপৰতে হওঁক নাইবা অন্য যি কোনো বস্তুৰ ওপৰতে হওঁক। 20 অন্য জাতিৰ লোক সকলৰ পৰা তোমালোকে ধাৰ দি সুদ ল’ব পাৰা, কিন্তু, কোনো ইস্রায়েলীয়া ভাইৰ পৰা নোৱাৰা। এইদৰে চলিলে তোমালোকে যি দেশ অধিকাৰ কৰিবলৈ গৈছে, সেই দেশত তোমালোকে যিহতে হাত দিবা, সকলো কাৰ্যতে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক আশীৰ্ব্বাদ কৰিব।

21 তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে যদি তোমালোকে কোনো সঙ্কল্প কৰা, তেন্তে তাক পূৰণ কৰিবলৈ পলম নকৰিবা; কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ পৰা তাক নিশ্চয়ে আদায় কৰিব; তাক পূৰণ নকৰিলে তোমালোকৰ পাপ হ’ব। 22 কিন্তু সঙ্কল্প নকৰিলে, তাত কোনো পাপ নহ’ব। 23 তোমালোকৰ মুখৰ পৰা যি সঙ্কল্পৰ কথা ক’বা, তাক তোমালোকে পূৰণ কৰিবই লাগিব, কাৰণ তোমালোকে স্ব-ইচ্ছাৰে নিজ মুখেৰে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ ওচৰত সেই প্ৰতিজ্ঞা কৰিছা।

24 আনৰ দ্ৰাক্ষাবাৰীলৈ গৈ তোমালোকে ইচ্ছামতে হেঁপাহ পলুৱাই আঙুৰ খাব পাৰিবা, কিন্তু লৈ যোৱাৰ বাবে তোমালোকৰ পাত্ৰত অলপো নল’বা। 25 অন্যৰ শস্যক্ষেত্রত গৈ তোমালোকে নিজ হাতেৰে থোক ছিঙিব পাৰিবা, কিন্তু শস্যত কাচি লগাব নোৱাৰিবা।


1অৰাম-নহৰয়িম মেচোপটেমিয়
2ইদোমীয়া সকল এচৌৰ বংশ

24

1 কোনো পুৰুষে কোনো যুৱতীক বিয়া কৰাৰ পাছত, যদি তাইত কোনো দোষ পোৱাৰ কাৰণে, তাই তেওঁৰ দৃষ্টিত অনুগ্ৰহ নাপায়, তেন্তে সেই পুৰুষে এখন ত্যাগ-পত্ৰ লিখি তাইৰ হাতত দিব আৰু তাইক নিজ ঘৰৰ পৰা বিদায় দিব পাৰিব। 2 সেই মহিলাই তেওঁৰ ঘৰৰ পৰা ওলাই গৈ, আন পুৰুষৰে সৈতে বিয়া হ’ব পাৰিব। 3 কিন্তু পাছত দ্বিতীয় স্বামীয়েও যদি তাইক পছন্দ নকৰে আৰু এখন ত্যাগ-পত্ৰ লিখি তাইৰ হাতত দি, নিজৰ ঘৰৰ পৰা তাইক বিদায় দিয়ে বা সেই দ্বিতীয় স্বামীৰ যদি মৃত্যু হয়, 4 তেন্তে তাইৰ প্রথম স্বামী, যি জনে তাইক বিদায় দিছিল তেওঁ তাইক পুনৰ ভার্যা কৰি ল’ব নোৱাৰিব। কাৰণ তাই অশুচি হ’ল। এই ধৰণৰ বিয়া যিহোৱাৰ দৃষ্টিত ঘিণ লগীয়া। তোমালোকৰ ঈশ্বৰ যিহোৱাই অধিকাৰৰ অৰ্থে যি দেশ তোমালোকক দিব, তোমালোকে এই ভাৱে সেই দেশক পাপত নেপেলাবা।

5 অলপতে বিয়া কৰা পুৰুষে সৈন্য সমূহৰ লগত যুদ্ধলৈ ওলাই নাযাব নাইবা তেওঁৰ ওপৰত কোনো কামৰ ভাৰ দিয়া নাযাব। তেওঁ যাক বিয়া কৰি আনিছে, তাইৰ আনন্দৰ কাৰণে এবছৰলৈকে এই সকলো কামৰ পৰা ৰেহাই দি তেওঁক স্বচ্ছন্দে নিজ ঘৰত থাকিব দিব লাগিব।

6 ঋণৰ বন্ধক হিচাবে কাৰো জাঁত শিল বা তাৰ ওপৰৰ পাথৰটো নলব। তেনে কৰিলে মানুহজনৰ জীয়াই থকাৰ উপায়কে বন্ধক লোৱা হয়।

7 কোনো মানুহে যদি ইস্ৰায়েল নিজ ভাই সকলৰ মাজত কোনো জনক চুৰ কৰি নি দাস হিচাবে ব্যৱহাৰ কৰে বা বিক্রী কৰি দিয়ে, তেন্তে সেই চোৰৰ মৃত্যুদণ্ড হ’ব। এইদৰে তোমালোকৰ মাজৰ পৰা তোমালোকে দুষ্টতা দূৰ কৰিব লাগিব।

8 চর্মৰোগে দেখা দিলে তোমালোক সতর্ক হ’ব লাগিব আৰু লেবীয়া পুৰোহিত সকলে যি নির্দেশ দিব, সেই সকলোকে যত্ন সহকাৰে পালন কৰিব লাগিব; মই তেওঁলোকক যি যি আজ্ঞা দিছিলোঁ, তাক পালন কৰি তোমালোকে সেই মতে কাৰ্য কৰিবা। 9 মিচৰ দেশৰ পৰা তোমালোকে ওলাই অহাৰ সময়ত বাটত তোমালোকৰ ঈশ্বৰ যিহোৱাই মিৰিয়মলৈ কি ব্যৱস্থা কৰিছিল তাক সোঁৱৰণ কৰিবা।

10 ওচৰ-চুবুৰীয়াক তোমালোকে কিবা ধাৰ দিলে, বন্ধক হিচাবে কিবা বস্তু আনিবৰ কাৰণে তোমালোক তেওঁৰ ঘৰৰ ভিতৰত নোসোমাবা। 11 বাহিৰত থিয় হৈ থাকিবা আৰু যি জনক ধাৰ দিয়ে, তেওঁকেই বন্ধকী বস্তু উলিয়াই তোমালোকৰ ওচৰলৈ আনিব দিবা। 12 মানুহজন যদি দুখীয়া হয়, তেন্তে তেওঁৰ বন্ধকী বস্তু নিজৰ ওচৰত ৰাখি নিদ্ৰা নাযাবা। 13 সূৰ্য মাৰ যোৱাৰ সময়ত তেওঁৰ সেই বন্ধকী বস্তু অৱশ্যেই ওলোটাই দিবা যাতে তেওঁ নিজৰ কাপোৰ গাত লৈ টোপনি যাব পাৰে। তাতে তোমালোকক আশীৰ্ব্বাদ দিব। তোমালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত সেই ঘূৰাই দিয়া কার্যই ধাৰ্মিকতা হ’ব।

14 তোমালোকে ভাড়ালৈ অনা কোনো দুখীয়া আৰু অভাৱী দাসৰ প্রতি অন্যায় নকৰিবা তেওঁ তোমালোকৰ কোনো ইস্রায়েলীয়া ভায়েই হওক, বা তোমালোকৰ দেশত নগৰৰ দুৱাৰৰ ভিতৰত থকা কোনো বিদেশীয়েই হওক। 15 প্রতিদিনে তোমালোকে তেওঁৰ মজুৰি দিবা। সূৰ্য মাৰ যোৱাৰ আগেয়ে তাক তোমালোকে পৰিশোধ কৰিবা। কিয়নো তেওঁ দুখীয়া আৰু সেই মজুৰিৰ ওপৰতে তেওঁ ভাৰসা কৰে। তোমালোকে এই কার্য কৰিবা নহলে তেওঁ তোমালোকৰ অহিতে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে তোমালোকৰ পাপ হ’ব।

16 সন্তানৰ পাপৰ কাৰণে পিতৃ-মাতৃক বা পিতৃ-মাতৃৰ পাপৰ কাৰণে সন্তানক প্ৰাণ দণ্ড দিয়া নহ’ব; প্ৰতিজনে নিজ নিজ পাপৰ কাৰণে প্ৰাণদণ্ড ভোগ কৰিব লাগিব।

17 বিদেশী বা পিতৃহীনৰ প্রতি অন্যায় বিচাৰ নকৰিবা আৰু কোনো বিধৱাৰ বস্ত্ৰ বন্ধক স্বৰূপে নল’বা। 18 মনত ৰাখিব, মিচৰ দেশত তোমালোক দাস আছিলা আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাই তাৰ পৰা তোমালোকক মুক্ত কৰি আনিছে। এই বাবেই মই তোমালোকক এই সকলো কাৰ্য কৰিবলৈ আজ্ঞা দিছোঁ।

19 তোমালোকৰ খেতিৰ শস্য দোৱাৰ সময়ত যদি শস্যৰ কোনো মুঠি লগত আনিবলৈ পাহৰি যোৱা, তেন্তে তাক আনিবলৈ উলটি নাযাবা; সেয়ে বিদেশী, পিতৃহীন, আৰু বিধৱা সকলৰ বাবে হ’ব। তাতে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ হাতে কৰা সকলো কাৰ্যতে তোমালোকক আশীৰ্ব্বাদ কৰিব। 20 জিত পৰাৰ সময়ত তোমালোকে একেবোৰ ডালৰ পৰা দুবাৰ ফল পাৰিবলৈ নাযাবা। যি থাকি যাব সেয়ে বিদেশী, পিতৃহীন আৰু বিধৱা সকলৰ বাবে ৰাখিবা। 21 তোমালোকে দ্ৰাক্ষাবাৰীৰ পৰা আঙুৰ চপোৱাৰ সময়ত, একেডাল ডালৰ পৰা দুবাৰ আঙুৰ নিছিঙিবা। যি থাকি যাব, সেয়ে বিদেশী, পিতৃহীন, আৰু বিধৱাসকলৰ বাবে ৰাখিবা। 22 পাহৰি নাযাবা যে তোমালোকো মিচৰ দেশত দাস আছিলা। সেই বাবেই মই তোমালোকক এই সকলো কৰিবলৈ আজ্ঞা দিছোঁ।

25

1 যদি লোক সকলৰ মাজত বিবাদ হয় আৰু সেই বিবাদ আদালতলৈ নিয়া হয়, তেন্তে বিচাৰক সকলে বিচাৰ কৰি তেওঁলোকৰ নিৰ্দোষীক নিৰ্দোষী আৰু দোষীক দোষী কৰিব; 2 সেই বিচাৰত যদি দোষী প্ৰহাৰৰ যোগ্য হয়, তেন্তে বিচাৰকে তেওঁক মাটিত শুৱাই লৈ তাৰ দোষ অনুসাৰে হিচাপ কৰি নিজৰ সন্মুখতে তেওঁক কোবোৱাব। 3 বিচাৰকে তেওঁক চল্লিশ কোবৰ অধিক মৰাব নোৱাৰিবা; তাৰ অধিক মাৰিলে এজন ইস্রায়েলীয়া ভাইক তোমালোকৰ আগত নীহ কৰা হ’ব।

4 শস্য মৰণা মাৰোঁতে গৰুৰ মুখত মোখোৰা নাবান্ধিবা।

5 যদি ককাই-ভাই একেলগে থাকে আৰু তেওঁলোকৰ মাজৰ এজন ভাই পুত্রহীন হৈ মৰে, তেন্তে সেই মৃতকৰ ভাৰ্য্যাই বাহিৰৰ আন পুৰুষক বিয়া কৰিব নোৱাৰিব; দেওৰেক বা বৰ-জনাই তাইক বিয়া কৰি কৰিব আৰু তাইৰ প্রতি দেওৰেক বা বৰ-জনাৰ কৰিব লগীয়া কর্তব্য পালন কৰিব। 6 পাছত সেই মহিলাৰ ঔৰসত যি প্ৰথম সন্তান জন্ম হ’ব, তেওঁ সেই মৃত ভাইৰ নাম ৰক্ষা কৰা হ’ব আৰু সেই মৃত ভাইৰ নাম ইস্ৰায়েলৰ মাজৰ পৰা লুপ্ত হৈ নাযাব। 7 কিন্তু সেই পুৰুষে যদি নিজ ভায়েক বা ককায়েকৰ তিৰোতাক গ্ৰহণ কৰিব নোখোজে, তেন্তে তাৰ ককায়েক বা ভায়েকৰ সেই তিৰোতাই নগৰৰ দুৱাৰ মুখলৈ বৃদ্ধ লোক সকলৰ ওচৰলৈ গৈ ক’ব, “মোৰ দেওৰ বা বৰজনাই ইস্ৰায়েলৰ মাজত নিজ ককায়েক বা ভায়েকৰ নাম ৰাখিবলৈ অসন্মত হৈছে; মোৰ প্রতি মোৰ দেওৰ বা বৰজনাই কৰিব লগীয়া কর্তব্য পালন কৰিবলৈ ইচ্ছুক নহয়,” 8 তেতিয়া সেই নগৰৰ বৃদ্ধ লোক সকলে সেই পুৰুষক মাতি আনি বুজাব; ইয়াৰ পাছতো যদি তেওঁ দৃঢ়তাৰে কয় যে, “তাইক লবলৈ মোৰ ইচ্ছা নাই,” 9 তেতিয়া তেওঁৰ ককায়েক বা ভায়েকৰ ভাৰ্য্যাই বৃদ্ধ লোক সকলৰ সাক্ষাতে দেওৰেক বা বৰজনাৰ গুৰিলৈ গৈ তেওঁৰ ভৰিৰ পৰা জোতা খুলি ল’ব আৰু তেওঁৰ মুখত থু পেলাই ক’ব, “নিজ ককাই বা ভাইৰ বংশ যি জনে ৰক্ষা কৰিবলৈ নিবিচাৰে, তেওঁৰ প্রতি এনে ব্যৱহাৰকে কৰা হব।” 10 ইস্ৰায়েলৰ মাজত সেই লোকৰ বংশ ‘জোতা-খোলা পুৰুষৰ বংশ’ বুলি প্ৰখ্যাত হ’ব।

11 দুজন লোকৰ মাজত কাজিয়া কৰাৰ সময়ত যদি এজনৰ ভাৰ্য্যাই তেওঁৰ স্বামীক আঘাত কৰা আন জনৰ হাতৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যেৰে ওচৰলৈ আহে আৰু হাত মেলি আন লোকজনৰ গুপুত অঙ্গ ধৰে, 12 তেতিয়া তোমালোকে তাইৰ হাত কাটি পেলাবা; তাইলৈ তোমালোকে কোনো দয়া নেদেখুৱাবা।

13 তোমালোকৰ মোনাত যেন সৰু আৰু ডাঙৰ দুই ৰকমৰ দগা নাথাকে। 14 তোমালোকৰ ঘৰত সৰু আৰু ডাঙৰ দুই ধৰণৰ জোখৰ পাত্র যেন নাথাকে। 15 তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যি দেশ দিব, সেই দেশত তোমালোকৰ আয়ুস দীঘল হ’বৰ কাৰণে তোমালোকে সঠিক আৰু ন্যায় দগা, সঠিক আৰু ন্যায় জোখৰ পাত্র ৰাখিবা। 16 কাৰণ, যেয়ে এই সকলো কাৰ্য কৰে অর্থাৎ সকলো ধৰণৰ অধার্মিক কার্য কৰে, তোমালোকৰ ঈশ্বৰ যিহোৱাই তেওঁক ঘৃণা কৰে।

17 তোমালোক মিচৰ দেশৰ পৰা ওলাই আহোঁতে বাটত অমালেকীয়া সকলে তোমালোকৰ সৈতে যি কৰিছিল, তাক সোঁৱৰণ কৰা। 18 তোমালোক শ্রান্ত আৰু ক্লান্ত হৈ থকা অৱস্থাত যি দুর্বল লোক সকল পাছত গৈ আছিল, কেনেকৈ তেওঁলোকে বাটত লগ পাই আক্রমণ কৰিছিল, তাক সোঁৱৰণ কৰা। তেওঁলোকে ঈশ্বৰক ভয় কৰা নকৰিছিল। 19 এই হেতুকে, তোমালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ উত্তৰাধিকাৰ স্বৰূপে অধিকাৰ কৰিবলৈ তোমালোকক দিবলৈ গৈছে, সেই দেশত তোমালোকৰ চাৰিওফালে থকা সকলো শত্রুবোৰৰ পৰা তেওঁ যেতিয়া তোমালোকক বিশ্ৰাম দিব, তেতিয়া আকাশৰ তলৰ পৰা অমালেকীয়া সকলৰ চিন তোমালোকে একেবাৰে মছি পেলাব লাগিব। এই কথা তোমালোকে নাপাহৰিবা।

26

1 তোমালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ উত্তৰাধিকাৰ হিচাবে তোমালোকক দিব, তোমালোকে সেই দেশ অধিকাৰ কৰি যেতিয়া তাত বাস কৰিবা, 2 তেতিয়া তোমালোকৰ ঈশ্বৰ যিহোৱাই দিয়া সেই দেশৰ ভূমিত তোমালোকে যি শস্য উৎপন্ন কৰিবা, তাৰ প্ৰথম আগভাগৰ কিছু কিছু লৈ পাচিত ভৰাই ৰাখিবা। তোমালোকৰ ঈশ্বৰ যিহোৱাই নিজকে প্রকাশ কৰিবৰ কাৰণে যি ঠাই তেওঁৰ বাসস্থান হিচাবে মনোনীত কৰিব, সেই শস্য তোমালোকে সেই ঠাইলৈ লৈ যাবা।

3 তেতিয়া যি জন পুৰোহিত থাকিব তোমালোকে গৈ তেওঁক ক’ব, “যিহোৱাই আমাক যি দেশ দিম বুলি আমাৰ পূৰ্ব-পুৰুষসকলৰ আগত শপত খাইছিল, সেই দেশত মই সোমালো ইয়াক আজি তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত স্বীকাৰ কৰিছোঁ।” 4 তাতে পুৰোহিত জনে তোমালোকৰ হাতৰ পৰা পাচিটো লৈ, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ যজ্ঞবেদীৰ আগত থব।

5 তাৰ পাছত তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত ক’বা, “মোৰ পূর্বপুৰুষ এজন অৰামীয়া যাযাবৰ আছিল; তেওঁ মাত্র কেইজনমান লোকক লগত লৈ মিচৰলৈ নামি গৈছিল আৰু তাতে বাস কৰিছিল। সেই ঠাইত তেওঁ এক মহান, পৰাক্ৰমী লোক হৈছিল আৰু জনসংখ্যাত বৃদ্ধি হৈ এক জাতি হৈ উঠিল। 6 মিচৰীয়া সকলে আমাৰ লগত ভাল ব্যৱহাৰ নকৰি আমাক কষ্ট দিছিল। আমাৰ ওপৰত শ্রমৰ কঠিন বোজা দি দাসৰ কাম কৰাইছিল; 7 তেতিয়া আমি আমাৰ পূর্বপুৰুষ সকলৰ ঈশ্বৰ যিহোৱাৰ আগত কাতৰোক্তি কৰিলোঁ, তাতে যিহোৱাই আমাৰ কাতৰোক্তি শুনিলে। তেওঁ আমাৰ ক্রন্দন শুনিলে; আমাৰ কষ্ট আৰু পৰিশ্ৰম দেখিলে আৰু আমাৰ ওপৰত হোৱা উপদ্ৰৱলৈ দৃষ্টি কৰিলে। 8 যিহোৱাই এক বলৱান হাতেৰে, নিজৰ ক্ষমতা দেখুৱাই, মহা ভয়ানক কাৰ্যৰে, নানা চিন আৰু অদ্ভুত লক্ষণেৰে মিচৰৰ পৰা আমাক উলিয়াই আনিলে। 9 তেওঁ আমাক এই ঠাইলৈ আনিলে আৰু গাখীৰ মৌ বোৱা এই দেশ আমাক দিলে। 10 সেয়ে, হে যিহোৱা, এইয়া চাওঁক, আপুনি দিয়া ভূমিৰ প্রথম শস্যৰ আগভাগ আমি আপোনাৰ ওচৰলৈ আনিছোঁ।’ এই বুলি কৈ তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত তোমালোকে তোমালোকৰ পাচি থৈ তেওঁক প্রণিপাত কৰিবা। 11 তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক আৰু তোমালোকৰ পৰিয়ালক যি সকলো মঙ্গল কৰিছে, তাৰ বাবে তোমালোকৰ মাজত থকা লেবীয়া আৰু বিদেশী লোকেৰে সৈতে আনন্দ কৰিবা।

12 প্রত্যেক তৃতীয় বছৰত অর্থাৎ দশমাংশৰ বছৰত, তোমালোকৰ শস্যৰ দহ ভাগৰ এভাগ আদায় দিয়া শেষ হোৱাৰ পাছত তোমালোকে সেইবোৰ লেবীয়া, বিদেশী, পিতৃহীন আৰু বিধৱা সকলক দিবা। তাতে সেই সকলোৱে তোমালোকৰ নগৰৰ দুৱাৰৰ ভিতৰতে খোৱা-বোৱা কৰি তৃপ্ত হ’ব। 13 তাৰ পাছত তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত তোমালোকে এই কথা ক’ব, ‘আমি আপোনাৰ সকলো আজ্ঞা অনুসাৰে আমাৰ আয়ৰ পৰা পবিত্র অংশ ঘৰৰ পৰা উলিয়াই আনি লেবীয়া, বিদেশী, পিতৃহীন আৰু বিধৱা সকলক দিলোঁ; আজ্ঞা সমূহৰ এটাও আমি অমান্য কৰা নাই আৰু সেইবোৰ পাহৰা নাই। 14 মৃতলোকৰ কাৰণে শোক প্রকাশৰ কালত আমি পবিত্র অংশৰ অলপো খোৱা নাই বা অশুচি হোৱা কালত তাৰ একোকে উলিওৱা নাই বা তাৰ পৰা কোনো অংশ মৃত লোকৰ সন্মানর্থে দান কৰা নাই। আমি আমাৰ ঈশ্বৰ যিহোৱাৰ কথা শুনিলো; আপুনি আমাক দিয়া সকলো আজ্ঞাৰ দৰে আমি কাৰ্য কৰিলোঁ। 15 হে যিহোৱা, আপুনি নিজ পবিত্ৰ নিবাস স্বৰ্গৰ পৰা তললৈ দৃষ্টি কৰক আৰু আপোনাৰ প্ৰজা ইস্ৰায়েল সকলক আশীর্বাদ কৰক। আমাৰ পুৰ্ব্বপুৰুষ সকলৰ আগত আপুনি কৰা শপত অনুসাৰে যি গাখীৰ মৌ বোৱা ভুমি আমাক দিছে, সেই দেশক আশীৰ্ব্বাদ কৰক’।”

16 আজি তোমালোকৰ ঈশ্বৰ যিহোৱাই এই বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিবলৈ তোমালোকক আজ্ঞা দিছে; এই হেতুকে তোমালোকে সকলো মন আৰু সকলো প্ৰাণেৰে সেইবোৰ পালন কৰি সেই মতে কাৰ্য কৰিবা, 17 আজিয়েই তোমালোকে স্বীকাৰ কৰিছা যে, যিহোৱাই তোমালোকৰ ঈশ্বৰ আৰু তেওঁৰ পথতে তোমালোক চলিবা। তোমালোকে স্বীকাৰ কৰিছা যে, তেওঁৰ বিধিবোৰ, তেওঁৰ আজ্ঞাবোৰ আৰু তেওঁৰ শাসন-প্ৰণালীবোৰ তোমালোকে পালন কৰিবা আৰু তেওঁৰ বাক্যলৈ কাণ দিবা। 18 যিহোৱাইও আজি এই কথা স্বীকাৰ কৰিছে যে, তেওঁ যেনেকৈ প্রতিজ্ঞা কৰিছিল, সেই দৰে তোমালোক তেওঁৰ নিজস্ব অধিকাৰত থকা তেওঁৰ প্রজা হৈছা আৰু তোমালোকে তেওঁৰ সকলো আজ্ঞা পালন কৰা উচিত। 19 যিহোৱাই আজি ঘোষণা কৰিছে যে, প্রশংসা, যশস্যা আৰু সন্মানৰ ক্ষেত্রত তেওঁ সৃষ্টি কৰা সকলো জাতিবোৰৰ ওপৰত তোমালোকক স্থান দিব। তোমালোকৰ ঈশ্বৰ যিহোৱাই যি দৰে কৈছিল, সেইদৰেই তোমালোক তেওঁৰ উদ্দেশ্যে এক পবিত্ৰ জাতি হ’বা।

27

1 মোচিয়ে ইস্ৰায়েলৰ বৃদ্ধ নেতা সকলক লগত লৈ লোক সকলক এই আজ্ঞা দিলে, “যি সকলো আজ্ঞা মই আজি তোমালোকক দিছো, তাক তোমালোকে পালন কৰিবা। 2 তোমালোকে যি দিনা যৰ্দ্দন নদী পাৰ হৈ তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক দিয়া দেশলৈ যাবা, তেতিয়া কেইটামান ডাঙৰ ডাঙৰ শিল স্থাপন কৰি ল’বা আৰু চূণেৰে সেইবোৰ লিপিবা । 3 সেইবোৰৰ ওপৰত এই বিধিৰ সকলো কথা লিখিবা। তোমালোকৰ পূৰ্বপুৰুষ সকলৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ ওচৰত কৰা তেওঁৰ প্ৰতিজ্ঞাৰ দৰেই গাখীৰ আৰু মৌ বোৱা যি দেশ তোমালোকক দিব, তোমালোক তাত প্ৰৱেশ কৰাৰ পাছত, 4 অর্থাৎ, যৰ্দ্দন নদী পাৰ হৈ যোৱাৰ পাছত মই আজি তোমালোকক যি আজ্ঞা কৰিছোঁ, তোমালোকে সেই সকলো শিল এবাল পাহাৰৰ ওপৰত স্থাপন কৰি তাক চূণেৰে লিপি দিবা। 5 তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে তোমালোকে সেই ঠাইত এটা শিলৰ যজ্ঞবেদী নির্ম্মাণ কৰিবা। সেই শিলবোৰৰ ওপৰত তোমালোকে কোনো লোহাৰ সজুলি ব্যৱহাৰ নকৰিবা। 6 তোমালোকৰ ঈশ্বৰ যিহোৱাৰ এই যজ্ঞ বেদীটো তোমালোকে নকটা শিলেৰে নিৰ্ম্মাণ কৰি তাৰ ওপৰত ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিবা। 7 তোমালোকে মঙ্গলাৰ্থক বলি উৎসর্গ কৰি তাত ভোজন কৰিবা আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আনন্দ কৰিবা। 8 সেই শিলবোৰৰ ওপৰত এই নিয়মৰ সকলো কথা অতি স্পষ্টকৈ লিখিবা।”

9 পাছত মোচি আৰু লেবীয়া পুৰোহিত সকলে সকলো ইস্ৰায়েলক ক’লে, “হে ইস্ৰায়েল লোক সকল, তোমালোকে মনে মনে থাকি শুনা; আজি তোমালোক নিজ ঈশ্বৰ যিহোৱাৰ প্ৰজা হ’লা। 10 তোমালোকে সেয়ে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ বাধ্য হৈ চলিবা। আজি মই তোমালোকক আদেশ কৰা তেওঁৰ আজ্ঞা আৰু বিধিবোৰ তোমালোকে পালন কৰি চলিবা।”

11 সেইদিনা মোচিয়ে লোক সকলক এই আজ্ঞা কৰিলে, 12 “তোমালোকে যৰ্দ্দন নদী পাৰ হোৱাৰ পাছত লোক সকলক আশীৰ্ব্বাদ কৰিবলৈ চিমিয়োন, লেবী, যিহূদা, ইচাখৰ, যোচেফ, আৰু বিন্যামীন এই ফৈদৰ লোক সকল গৰিজ্জীম পৰ্ব্বতত উঠি থিয় হ’ব; 13 ৰূবেণ, গাদ, আচেৰ, জবূলূন, দান আৰু নপ্তালী, ফৈদৰ লোক সকলে শাও দিবলৈ এবাল পৰ্ব্বতত থিয় হ’ব।” 14 লেবীয়া সকলে তেতিয়া ইস্ৰায়েল সকলো লোকক বৰ মাতেৰে ক’ব:

15 ‘যি লোকে সাঁচত ঢালি নাইবা খোদাই কৰি কোনো মূর্তি নির্মাণ কৰে আৰু গুপুতে তাক স্থাপন কৰে, সেই লোক অভিশপ্ত হওঁক। এই কার্য কাৰিকৰৰ হাতৰ শিল্পকলা মাত্র। এইবোৰ মূর্তি যিহোৱাৰ ঘিণ লগীয়া।’ তেতিয়া সকলোৱে ক’ব ‘আমেন।’

16 যি কোনোৱে নিজ পিতৃ-মাতৃক অমান্য কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে কব ‘আমেন।’

17 যিকোনোৱে ওচৰ-চুবুৰীয়াৰ মাটিৰ সীমাৰ চিন লৰাব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে সেয়ে হওক বুলি ক’ব।

18 যি কোনোৱে অন্ধক ভুল পথে লৈ যায়, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’

19 যি কোনোৱে বিদেশী, পিতৃহীন আৰু বিধৱাৰ প্রতি অন্যায় বিচাৰ হ’বলৈ দিয়ে, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’

20 যি কোনোৱে বাপেকৰ ভার্যাৰে সৈতে ব্যভিচাৰ কৰে, তেওঁ বাপেকৰ অধিকাৰ লোৱাৰ কাৰণে অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’

21 যি কোনোৱে পশুৰ সৈতে পতিত হয়, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’

22 যি কোনোৱে নিজ ভনীয়েক কি বায়েকৰে সৈতে, অৰ্থাৎ নিজ বাপেক-মাকৰ জীয়েকৰ লগত শয়ন কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’

23 যি কোনোৱে শাহুৱেকেৰে সৈতে শয়ন কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’

24 যি কোনোৱে চুবুৰীয়াক গুপুতে বধ কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’

25 যি কোনোৱে নিৰ্দ্দোষীক বধ কৰিবলৈ ভেঁটি খাব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’

26 যি কোনোৱে এই নিয়মৰ কথাবোৰ পালন কৰিবলৈ অস্বীকাৰ কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’

28

1 তোমালোকে যদি তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালনত মনোযোগ দিয়ে আৰু আজি দিয়া মোৰ এই সকলো আজ্ঞা যত্নেৰে পালন কৰা, তেন্তে তোমালোকৰ ঈশ্বৰ যিহোৱাই পৃথিবীৰ আন সকলো জাতিতকৈ তোমালোকৰ স্থান উচ্চ কৰিব। 2 তোমালোকে ঈশ্বৰ যিহোৱাৰ বাক্যলৈ মনোযোগ দিলে, এই সকলো আশীৰ্ব্বাদ তোমালোকলৈ আহিব আৰু সেয়ে তোমালোকৰ লগত থাকিব। 3 তোমালোকৰ নগৰ আৰু খেতি পথাৰ আদি সকলোতে তোমালোকে আশীৰ্ব্বাদ পাবা। 4 তোমালোকৰ গৰ্ভফল, ভূমিৰ ফল আৰু পশুধনৰ গৰ্ভফল, তোমালোকৰ পশু আৰু মেৰছাগ আৰু পোৱালিবোৰৰ বৃদ্ধিত আশীৰ্ব্বাদ পাবা।

5 তোমালোকৰ শস্যৰ পাচি আৰু আটা মাৰা পাত্ৰয়ো আশীৰ্ব্বাদ পাব। 6 ভিতৰলৈ যোৱা আৰু বাহিৰলৈ অহা সময়ত তোমালোকে আশীৰ্ব্বাদ পাবা।

7 যিহোৱাই তোমালোকৰ বিৰুদ্ধে উঠা শত্ৰুবোৰক তোমালোকৰ আগত ঘটুৱাব; সিহঁতে এক বাটদি তোমালোকক আক্রমণ কৰিবলৈ আহি সাত বাটেদি পলাই যাব। 8 যিহোৱাই তোমালোকৰ ভঁৰালবোৰত, আৰু যি কার্যত তোমালোকক হাত দিবা, সেই সকলোৰে ওপৰত আশীৰ্ব্বাদ পৰিবলৈ আজ্ঞা দিব; আপোনালোকক যি দেশ দিব, তাত তেওঁ আপোনালোকক আশীৰ্ব্বাদ কৰিব। 9 তোমালোকে যদি তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞাবোৰ পালন কৰা আৰু তেওঁৰ পথত চলা, তেন্তে যিহোৱাই তোমালোকৰ আগত শপত কৰাৰ দৰে, তোমালোকক নিজৰ এক পবিত্ৰ প্ৰজা হিচাবে প্ৰতিষ্ঠিত কৰিব। 10 তাতে, পৃথিবীত থকা সকলো জাতিবোৰে দেখা পাব যে, যিহোৱাৰ নামেই তোমালোকৰ পৰিচয় আৰু তেওঁলোকে তোমালোকক ভয় কৰি চলিব।

11 যিহোৱাই তোমালোকক যি দেশ দিম বুলি তোমালোকৰ পূর্বপুৰুষ সকলৰ আগত শপত কৰিছিল, সেই দেশত তেওঁ তোমালোকৰ গৰ্ভফল, তোমালোকৰ পশুৰ গৰ্ভফল, আৰু ভুমিৰ ফলক প্রচুৰ সমৃদ্ধিশালী কৰিব। 12 তোমালোকৰ দেশত উচিত সময়ত বৰষুণ দিবলৈ, আৰু তোমালোকৰ হাতে কৰা সকলো কাৰ্যত আশীৰ্ব্বাদ দিবলৈ, যিহোৱাই দানৰ অৰ্থে আকাশ ভঁৰাল মুকলি কৰি দিব; তাতে তোমালোকে অনেক জাতিক ঋণ দিব পৰিবা, কিন্তু তোমালোকে নিজে ঋণ লবলগীয়া নহব। 13 যিহোৱাই তোমালোকক মূৰ কৰিব, নেগুৰ নকৰিব; তোমালোকৰ স্থান ওপৰত থাকিব, কেতিয়াও তলত নাথাকিব, যদিহে তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ যি যি আজ্ঞা মই আজি তোমালোকক দিছো, সেইবোৰ শুনি আৰু পালন কৰি সেই মতে কাৰ্য কৰা, 14 আৰু দেৱতাবোৰৰ সেৱা পূজা কৰি সেইবোৰৰ পাছত নচলি মই আজি তোমালোকক দিয়া আজ্ঞাবোৰৰ এটি বাক্যৰো সোঁ কি বাওঁফালে নুঘুৰিলে তোমালোকে সেই আশীর্বাদ পাবা।

15 কিন্তু মই আজি তোমালোকক তোমালোকৰ ঈশ্বৰ যিহোৱাৰ যি যি আজ্ঞা দিছোঁ, সেই সকলোকে পালন কৰি সেই মতে কাৰ্য কৰিবলৈ যদি তোমালোকে তেওঁৰ বাক্যলৈ কাণ নিদিয়া, তেন্তে এই সকলো শাও তোমালোকৰ ওপৰত পৰিব, আৰু তোমালোকত ফলিয়াব। 16 তোমালোকৰ নগৰ আৰু খেতি পথাৰ সকলোতে তোমালোকে শাও পাবা। 17 তোমালোকৰ শস্যৰ পাচি আৰু আটা মাৰা পাত্ৰয়ো শাও পাব। 18 তোমালোকৰ গৰ্ভফল, ভূমিৰ ফল আৰু পশুধনৰ গৰ্ভফল, আপোনালোকৰ পশু আৰু মেৰছাগ পোৱালিবোৰৰ বৃদ্ধিত শাও পাব। 19 ভিতৰলৈ যোৱা আৰু বাহিৰলৈ অহা সময়ত তোমালোকে শাও পাবা।

20 তোমালোকে মন্দ কাৰ্য কৰি যিহোৱাক ত্যাগ কৰাৰ কাৰণে তোমালোকে কৰা সকলো কার্যতে তেওঁ শাও দিব। যেতিয়ালৈকে তোমালোক ধ্বংস আৰু শীঘ্ৰে বিনষ্ট হৈ নোযোৱা, তেতিয়ালৈকে যিহোৱাই তোমালোকৰ মাজলৈ শাও, ব্যাকুলতা, আৰু ধমকি পঠাই থাকিব। 21 তোমালোকৰ অধিকাৰৰ অৰ্থে যি দেশত সোমাবলৈ গৈছে আছা, সেই দেশৰ পৰা যিহোৱাই তোমালোকক উচ্ছন্ন নকৰেমানে তোমালোকৰ মাজত মহামাৰী লাগিয়েই থাকিব।

22 সংক্রামক ৰোগ, যেনে, ক্ষয় ৰোগ, জ্বৰ, জ্বলন, খৰাং, ঘামগাঁৰ, গৰম শুকান বতাহ, আৰু ককৰ্তনীয়া এইবোৰৰ দ্বাৰাই যিহোৱাই তোমালোকক মাৰিব; তোমালোক বিনষ্ট নোহোৱালৈকে সেইবোৰে তোমালোকৰ লগ নেৰিব।

23 তোমালোকৰ মূৰৰ ওপৰত থকা আকাশখন পিতল যেন টান আৰু তলত থকা পৃথিবীখন লোহা যেন টান হ’ব। 24 যিহোৱাই তোমালোকৰ দেশত বৰষুণৰ সলনি ধুলি আৰু বালি বৰষাব; তোমালোকে বিনষ্ট নোহোৱালৈকে, সেইবোৰ আকাশৰ পৰা তোমালোকৰ ওপৰত পৰি থাকিব।

25 যিহোৱাই তোমালোকৰ শত্ৰুবোৰৰ আগত তোমালোকক ঘটুৱাব; তোমালোকে এক বাটে তেওঁলোকৰ অহিতে ওলাই যাবা, কিন্তু সাত বাটেদি তেওঁলোকৰ আগৰ পৰা পলাই আহিবা; পৃথিবীৰ সকলো ৰাজ্যৰ মাজত তোমালোক সিচঁৰতি হবা। 26 তোমালোকৰ মৃত শৱ আকাশৰ চৰাইবোৰৰ আৰু পৃথিবীৰ জীৱ-জন্তুবোৰৰ আহাৰ হ’ব; সেইবোৰক খেদাবলৈ কোনো নাথাকিব।

27 যিহোৱাই তোমালোকক মিচৰীয় বিহ ফোঁহোৰা, খহু, ফাপৰ, আৰু খজুলি এনেবোৰ সুস্থ কৰিব নোৱাৰা ৰোগেৰে আক্রান্ত কৰিব। 28 যিহোৱাই পাগলামি, অন্ধতা আৰু চিন্তাশক্তি নষ্ট কৰি তোমালোকক অধিক কষ্ট দিব। 29 অন্ধই যেনেকৈ আন্ধাৰত খপিয়াই ফুৰে, তেনেকৈ তোমালোকে দিন-দুপৰতে খপিয়াই ফুৰিবা; তোমালোকৰ কোনো কাৰ্যই সফল নহব; তোমালোকৰ ওপৰত সদায় কেৱল উপদ্ৰৱ আৰু লুটপাত হ’ব আৰু তোমালোকক ৰক্ষা কৰিবলৈ কোনো নাথাকিব।

30 তোমালোকৰ যি ছোৱালী বাগদত্তা হ’ব, কিন্তু আন পুৰুষে সাতে তাই সহবাস কৰিব; তোমালোকে ঘৰ সাজিব, কিন্তু তাত বাস কৰিবলৈ নাপাবা; আৰু দ্ৰাক্ষাবাৰী পাতিবা, কিন্তু তাৰ গুটি ভোগ কৰিবলৈ নাপাবা। 31 অন্য লোকে তোমালোকৰ গৰু তোমালোকৰ সন্মুকতে বধ কৰিব, কিন্তু তোমালোকে তাৰ মাংস খাবলৈ নাপাবা; তোমালোকৰ গাধ তোমালোকৰ পৰা বলপূর্বক ভাবে নিয়া হ’ব কিন্তু ওলোটাই দিয়া নাযাব; তোমালোকৰ মেৰছাগৰ জাক শত্ৰুবোৰক দিয়া হ’ব, কিন্তু নিস্তাৰ কৰোঁতা কোনো নাথাকিব।

32 তোমালোকৰ ল’ৰা, ছোৱালীক আন জাতিৰ লোক সকলে লৈ যাব আৰু গোটেই দিন তেওঁলোকলৈ বাট চাওঁতেই চকু বিষাব; আৰু তোমালোক ক্লান্ত হৈ পৰিব, তোমালোকক ৰক্ষা কৰোঁতা কোনো নাথাকিব।

33 তোমালোকে নজনা এটা জাতিয়ে তোমালোককৰ ভূমিৰ শস্য আৰু তোমালোকৰ পৰিশ্ৰমৰ সকলো ফল ভোগ কৰিব; তোমালোকে সদায় কেৱল উপদ্ৰৱ আৰু লাঞ্চনা ভোগ কৰিবা; 34 তেতিয়া, তোমালোকে চকুৰে যি দেখিবা, তাৰ কাৰণেই তোমালোক মানসিক বিকাৰগ্রস্ত হ’বা।

35 যিহোৱাই তোমালোকৰ আঠু, কৰঙন আৰু ভৰি তলুৱাৰ পৰা মূৰলৈকে, সুস্থ কৰিব নোৱাৰা বিহ ফোঁহোৰাৰে তোমালোকক যন্ত্ৰণা দিব।

36 যিহোৱাই তোমালোকে মনোনীত কৰা ৰজাক আৰু তোমালোকক এনে এটা জাতিৰ ওচৰলৈ যিহোৱাই লৈ যাব, যি জাতিক তোমালোকে আৰু তোমালোকৰ পূর্বপুৰুষ সকলেও নাজানে। সেই ঠাইত তোমালোকে কাঠ আৰু শিলৰ আন দেৱতাবোৰৰ মুৰ্ত্তিক সেৱাপূজা কৰিবা। 37 যিহোৱাই তোমালোকক যি সকলো জাতিৰ মাজলৈ লৈ যাব, সেই সকলৰ মাজত তোমালোক এক ত্রাস, অৱজ্ঞা আৰু বিদ্ৰূপৰ বিষয় হবা। 38 তোমালোকে খেতিলৈ অধিক বীজ লৈ যাবা, কিন্তু অলপহে গোটাবা; কিয়নো কাকতি ফৰিঙে তাক বিনষ্ট কৰিব। 39 তোমালোকে দ্ৰাক্ষাবাৰী পাতিবা আৰু তাৰ যত্নও ল’বা, কিন্তু দ্ৰাক্ষাৰস পান কৰিবলৈ বা আঙুৰ চপাবলৈ নাপাবা; কিয়নো পোকে তাক খাই পেলাব।

40 তোমালোকৰ গোটেই দেশৰ সীমাৰ ভিতৰত জিত গছ হ’ব, কিন্তু তোমালোকে তেল ঘঁহিবলৈ নাপাবা; কিয়নো তাৰ ফল সৰি যাব। 41 তোমালোকৰ ল’ৰা-ছোৱালী জন্মিব, কিন্তু তেওঁলোক তোমালোকৰ নহ’ব; কিয়নো তেওঁলোকক বন্দী কৰি নিয়া হ’ব। 42 তোমালোকৰ ভূমিৰ সকলো গছ-গছনি আৰু ফল জকে জাকে ফৰিঙে আহি ভোগ কৰিব। 43 তোমালোকৰ মাজত থকা বিদেশী লোক ক্ৰমে ক্ৰমে তোমালোকৰ ওপৰলৈ উঠি যাব, কিন্তু তোমালোক ক্ৰমে ক্ৰমে তললৈ যাবা। 44 তেওঁলোকে তোমালোকক ধাৰ দিব, কিন্তু তোমালোকে তেওঁলোকক ধাৰ দিব নোৱাৰিবা; তেওঁলোক মূৰ হ’ব আৰু আপোনালোক নেগুৰ হ’বা।

45 এই সকলো শাও তোমালোকৰ ওপৰত পৰিব। তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাই দিয়া আজ্ঞা আৰু বিধিবোৰ পালন কৰিবলৈ কাণ নিদিয়াৰ কাৰণে এই সকলো ঘটিব। তোমালোক বিনষ্ট নোহোৱা পর্যন্ত এই সকলোবোৰে তোমালোকৰ পাছ নেৰিব। 46 এই শাওবোৰ তোমালোক আৰু তোমালোকৰ বংশৰ ওপৰত চিৰকাললৈকে চিন আৰু অদ্ভুত লক্ষণ স্বৰূপে থাকিব।

47 কাৰণ, তোমালোকে যেতিয়া ঐশ্বর্য্যৰে পূর্ণ হৈ আছিলা, তেতিয়া তোমালোকে অন্তৰৰ আনন্দ আৰু উল্লাসেৰে ঈশ্বৰ যিহোৱাৰ সেৱা নকৰিলা। 48 এই কাৰণে, যি শত্ৰুবোৰক যিহোৱাই তোমালোকৰ বিৰুদ্ধে পঠাব, তোমালোকে ভোক, পিয়াহ, বস্ত্র আৰু দৰিদ্রতা এই সকলো বস্তুৰ অভাৱত সেই শত্ৰুবোৰৰ বন্দী কাম কৰিব আৰু তেওঁলোকে তোমালোকক বিনষ্ট নকৰালৈকে তোমালোকৰ ডিঙিত লোহাৰ যুৱলি দিব।

49 যিহোৱাই দূৰৈৰ পৰা, পৃথিৱীৰ শেষ সীমাৰ পৰা, এনে এক জাতিক তোমালোকৰ বিৰুদ্ধে লৈ আহিব, যাৰ ভাষা তোমালোকে বুজিব নোৱাৰিবা। ঈগল চৰাইয়ে চিকাৰ ধৰাৰ দৰে সেই জাতি ছোঁ কৰি তোমালোকৰ ওপৰলৈ নামি আহিব। 50 সিহঁত এক নিষ্ঠুৰ জাতি হ’ব। তেওঁলোকে বয়োজ্যেষ্ঠ লোকক সন্মান নকৰিব আৰু ল’ৰা-ছোৱালীবোৰক দয়া-মায়া নকৰিব। 51 তোমালোক ধ্বংস নোহোৱালৈকে তেওঁলোকে তোমালোকৰ পশুবোৰৰ পোৱালি আৰু খেতিৰ শস্য খাই পেলাব; শেষ পর্যন্ত তোমালোক বিনষ্ট নোহোৱালৈকে শস্য, নতুন দ্ৰাক্ষাৰস বা তেল, তোমালোকৰ পশুবোৰৰ বা মেৰছাগৰ জাকৰ পোৱালিকো অৱশিষ্ট নাৰাখিব। 52 তেওঁলোকে তোমালোকৰ নগৰৰ দুৱাৰবোৰ অৱৰোধ কৰি ৰাখিব, আৰু শেষত গোটেই দেশৰ যিবোৰ ওখ আৰু দৃঢ় গড়ত তোমালোকে ভাৰসা কৰিবা, সেয়ে ভাঙি পৰিব। তোমালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ তোমালোকক দিবলৈ গৈছে, সেই দেশৰ সকলো নগৰৰ দুৱাৰৰ ভিতৰত সেই জাতিয়ে তোমালোকক অৱৰোধ কৰি ৰাখিব। 53 অৱৰোধৰ কালত শত্রুবোৰে তোমালোকক এনে কষ্টৰ অৱস্থালৈ নিব যে, তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাই দিয়া নিজৰ গর্ভৰ সন্তান, নিজৰ ল’ৰা-ছোৱালীবোৰৰ মঙহ খাবা। 54 সেই অৱস্থাত তোমালোকৰ মাজৰ যি লোক কোমল স্বভাৱৰ আৰু অতি শান্ত, তেৱোঁ নিজ ভাই, নিজৰ মৰমৰ ভার্যা আৰু তেওঁৰ বাকী থকা নিজৰ ল’ৰা-ছোৱালীবোৰৰ প্রতি অতি নিষ্ঠুৰ হৈ উঠিব। 55 নিজৰ যি সন্তানৰ মাংস তেওঁ খাব, তাৰ অলপো তেওঁ তেওঁলোকক নিদিব। কাৰণ, যেতিয়া তোমালোকৰ শত্রুৱে নগৰৰ দুৱাৰবোৰৰ ভিতৰত তোমালোকক অৱৰোধ কৰি ৰাখি কষ্ট দিব, তেতিয়া সেই খিনিৰ বাহিৰে নিজৰ বাবে খাবলৈ আন একোকে নাথাকিব। 56 তোমালোকৰ মাজৰ যি মহিলা কোমল স্বভাৱৰ আৰু অতি শান্ত; আলসুৱাৰ কাৰণে মাটিত ভৰি পেলাবলৈ ইচ্ছা নকৰা, তেৱোঁ নিজৰ প্রিয় স্বামী আৰু ল’ৰা-ছোৱালীৰ প্রতি নিষ্ঠুৰ হ’ব। 57 সন্তান জন্ম দিয়াৰ পাছতে সেই নৱজাতক, এনেকি নিজৰ দুই ভৰিৰ মাজৰ পৰা ওলোৱা পাচ-শূল আৰু নিজে প্ৰসৱ কৰা নিজ সন্তান সকললৈও তেওঁ নিষ্ঠুৰ হ’ব, তোমালোকক অৱৰোধ কৰাৰ সময়ত তোমালোকৰ শত্রুসকলে যেতিয়া তোমালোকক কষ্ট দিব, তেতিয়া অভাৱত তেওঁ সেইবোৰ মনে মনে খাব।

58 ‘তোমালোকৰ ঈশ্বৰ যিহোৱা’ বুলি তেওঁৰ এই যি গৌৰৱময় আৰু ভয়ানক নামৰ সন্মান কৰিবলৈ, এই পুস্তকত যি সকলো নিয়ম লিখা আছে, সেইবোৰ যদি তোমালোকে যত্নেৰে সৈতে পালন নকৰা, 59 তেন্তে যিহোৱাই তোমালোকৰ আৰু বংশধৰৰ ওপৰত ভয়ঙ্কৰ মহামাৰী আনিব; সেইবোৰ অনেক দিনলৈকে বর্তি থকা মহা-মহামাৰী আৰু ভীষণ কষ্টদায়ক ৰোগ হ’ব। 60 মিচৰ দেশত যি সকলো ৰোগ দেখি তোমালোকে ভয় কৰিছিলা, তেওঁ সেই সকলোবোৰ তোমালোকৰ ওপৰলৈ আনিব আৰু সেইবোৰে তোমালোকক নেৰিব। 61 তাৰ বাহিৰেও, তোমালোকে বিনষ্ট নোহোৱালৈকে যিহোৱাই এনে সকলো ৰোগ আৰু মহামাৰী তোমালোকৰ ওপৰলৈ আনিব, যি এই ব্যৱস্থা-পুস্তকত লিখা হোৱা নাই। 62 আপোনালোকৰ জনসংখ্যা আকাশৰ তৰাৰ নিচিনা অসংখ্য হ’লেও, আপোনালোক ঈশ্বৰ যিহোৱাৰ প্রতি অবাধ্য হোৱাৰ কাৰণে তেতিয়া কেৱল কেইজনমানহে অৱশিষ্ট জীয়াই থাকিব।

63 তোমালোকৰ মঙ্গল ও তোমালোকক বৃদ্ধি কৰিবলৈ যেনেকৈ যিহোৱাই আনন্দ কৰিছিল, তেনেকৈ তোমালোকক বিনষ্ট কৰি নাশ কৰিবলৈ যিহোৱাই তোমালোকত আনন্দ কৰিব। যি দেশ তোমালোকে অধিকাৰ কৰিবলৈ গৈ আছা, সেই দেশৰ পৰা তোমালোকক উঘলা যাব। 64 তাৰ পাছত যিহোৱাই পৃথিবীৰ ইমুৰৰ পৰা সিমুৰলৈকে জাতিবোৰৰ মাজত তোমালোকক সিচঁৰতি কৰিব; তোমালোকে সেই ঠাইত তোমালোকৰ বা তোমালোকৰ পূর্বপুৰুষ সকলৰ নজানা কাঠৰ আৰু শিলৰ আন দেৱ-মূর্তিৰ সেৱা-পূজা কৰিবা। 65 সেই জাতিবোৰৰ মাজত তোমালোকে একো সুখ নাপাবা আৰু তোমালোকৰ ভৰি-তলুৱাই জিৰণী নাপাব; কিন্তু যিহোৱাই সেই ঠাইত তোমালোকৰ বুকু কঁপাব, চকু দুৰ্ব্বল কৰিব আৰু অন্তৰ নিৰাশাৰে ভৰাই দিব; 66 তোমালোকৰ আগত তোমালোকৰ জীৱন সন্দেহৰ সূতাত ছিগো-ছিগোহৈ ওলমি থাকিব আৰু দিনে-ৰাতিয়ে ভয় ভাৱেৰে থাকিব আৰু জীৱনৰ একো আশা নাথাকিব। 67 তোমালোকে ৰাতিপুৱা কবা, ‘ইচ, কেতিয়া সন্ধিয়া হ’ব!’ আৰু সন্ধিয়া হ’লে কবা, ‘ইচ কেতিয়া ৰাতিপুৱা হ’ব!’ কাৰণ তোমালোকৰ অন্তৰত ভয় থাকিব আৰু চকুৱে অনেক বিষয় দেখিব। 68 মিচৰৰ সম্বন্ধে মই তোমালোকক কৈছিলোঁ ‘তোমালোকে পুনৰ মিচৰৰ পথ নেদেখিবা।’ কিন্তু যিহোৱাই তোমালোকক সেই পথেদি মিচৰ দেশলৈ জাহাজেৰে পুনৰায় লৈ আনিব। সেই ঠাইত তোমালোকে নিজক দাস আৰু দাসী হিচাবে শত্ৰুবোৰৰ ওচৰত বিক্রী কৰিবলৈ বিচাৰিবা, কিন্তু কোনেও তোমালোকক নিকিনিব।

29

1 যিহোৱাই হোৰেব পাহাৰত মোচিৰ যোগেদি ইস্ৰায়েল সকলৰ কাৰণে এক নিয়ম স্থাপন কৰিছিল। সেই নিয়মৰ উপৰিও যিহোৱাই মোৱাব দেশত ইস্রায়েল সকলৰ কাৰণে আন কিছুমান নিয়ম স্থাপন কৰিবলৈ মোচিক আজ্ঞা দিছিল।

2 মোচিয়ে সকলো ইস্ৰায়েল লোকক মাতি ক’লে, “যিহোৱাই মিচৰ দেশত ফৰৌণ, তেওঁৰ সকলো কর্মচাৰীলৈ আৰু গোটেই দেশখনলৈ যি যি কৰিছিল সেই সকলো কাৰ্য তোমালোকে নিজেই দেখিছিলা; 3 তেওঁলোকলৈ হোৱা সেই মহাক্লেশ, নানা চিন আৰু আশ্চর্য কার্যবোৰ তোমালোকে নিজ চকুৰে দেখিছিলা। 4 কিন্তু তোমালোকক আজিলৈকে যিহোৱাই সেইবোৰ বুজিবলৈ মন, চাবলৈ চকু আৰু শুনিবলৈ কাণ দিয়া নাই।”

5 যিহোৱাই চল্লিশ বছৰ ধৰি তোমালোকক মৰুপ্ৰান্তত নেতৃত্ব দি চলাই আনিলে; সেই সময়ত তোমালোকৰ গাৰ কাপোৰ আৰু জোতা পুৰণি হৈ ফাটি নষ্ট হোৱা নাছিল। 6 তোমালোকৰ খাবলৈ কোনো পিঠা নাছিল; দ্রাক্ষাৰস বা আন মদিৰাৰ ৰস পান কৰা নাছিলা। কিয়নো যিহোৱাই তেনে কৰিছিল যাতে তোমালোকে বুজি পোৱা যে তেৱেঁই তোমালোকৰ ঈশ্বৰ যিহোৱা।

7 তোমালোকে এই ঠাই পোৱাৰ পাছত, হিচবোনৰ ৰজা চীহোন আৰু বাচানৰ ৰজা ওগে আমাৰে সৈতে যুদ্ধ কৰিবলৈ ওলাই আহিছিল, কিন্তু আমি তেওঁলোকক পৰাজয় কৰিলোঁ; 8 আমি তেওঁলোকৰ দেশ অধিকাৰ কৰি ৰূবেণীয়া ও গাদীয়া, আৰু মনচি গোষ্ঠীৰ আধা লোকক দিলোঁ। 9 গতিকে তোমালোকে যি কার্য কৰিব, সেই সকলোতে যেন কৃতকার্য হ’ব পাৰা, সেই বাবে আপোনালোকে এই নিয়মৰ সকলো আজ্ঞা পালন কৰি সেই মতে কার্য কৰিব।

10 তোমালোকে সকলোৱে আজি তোমালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আহি থিয় হৈছা, তোমালোকৰ প্রধান সকল, গোষ্ঠীবোৰ, পৰিচাৰক সকল আৰু কর্মচাৰীকে ধৰি গোটেই ইস্ৰায়েল সকল থিয় হৈছে। 11 তোমালোকৰ লগত সৰু সৰু ল’ৰা-ছোৱালী, ভার্যা আৰু তোমালোকৰ ছাউনিত বাস কৰা তোমালোকৰ বিদেশী খৰিকটীয়াৰ পৰা পানী তোলা জনলৈকে সকলো আছে।

12 আপোনালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ সৈতে কৰা প্রতিজ্ঞা আৰু নিয়ম স্থাপন কৰিবৰ কাৰণে আজি তোমালোক সকলো ইয়াত আছা। 13 যিহোৱাই আজি ইয়াক স্থাপন কৰিছে যাতে তোমালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ আগত কৰা শপত আৰু তোমালোকৰ ওচৰত কৰা প্রতিজ্ঞা অনুসাৰে তেওঁ তোমালোকৰ ঈশ্বৰ হ’ব পাৰে আৰু আজিয়েই তোমালোকক নিজৰ লোক কৰি ল’ব পাৰে। 14 কেৱল তোমালোকৰ সৈতে আমাৰ ঈশ্বৰ যিহোৱাই এই নিয়ম আৰু প্রতিজ্ঞা কৰা নাই। 15 আমাৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আজি এই ঠাইত আমাৰ সৈতে যিসকল থিয় হৈ আছে, কেৱল তেওঁলোক প্রতিজনৰ সৈতে তেওঁ এই নিয়ম আৰু প্রতিজ্ঞা কৰা নাই, কিন্তু আমাৰ উত্তৰ পুৰুষ যিসকলৰ আজি জন্ম হোৱা নাই তেওঁলোকৰ সৈতেও কৰিছে।

16 তোমালোকে নিজেই জানা, মিচৰ দেশত আমি কেনেদৰে জীৱন অতিবাহিত কৰিছিলোঁ আৰু বাটত কেনেকৈ আমি বিভিন্ন দেশৰ মাজেদি পাৰ হৈ এই ঠাই পালোহি।

17 তোমালোকে লোক সকলৰ মাজত থকা ঘিণ লগীয়া বস্তুবোৰ দেখা পাইছিলা; কাঠ আৰু শিলৰ, ৰূপ আৰু সোণৰ মূর্তিবোৰ লোক সকলৰ মাজত দেখিছিলা। 18 সেয়ে তোমালোকৰ মাজত যেন আজি এনে কোনো পুৰুষ বা মহিলা নাইবা কোনো পৰিয়াল বা গোষ্ঠী নাথাকক, যাৰ অন্তৰ আমাৰ ঈশ্বৰ যিহোৱাৰ পৰা দূৰ হৈ সেই জাতিবোৰৰ দেৱতাবোৰৰ পূজা কৰাত আগ্রহী। তেনে কোনো বিষাক্ত তিতা ফল উৎপন্ন কৰা শিপা তোমালোকৰ মাজত গঢ় লৈ নুঠক। 19 এনে ধৰণৰ ব্যক্তিয়ে এই নিয়মৰ কথাবোৰ শুনাৰ সময়ত যদি নিজকে ভাগ্যৱান বুলি ভাৱিছে আৰু নিজে মনতে কয়, ‘মই মোৰ ঠৰডিঙীয়া হৃদয়েৰে ইচ্ছা মতে চলি থাকিলেও নিৰাপদ হৈ শান্তিত থাকিম,’ তেন্তে সেই ব্যক্তিয়ে কেৱল নিজৰেই নহয়, কিন্তু তোমালোকে সকলোৰে ওপৰত সর্বনাশ মাতি আনিব; যিহোৱাই দুষ্ট শুকান অৱস্থাৰ লগতে ভাল ভিজা অৱস্থাকো নষ্ট কৰিব। 20 যিহোৱাই তেওঁক কেতিয়াও ক্ষমা কৰিবলৈ সন্মত নহ’ব, কিন্তু যিহোৱাৰ ক্ৰোধ আৰু বিদ্বেষ সেই ব্যক্তিৰ অহিতে প্রজ্বলিত হ’ব; এই পুস্তকত লিখা সকলো শাও তেওঁৰ ওপৰত পৰিব আৰু আকাশৰ তলৰ পৰা তেওঁৰ নাম যিহোৱাই লুপ্ত কৰিব। 21 যিহোৱাই ইস্ৰায়েলৰ সকলো গোষ্ঠীৰ মাজৰ পৰা বিনষ্ট কৰিবৰ কাৰণে তেওঁক পৃথক কৰিব আৰু এই ব্যৱস্থা পুস্তকত লিখা নিয়মৰ মাজেদি যি সকলো শাওৰ কথা আছে, সেই অনুসাৰে বিনষ্ট কৰিব।

22 এইদৰে এই দেশৰ ওপৰত যি সকলো বিপদ নামি আহিব আৰু যিহোৱাই যি সকলো ৰোগ দেশৰ ওপৰলৈ পঠাব, সেইবোৰ দেখি ভৱিষ্যতে তোমালোকৰ উত্তৰ পুৰুষ সকলে, সন্তান সকলে আৰু দূৰ দেশৰ পৰা অহা বিদেশী সকলে তোমালোকক সেই বিষয়ে প্রশ্ন কৰিব। 23 তেওঁলোকে দেখা পাব সমগ্র দেশ জ্বলন্ত গন্ধক আৰু লোণেৰে পুৰি গৈছে; দেশত একোকে সিঁচিব নোৱাৰিব আৰু কোনো ফল উৎপন্ন নহ’ব; এনেকি ঘাঁহ-বন, শাক-পাচলিও গজি নুঠিব। এই দেশৰ অৱস্থা চদোম, ঘমোৰা, অদ্মা, আৰু চবোয়ীম নগৰৰ দৰে হ’ব, যি নগৰবোৰক যিহোৱাই খং আৰু ক্রোধত ক্রোধাম্বিত হৈ ধ্বংস কৰি দিছিল। 24 তাকে দেখি আন জাতিবোৰে ক’ব এনেকি, আটাই জাতিয়ে সুধিব, ‘যিহোৱাই কিয় এই দেশৰ এনে দশা কৰিলে? এই মহা ক্ৰোধ জ্বলি উঠাৰ কাৰণ কি?’

25 তেতিয়া লোক সকলে ক’ব, ‘কাৰণ এই জাতিয়ে তেওঁলোকৰ পূর্বপুৰুষ সকলৰ ঈশ্বৰ যিহোৱাৰ নিয়ম ত্যাগ কৰিলে, যি নিয়ম তেওঁলোকক মিচৰ দেশৰ পৰা উলিয়াই অনাৰ পাছত যিহোৱাই তেওঁলোকৰ বাবে স্থাপন কৰিছিল। 26 তেওঁলোকে ঈশ্বৰ যিহোৱাক এৰি যি দেৱ-দেবীক তেওঁলোকে নাজানে, সেই আন দেৱতাবোৰৰ আগত প্রণিপাত কৰি সেইবোৰৰ সেৱা পূজা কৰিলে, যিবোৰক পূজা কৰাৰ আজ্ঞা যিহোৱাই দিয়া নাছিল।

27 এই হেতুকে, যিহোৱাৰ খং এই দেশৰ ওপৰত প্রজ্ৱলিত হৈ উঠিছে আৰু তেওঁ এই পুস্তকত লিখা সকলো শাও এই দেশৰ ওপৰত ঢালি দিছে। 28 অত্যন্ত খং, ভয়ঙ্কৰ ক্রোধ আৰু মহা কোপত যিহোৱাই তেওঁলোকক দেশৰ পৰা উঘালি আনি আন দেশত পেলাই দিলে আৰু সেই ঠাইতে আজি তেওঁলোক আছে।’

29 কিছু গোপন বিষয় আছে, যি আমাৰ ঈশ্বৰ যিহোৱাৰ অধিকাৰত আছে; কিন্তু যি প্রকাশিত হৈছে, সেই সকলোৱেই চিৰকালৰ কাৰণে আমাৰ আৰু আমাৰ সন্তান সকলৰ কাৰণে থাকিব যাতে এই নিয়মৰ সকলো আজ্ঞা আমি পালন কৰি চলিব পাৰোঁ।

30

1 মই তোমালোকৰ আগত আশীৰ্ব্বাদ আৰু শাওৰ বিষয়ে যি যি কথা কলোঁ, সেইবোৰ তোমালোকৰ ওপৰলৈ আহিব। তাৰ পাছত তোমালোকৰ ঈশ্বৰ যিহোৱাই যি সকলো জাতিবোৰৰ মাজত তোমালোকক উলিয়াই পঠিয়াব, সেই জাতিবোৰৰ মাজত থাকোতে এইবোৰ কথা তোমালোকে সোঁৱৰণ কৰিব। 2 সেই সময়ত তোমালোক আৰু তোমালোকৰ সন্তান সকলে যদি সকলো মনেৰে আৰু সকলো প্ৰাণেৰে নিজ ঈশ্বৰ যিহোৱালৈ ঘূৰি আহে আৰু আজি মই তোমালোকক যিসকলো আজ্ঞা দিছো সেই সকলো পালন কৰা, 3 তেন্তে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ বন্দী-অৱস্থা সলনি কৰিব, আৰু তোমালোকক কৃপা কৰিব আৰু যি জাতিবোৰৰ মাজত তেওঁ তোমালোকক সিচঁৰতি কৰিব, সেইসকল জাতিৰ মাজৰ পৰা পুনৰায় তোমালোকক আনি গোটাব।

4 এনেকি দেশান্তৰিত হোৱা তোমালোকৰ কোনো আকাশৰ তলত দূৰৈৰ শেষ সীমাতো যদি থাকে, তোমালোকৰ ঈশ্বৰ যিহোৱাই তাৰ পৰাও তোমালোকক গোটাই আনিব; তাৰ পৰাও তেওঁ তোমালোকক লৈ আনিব। 5 তোমালোকৰ পূর্বপুৰুষ সকলৰ দেশলৈকে তেওঁ তোমালোকক ঘূৰাই আনিব আৰু তোমালোকে তাক পুনৰ অধিকাৰ কৰিবা। তেওঁ তোমালোকৰ মঙ্গল কৰিব আৰু পূর্বপুৰুষ সকলতকৈও তোমালোকৰ জনসংখ্যা বৃদ্ধি কৰিব।

6 তোমালোকে যাতে তোমালোকৰ সকলো মন ও সকলো প্ৰাণেৰে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰি জীয়াই থাকে, সেইবাবেই তেওঁ তোমালোকৰ আৰু তোমালোকৰ বংশধৰ সকলৰ হৃদয়ৰ চুন্নত কৰিব। 7 যি সকলে তোমালোকক ঘৃণা আৰু তাড়না কৰিব, এই সকলো শাও যিহোৱাই তোমালোকৰ সেই শত্রুবোৰৰ ওপৰত আনিব 8 তেতিয়া তোমালোকে পুনৰ উলটি আহি যিহোৱাৰ বাধ্য হৈ চলিব আৰু তেওঁৰ যি সকলো আজ্ঞা আজি মই তোমালোকক দিছো, সেইবোৰ পালন কৰিবা।

9 তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ হাতে কৰা সকলো কার্যতে প্রচুৰ আশীর্বাদ কৰিব। তোমালোকৰ গর্ভফল, পশুধনৰ গর্ভফল আৰু ভূমিৰ শস্য বৃদ্ধি কৰি তোমালোকক ঐশ্বর্যশালী কৰিব। কিয়নো তোমালোকৰ পূর্ব পুৰুষ সকলক লৈ যিহোৱাই যি আনন্দ কৰিছিল, তোমালোকৰ ঐশ্বর্যৰ বাবে তেওঁ পুনৰ তোমালোকক লৈ আনন্দ কৰিব। 10 অৱশ্যে তেওঁ এইদৰে কৰিব, যদিহে তোমালোকক ঈশ্বৰ যিহোৱাৰ আজ্ঞা আৰু নিয়মবোৰ পালন কৰা; সকলো মন আৰু সকলো প্রাণেৰে সৈতে তোমালোকৰ ঈশ্বৰ যিহোৱালৈ ঘূৰা।

11 মই আজি যি আজ্ঞা দিছোঁ, তাক পালন কৰাটো তোমালোকৰ কাৰণে কঠিন নহয় বা সাধ্যৰ বাহিৰতো নহয়। 12 এই আজ্ঞা স্বর্গতো ৰখা হোৱা নাই যে, তোমালোকে কবা, “কোনে স্বর্গলৈ গৈ আমাৰ কাৰণে তাক আনি শুনাব যাতে আমি তাক পালন কৰিব পাৰোঁ?” 13 এই আজ্ঞা সমুদ্রৰ সিপাৰেও নাই যে তোমালোকে ক’বা, “কোনে সমুদ্র পাৰ হৈ আমাৰ কাৰণে তাক আনি শুনাব যাতে আমি তাক পালন কৰিব পাৰোঁ?” 14 কিন্তু বাক্য তোমালোকৰ নিচেই ওচৰতে আছে; তোমালোকৰ মুখত আৰু হৃদয়তে আছে যাতে তোমালোকে তাক পালন কৰিব পাৰা।

15 শুনা, মই আজি তোমালোকৰ আগত জীৱন আৰু মৃত্যু, মঙ্গল আৰু অমঙ্গল ৰাখিছোঁ। 16 আজি তোমালোকৰ ওচৰত মোৰ আজ্ঞা এই যে, তোমালোকে ঈশ্বৰ যিহোৱাক প্ৰেম কৰিবা, তেওঁৰ পথত চলিবা, আৰু তেওঁৰ আজ্ঞা, বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিবা। তেনে কৰিলে তোমালোকে জীয়াই থাকিবা আৰু সংখ্যাত বৃদ্ধি পাবা; যি দেশ তোমালোকে অধিকাৰ কৰিবলৈ গৈ আছা, সেই দেশত তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক আশীৰ্ব্বাদ কৰিব।

17 কিন্তু যদি তোমালোকৰ অন্তৰ প্রভুৰ পৰা আঁতৰি যায় আৰু তোমালোক তেওঁৰ অবাধ্য হোৱা; যদি তোমালোকে আন দেৱ-দেৱীৰ প্রতি আকৰ্ষিত হৈ সেইবোৰৰ আগত প্ৰণিপাত কৰি সেৱা পূজা কৰা, 18 তেন্তে আজি মই তোমালোকক জনাইছোঁ যে, তোমালোক নিশ্চয়ে ধ্বংস হৈ যাবা। যৰ্দ্দন নদী পাৰ হৈ যি দেশ তোমালোকে আধিপত্যৰ অৰ্থে গৈ আছা, সেই দেশত তোমালোক দীৰ্ঘজীৱি নহ’বা।

19 মই তোমালোকৰ বিৰুদ্ধে আকাশ-মণ্ডল আৰু পৃথিবীক সাক্ষী কৰি কৈছোঁ যে, আজি মই তোমালোকৰ সন্মুখত জীৱন আৰু মৃত্যু, আশীৰ্ব্বাদ আৰু শাও ৰাখিছোঁ; সেয়ে, তোমালোক আৰু তোমালোকৰ ভাবীবংশ যেন জীয়াই থাকিব পাৰে তোমালোকে জীৱনক মনোনীত কৰা। 20 তোমালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰা, তেওঁৰ বাক্যলৈ কাণ দিয়া আৰু তেওঁতেই আসক্ত হৈ থাকা। কাৰণ প্রভুৱেই তোমালোকৰ জীৱন আৰু তেঁৱেই তোমালোকক দীর্ঘজীৱি কৰিব। তোমালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক, আৰু যাকোবক যি দেশ দিম বুলি তেওঁলোকৰ আগত যিহোৱাই প্রতিজ্ঞা কৰিছিল, সেই দেশত বাস কৰিবৰ অৰ্থে তোমালোকে জীৱনক মনোনীত কৰা।

31

1 পাছত মোচিয়ে ইস্ৰায়েল লোক সকলক এইবোৰ কথা ক’লে, 2 “মোৰ বয়স এতিয়া এশ বিশ বছৰ হ’ল; মই চলা-ফুৰা কৰিব নোৱাৰা হৈছোঁ; যিহোৱাই মোক কৈছে, ‘তুমি এই যৰ্দ্দন নদী পাৰ হৈ নাযাবা।’’ 3 তোমালোকৰ ঈশ্বৰ যিহোৱা নিজেই আপোনালোকৰ আগে আগে পাৰ হৈ যাব; তেৱেঁই তোমালোকৰ সন্মুখৰ পৰা এই সকলো জাতিবোৰক বিনষ্ট কৰিব আৰু তোমালোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিবা। যিহোৱাৰ আজ্ঞা অনুসাৰে যিহোচূৱাই নদী পাৰ হৈ তোমালোকৰ আগেয়ে পাৰ হৈ যাব। 4 ইমোৰীয়া সকলৰ ৰজা চীহোন আৰু ওগ এই দুজনক আৰু তেওঁলোকৰ দেশক যিহোৱাই যেনেকৈ বিনষ্ট কৰিছিল, তেনেকৈয়ে তেওঁ এই সকলো জাতিকে বিনষ্ট কৰিব। 5 যুদ্ধ ক্ষেত্রত যিহোৱাই তেওঁলোকক তোমালোকৰ হাতত শোধাই দিব আৰু মই তোমালোকক দিয়া সকলো আজ্ঞা অনুসাৰে তোমালোকে তেওঁলোকৰ প্রতি ব্যৱহাৰ কৰিবা। 6 তোমালোক শক্তিশালী হোৱা আৰু অতিশয় সাহিয়াল হোৱা; তেওঁলোকক দেখি ভয় নকৰিবা বা কঁপিও নুঠিবা; কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱা নিজেই তোমালোকৰ লগত যাওঁতা; তেওঁ তোমালোকক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব।

7 তাৰ পাছত মোচিয়ে যিহোচূৱাক মাতিলে আৰু সকলো ইস্ৰায়েল লোকৰ সন্মুখত তেওঁক ক’লে, “তুমি বলৱান আৰু সাহিয়াল হোৱা; কিয়নো তুমিয়েই এই লোক সকলৰ লগত সেই দেশলৈ যাব লাগিব, যি দেশ দিবলৈ যিহোৱাই তেওঁলোকৰ পূর্ব পুৰুষ সকলৰ আগত প্রতিজ্ঞা কৰিছিল; সেই দেশত এই লোক সকলৰে সৈতে তুমিহে সোমাবা আৰু এওঁলোকক তুমিহে সেই দেশত অধিকাৰ কৰাবা। 8 যিহোৱা নিজেই তোমাৰ আগে আগে যাব আৰু তোমাৰ সঙ্গে সঙ্গে থাকিব; তেওঁ তোমাক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব; তুমি ভয় নকৰিবা আৰু নিৰুৎসাহ নহ’বা।”

9 মোচিয়ে এই ব্যৱস্থা লিখি যিহোৱাৰ নিয়ম চন্দুক কঢ়িয়াই নিয়া লেবী গোষ্ঠীৰ পুৰোহিত সকলক আৰু ইস্ৰায়েলৰ পৰিচাৰক সকলৰ হাতত দিলে। 10 মোচিয়ে তেওঁলোকক এই আজ্ঞা দিলে, “প্রত্যেক সপ্তম বছৰৰ অন্তত, ধাৰ ক্ষমাৰ বছৰত অর্থাৎ যেতিয়া পঁজা-পৰ্ব্বৰ সময় আহিব, 11 যি সময়ত ইস্ৰায়েল সকলো লোক তোমালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত উপস্থিত হ’বৰ কাৰণে তেওঁৰ মনোনীত ঠাইলৈ আহিব, তেতিয়া আপোনালোকে এই ব্যৱস্থা অৱশ্যেই লোক সকলৰ আগত তেওঁলোকে শুনাকৈ পাঠ কৰিব। 12 তোমালোকে পুৰুষ, মহিলা, ল’ৰা-ছোৱালীকে আদি কৰি নগৰৰ দুৱাৰৰ ভিতৰত আপোনালোকৰ মাজত বাস কৰা বিদেশী লোক সকলোকে একগোট কৰিব। তেওঁলোকেও এই ব্যৱস্থা শুনি শিকিব পাৰিব আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাক সন্মান কৰিব। তেওঁলোকে এই ব্যৱস্থাৰ সকলো বাক্য পালন কৰিব। 13 তেওঁলোকৰ সন্তান সকলে যদি এইবোৰ কথা নজনাকৈ থাকে, তেন্তে তেওঁলোকেও শুনিব আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাক সন্মান কৰিবলৈ শিকিব; যি দেশ অধিকাৰ কৰিবলৈ তোমালোকে যৰ্দ্দন নদী পাৰ হৈ যাবা, সেই দেশত যিমান দিনলৈকে তোমালোক জীয়াই থাকিবা, সিমান দিনলৈকে তেওঁলোকে তোমালোকৰ ঈশ্বৰ যিহোৱাক সন্মান কৰিবলৈ তোমালোকে এইদৰে কৰিবা।”
ইস্রায়েলক নেতৃত্ব দিবলৈ যিহোচূৱাক নিযুক্ত কৰা

14 পাছত যিহোৱাই মোচিক ক’লে, “এতিয়া তোমাৰ মৃত্যুৰ সময় ওচৰ চাপি আহিছে; যিহোচূৱাক মাতি আনি তুমি সাক্ষাৎ তম্বুত উপস্থিত হোৱা। সেই ঠাইতে মই যিহোচূৱাক তেওঁৰ কার্যৰ আজ্ঞা দিম।” সেয়ে মোচি আৰু যিহোচূৱা গৈ সাক্ষাৎ কৰা তম্বুত উপস্থিত হ’ল। 15 তেতিয়া যিহোৱাই মেঘ স্তম্ভৰ মাজত সেই তম্বুত দেখা দিলে; সেই মেঘ স্তম্ভ তম্বুৰ দুৱাৰৰ ওপৰত ৰৈ আছিল।

16 যিহোৱাই মোচিক ক’লে, “শুনা, তুমি তোমাৰ ওপৰ-পিতৃ সকলৰ লগত নিদ্রিত হ’বা; এই লোক সকলে উঠি যি দেশত সোমাবলৈ গৈ আছে, তেওঁলোক সেই ঠাইৰ লোকৰ মাজত থাকিব; তেওঁলোকে সেই দেশৰ আন দেৱতাবোৰৰ পাছত চলি ব্যভিচাৰৰ দৰে কার্য কৰিব আৰু মোক ত্যাগ কৰিব; মই তেওঁলোকৰ সৈতে কৰা মোৰ নিয়মটিও তেওঁলোকে ভাঙিব।

17 যিদিনা তেওঁলোকে এইদৰে কৰিব, সেইদিনা তেওঁলোকৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হ’ব আৰু ময়ো তেওঁলোকক ত্যাগ কৰিম। মই তেওঁলোকৰ পৰা মোৰ মুখ ঢাকিম আৰু তেওঁলোক ধ্বংস হৈ যাব। তেওঁলোকলৈ অনেক দুখ-কষ্ট আৰু আপদ ঘটিব; সেইদিনা তেওঁলোকে ক’ব যে, “আমাৰ ঈশ্বৰ আমাৰ মাজত নথকাৰ কাৰণেই আমাৰ ওপৰত এই সকলো আপদ নে? 18 তেওঁলোকে দেৱতাবোৰলৈ ঘুৰি যি সকলো কুকৰ্ম কৰিব, সেই বাবে মই অৱশ্যেই সেইদিনা মোৰ মুখ ঢাকিম। 19 তোমালোকে এতিয়া তোমালোকৰ বাবে এই গীত লিখি ৰাখা। এই গীত ইস্ৰায়েলৰ লোক সকলক শিকাবা আৰু তেওঁলোকক মুখস্থ কৰিবলৈ দিবা। তাতে এই গীত ইস্ৰায়েলৰ লোকৰ অহিতে মোৰ সাক্ষী হৈ থাকিব। 20 কিয়নো, যি দেশ দিম বুলি মই তেওঁলোকৰ পূর্বপুৰুষ সকলৰ আগত প্রতিজ্ঞা কৰিছিলোঁ, সেই গাখীৰ আৰু মধু বোৱা দেশলৈ যেতিয়া মই তেওঁলোকক লৈ যাম আৰু যেতিয়া তেওঁলোকে তৃপ্তিৰে ভোজন কৰি হৃষ্ট পুষ্ট হ’ব, তেতিয়া তেওঁলোকে মোক তুচ্ছ কৰিব আৰু মোৰ নিয়মটি অগ্রাহ্য কৰি আন দেৱতাবোৰলৈ উলটি সেইবোৰৰ সেৱা পূজা কৰিব।

21 তাৰ ফলত তেওঁলোকলৈ বহুত দুখ-কষ্ট আৰু বিপদ- আপদ ঘটিব; তেতিয়া এই গীতেই সাক্ষী স্বৰূপে তেওঁলোকৰ আগত সাক্ষ্য দিব; কাৰণ তেওঁলোকৰ বংশধৰ সকলে মুখস্থ কৰা এই গীত নাপাহৰিব। কিয়নো, যি দেশ দিম বুলি মই প্রতিজ্ঞা কৰিছিলোঁ, তেওঁলোকক সেই দেশলৈ নিয়াৰ আগেয়েই তেওঁলোকে কৰা মনৰ পৰিকল্পনা মই জানো।” 22 সেয়ে মোচিয়ে সেইদিনাই এই গীত ইস্ৰায়েলৰ লোক সকলক শিকালে।

23 তাৰ পাছত যিহোৱাই নুনৰ পুত্ৰ যিহোচূৱাক আজ্ঞা দি ক’লে, “তুমি বলৱান হোৱা, আৰু অতি সাহিয়াল হোৱা; কিয়নো, মই ইস্ৰায়েলৰ সন্তান সকলক যি দেশ দিম বুলি প্রতিজ্ঞা কৰিছিলোঁ, সেই দেশলৈ তুমিহে তেওঁলোকক লৈ যাবা আৰু মই তোমাৰ সঙ্গী হম।”

24 মোচিয়ে সম্পূৰ্ণকৈ এই নিয়মৰ সকলো কথা এখন পুস্তকত লিখিলে। 25 তাৰ পাছত যিহোৱাৰ নিয়ম-চন্দুক বৈ নিওঁতা লেবীয়া সকলক তেওঁ এই আজ্ঞা দিলে, 26 “এই ব্যৱস্থা পুস্তকখন লৈ তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুকৰ কাষত ৰাখা; সেই ঠাইতে এইখন ইস্রায়েল সকলৰ বিৰুদ্ধে সাক্ষী হৈ থাকিব। 27 কিয়নো তোমালোক যে বিদ্রোহী আৰু ঠৰ-ডিঙীয়া তাক মই জানো; মই তোমালোকৰ মাজত আজি জীয়াই থাকোঁতেও যেতিয়া তোমালোকে যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিছা, তেন্তে মোৰ মৃত্যুৰ পাছত যে ইয়াতকৈ আৰু কিমান অধিককৈ কৰিবা! 28 তোমালোকৰ নিজৰ নিজৰ গোষ্ঠীৰ সকলো পৰিচাৰক আৰু বিষয়া সকল মোৰ সন্মুখত একগোট হওঁক যাতে মই তেওঁলোকক এই সকলোবোৰ কথা শুনাব পাৰোঁ; আকাশ আৰু পৃথিবীক তেওঁলোকৰ বিৰুদ্ধে সাক্ষী কৰি ৰাখিব পাৰোঁ। 29 কিয়নো মই জানো যে, মোৰ মৃত্যুৰ পাছত তোমালোকে একেবাৰে ভ্ৰষ্ট হৈ যাবা আৰু যি পথত চলিবলৈ মই আপোনালোকক আজ্ঞা দিছো, সেই পথৰ পৰা তোমালোক আতৰি যাবা; ভৱিষ্যত কালত তোমালোকলৈ বিপদ নামি আহিব; কাৰণ যিহোৱাৰ দৃষ্টিত যি বেয়া তোমালোকে তাকে কৰিবা আৰু তোমালোকে নিজ হাতেৰে কৰা কার্যৰ দ্বাৰাই যিহোৱাক ক্রোধিত কৰি তুলিবা।”

30 তাৰ পাছত মোচিয়ে ইস্ৰায়েলৰ গোটেই সমাজক এই গীতৰ কথাবোৰ শেষলৈকে গাই শুনালে।

32
1 হে আকাশ-মণ্ডল, মোৰ কথালৈ কাণ পাতা;
হে পৃথিৱী, মোৰ মুখৰ কথা শুনা।
2 মোৰ উপদেশ বৰষুণৰ দৰে টোপা-টোপে পৰক,
মোৰ কথা নিয়ৰৰ দৰে নামি আহক;
সেয়ে কোমল তৃণৰ ওপৰত লাহে লাহে পৰা বৰষুণৰ নিচিনা,
গছ-গছনিৰ ওপৰত জাক জাক বৰষুণৰ নিচিনাকৈ পৰক।
3 কিয়নো মই যিহোৱাৰ নাম ঘোষণা কৰিম;
তোমালোকে আমাৰ যিহোৱাৰ মহিমা প্রশংসা কৰা,
4 তেওঁ আশ্রয় শিলা, তেওঁৰ কার্য নিখুঁত,
তেওঁৰ সকলো পথ ন্যায়,
তেওঁ বিশ্বস্ত ঈশ্বৰ, তেওঁ কোনো অন্যায় নকৰে;
তেওঁ ন্যায়বান আৰু সৎ।
5 তেওঁৰ লোকে তেওঁৰ বিৰুদ্ধে অশিষ্টাচৰণ ব্যৱহাৰ কৰিছে;
তেওঁলোকৰ পাপৰ কাৰণে
তেওঁলোক তেওঁৰ সন্তান নহয়,
তেওঁলোক এক বিপথগামী আৰু কুটিল বংশ।
6 হে অবুজ, বুদ্ধিহীন জাতি,
এই ৰূপেই তোমালোকে যিহোৱাৰ প্ৰতিৰোধ কৰানে?
তেওঁ জানো তোমালোকৰ পিতৃ আৰু স্রজনকর্তা নহয়?
তেৱেঁই তোমালোকক স্ৰজন কৰি জাতিৰূপে স্থাপন কৰিলে।
7 সেই পুৰণি দিনবোৰৰ কথা সোঁৱৰা,
অনেক পুৰুষৰ আগৰ বর্ষবোৰৰ বিষয়ে ভাৱা,
সেই সকলো দিনৰ কথা তোমালোকৰ পিতৃক সোধা, তেওঁলোকে তোমালোকক জনাব;
বৃদ্ধ সকলক সোধা, তেওঁলোকে তোমালোকক ক’ব।
8 সৰ্ব্বোপৰি ঈশ্বৰে যেতিয়া জাতিবোৰক নিজৰ আধিপত্য ভাগ কৰি দিলে,
মনুষ্যক বিভিন্ন জাতিত ভাগ কৰিলে,
তেতিয়া ইস্ৰায়েল জাতিৰ লোক সংখ্যা অনুসাৰে
তেওঁ জাতিবোৰৰ সীমা স্থিৰ কৰিলে।
9 কিয়নো যিহোৱাৰ অংশই
হৈছে তেওঁৰ লোক সকল,
যাকোবৰ বংশই হ’ল তেওঁৰ অধিকাৰৰ অংশ।
10 তেওঁ তেওঁক এক মৰুভূমিত পালে,
আর্তনাদ ভৰা জয়াল মৰুভুমিত পালে।
তেওঁ তেওঁক আৱৰি ৰাখিলে, যতন কৰিলে,
তেওঁ নিজৰ চকুৰ মণিৰ দৰেই তেওঁক পহৰা দি ৰাখিলে,
11 যেনেকৈ ঈগল চৰায়ে নিজৰ বাঁহক পহৰা দিয়ে;
যেনেকৈ পোৱালীয়ে উৰিবলৈ ঈগলে সঘনে বাঁহ লৰাই দিয়ে
আৰু তাৰ ওপৰত উৰি ফুৰে,
যেনেকৈ সিহঁতক ওপৰলৈ তুলি নিবলৈ
নিজৰ ডেউকা মেলি দিয়ে,
আৰু নিজৰ ডেউকাৰ ওপৰত সিহঁতক বৈ নিয়ে,
12 তেনেকৈ যিহোৱাই অকলেই যাকোবক চলাই লৈ ফুৰিলে;
তেওঁৰ লগত আন কোনো বিদেশী দেৱতা নাছিল।
13 পৃথিবীৰ পার্বত্য ঠাইৰ ওপৰত তেওঁ যাকোবক ৰাখিলে,
খেতিত উৎপন্ন হোৱা শস্য খাবলৈ দিলে;
শিলনিৰ পৰা মধু আৰু শিলাময় পাহাৰৰ পৰা তেল দি পৰিপুষ্ট কৰিলে।
14 গৰু গাখীৰৰ পৰা উৎপন্ন হোৱা মাখন আৰু মেৰছাগ পালৰ পৰা গাখীৰ দিলে।
চর্বিযুক্ত মেৰছাগ পোৱালিৰ আৰু
বাচান দেশীয় মতা মেৰ, মতা ছাগলী আৰু
উত্তম ঘেঁহু ধানৰ আটা তেওঁক দিলে;
হে ইস্রায়েল, তোমালোকে আঙুৰৰ পৰা তৈয়াৰী বুৰবুৰণি উঠা উত্তম দ্ৰাক্ষাৰস পান কৰিলা।
15 যাকোবে হৃষ্ট-পুষ্ট হৈ খালে;
কিন্তু যিচুৰূণৰ 1 চর্বি বাঢ়িল আৰু লাথ মাৰিলে;
হে যিচুৰূণ, তুমি মেদযুক্ত, স্থূলকায় আৰু মসৃণ হ’লা;
তাৰ পাছত তেওঁ নিজৰ সৃষ্টিকৰ্ত্তা ঈশ্বৰক ত্যাগ কৰিলে, আৰু
নিজৰ পৰিত্ৰাণৰ শিলাক অগ্রাহ্য কৰিলে।
16 তেওঁলোকে অন্য দেৱতালৈ কৰা সেৱা-পূজাই যিহোৱাক ঈর্ষান্বিত কৰিলে;
ঘিণ লগীয়া বিষয়বোৰে তেওঁক ক্রুদ্ধ কৰিলে।
17 ভূতবোৰৰ উদ্দেশ্যে তেওঁলোকে বলি উৎসর্গ কৰিলে, ঈশ্বৰলৈ নহয়;
যি দেৱতাবোৰক তেওঁলোকে কেতিয়াও নাজানিছিল,
সেই নতুন দেৱতাবোৰ সম্প্রতি আহি পৰিল,
যি দেৱতাবোৰক তোমালোকৰ পূর্বপুৰুষ সকলেও ভয় নকৰিছিল,
18 যি ঈশ্বৰে তোমালোকক জন্ম দি তোমালোকৰ পিতৃ হ’ল, তোমালোকে সেই শিলাক অগ্রাহ্য কৰিলা,
তোমালোকৰ জন্মদাতা ঈশ্বৰক তোমালোকে পাহৰিলা;
19 যিহোৱাই এই সকলো দেখি ঈর্ষান্বিত হ’ল; তেওঁ নিজৰ পুত্র-কন্যাক অগ্রাহ্য কৰিলে।
20 তেওঁ ক’লে, “মই তেওঁলোকৰ পৰা মোৰ মুখ লুকুৱাম। তেওঁলোকৰ শেষ দশা কি হ’ব, মই তাক চাম;
কিয়নো তেওঁলোক একেবাৰে বিপথে চলা বংশ, অবিশ্বাসী সন্তান।
21 যি ঈশ্বৰ নহয়, তাৰ সেৱা-পূজাৰ দ্বাৰাই তেওঁলোকে মোক ঈর্ষান্বিত কৰিলে,
তেওঁলোকৰ অসাৰ মূর্তিবোৰৰ দ্বাৰাই মোৰ ক্রোধ জন্মালে;
এই হেতুকে মই তেওঁলোকক এক জাতি নোহোৱা লোক সকলৰ দ্বাৰা ঈর্ষা জন্মাম;
এক নির্বোধ জাতিৰ দ্বাৰাই মই তেওঁলোকক কুপিত কৰিম।
22 কিয়নো মোৰ ক্ৰোধত এক অগ্নি প্ৰজ্বলিত হৈছে,
চিয়োলৰ 2 গভীৰলৈকে পুৰিছে,
ই পৃথিৱী আৰু তাৰ উৎপাদিত বস্তু গ্ৰাস কৰিছে,
পৰ্ব্বতৰ ভিত্তিমূলবোৰ জ্বলাইছে।
23 মই তেওঁলোকৰ ওপৰত দুর্যোগৰ স্তূপ গঢ়িম;
তেওঁলোকৰ অহিতে মোৰ কাঁড়বোৰ এৰিম:
24 দেহ শুকাই যোৱা দুর্ভিক্ষ,
প্রচণ্ড বিনাশকাৰী, কষ্টদায়ক মহামাৰী পঠাম।
তেওঁলোকৰ অহিতে মই মাটিত বগাই ফুৰা জীৱৰ বিষপূর্ণ হিংস্র পশুবোৰৰ দাঁত পঠাম।
25 বাটত তৰোৱালে মাৰিব,
ভিতৰ-কোঠালিত আতঙ্কত মৰিব।
যুৱক আৰু কুমাৰী সকলক,
পিয়াহ খোৱা কেঁচুৱা আৰু পকামুৰীয়া বৃদ্ধক একেভাৱে বিনষ্ট কৰিব।
26 মই ক’লো যে মই তেওঁলোকক সিচঁৰতি কৰিম,
আৰু মনুষ্যৰ মনৰ পৰা তেওঁলোকৰ স্মৃতি মচি পেলাম।
27 কিন্তু মই তেওঁলোকৰ শত্ৰুবোৰৰ ক্রোধাগ্নিলৈ ভয় কৰিলোঁ,
কিয়নো তেওঁলোকৰ শত্রু পক্ষই ভুল বুজি কব পাৰে যে, ‘আমাৰ হাতেৰেই বিজয়ী হ’লো; এই সকলো কৰাজন যিহোৱা নহয়।’
28 তেওঁলোক এক বিবেকহীন জাতি;
তেওঁলোকৰ বিচাৰ-বুদ্ধি বুলি একো নাই।
29 তেওঁলোক জ্ঞানী হোৱা হ’লে, এই কথা বুজিলেহেঁতেন;
শেষ দশা কি হ’ব তেওঁলোকে বিবেচনা কৰিলেহেঁতেন।
30 এজনে কেনেকৈ এহেজাৰজনক ছত্রভঙ্গ কৰিব পাৰে?
আৰু দুজনে দশ সহস্রজনক খেদাব পাৰে?
যদিহে তেওঁলোকৰ শিলাই তেওঁলোকক শত্রুৰ হাতত বেচি নিদিয়ে,
যদিহে যিহোৱাই তেওঁলোকক শত্রুৰ হাতত তুলি নিদিয়ে।
31 শত্রুৰ শিলা আমাৰ শিলাৰ নিচিনা নহয়;
আমাৰ শত্ৰুবোৰেও এইদৰে স্বীকাৰ কৰে।
32 সিহঁতৰ দ্ৰাক্ষালতা চদোমৰ দ্রাক্ষাকুণ্ডৰ পৰা, আৰু
ঘমোৰাৰ দ্রাক্ষাবাৰীৰ পৰা অহা;
সিহঁতৰ আঙুৰবোৰ বিহযুক্ত আঙুৰ; সিহঁতৰ থোকবোৰ তিতা;
33 সিহঁতৰ দ্ৰাক্ষাৰস সাপৰ বিষ,
ফেঁটি সাপৰ ভয়ানক বিষ
34 এই কথা মই জানো সাঁচি ৰখা নাই?
মোৰ ভঁড়ালত জানো মোহৰ মাৰি থোৱা নাই?
35 সিহঁতৰ ভৰি পিছল খোৱা সময়ত
প্ৰতিকাৰ সধা আৰু প্ৰতিফল দিয়া মোৰহে কাৰ্য;
কিয়নো সিহঁতৰ ক্লেশৰ কাল ওচৰ চাপিছে, আৰু
সিহঁতলৈ ঘটিব লগীয়া সৰ্বনাশ শীঘ্ৰে ঘটিব।
36 যিহোৱাই যেতিয়া দেখিব যে,
তেওঁৰ লোক সকলৰ শক্তি নোহোৱা হৈছে, বন্দী কি স্বাধীন কাৰো শক্তি নোহোৱা হৈছে,
তেতিয়া অৱশ্যেই যিহোৱাই তেওঁৰ লোক সকলৰ পক্ষ লব,
তেওঁৰ দাসবোৰক কৃপা কৰিব।
37 তেওঁ তেতিয়া ক’ব,
“তেওঁলোকৰ দেৱতাবোৰ ক’ত আছে?
ক’ত আছে তেওঁলোকৰ সেই শিল যিহত তেওঁলোকে আশ্রয় লৈছিল?
38 তেওঁলোকৰ বলিবোৰৰ মেদযুক্ত আহাৰ
কোনে ভোজন কৰিছিল,
আৰু পেয় নৈবেদ্যৰ দ্ৰাক্ষাৰস কোনে পান কৰিছিল?
এতিয়া সেইবোৰেই উঠি তোমালোকক সহায় কৰক;
সেইবোৰেই তোমালোকৰ আশ্ৰয় হওঁক!
39 এতিয়া তোমালোকে ভাবি চোৱা,
মই ময়েই, ময়েই তেওঁ;
মোৰ বাহিৰে আন কোনো দেৱতা নাই;
মইয়ে মাৰো, আৰু ময়েই জীয়াও;
মইয়ে ঘা লগাওঁ আৰু ময়েই সুস্থ কৰোঁ;
মোৰ হাতৰ পৰা উদ্ধাৰ কৰোঁতা কোনো নাই।
40 কিয়নো মই আকাশলৈ হাত দাঙি শপত খাই ক’লো,
মোৰ চিৰস্থায়ী জীৱনৰ শপত,
41 যেতিয়া মোৰ জিলিকি থকা তৰোৱালত ধাৰ দিওঁ,
ন্যায় বিচাৰ কৰিবলৈ মোৰ হাতেৰে তাক ধৰোঁ,
তেতিয়া মই মোৰ শত্ৰুবোৰৰ প্ৰতিকাৰ সাধিম, আৰু
মোক ঘিণাওঁতা সকলক প্ৰতিফল দিম।
42 হত হোৱা লোক আৰু বন্দী সকলৰ তেজেৰে সৈতে
মোৰ কাঁড়বোৰক মই তেজ পান কৰাই মতলীয়া কৰিম,
মোৰ তৰোৱালে মঙহ খাব,
দীঘল চুলি থকা শত্রুৰ মূৰৰ মঙহ খাব।
43 হে আকাশ মণ্ডল, আনন্দিত হোৱা,
হে সকলো জাতিৰ লোক সকল,
তোমালোকে যিহোৱাৰ লোক সকলৰ সৈতে প্রশংসা কৰা, তেওঁৰ আৰাধনা কৰা
কিয়নো তেওঁ নিজ সন্তানবোৰৰ ৰক্তপাতৰ প্ৰতিকাৰ সাধিব,
তেওঁৰ শত্ৰুবোৰক প্ৰতিফল দিব;
তেওঁক ঘিণাওঁতা সকলক প্রতিফল দি নিজৰ লোক সকলৰ অর্থে ভূমি শুচি কৰিব।”

44 এই দৰে মোচি আৰু নুনৰ পুত্ৰ যিহোচূৱাই গৈ এই গীতৰ সকলো কথা লোক সকলক শুনালে। 45 ইস্ৰায়েল লোক সকলৰ আগত মোচিয়ে যেতিয়া এই গীতবোৰ গাই শেষ কৰিলে, 46 তেতিয়া তেওঁ তেওঁলোকক ক’লে, “যি সকলো কথা তোমালোকৰ বিৰুদ্ধে সাক্ষ্য স্বৰূপে আজি মই তোমালোকক ক’লো, তাক তোমালোকে মনত গুঠি ৰাখা যাতে এই নিয়মৰ সকলো কথা যত্নেৰে সৈতে পালন কৰিবৰ কাৰণে তোমালোকৰ সন্তান সকলক আজ্ঞা দিব পাৰা। 47 কিয়নো তোমালোকৰ কাৰণে ই সাধাৰণ কথা নহয়; বৰঞ্চ জীৱনৰহে কথা; কাৰণ ইয়াতেই তোমালোকৰ জীৱন আছে, আৰু তোমালোকে যি দেশ অধিকাৰ কৰিবলৈ যৰ্দ্দন পাৰ হৈ যাবা, সেই দেশত ইয়াৰ দ্বাৰাই তোমালোক দীর্ঘায়ু হ’ব পাৰা।”

48 সেই দিনাখনেই যিহোৱাই মোচিক ক’লে, 49 “তুমি যিৰীহোৰ বিপৰীতে মোৱাব দেশত থকা সেই অবাৰীম পৰ্ব্বত মালাৰ নবো পাহাৰৰ ওপৰলৈ উঠি যোৱা আৰু ইস্ৰায়েল সকলক অধিকাৰৰ অৰ্থে মই যি দেশ দিবলৈ গৈ আছোঁ, সেই কনান দেশ চোৱাগৈ। 50 যেনেকৈ তোমাৰ ককায়েৰা হাৰোণৰ মৃত্যু হোৰ পাহাৰত হৈছিল আৰু তেওঁ নিজৰ পূর্ব পুৰুষ সকলৰ ওচৰলৈ গৈছিল, তেনেকৈ তোমাৰ মৃত্যু সেই পাহাৰৰ ওপৰতে হ’ব আৰু তুমিও পূর্ব পুৰুষ সকলৰ ওচৰলৈ গুচি যাবা। 51 কিয়নো ছিন মৰুভূমিত কাদেচৰ মিৰীবা পানীৰ ওচৰত ইস্ৰায়েল সন্তান সকলৰ মাজত মোৰ পবিত্রতা মানি নচলি তোমালোকে ইস্ৰায়েল সন্তান সকলৰ আগত মোৰ প্রতি অবিশ্বাসৰ কার্য কৰিছিলা। 52 তথাপিও, মই ইস্ৰায়েল সন্তান সকলক যি দেশ দিবলৈ গৈ আছোঁ, তুমি সেই দেশত নোসোমাবা, কিন্তু কেৱল দূৰৰ পৰা তাক চাবলৈ পাবা।”

1দ্বি:বিৱৰণ 33:5, 26 পদ, যিচয়া 44:2
2চিয়োল-অর্থ মৈদামৰ স্থান

33

1 তাৰ পাছত ঈশ্বৰৰ লোক মোচিয়ে তেওঁৰ মৃত্যুৰ আগেয়ে ইস্ৰায়েল সন্তান সকলক আশীৰ্ব্বাদ কৰিলে। 2 তেওঁ ক’লে,

যিহোৱা চীনয় পৰ্ব্বতৰ পৰা আহিল,
তেওঁ চেয়ীৰৰ পৰা তেওঁলোকৰ ওপৰত উদয় হ’ল;
তেওঁৰ জ্যোতি পাৰণ পৰ্ব্বতৰ পৰা জিলিকি উঠিল
তেওঁ অযুত অযুত পবিত্ৰ সকলৰ মাজৰ পৰা আহিল।
তেওঁৰ সোঁ হাতত আছিল তেওঁলোকৰ কাৰণে বিজুলীৰ চমক ভৰা ব্যৱস্থা।
3 সঁচাই তেওঁ নিজৰ
লোক সকলক প্ৰেম কৰে;
তেওঁৰ সকলো পবিত্ৰ লোক তেওঁৰ হাতত আছিল;
তেওঁলোক সকলো তেওঁৰ ভৰিত নত হ’ল;
প্ৰতিজনে তেওঁৰ বাক্য গ্ৰহণ কৰিলে।
4 মই, মোচিয়ে তোমালোকক এক ব্যৱস্থাৰ আজ্ঞা দিলোঁ,
এই ব্যৱস্থা যাকোবৰ বংশধৰ সকলৰ বাবে এক উত্তৰাধিকাৰ।
5 যেতিয়া ইস্রায়েলৰ মুখ্য লোক সকল গোট খালে, আৰু
ইস্ৰায়েলৰ সকলো ফৈদ একত্রিত হ’ল,
তেতিয়া যিহোৱাই আছিল যিচুৰূণৰ 1 ৰজা।
6 ৰূবেণ জীয়াই থাকক, নমৰক; কিন্তু তেওঁৰ গোষ্ঠীৰ লোক লেখত অলপ হওক।
7 যিহূদাক দিয়া আশীৰ্ব্বাদ এই: মোচিয়ে ক’লে,
“হে যিহোৱা, তুমি যিহূদাৰ মাত শুনা,
তেওঁৰ লোক সকলৰ মাজলৈ তেওঁক পুনৰ ঘূৰাই আনা,
তোমাৰ হাতেৰে তেওঁৰ বাবে যুদ্ধ কৰা;
তেওঁৰ শত্ৰুবোৰৰ বিৰুদ্ধে এক সহায় হোৱা।”
8 লেবীৰ বিষয়ে মোচিয়ে ক’লে,
“লেবী, তোমাৰ ভক্তৰ লগত তোমাৰ তুম্মীম আৰু উৰীম 2 আছে;
মচ্ছাত তুমি যাৰ পৰীক্ষা কৰিছিলা,
মিৰীবাৰ পানীৰ ওচৰত যাৰ সৈতে বিবাদ কৰিছিলা,
9 যিজনে নিজ পিতৃ আৰু মাতৃৰ বিষয়ে ক’লে,
‘মই তেওঁলোকক দেখা নাই।’
নিজৰ ভাই-ককাইক স্বীকাৰ নকৰিলে,
এনেকি নিজৰ সন্তানবোৰকে নিচিনিলে;
তেওঁ তোমাৰ বাক্যক পহৰা দিছে আৰু
তোমাৰ ব্যৱস্থা ৰক্ষা কৰিছে।
10 লেবী সকলে তোমাৰ আজ্ঞাবোৰ যাকোবক শিকায়,
ব্যৱস্থাবোৰ ইস্ৰায়েলক শিকায়;
তোমাৰ আগত ধূপ জ্বলায়,
যজ্ঞ-বেদিৰ ওপৰত হোমবলি উৎসৰ্গ কৰে।
11 হে যিহোৱা, তুমি তেওঁৰ তাৰ সম্পত্তিত আশীৰ্ব্বাদ কৰা,
তেওঁৰ সকলো হাতৰ কাৰ্য গ্ৰহণ কৰা;
তেওঁৰ বিৰুদ্ধে উঠা শত্রুবোৰৰ কঁকাল ভাঙি দিয়া;।
তেওঁক ঘিণাওঁতা সকলৰ কঁকাল ভাঙি দিয়া, যাতে পুনৰ উঠিব নোৱাৰে।”
12 বিন্যামীনৰ বিষয়ে মোচিয়ে ক’লে,
“যিহোৱাই যাক প্রেম কৰে,
বিন্যামীন তেওঁৰ ওচৰত নিৰ্ভয়ে থাকে;
যিহোৱাই ওৰে দিনটো তেওঁক আৱৰি ৰাখে,
আৰু তেওঁ যিহোৱাৰ দুই বাহুৰ মাজত বাস কৰে।”
13 যোচেফৰ বিষয়ে মোচিয়ে ক’লে,
“আকাশৰ উত্তম দান আৰু নিয়ৰেৰে সৈতে,
তলত ব্যাপি থকা সাগৰেৰে,
যিহোৱাই যোচেফৰ দেশক আশীৰ্ব্বাদ কৰক।
14 সূৰ্যৰ তাপৰ উৎকৃষ্ট ফলেৰে,
মাহবোৰৰ উত্তম শস্যৰে,
15 পুৰণি পৰ্ব্বতবোৰৰ অতি উত্তম সম্পদেৰে,
চিৰকালৰ পাহাৰবোৰৰ বহুমূলীয়া বস্তুৰে,
16 পৃথিবীৰ উত্তম উত্তম দ্ৰব্যৰ প্রচুৰতাৰে,
আৰু জ্বলন্ত জোপোহাৰ মাজত যি জনা আছিল, তেওঁৰ আনুগ্রহেৰে সৈতে -
যোচেফৰ মূৰত,
যিজন ভাই-ককাইসকলৰ মাজত ৰাজপুত্র আছিল,
তেওঁৰ কপালত এই সকলো আশীর্বাদ পৰক।
17 যোচেফৰ মহিমা প্ৰথমে ওপজা এটা ষাঁড়,
তেওঁৰ শিং দুটা বনৰীয়া ষাঁড়ৰ শিঙৰ দৰে;
তাৰ দ্বাৰাই তেওঁ সকলো জাতিকে বিদ্ধ কৰিব,
এনেকি পৃথিবীৰ অন্তলৈকে জাতিবোৰক ঠেলি নিব;
এই দৰেই ইফ্ৰয়িমৰ অযুত অযুত আৰু মনচিৰ হাজাৰ হাজাৰ লোক হ’ব।
18 জবূলূনৰ বিষয়ে মোচিয়ে ক’লে,
হে জবুলুন, তুমি বাহিৰলৈ যোৱা কালত আনন্দিত হোৱা,
আৰু হে ইচাখৰ, তুমি নিজ তম্বুত আনন্দ কৰা।
19 লোক সকলক তেওঁলোকে পৰ্ব্বতলৈ মাতি পঠাব;
সেই ঠাইত তেওঁলোকে যোগ্য মনোভাৱেৰে বলি উৎসৰ্গ কৰিব;
তেওঁলোকে সমুদ্ৰৰ প্রচুৰ সমৃদ্ধি আৰু বালিৰ পৰা গুপুত ধন চুহিব।”
20 গাদৰ বিষয়ে মোচিয়ে ক’লে,
“যিজনাই গাদৰ ৰাজ্যৰ সীমা বঢ়াব, সেই জনা ধন্য;
গাদে সিংহৰ দৰে বাস কৰে,
তেওঁ বাহু, এনেকি মূৰৰ তালুকো বিদাৰে।
21 তেওঁ নিজৰ কাৰণে উৎকৃষ্ট ভাগ মনোনীত কৰিলে,
কিয়নো সেই ঠাইত নেতাৰ যোগ্য লোকৰ কাৰণে ভাগ ৰাখি থোৱা আছে;
তেওঁ লোক সকলৰ মুখ্যৰ লগত আহিল।
তেওঁ যিহোৱাৰ ন্যায় কাৰ্য সিদ্ধ কৰিলে, আৰু
ইস্ৰায়েলৰ সৈতে যিহোৱাৰ নিয়ম পালন কৰিলে।
22 দানৰ বিষয়ে মোচিয়ে ক’লে,
“দান বাচানৰ পৰা জাপ মাৰি অহা যুৱা সিংহ।”
23 নপ্তালীৰ বিষয়ে মোচিয়ে কলে,
“হে নপ্তালী, তুমি যিহোৱাৰ অনুগ্ৰহেৰে তৃপ্ত, আৰু
যিহোৱাৰ আশীৰ্ব্বাদেৰে পৰিপূৰ্ণ;
পশ্চিম আৰু দক্ষিণ অঞ্চল অধিকাৰ কৰা।”
24 আচেৰৰ বিষয়ে মোচিয়ে কলে,
“আন সন্তান সকলতকৈ আচেৰে অধিক আশীৰ্ব্বাদ পাওক;
তেওঁ যেন নিজৰ ভাই-ককাইসকলৰ প্রিয় হয়,
তেওঁৰ ভৰি দুখন যেন জলফাইৰ তেলত ডুবি থাকে।
25 তোমাৰ নগৰৰ ডাংবোৰ লোহা বা পিতলৰ হ’ব;
যিমান দিন তোমাৰ আয়ুস থাকিব,
সিমান দিন তোমাৰ শক্তি থাকিব।”
26 মোচিয়ে ক’লে,
“হে যিচুৰূণ, ঈশ্বৰৰ তুল্য কোনো নাই;
তোমালোকৰ সহায়ৰ কাৰণে তেওঁ
নিজ গৌৰৱেৰে মেঘ ৰথত উঠি
আকাশ পথত অহা যোৱা কৰে।
27 যিজন অনাদি কালৰ ঈশ্বৰ
তেৱেঁই নিজৰ লোকসকলৰ আশ্রয়,
অধোদেশত তেওঁ চিৰস্থায়ী বাহুৰে ধৰি ৰাখে;
তেওঁ তোমালোকৰ সন্মুখৰ পৰা শত্ৰুবোৰক দূৰ কৰিব,
তেওঁ ক’ব, ‘এওঁলোকক ধ্বংস কৰা!’
28 ইস্ৰায়েল জাতিয়ে নিৰ্ভয়েৰে বাস কৰিব;
যাকোবৰ ভুমুক শস্য আৰু
নতুন দ্রাক্ষাৰসৰ দেশত নিৰাপদ হ’ব;
তেওঁৰ ওপৰত আকাশৰ নিয়ৰ টোপা টোপে পৰক।
29 হে ইস্ৰায়েল, তুমি ধন্য;
যিহোৱাৰ দ্বাৰাই নিস্তাৰ পোৱা জাতি যি তোমালোক,
তোমালোকৰ সদৃশ কোন আছে?
তেওঁ তোমালোকৰ সাহায্যকাৰী ঢাল,
তোমালোকৰ গৌৰৱৰ তৰোৱাল;
শত্ৰুবোৰ তোমালোকৰ ওচৰলৈ কম্পমান হৈ আহিব;
তোমালোকে ওখ ঠাইবোৰত ভৰি দিবা।”


1যিচুৰণৰ অর্থাৎ ইস্রায়েলৰ
2যাত্রা 28:30

34

1 পাছত মোচিয়ে মোৱাবৰ সমথলৰ পৰা যিৰীহোৰ বিপৰীতে থকা নবো পৰ্ব্বতলৈ পিচগাৰ চূড়ালৈ উঠি গ’ল। তাৰ পৰা যিহোৱাই তেওঁক গোটেই দেশ দেখুৱালে। তেওঁ তেওঁক গিলিয়দৰ পৰা দান পর্যন্ত গোটেই দেশ, 2 গোটেই নপ্তালী, ইফ্ৰয়িম আৰু মনচিৰ দেশ, আৰু পশ্চিম ফালে সমুদ্ৰলৈকে যিহূদাৰ সমস্ত দেশ দেখুৱালে। 3 তাৰ উপৰি তেওঁ তেওঁক নেগেভ আৰু খেজুৰৰ নগৰ যিৰীহোৰ উপত্যকাৰ সমথল ভূমি অৰ্থাৎ চোৱৰলৈকে দেখুৱালে।

4 তাৰ পাছত যিহোৱাই তেওঁক ক’লে, “এই খনেই সেই দেশ যাৰ বিষয়ে মই অব্ৰাহাম, ইচহাক আৰু যাকোবৰ ওচৰত শপত খাই কৈছিলোঁ, ‘এই দেশ মই তোমাৰ বংশক দিম।’ দেশখন নিজৰ চকুৰে চাবলৈ মই তোমাক সুযোগ দিলোঁ, কিন্তু নদী পাৰ হৈ তুমি সেই ঠাইলৈ যাব নোৱাৰিবা।”

5 সেয়ে, যিহোৱাই কোৱা বাক্য অনুসাৰে যিহোৱাৰ দাস মোচিৰ সেই মোৱাব দেশত মৃত্যু হ’ল। 6 মোৱাব দেশত বৈৎ-পিয়োৰৰ সন্মুখত যি উপত্যকা আছিল, যিহোৱাই তেওঁক সেই ঠাইত মৈদাম দিলে; কিন্তু তেওঁৰ মৈদামৰ ঠাই ক’ত আছে, আজিলৈকে কোনেও নাজানে। 7 মৃত্যুৰ সময়ত মোচিৰ বয়স আছিল এশ বিশ বছৰ; তেতিয়াও তেওঁৰ চকু দুৰ্ব্বল হোৱা নাছিল, আৰু গাৰ শক্তিও কমি যোৱা নাছিল। 8 ইস্ৰায়েলৰ সন্তান সকলে মোৱাব সমথলত ত্ৰিশ দিন পর্যন্ত মোচিৰ কাৰণে ক্ৰন্দন কৰিলে; তাৰ পাছত মোচিৰ কাৰণে তেওঁলোকৰ শোক প্রকাশৰ দিন শেষ হ’ল।

9 নুনৰ পুত্ৰ যিহোচূৱাৰ ওপৰত মোচিয়ে হাত ৰাখিছিল বাবে তেওঁ জ্ঞানদায়ক আত্মাৰে পৰিপূৰ্ণ আছিল; সেয়ে, ইস্ৰায়েলৰ সন্তান সকলে তেওঁৰ কথা অনুসাৰে চলিব ধৰিলে আৰু যিহোৱাই মোচিৰ যোগেদি যি আজ্ঞা দিছিল, সেই অনুসাৰে কাৰ্য কৰিবলৈ ধৰিলে।

10 আজি পর্যন্ত ইস্ৰায়েল সকলৰ মাজত মোচিৰ দৰে কোনো ভাববাদীৰ উত্থান হোৱা নাই, যিজনৰ লগত যিহোৱাই মুখামুখিকৈ কথা পাতিছিল। 11 যিহোৱাই মোচিক মিচৰ দেশত ফৰৌণ, তেওঁৰ সকলো দাস আৰু সমগ্র দেশৰ ওপৰত যি সকলো চিহ্ন আৰু অদ্ভুত লক্ষণ দেখুৱাবলৈ পঠাইছিল, সেই ধৰণৰ কার্য কৰা আন কোনো ভাৱবাদী নাই। 12 গোটেই ইস্ৰায়েল সকলৰ চকুৰ সন্মুখত মোচিয়ে যি মহাশক্তি দেখুৱাইছিল বা যি সকলো ভয়ঙ্কৰ কার্য কৰিছিল, সেই দৰে আন কোনো ভাৱবাদীয়ে কৰা নাই। যিহোচূৱা