Assamese: Assamese Unlocked Literal Bible Print

Updated ? hours ago # views See on WACS
পত্ৰৰোমীয়াসকলৰ প্ৰতি পত্ৰ
পত্ৰৰোমীয়াসকলৰ প্ৰতি পত্ৰ
1

1 মই পৌল, যীচু খ্ৰীষ্টৰ এজন দাস আৰু ঈশ্বৰৰ শুভবাৰ্তাৰ কাৰণে পৃথক হোৱা আমন্ত্ৰিত পাঁচনি; 2 যি শুভবাৰ্তাৰ বিষয়ে ঈশ্বৰে পূৰ্বতে তেওঁৰ ভাববাদী সকলৰ যোগেদি পবিত্ৰ বিধান-শাস্ত্ৰত প্ৰতিজ্ঞা কৰিছিল, 3 সেয়ে তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টৰ বিষয়ৰ শুভবাৰ্তা; যি জনে মানুহৰ ৰূপত দায়ুদৰ বংশত জন্মিছিল৷

4 তেওঁ মৃত লোক সকলৰ মাজৰ পৰা পুনৰুত্থিত্ব হৈ পবিত্ৰতাৰ আত্মা অনুসৰি ক্ষমতাৰে সৈতে ঈশ্বৰৰ পুত্ৰ বুলি ঘোষণা কৰা হোৱা যোগেদি যীচু খ্ৰীষ্ট আমাৰ প্ৰভু হ’ল। 5 তেওঁৰেই দ্বাৰাই আমি তেওঁৰ নামৰ কাৰণে, সকলো জাতিৰ মাজত বিশ্বাস ৰূপ আজ্ঞাধীনতাৰ অৰ্থে অনুগ্ৰহ আৰু পাঁচনি পদ পালো; 1 6 সেই জাতিবোৰৰ মাজত তোমালোকো যীচু খ্ৰীষ্টৰ আমন্ত্ৰিত 2 লোক৷

7 ৰোমত থকা ঈশ্ৱৰৰ প্ৰিয় সকলো লোক আৰু যি সকলক পবিত্ৰ লোক হবলৈ আমন্ত্ৰণ কৰা হ’ল, সেই লোকসকলৰ প্ৰতি; আমাৰ পিতৃ ঈশ্বৰৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা তোমালোক সকলোলৈ অনুগ্ৰহ আৰু শান্তি হওক।

8 প্ৰথমতে, যীচু খ্ৰীষ্টৰ যোগেদি তোমালোক সকলোৰে বিষয়ে মই ঈশ্বৰৰ ধন্যবাদ কৰিছো, কাৰণ গোটেই জগতত তোমালোকৰ বিশ্বাস প্ৰচাৰিত হ’ল৷ 9 কিয়নো ঈশ্ৱৰ মোৰ সাক্ষ্য, যি জনক মই নিজ আত্মাৰে সৈতে তেওঁৰ পুত্ৰৰ শুভবার্তাৰ সেৱা কৰো, আৰু সেই জনৰ ওচৰত মই নিৰন্তৰে তোমালোকৰ নাম উল্লেখ কৰি, 10 মোৰ প্ৰাৰ্থনাৰ কালত সদায় অনুৰোধ কৰো, আৰু শেষত মই যেন কোনো প্ৰকাৰে ঈশ্ৱৰৰ ইচ্ছাৰ দ্ৱাৰাই তোমালোকৰ তালৈ যাবলৈ সফল হওঁ৷

11 কিয়নো মই তোমালোকক চাবলৈ অতিশয় হাবিয়াহ কৰি আছো, যাতে মই তোমালোকক কোনো আত্মিক বৰৰ ভাগী কৰিব পাৰো, আৰু তাতে তোমালোকেও যেন সুস্থিৰ হৈ থাকিব পাৰা৷ 12 তোমালোকৰ আৰু মোৰ, উভয় পক্ষৰ আন্তৰিক বিশ্বাসৰ দ্বাৰাই তোমালোকৰ মাজত নিজেও আশ্বাস পাবলৈ, মই ইচ্ছা কৰিছো।

13 হে ভাইসকল, মই নিবিচাৰো যে, তোমালোকে এই কথা নজনাকৈ থাকা; মই বাৰে বাৰে তোমালোকৰ ওচৰলৈ আহিব বিচাৰিছিলো৷ যেনেকৈ মই আৰু অনা-যিহূদী লোক সকলে ফল পাইছো, তেনেকৈ তোমালোকেও যেন পোৱা; কিন্তু এতিয়ালৈকে বাধা পাই আছো৷ 14 গ্ৰীক, বিদেশী, জ্ঞানী আৰু অজ্ঞানী; এই সকলোৰে ওচৰত মই ধৰুৱা হৈ আছো৷ 15 এই হেতুকে ৰোমত থকা যি তোমালোক, তোমালোকৰ আগতো মই সাধ্য অনুসাৰে শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ ইচ্ছুক আছো।

16 কিয়নো শুভবাৰ্তাত মই লাজ নাপাও; কাৰণ প্ৰথমে যিহূদী, পাছত গ্ৰীক লোকলৈ আৰু বিশ্বাস কৰা প্ৰত্যেক জনলৈ, এয়া পৰিত্রাণৰ অৰ্থে ঈশ্বৰৰ শক্তি। 3 17 কিয়নো ইয়াত ঈশ্বৰৰ ধাৰ্মিকতা 4 বিশ্বাসৰ পৰা বিশ্বাসলৈ প্ৰকাশিত হৈ আছে; এই বিষয়ে লিখাও আছে, “ধাৰ্মিক জন বিশ্বাসৰ দ্বাৰাই জীৱ।” 5

18 যি সকলে অধাৰ্মিকতাৰ দ্বাৰাই সত্যক নিবাৰণ কৰে, ঈশ্ৱৰৰ ক্ৰোধ সেই অধর্মি আৰু ভক্তিহীন লোক সকললৈ স্বৰ্গৰ পৰা প্ৰকট হয়; 19 কাৰণ ঈশ্বৰৰ বিষয়ে যি জানিব পৰা যায়, সেয়ে প্ৰকাশিত হৈ আছে৷ কিয়নো ঈশ্বৰে সেই বিষয়ে সিহঁতক শিক্ষিত কৰিলে।

20 জগত সৃষ্টিৰ পৰাই ঈশ্বৰৰ যি অদৃশ্য, অনাদি অনন্ত পৰাক্ৰম আৰু তেওঁৰ যি সকলো ঐশ্বৰিক স্বভাৱ, সেইবোৰক এতিয়া পৰিস্কাৰকৈ দেখিছা আৰু বুজি পাইছা; গতিকে মনুহে কোনো কাৰণতে ওজৰ আপত্তি কৰিব নোৱাৰে । সেই অদৃশ্য গুণবোৰৰ বিষয়ে, জগত সৃষ্টিৰ কালৰে পৰা, তেওঁ সৃষ্টি কৰা সকলোকে বোধগম্য 6 হৈ স্পষ্টকৈ দেখা গৈছে; যাতে তেওঁৰ অনাদি অনন্ত পৰাক্ৰম আৰু ঐশ্বৰিক স্বভাৱৰ বিষয়ে তোমালোকৰ একো নজনাৰ কাৰণ নাথাকে। 21 কিয়নো ঈশ্বৰৰ বিষয়ে জানিও, তেওঁক ঈশ্বৰ বুলি তেওঁলোকে স্তুতি বা ধন্যবাদো নকৰিলে; কিন্তু নিজৰ তৰ্ক-বিতৰ্কত অজ্ঞানী হ’ল আৰু তেওঁলোকৰ অবোধ হৃদয় অন্ধকাৰময় হ’ল।

22 তেওঁলোক নিজকে জ্ঞানী দাবীদাৰ কৰি মূৰ্খ হ’ল; 23 আৰু ক্ষয়শীল মানুহ, চৰাই, চাৰিঠেঙীয়া জীৱ-জন্তু আৰু উৰগ আদিৰ আকাৰযুক্ত প্ৰতিমূৰ্তিৰে সৈতে তেওঁলোকে চিৰস্থায়ী ঈশ্বৰৰ মহিমাক সলনি কৰিলে।

24 এই কাৰণে তেওঁলোকৰ শৰীৰক অমৰ্য্যদা কৰিবলৈ, ঈশ্বৰে তেওঁলোকৰ হৃদয়ৰ অভিলাষেৰে তেওঁলোকক অশুচিতালৈ শোধাই দিলে। 7 25 তেওঁলোকে ঈশ্বৰৰ সত্যতাক মিছাৰ সৈতে সলনি কৰি সৃষ্টিকৰ্ত্তাৰ সলনি সৃষ্ট বস্তুবোৰৰ আৰাধনা আৰু সেৱা কৰিলে। সেই গৰাকী সৃষ্টিকৰ্ত্তা সদা সৰ্ব্বদায় প্ৰশংসিত হওঁক। আমেন।

26 এই কাৰণে, ঈশ্বৰে তেওঁলোকক অনাদৰযুক্ত কামাভিলাষলৈ শোধাই দিলে; কিয়নো তেওঁলোকৰ স্ত্ৰী লোকসকলে স্বাভাবিক সঙ্গ এৰি, স্বভাৱৰ বিপৰীত সঙ্গ কৰিলে; 27 সেইদৰে পুৰুষসকলেও স্বাভাবিক স্ত্ৰী সঙ্গ এৰি, পৰস্পৰে কামাবিলাষেৰে কামাতুৰ হৈ পুৰুষে সৈতে পুৰুষে লাজৰ কৰ্ম সাধন কৰি নিজকে নিজলৈ ভ্ৰান্তিৰ উচিত প্ৰতিফল আনিলে। 8

28 তেওঁলোকে যিহেতু ঈশ্ৱৰক স্বীকাৰ কৰাটো উপযুক্ত বুলি নাভাবিলে, সেই কাৰণে ঈশ্ৱৰে তেওঁলোকক লম্পট মন দি, অনু্চিত কর্মবোৰ কৰিবলৈ তেওঁলোকক এৰি দিলে৷

29 তেওঁলোক সকলোৱে অধাৰ্মিকতা, দুষ্টতা, লোভ আৰু ঈর্ষাৰে ভৰি থকা৷ তেওঁলোক নৰবধী, বিবাদ, ছল আৰু শত্ৰুতাৰে পৰিপূৰ্ণ; 30 তেওঁলোক পৰচর্চা, পৰনিন্দা কৰোঁতা, ঈশ্বৰৰ ঘৃণাৰ পাত্ৰ; হিংসুক, উদ্ধত, অহংকাৰী, কুকল্পনা জন্মোৱা, পিতৃ-মাতৃক নমনা লোক৷ 31 তেওঁলোক অজ্ঞানী, অনির্ভৰযোগ্য, স্নেহহীন আৰু নিৰ্দয় লোক৷

32 আৰু এইদৰে আচৰণ কৰা সকল যে মৃত্যুৰ যোগ্য, ঈশ্বৰৰ এই বিচাৰ জানিও, তেওঁলোকে সেইদৰে আচৰণ কৰে; কেৱল সেয়ে নহয়, কিন্তু তেনেকুৱা আচৰণ কৰা সকলক সন্মতিও দিয়ে।


1কৰি 15:10; ইফি 3:8৷
2ৰো 8:30; প্ৰ 17:14৷
3কৰি 1:18৷
4ৰো 10:3, 4; ফিলি 3:9৷
5হব 2:4; গাল 3:11; ইব্ৰী 10:38৷
6গীত 19:1-3৷
7গীত 81:12; ইফি 4:18, 19৷
8কৰি 6:9, 10; যিহূ 7 পদ৷

2

1 হে অন্যলোকৰ সোধবিচাৰ কৰা মানুহ, তোমালোকক এই কাৰণে ক্ষমা কৰা নহব যে, যি কথাত তোমালোকে অন্য লোকৰ সোধবিচাৰ কৰা, সেই কথাতে নিজকে দোষী কৰি আছা; কাৰণ অন্যলোকৰ বিচাৰ কৰা যি তোমালোক, তোমালোকে নিজেও সেই একে আচৰণকে কৰি আছা। 2 আৰু এনে আচৰণ কৰা সকলৰ বিৰুদ্ধে ঈশ্বৰৰ দণ্ডাজ্ঞা যে সত্যৰ দৰে হয়, ইয়াক আমি জানো।

3 কিন্তু বিবেচনা কৰাচোন, তোমালোক যি সকলে এনে আচৰণ কৰা অন্য লোক সকলৰ বিচাৰ কৰি আছা, তাতে নিজেও একে কৰ্ম কৰি, ঈশ্বৰৰ দণ্ডাজ্ঞাৰ পৰা সাৰিম বুলি ভাবিছা নে? 4 নে তোমালোকে তেওঁৰ স্নেহশীল অনুগ্ৰহ, ধৈৰ্য আৰু চিৰসহিষ্ণুতাৰূপ ধন হেয়জ্ঞান কৰিছা? ঈশ্বৰৰ যি অনুগ্ৰহে তোমাক মন পালটন কৰাৰ পথত লৈ যায়, সেই বিষয়ে তুমি নাজানা নে?

5 কিন্তু তোমাৰ কঠিনতা আৰু খেদহীন হৃদয়ে, ন্যায়ৱান ঈশ্বৰৰ সোধবিচাৰ প্ৰকাশ হোৱা ক্ৰোধৰ সেই দিনলৈ 1 নিজৰ বাবে ক্ৰোধ সাঁচিছা। 6 তেওঁ প্ৰতিজনক নিজ নিজ কৰ্ম অনুসাৰে প্ৰতিফল দিব; 2 7 যি সকলে সৎকৰ্মত ধৈৰ্য ধৰি মহিমা, সন্মান আৰু অক্ষয়তা বিচাৰে, তেওঁলোকক অনন্ত জীৱন দিব৷

8 কিন্তু বিৰোধী লোক সকললৈ আৰু সত্যক অমান্য কৰি অধাৰ্মিকতাক মান্য কৰা সকললৈ ক্ৰোধ আৰু কোপ হব; 9 তাতে সকলো মানুহৰ প্ৰাণৰ, প্ৰথমতে যিহূদী, পাছত গ্ৰীক লোক সকলৰো, তেনে কুকৰ্ম সাধন কৰা সকলোৰে, ক্লেশ আৰু সঙ্কট ঘটিব৷

10 কিন্তু প্ৰথমে যিহূদী, পাছত গ্ৰীক লোকলৈ সৎকৰ্ম সাধন কৰা সকলো লোকলৈ গৌৰৱ, মৰ্যদা, আৰু শান্তি হব; 11 কিয়নো ঈশ্বৰৰ সৈতে কোনো পক্ষপাত নাই৷ 12 সেয়েহে বিধান নাজানি যি সকলে পাপ কৰিলে, সেই সকলোৰে বিধান অবিহনে বিনাশ হব 3 আৰু একেদৰে যি সকলে বিধান জানিও পাপ কৰিলে, তেওঁলোকৰ বিধানৰ দ্ৱাৰাই সোধবিচাৰ হব।

13 কিয়নো ঈশ্বৰৰ আগত বিধান শুনা সকল ধার্মিক নহয়, কিন্তু বিধান পালন কৰা সকলহে ধাৰ্মিক বুলি প্ৰমাণিত হব; 14 কাৰণ যেতিয়া বিধানহীন অনা-যিহূদী লোক সকলে স্বভাৱতে বিধানৰ কৰ্ম কৰে, তেতিয়া সেই বিধান হীনসকলৰ বিধান তেওঁলোকেই হয়।

15 এনেদৰে তেওঁলোকে বিধানৰ যি প্ৰয়োজনীয় কৰ্ম নিজ নিজ হৃদয়ত লিখা থকা দেখুৱাইছে; আৰু তেওঁলোকৰ বিবেকেও সেই বিষয়ে সাক্ষ্য দি তেওঁলোকৰ মনৰ ভাবেৰে নিজকে হয়তো অভিযুক্ত বা সমর্থন কৰে, 16 আৰু যিদিনা মোৰ শুভবাৰ্তাৰ দৰে ঈশ্বৰে খ্ৰীষ্ট যীচুৰ দ্বাৰাই লোক সকলৰ গুপুত বিষয়ৰ সোধবিচাৰ কৰিব, 4 সেইদিনা এনে ঘটিব৷

17 তুমি যদি নিজকে যিহূদী বুলি কোৱা, তেনেহলে বিধানত নিৰ্ভৰ কৰা আৰু ঈশ্বৰত আনন্দেৰে গৌৰৱ কৰা, 18 আৰু বিধানৰ পৰা শিক্ষা পোৱাত, তেওঁৰ ইচ্ছাক জানা আৰু সেই বিষয়ে পৃথক হলে সেইবোৰক পৰীক্ষা কৰা; 19 নিজকে অন্ধ সকলৰ পথদৰ্শক বুলি বিশ্ৱাস কৰি আন্ধাৰত থকা সকললৈ পোহৰ হোৱা, 20 অজ্ঞানক জ্ঞান দিওঁতা, শিশু সকলৰ গুৰু আৰু বিধানত থকা সকলো জ্ঞান আৰু সত্যতাৰ বিষয়ে তুমি শিকা৷

21 তেনেহলে হে অন্য লোক সকলক শিক্ষা দিওঁতা জন, তুমি নিজকে শিক্ষা নিদিয়া নে? হে চুৰ নকৰিবলৈ ঘোষণা কৰা জন, তুমি চুৰ নকৰা নে? 22 হে ব্যভিচাৰ নকৰিবলৈ কোৱা জন, তুমি ব্যভিচাৰ নকৰা নে? হে মূৰ্তি পূজাক বিলাকক ঘিণ কৰোতা জন, মন্দিৰবোৰৰ পৰা তুমি লুট নকৰা নে?

23 হে বিধানত গৌৰৱ কৰা জন, তুমি বিধান উলঙ্ঘন কৰি ঈশ্বৰক অসন্মান নকৰা নে? 24 কিয়নো ঈশ্বৰৰ নাম তোমালোকৰ কাৰণেই অনা-যিহূদীসকলৰ মাজত নিন্দিত হৈছে, ঠিক এনেদৰে লিখাও আছে৷ 5

25 কাৰণ তুমি যদি বিধান পালন কৰা, তেনেহলে প্ৰকৃততে তোমাৰ চুন্নতৰ লাভ হয়; কিন্তু তুমি যদি বিধান-উলঙ্ঘনকাৰী হোৱা, তেনেহলে তুমি চুন্নৎ নোহোৱাৰ সমান হলা। 26 এতেকে চুন্নৎ নোহোৱা জনে যদি বিধানৰ বিধিবোৰ পালন কৰে, তেনেহলে অচুন্নৎ জনো চুন্নৎ বুলি গণিত নহব নে? 27 আৰু বিধান পালনকাৰী স্বাভাবিক অচুন্নৎ জনে, চুন্নৎ হয়ো বিধান উলঙ্ঘন কৰা যি তুমি, তোমাৰ সোধবিচাৰ শাস্ত্ৰ অনুসাৰে তেওঁ নকৰিব নে?

28 কিয়নো মাত্ৰ বাহ্যিক ভাবে যিহূদী হলেই প্ৰকৃত যিহূদী হব নোৱাৰি আৰু মাংসত কৰা যি বাহিৰৰ চুন্নৎ সেই জনো চুন্নৎ নহয়; 6 29 কিন্তু যি জন ভিতৰে যিহূদী, তেওঁহে যিহূদী হয়; আৰু আখৰেৰে নহয়, কিন্তু আত্মাৰে, হৃদয়ৰ যি চুন্নৎ, সেয়েহে চুন্নৎ; 7 তেওঁৰ প্ৰশংসা মানুহৰ পৰা নহয়, কিন্তু ঈশ্বৰৰ পৰাহে হয়।


1থি 1:6-8৷
2গীত 62:12; যিৰি 17:10; মথি 16:27; 2 কৰি 5:10; প্ৰ 22:12৷
3লূক 12:47, 48৷
4মথি 25:31; যো 5:12; পাঁ 10:42; 2 তী 4:1৷
5যিহি 36:23৷
6মথি 3:9; যো 8:39; ৰো 9:6, 7; গাল 6:15৷
7দ্ৱি বি 30:6; ফিলি 3:3; কল 2:11৷

3

1 তেনেহলে যিহূদী সকলৰ এনে কি সুবিধা আছে, যি অন্য লোকৰ নাই? চুন্নতৰেই বা মূল্য কি? 2 সকলো ফালৰ পৰা যিহূদী সকলৰ বহুতো সুবিধা আছে; তাৰ মাজৰ গুৰুত্ৱপূর্ণ বিষয়টো হ’ল, ঈশ্ৱৰে তেওঁৰ শিক্ষা প্ৰথমে যিহূদীসকলকেই দিছিল৷

3 কাৰণ কোনো কোনো যিহূদীয়ে যদি অবিশ্বাস কৰে, তেতিয়া কি হব? তেওঁলোকৰ অবিশ্বাসে ঈশ্বৰৰ বিশ্বাস যোগ্যতা বিফল কৰিব নে? 4 কোনো প্ৰকাৰে এনে নহব৷ সকলো মানুহ মিছলীয়া হলেও, ঈশ্বৰক সত্য বুলি মনা হওক; এই বিষয়ে লিখাও আছে, 1
“তুমি যেন নিজৰ কথাত ধাৰ্মিক বুলি প্ৰমাণিত হবা,
আৰু সকলো বিচাৰত জয়ী হবা।”

5 কিন্তু আমাৰ অধাৰ্মিকতাই যদি ঈশ্বৰৰ ধাৰ্মিকতা প্ৰকাশ কৰে, তেনেহলে আমি কি কম? ক্ৰোধ সফলকাৰী ঈশ্বৰ অধাৰ্মিক নে? মই সাধাৰণ মানুহৰ যুক্তিৰে কৈছো৷ 6 এনে কেতিয়াও নহওক৷ কিয়নো তেতিয়া ঈশ্বৰে কেনেকৈ জগতৰ সোধবিচাৰ কৰিব?

7 কিন্তু মোৰ মিছাৰ দ্বাৰাই যদি ঈশ্বৰৰ সত্যতা তেওঁৰ মহিমাৰ অৰ্থে উপচি পৰে, তেনেহলে আকৌ পাপী বুলি এতিয়াও মোৰ কিয় সোধবিচাৰ কৰা হয়? 8 “ভালৰ অৰ্থে কুকৰ্ম কৰোঁহক,” এই কথাষাৰ আমি কৈছো বুলি যেনেকৈ কোনো লোকে আনৰ আগত আমাৰ নিন্দা কৰি কয়, তেনেকৈ আমিও কিয় নকওঁ? এনে কথা কোৱা সকলৰ ন্যায় দণ্ডাজ্ঞাৰ যোগ্য।

9 তেনেহলে কি? আমি আনতকৈ উত্তম নে? কোনোমতে নহওঁ; কিয়নো আমি আগেয়ে দুয়ো যিহূদী আৰু গ্ৰীক সকলক এই দায় দিলো যে, তেওঁলোক সকলোৱেই পাপৰ অধীন৷ 10 এই বিষয়ে লিখাও আছে, 2
“ধাৰ্মিক কোনো নাই; এজনো নাই৷
11 বিবেচক কোনো নাই৷
ঈশ্বৰক বিচৰাও কোনো নাই৷
12 সকলো অপথে গল, একেবাৰে অকৰ্মন্য হ’ল;
সদাচৰণকাৰী কোনো নাই, এজনো নাই।
13 সিহঁতৰ ডিঙিৰ নলী মুকলি মৈদামৰ নিচিনা। 3
সিহঁতে জিভাৰে প্ৰতাৰণা কৰে৷
সিহঁতৰ ওঠৰ তলত কালসৰ্পৰ বিষ থাকে 4
14 সিহঁতৰ মুখ অভিশাপ আৰু কটুবাক্যৰে পৰিপূৰ্ণ৷ 5
15 সিহঁতৰ ভৰি ৰক্তপাত কৰিবলৈ বেগী৷ 6
16 সিহঁতৰ সকলো পথত বিনাশ আৰু দূৰ্দশা হয়৷
17 সিহঁতে শান্তিৰ পথ নাজানিলে৷
18 সিহঁতৰ চকুত ঈশ্বৰলৈ ভয় নাই৷” 7

19 আমি জানো যে বিধানে যি যি কয়, বিধানৰ অধীনত থকা লোক সকলকহে কয়, যাতে তাৰ দ্বাৰাই সকলোৰে মুখ বন্ধ হয় আৰু গোটেই জগত ঈশ্বৰৰ আগত দণ্ডনীয় হয়৷ 20 কিয়নো বিধানৰ কৰ্মৰ দ্বাৰাই কোনো মানুহ তেওঁৰ আগত ধাৰ্মিক বুলি প্ৰমাণিত নহব; 8 কাৰণ বিধানৰ দ্বাৰাই পাপৰ বিষয়ে জ্ঞান জন্মে। 9

21 কিন্তু এতিয়া, যি বিষয়ত বিধান-শাস্ত্ৰ আৰু ভাববাদী সকলে সাক্ষ্য দিলে, ঈশ্বৰে এনে বিষয়ত ধাৰ্মিকতা বিনা বিধানে প্ৰকাশিত কৰিছে; 22 ঈশ্বৰৰ সেই ধাৰ্মিকতা যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই বিশ্বাস কৰা সকলোলৈ দিয়া হয়, কিয়নো ঈশ্ৱৰত কোনো প্ৰভেদ নাই৷ 10

23 কাৰণ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হ’ল, 24 কিন্তু খ্ৰীষ্ট যীচুত যি মুক্তি, তাৰ দ্বাৰাই ঈশ্বৰৰ অনুগ্ৰহত বিনামূল্যে ধাৰ্মিক বুলি প্ৰমাণিত হ’ল। 11

25 কাৰণ ঈশ্বৰে যীচু খ্ৰীষ্টক তেওঁৰ তেজৰ দ্ৱাৰাই বিশ্বাসৰ প্ৰতিকাৰ স্ৱৰূপে, তেওঁৰ ধৈৰ্য-গুণত, পূৰ্বে কৰা নানা পাপৰ দণ্ড নিদিয়াকৈ থকাৰ কাৰণে, নিজ ধাৰ্মিকতা দেখুৱাবলৈ, তেওঁ যীচু খ্ৰীষ্টক দান কৰিলে৷ 26 তেওঁ পুত্ৰ যীচুক দান কৰি আজিও দেখুৱাই যে, তেওঁ ন্যায়ৱান৷ ঈশ্বৰে এই কাৰ্য কৰিছে যাতে, তেওঁৰ ন্যায়পৰায়ণতা থাকে আৰু যদি কোনোৱে যীচুত বিশ্বাস কৰে, তেৱোঁ যেন ধাৰ্মিক ৰূপে প্ৰমাণিত হয়৷

27 তেনেহলে আত্মগৌৰৱ কত? তাক সলনি কৰা হ’ল। কেনেকুৱা বিধানেৰে? কৰ্মবোৰৰ দ্বাৰাই নে? নহয়; বিশ্বাসৰ বিধানেৰেহে। 28 এতেকে আমি সিদ্ধান্ত কৰিছো যে, বিধানৰ কৰ্মৰ দ্বাৰা নহয়, বিশ্বাসেৰেহে মানুহ ধাৰ্মিক বুলি প্ৰমাণিত হয়। 12

29 ঈশ্বৰ অকল যিহূদী সকলৰ ঈশ্বৰ নে? তেওঁ অনা-যিহূদী সকলৰো ঈশ্ৱৰ নহয় জনো? অৱশ্যে, অনা-যিহূদীসকলৰো ঈশ্বৰ হয়৷ 30 প্ৰকৃততে ঈশ্ৱৰ যদি এজন, চুন্নৎ হোৱা সকলক বিশ্বাসৰ কাৰণে আৰু অচুন্নৎ সকলক বিশ্বাসৰ দ্বাৰাইহে ধাৰ্মিক বুলি প্ৰমাণিত কৰিব।

31 তেনেহলে আমি বিশ্বাসৰ দ্বাৰাই বিধান লুপ্ত কৰিছো নে? এনে কেতিয়াও নহয়; ইয়াৰ পৰিৱর্তে আমি বিধান স্থিৰহে কৰিছো।


1গীত 51:4৷
2গীত 14:1-3৷
3গীত 5:9৷
4গীত 140:3৷
5গীত 10:7৷
6যিচ 59:7, 8৷
7গীত 36:1৷
8গীত 143:2; গাল 2:16; 3:11; ইফি 2:8, 9; তীত 3:5৷
9ৰো 7:7৷
10ৰো 10:12; কল 3:11৷
11ইফি 2:8; তীত 3:5-7৷
12পাঁ 13:39; ৰো 8:3, 4; গাল 2:16৷

4

1 তেনেহলে শৰীৰৰ সম্বন্ধে হোৱা আমাৰ উপৰি-পুৰুষ যি অব্ৰাহাম, তেওঁৰ বিষয়ে আমি কি কম? 2 কিয়নো অব্ৰাহামে যদি কৰ্মৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হৈছিল, তেনেহলে গৌৰৱ কৰাৰ কাৰণ তেওঁৰ আছিল; কিন্তু ঈশ্বৰৰ আগত সেই গৌৰৱ কৰাৰ কোনো কাৰণ নাছিল। 3 কাৰণ শাস্ত্ৰই কি কৈছে? 1 অব্ৰাহামে ঈশ্বৰত বিশ্বাস কৰাত, সেই বিশ্বাস তেওঁলৈ ধাৰ্মিকতাৰ অৰ্থে গণিত হ’ল।

4 কৰ্মচাৰীৰ বেচ অনুগ্ৰহৰ পৰা বুলি গণিত নহয়, কিন্তু সেয়া পাবলগীয়া বুলিহে গণিত হয়। 5 কিন্তু যি জন কৰ্মচাৰী নহয়, কিন্তু অধাৰ্মিক সকলক ধাৰ্মিক বুলি গণিত কৰা জনক বিশ্বাস কৰে, তেওঁৰ সেই বিশ্বাস ধাৰ্মিকতাৰ অৰ্থে প্ৰমাণিত হয়।

6 এইদৰে দায়ুদেও কৈছিল, ‘সেই ব্যক্তি ধন্য যি ব্যক্তিৰ ধাৰ্মিকতা ঈশ্বৰে গণনা কৰে, কিন্তু তেওঁৰ কৰ্মৰ দ্বাৰা নহয়’, 7 এই বিষয়ে কোৱা আছে, 2 বোলে,
“যি সকলৰ অধৰ্ম ক্ষমা কৰা হ’ল,
আৰু যি সকলৰ পাপ ঢকা হ’ল, তেওঁলোক ধন্য;
8 যি মানুহৰ অৰ্থে প্ৰভুৱে পাপ গণনা নকৰিব, তেওঁ ধন্য।”

9 তেনেহলে সেই ধন্যবাদ কেৱল চুন্নৎ হোৱা সকললৈ নে, নে কেৱল অচুন্নৎ সকললৈ হয়? কিয়নো আমি কওঁ, “অব্ৰাহামৰ বিশ্বাস ধাৰ্মিকতাৰ অৰ্থে গণিত হ’ল;” 10 তেনেহলে কি ধৰণে গণিত হ’ল? তেওঁ চুন্নৎ হোৱা অৱস্থাত, নে চুন্নৎ নোহোৱা অৱস্থাত? চুন্নৎ হোৱা অৱস্থাত নহয়, কিন্তু চুন্নৎ নোহোৱা অৱস্থাতহে গণিত হ’ল।

11 চুন্নৎ নোহোৱা অৱস্থাত অব্ৰাহামৰ বিশ্বাসৰ দ্বাৰাই যি ধাৰ্মিকতা আছিল, তাৰ ছাব স্বৰূপে তেওঁ সেই চুন্নতৰূপ চিন পাইছিল, যাতে চুন্নৎ নোহোৱা অৱস্থাত বিশ্বাস কৰা সকলোৰে, তেওঁ পিতৃ হয় 3 আৰু ধাৰ্মিকতা যেন তেওঁলোকলৈ গণিত হয়; 12 আৰু যাতে তেওঁ কেৱল চুন্নৎ হোৱা সকলৰ পিতৃ নহয়, কিন্তু আমাৰ পিতৃ অব্ৰাহামৰ অচুন্নৎ অৱস্থাত যি বিশ্ৱাস আছিল, সেই লোকসকলেও যদি অব্ৰাহামৰ বিশ্বাসৰ পথত চলে তেনেহলে তেওঁলোকো অব্ৰাহামৰ সন্তান৷

13 কিয়নো সেই প্ৰতিজ্ঞা অব্ৰাহাম বা তেওঁৰ বংশলৈ কৰা হৈছিল যে, তেওঁ জগতৰ উত্তৰাধিকাৰী হব, সেয়ে বিধানৰ দ্বাৰাই নহয়, কিন্তু তেওঁৰ বিশ্বাসৰ ধাৰ্মিকতাৰ দ্বাৰাইহে হৈছিল৷ 14 কিয়নো বিধানৰ দ্বাৰাই ধাৰ্মিক হোৱা সকল যদি উত্তৰাধিকাৰী হয়, তেনেহলে বিশ্বাস ব্যৰ্থ হ’ল আৰু সেই প্ৰতিজ্ঞাও বিফল হ’ল; 15 কিয়নো বিধানে ক্ৰোধ সাধন কৰায়; 4 কিন্তু য’ত বিধান নাই, তাত উলঙ্ঘনো নাই।

16 এই কাৰণে বংশবোৰৰ সেই প্ৰতিজ্ঞাৰ নিশ্চিত উত্তৰাধিকাৰী হবলৈ, তেওঁলোকৰ উত্তৰাধীকাৰ বিশ্ৱাসৰ দ্ৱাৰাই অনুগ্ৰহেৰেহে হব লাগিব; আৰু কেৱল বংশবোৰৰ বিধানৰ দ্বাৰাই ধাৰ্মিক হোৱা সকলেই নহয়, কিন্তু অব্ৰাহামৰ বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক হোৱা সকলেও সেই প্ৰতিজ্ঞাৰ অন্তর্ভুক্ত হব; যি অব্ৰাহাম আমাৰ সকলোৰে পিতৃ 17 আৰু যি দৰে লিখা আছে, 5 মই তোমাক অনেক জাতিৰ আদি পিতৃ পাতিলো ৷ অব্ৰাহামে ঈশ্ৱৰত বিশ্ৱাস ৰাখি, তেওঁৰ সাক্ষাতে আছিল, কিয়নো তেওঁ বিশ্বাস কৰা ঈশ্ৱৰে মৃত লোকক জীৱন দান কৰোতা আৰু বৰ্তি নথকা বোৰক অস্থিত্বলৈ আহ্বান কৰোতা৷ 18 “আৰু তোমাৰ বংশ এইদৰে হব,” 6 এই বাক্য অনুসাৰে অনেক জাতিৰ পিতৃ হবলৈ, আশা নোহোৱাতো, তেওঁ ঈশ্ৱৰত আশা ৰাখি বিশ্বাস কৰিলে; 19 আৰু বিশ্বাসত দূৰ্বল নহৈ, নিজৰ প্ৰায় এশ বছৰ বয়সৰ শৰীৰক আৰু চাৰাৰ গর্ভক মৰাৰ নিচিনা অৱস্থাৰূপে মন কৰিছিল যদিও, 20 ঈশ্বৰৰ প্ৰতিজ্ঞাত সংশয় কৰি অবিশ্বাস কৰা নাছিল; কিন্তু ঈশ্ৱৰে যি প্ৰতিজ্ঞা কৰিছিল, সেই মহিমাময় প্ৰতিজ্ঞাৰ বাবে ঈশ্বৰক ধন্যবাদ দি, বিশ্বাসত বলৱান হ’ল।

21 ঈশ্ৱৰে তেওঁক যি প্ৰতিজ্ঞা কৰিছিল, সেই প্ৰতিজ্ঞা সম্পূর্ণভাৱে সিদ্ধ কৰিব পাৰে বুলি তেওঁ জানিছিল৷ 22 এই কাৰণে সেই বিশ্বাস তেওঁলৈ ধাৰ্মিকতাৰ অৰ্থে গণিত হ’ল।

23 তেওঁলৈ গণিত হ’ল বুলি যে, কেৱল তেওঁৰ উপকাৰৰ বিষয়ে লিখা হ’ল, এনে নহয়; 24 কিন্তু আমাৰ বাবেও লিখা হ’ল আৰু আমাৰ প্ৰভু যীচুক মৃত লোকৰ মাজৰ পৰা তোলা জনক বিশ্বাস কৰা যি আমি, আমালৈকো গণিত হব। 25 সেই যীচু আমাৰ অপৰাধৰ কাৰণে সমৰ্পিত হ’ল; 7 আৰু আমাৰ ধাৰ্মিকতাৰ অৰ্থে তেওঁক তোলা হ’ল। 8


1আ 15:5, 6; যাক 2:23৷
2গীত 32:1, 2৷
3গাল 3:7৷
4ৰো 3:20; 5:20; গাল 3:10৷
5আ 17:5৷
6আ 15:5৷
7যিচ 53:5, 6; 2 কৰি 5:21; ইব্ৰী 9:28; 1 পি 2:24৷
8পি 1:21৷

5

1 এই কাৰণে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাত, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ সৈতে আমাৰ শান্তি আছে। 2 তেওঁৰ যোগেদি আমি বিশ্বাসৰ দ্বাৰাই ভিতৰত সোমাবলৈ পাওঁ 1 , ইয়াতে আমি অনুগ্ৰহ পাই থিৰে আছো৷ ইয়াতে আমি আনন্দ কৰো, এই ভাৰসা লৈয়ে এদিন ঈশ্বৰৰ মহিমাৰ অংশীদাৰ হম।

3 অকল সেয়ে নহয়, কিন্তু আমাৰ নানা দুখ-কষ্টৰ মাজতো আমি উল্লাস কৰো৷ 2 কিয়নো আমি জানো যে, এই সকলো দুখ-কষ্টই আমাক ধৈর্যৰ পথত আগবঢ়াই লৈ যায়৷ 4 ধৈৰ্যই বক্তিত্ব গঠন কৰে আৰু ব্যক্তিত্বই আশা জন্মায় ৷ 5 সেই আশাই লাজত নেপেলায়; কিয়নো আমাক দান কৰা পবিত্ৰ আত্মাৰ যোগেদি আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰেম বাকি দিয়া হৈছে।

6 কিয়নো ইতিপূৰ্বে যেতিয়া আমি দূৰ্বল আছিলো, তেতিয়া খ্ৰীষ্টে উপযুক্ত সময়ত ঈশ্বৰক ভক্তি নকৰা সকলৰ কাৰণে আপোন প্ৰাণ দিলে। 7 সঁচাকৈয়ে ধাৰ্মিক লোকৰ কাৰণে কোনোবাই প্ৰাণ দিয়ে নে? সৎলোকৰ কাৰণে প্ৰাণ দিবলৈকো অৱশ্যে কোনো জনৰ সাহস থাকিব পাৰে।

8 কিন্তু ঈশ্বৰে আমাৰ বাবে তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে, কাৰণ ইতিপূৰ্বে যেতিয়া আমি পাপী আছিলো, তেতিয়া খ্ৰীষ্টে আমাৰ বাবে আপোন প্ৰাণ দিলে। 3 9 এতেকে এতিয়া খ্ৰীষ্টৰ তেজেৰে ধাৰ্মিক বুলি গণিত হোৱাত, কিমান অধিক গুণে আমি তেওঁৰ তেজৰ দ্বাৰাই ঈশ্বৰৰ ক্ৰোধৰ পৰা পৰিত্ৰাণ পাম। 4

10 কিয়নো যেতিয়া শত্ৰু আছিলো, তেতিয়া ঈশ্বৰৰ পুত্ৰৰ মৃত্যুৰ যোগেদি যদি আমি ঈশ্বৰে সৈতে মিল হলো, তেনেহলে সেই মিলনৰ যোগেদি আমি কিমান অধিক গুণে তেওঁৰ জীৱনৰ দ্বাৰাই পৰিত্ৰাণ পাম; 11 অকল সেয়ে নহয়, যি জনৰ যোগেদি আমি ঈশ্বৰে সৈতে এতিয়া মিল হব পাৰিলো, সেই জন প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰত আমি উল্লাসো কৰি আছো।

12 এতেকে যেনেকৈ এজন মানুহৰ যোগেদি পাপ জগতলৈ আহিল, সেইদৰে পাপৰ যোগেদি মৃত্যুও আহিল; আৰু সকলোৱে পাপ কৰাত, সেই মৃত্যু সকলো মানুহৰ মাজত বিয়পি গল৷ 13 কিয়নো বিধান দিয়ালৈকে জগতত পাপ আছিল; কিন্তু য’ত বিধান নাই, তাত পাপকো গণনা কৰা নাযায়।

14 তথাপি যি সকলে আদমৰ আজ্ঞা-লঙ্ঘনৰ দৰে পাপ কৰা নাই, আদমৰ পৰা মোচিলৈকে তেওঁলোকৰ ওপৰতো মৃত্যুৱে ৰাজত্ব কৰিছিল; সেই আদম আহিব লগীয়া জনৰ প্ৰতিৰূপ আছিল। 5

15 কিন্তু অপৰাধ যেনেকুৱা, অনুগ্ৰহৰ বৰ তেনেকুৱা নহয়৷ কিয়নো এজনৰ অপৰাধৰ বাবে যদি অনেকৰ মৃত্যু হ’ল, তেন্তে ঈশ্বৰৰ অনুগ্ৰহ আৰু এজন ব্যক্তি অৰ্থাৎ, যীচু খ্ৰীষ্টৰ জৰিয়তে অহা বৰ কিমান অধিক লেকলৈ উপচি পৰিল। 6

16 পাপ কৰা এজনৰ দ্বাৰাই যেনে হ’ল, অনুগ্ৰহৰ দান তেনে নহয়; কিয়নো এজনৰ পৰাই দণ্ডৰ ৰায় দিয়া হ’ল; কিন্তু অনেক অপৰাধৰ পাছতো ধাৰ্মিকতালৈ অনুগ্ৰহৰ বৰ দিয়া হ’ল। 17 কাৰণ এজনৰ অপৰাধত যদি, এজনৰ দ্বাৰাই মৃত্যুৱে ৰাজত্ব পালে, তেনেহলে যি সকলে অনুগ্ৰহ আৰু ধাৰ্মিকতাৰ দানত উপচি পৰে, তেওঁলোকে অধিক গুণে এজনৰ দ্বাৰাই জীৱনত ৰাজত্ব পাব, সেই জন যীচু খ্ৰীষ্ট।

18 এতেকে যেনেকৈ এটা অপৰাধৰ যোগেদি সকলো মানুহলৈ দণ্ডৰ আদেশ দিয়া হ’ল, তেনেকৈ ধাৰ্মিকতাৰ এটা কাৰ্যৰ যোগেদি সকলো মানুহৰ বাবে জীৱনৰ ধাৰ্মিকতালৈ অনুগ্ৰহৰ বৰ দিয়া হ’ল। 19 কিয়নো এজন মানুহৰ আজ্ঞা-লঙ্ঘনৰ যোগেদি যেনেকৈ অনেকক পাপী বুলি গণিত কৰা হ’ল, তেনেকৈ এজনৰ আজ্ঞা পালনৰ যোগেদি অনেকক ধাৰ্মিক কৰা হব।

20 ইয়াৰ বাহিৰেও অপৰাধ অধিক হবলৈ বিধান সোমাই আহিল; কিন্তু যি ঠাইত পাপ অধিক হ’ল, সেই ঠাইত অনুগ্ৰহ একেবাৰে উপচি পৰিল। 7 21 সেই কাৰণে যেনেকৈ মৃত্যুত পাপে ৰাজত্ব পালে, তেনেকৈ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি অনন্ত জীৱনৰ অৰ্থে অনুগ্ৰহে ধাৰ্মিকতাৰ ৰাজত্ব পায়৷


1যো 14:6; ইফি 2:18; 3:12; ইব্ৰী 10:19
2যাক 1:2, 3, 12; 1 পি 3:14
3যো 4:9, 10;
4ৰো 8:32
5কৰি 15:22, 45
6যিচ 53:11; মথি 26:28
7তীত 3:3-7

6

1 তেনেহলে আমি কি কম? অনুগ্ৰহ অধিক হবলৈ পাপ কৰি থাকিম নে? 2 এনে নহওক। পাপৰ সম্বন্ধে মৰা যি আমি, আমি তাত পুনৰ কেনেকৈ জীয়াই থাকিম? 3 নতুবা, আমি যিমান লোক খ্ৰীষ্ট যীচুৰ উদ্দেশ্যে বাপ্তাইজিত হলো, সকলোৱে যে তেওঁৰ মৃত্যুৰ উদ্দেশ্যেহে বাপ্তাইজিত হলো, ইয়াক তোমালোকে নাজানা নে কি?

4 এতেকে পিতৃৰ মহিমাৰ যোগে যেনেকৈ খ্ৰীষ্টক মৃত সকলৰ মাজৰ পৰা তোলা হ’ল, তেনেকৈ আমিও যেন নতুনতাত জীৱন-যাপন কৰো, এই কাৰণে বাপ্তিস্মৰ যোগেদি আমি তেওঁৰ সৈতে মৃত্যুৰ উদ্দেশ্যে মৈদামত থোৱা হলো। 1 5 কিয়নো তেওঁৰ মৃত্যুৰ সাদৃশ্যেৰে আমি যদি সংযুক্ত হলো, তেনেহলে উত্থানৰ সাদৃশ্যেৰেও সংযুক্ত হম৷

6 আমি যেন পুনৰ পাপৰ সেৱক নহওঁ, এই কাৰণে এই পাপময় শৰীৰ বিনষ্ট হবৰ বাবে, আমাৰ পুৰণি পুৰুষক 2 তেওঁৰ সৈতে ক্ৰুচত দিয়া হ’ল, ইয়াক আমি জানো; 7 কিয়নো যি জন মৰিল, তেওঁ পাপৰ পৰা মুক্ত হৈ ধাৰ্মিক বুলি গণিত হ’ল।

8 কিন্তু আমি যদি খ্ৰীষ্টে সৈতে মৰিলো, তেনেহলে তেওঁৰ সৈতে যে জী উঠি জীৱনৰো ভাগী হম 3 , সেই বিষয়ে আমি বিশ্বাস কৰো৷ 9 কিয়নো মৃত লোকৰ মাজৰ পৰা তোলা যি খ্ৰীষ্ট, তেওঁ পুনৰ কেতিয়াও নমৰে আৰু মৃত্যুৱে যে তেওঁৰ ওপৰত পুনৰ প্ৰভুত্ব কৰিব নোৱাৰে, ইয়াকো আমি জানো।

10 কাৰণ তেওঁ যি মৃত্যুভোগ কৰিলে, সেয়া পাপৰ উদ্দেশ্যে এবাৰেই ভোগ কৰিলে; কিন্তু তেওঁ যি জীৱন ভোগ কৰিছে, সেই জীৱন ঈশ্বৰৰ উদ্দেশ্যে ভোগ কৰিছে। 11 সেইদৰে তোমালোকেও নিজক পাপৰ উদ্দেশ্যে মৰা বুলি গণ্য কৰা, কিন্তু ঈশ্বৰৰ উদ্দেশ্যে খ্ৰীষ্ট যীচুত জীয়াই থকা বুলি গণ্য কৰা। 4

12 এতেকে তোমালোকে শৰীৰৰ অভিলাষৰ বশীভূত হবলৈ, তোমালোকৰ মৰ্ত্ত্য শৰীৰত পাপক ৰাজত্ব কৰিবলৈ নিদিবা৷ 13 নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰক অধাৰ্মিকতাৰ সঁজুলি স্বৰূপে পাপলৈ সমৰ্পণ নকৰিবা; কিন্তু নিজৰ জীৱনক ঈশ্বৰলৈ সমর্পণ কৰা। মৃত লোকৰ মাজৰ পৰা জীৱিত ৰূপে আৰু নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰ ধাৰ্মিকতাৰ সঁজুলি স্বৰূপে ঈশ্বৰলৈ সমৰ্পণ কৰা। 14 কিয়নো তোমালোকৰ ওপৰত পাপক প্ৰভুত্ব কৰিবলৈ নিদিবা 5 ; কাৰণ তোমালোক বিধানৰ অধীন নহয়, কিন্তু অনুগ্ৰহৰহে অধীন হৈ আছা।

15 তেনেহলে কি? আমি বিধানৰ অধীন নহয়, কিন্তু অনুগ্ৰহৰ অধীন হোৱাৰ কাৰণে পাপ কৰিম নে? এনে নহওক। 16 মৃত্যুৰ কাৰণে পাপ নাইবা ধাৰ্মিকতাৰ কাৰণে আজ্ঞা পালন, এই উভয়ৰ মাজত যাৰ ওচৰত তোমালোকে নিজক আজ্ঞা পালনৰ অৰ্থে দাস স্বৰূপে সমৰ্পণ কৰা, সেইটোৰ আজ্ঞা পালন কৰি যে তাৰ দাস হয়, ইয়াক তোমালোকে নাজানা নে?

17 কাৰণ আগেয়ে তোমালোক পাপৰ দাস আছিলা, কিন্তু এতিয়া যি আদৰ্শৰ শিক্ষালৈ সমৰ্পিত হলা আৰু অন্তৰেৰে সৈতে সেই বিষয় মানিবলৈ যে তোমালোক আজ্ঞাধীন হলা, তাৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ হওক। 18 তোমালোকক পাপৰ পৰা মুক্ত কৰা হ’ল, এতিয়া তোমালোক ধাৰ্মিকতাৰ দাস।

19 তোমালোকৰ মাংসৰ দূৰ্বলতাৰ কাৰণে, মই মানুহৰ দৰে কৈছো৷ কিয়নো তোমালোকে যেনেকৈ পুৰ্বতে অধৰ্মৰ কাৰণে, নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰক অশুচিতা আৰু অধৰ্মৰ অধীনত সমৰ্পণ কৰিছিলা, তেনেকৈ এতিয়া পবিত্ৰতা লাভৰ কাৰণে, নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰক দাস স্বৰূপে ধাৰ্মিকতাৰ অধীনত সমৰ্পণ কৰা। 20 কাৰণ যেতিয়া তোমালোক পাপৰ দাস আছিলা, তেতিয়া ধাৰ্মিকতাৰ সম্বন্ধে স্বাধীন আছিলা। 21 তেনেহলে যি যি বিষয়ত এতিয়া তোমালোকে লাজ পাই আছা, তেতিয়া সেইবোৰত তোমালোকৰ ফল কি আছিল? কিয়নো সেইবোৰৰ পৰিণাম আছিল মৃত্যু।

22 কিন্তু এতিয়া তোমালোক পাপৰ পৰা মুক্ত হৈ ঈশ্বৰৰ দাস হোৱাত, তোমালোকে পবিত্ৰতা লাভৰ ফল পাইছা; আৰু ইয়াৰ পৰিণাম অনন্ত জীৱন। 23 কিয়নো পাপৰ বেচ মৃত্যু 6 ; কিন্তু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ দ্বাৰাই ঈশ্বৰে দিয়া বিনামূলীয়া দান অনন্ত জীৱন।


1কল 2:12
2ইফি 4:22-24; কল 3:5-9
3যো 14:19; 2 তীম 2:11
4গালা 2:19
5গালা 5:18; 1 যো 3:8, 9
6আদি 2:17; ৰো 5:12; যাক 1:15

7

1 হে ভাইসকল, মানুহ যিমান কাল জীয়াই থাকে, সিমান কাললৈহে যে বিধানে তাৰ ওপৰত প্ৰভুত্ব কৰে, ইয়াক তোমালোকে নাজানা নেকি? যি সকলে বিধান জানে, মই সেই বিধান জনা সকলক কৈছো।

2 কাৰণ সধৱা স্ত্ৰী, জীয়াই থকা স্বামীৰে সৈতে বিধানেৰে বন্ধা, কিন্তু স্বামীৰ মৃত্যু হলে তেওঁৰ স্বামীৰ বিধানৰ পৰা মুক্ত হয়। 3 এতেকে তেওঁৰ স্বামী জীয়াই থাকোতেই যদি তেওঁ আন পুৰুষৰ সৈতে সহবাস কৰে, তেতিয়া তেওঁক ব্যভিচাৰীণী বোলা যায়৷ কিন্তু স্বামীৰ মৃত্যু হলে তেওঁ বিধানৰ পৰা মুক্ত হয়, পাছত আন পুৰুষৰ হলেও, তেওঁ ব্যভিচাৰীণী নহয়।

4 সেইদৰে, হে মোৰ ভাইসকল, আমি যেন ঈশ্বৰলৈ ফল উৎপন্ন কৰো 1 , এই কাৰণে তোমালোকো আন এজনৰ, অৰ্থাৎ মৃত লোকৰ মাজৰ পৰা উত্থিত কৰোঁতা জনৰ হবলৈ, খ্ৰীষ্টৰ শৰীৰৰ যোগেদি বিধানৰ সম্বন্ধে মৃত হলা। 5 কিয়নো যেতিয়া আমি মাংসৰ বশত আছিলো, তেতিয়া মৃত্যুলৈ ফল উৎপন্ন কৰিবলৈ 2 , বিধানৰ যোগেদি হোৱা পাপৰ অভিলাষবোৰৰ বাবে আমাৰ অঙ্গ-প্ৰত্যঙ্গবোৰে নিজ নিজ কাৰ্য সাধন কৰিলে।

6 কিন্তু অতিতত বিধানে আমাক বন্দীয়াৰৰ দৰে বন্দী কৰি ৰাখিছিল, কিন্তু আমাৰ পুৰণি পুৰুষৰ মৃতু হলত, আমি এতিয়া বিধানৰ পৰা মুক্ত হলো। সেয়ে এতিয়া আমি আমাৰ ঈশ্বৰৰ সেৱা নতুন ভাৱে কৰো, লিখিত বিধানৰ পুৰণি নিয়মেৰে নকৰো। আমি আমাৰ ঈশ্বৰৰ পবিত্ৰ আত্মাৰে নতুন ভাৱে কৰো।

7 তেনেহলে আমি কি কম? বিধানেই পাপ নে? এনে নহওক। কিন্তু পাপনো কি, সেই বিষয়ে মই আগতে নাজানিছিলো; কেৱল বিধানৰ যোগেদিহে জানিবলৈ পালো৷ “কিয়নো তুমি লোভ নকৰিবা,” বিধানে ইয়াক নোকোৱা হলে, লোভ নো কি সেই বিষয়ে নাজানিলোহেঁতেন৷ 8 কিন্তু পাপে ছল পাই, সেই আজ্ঞাৰ যোগেদি মোৰ অন্তৰত লোভ আদি সকলো অভিলাষ সাধন কৰিলে, কিয়নো বিধান অবিহনে পাপ মৃত।

9 পুৰ্বতে বিধান অবিহনে মই জীয়াই আছিলো, কিন্তু পাছত সেই আজ্ঞা অহাত, পাপ পুনৰায় জী উঠিল আৰু মই মৰিলো। 10 দেখা গল যে, জীৱনৰ কাৰণে দিয়া যি আজ্ঞা, সেই আজ্ঞা মোৰ বাবে মৃত্যুজনক হ’ল৷

11 কিয়নো পাপে ছল পাই, সেই আজ্ঞাৰ যোগেদি মোক ভুলায় আৰু তাৰ দ্বাৰাই ই মোক বধ কৰিলে। 12 এই কাৰণে বিধান পবিত্ৰ, আজ্ঞাও পবিত্ৰ, ন্যায় আৰু উত্তম।

13 তেনেহলে যি উত্তম, সেয়ে মোলৈ মৃত্যুজনক হ’ল নে? এনে নহওক। কিন্তু যি উত্তম, তাৰ দ্বাৰাই পাপে মোৰ জীৱনত মৃত্যু সাধন কৰাৰ যোগেদি সেয়ে পাপ বুলি প্ৰকাশ পায় আৰু আজ্ঞাৰ দ্বাৰাই পাপ যেন অতিশয় পাপ পুৰ্ণ হয়, এই কাৰণে পাপহে মোৰ বাবে মৃত্যুজনক হ’ল। 14 কিয়নো বিধান যে আত্মিক, সেই বিষয়ে আমি জানো, কিন্তু মই হলে মাংসিক৷ মই পাপৰ অধীনলৈ বেচা হলো।

15 কাৰণ মই যি সাধন কৰো, সেই বিষয়ে মই আচলতে নাজানো৷ কিয়নো মোৰ ইচ্ছা অনুসাৰে আচৰণ নকৰো; কিন্তু যিহকে ঘিণাও, তাকেই কৰো। 3 16 কিন্তু মোৰ ইচ্ছাৰ দৰে যদি নকৰো, তেনেহলে বিধান যে উত্তম, ইয়াক স্বীকাৰ কৰো।

17 কিন্তু এতিয়া মই নহয়, মোৰ জীৱনত নিবাস কৰা পাপেহে তাক সাধন কৰিছে। 18 কিয়নো মই জানো যে, মোৰ জীৱনত, অৰ্থাৎ মোৰ মাংসত উত্তমতা বাস নকৰে৷ 4 ইচ্ছা কৰিবলৈ মই সমৰ্থ, কিন্তু উত্তমতা সাধন কৰিবলৈ হলে নোৱাৰো।

19 কিয়নো যি উত্তমতালৈ ইচ্ছা হয়, তাক নকৰো; কিন্তু যি মন্দলৈ মোৰ ইচ্ছা নাই, তাকেই কৰো। 20 কিন্তু মোৰ ইচ্ছাৰ দৰে যদি মই নকৰো, তেনেহলে মই নহয়, মোৰ জীৱনত নিবাস কৰা পাপেহে তাক সাধন কৰিছে। 21 এতেকে বিচাৰি পাইছো যে, যেতিয়া উত্তম কৰ্ম কৰিবলৈ মোৰ ইচ্ছা হয়, তেতিয়া মন্দ মোৰ ওচৰত থাকে, এনে এক ধাৰণা মোৰ হৈছে।

22 কিয়নো মই আন্তৰিক পুৰুষৰ দৰে ঈশ্বৰৰ বিধানত সন্তুষ্ট হৈছো; 23 কিন্তু মোৰ মনৰ বিধানৰ বিৰুদ্ধে যুদ্ধ কৰা আৰু মোৰ অঙ্গ-প্ৰত্যঙ্গবোৰত থকা পাপৰ বিধানৰ অধীনত মোক বন্দী কৰা, এনে আন এক ধাৰণা মোৰ অঙ্গ-প্ৰত্যঙ্গবোৰত দেখো।

24 হায়, হায়, মই কেনে দূৰ্ভগীয়া মানুহ! এই মৰণশীল দেহৰ পৰা মোক কোনে নিস্তাৰ কৰিব? 25 আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি মই ঈশ্বৰৰ ধন্যবাদ কৰো। এতেকে এহাতে মই আপোন মনেৰে ঈশ্বৰৰ বিধানৰ, কিন্তু আনহাতে মাংসেৰে পাপৰ বিধানৰ সেৱাকৰ্ম কৰো।


1গালা 5:22, 23; ফিলি 1:11
2গালা 5:16, 19-26; যাক 1:15
3গালা 5:17
4হিতো 20:9; যিচ 64:6; যিৰি 17:9

8

1 এই কাৰণে এতিয়া খ্ৰীষ্ট যীচুত থকা সকলৰ কোনো দণ্ডাজ্ঞা নাই। 2 কিয়নো খ্ৰীষ্ট যীচুত মোৰ জীৱনক আত্মাৰ বিধানত পাপ আৰু মৃত্যুৰ বিধানৰ পৰা মুক্ত কৰিলে।

3 বিধান মাংসৰ কাৰণে দূৰ্বল হোৱাত যি কৰিব নোৱাৰিলে, সেয়ে ঈশ্বৰে নিজৰ পুত্ৰক পাপৰ অৰ্থে উৎসৰ্গিত হবলৈ, পাপময় মাংসৰ সাদৃশ্যেৰে 1 পঠিয়ালে, আৰু মাংসত পাপৰ দণ্ডাজ্ঞা দিলে৷ 4 তেওঁ তাকে কৰিলে, যাতে আমাৰ জীৱনত যেন আৱশ্যকীয় বিধান সিদ্ধ কৰা হয়; সেয়ে আমি মাংসিকৰ দৰে নহয়, কিন্তু আত্মা অনুসাৰে চলো আঁহা৷ 2 5 কিয়নো মাংস অনুসাৰে জীয়াই থকা সকলে মাংসিক বিষয়ে ভাবে; কিন্তু আত্মা অনুসাৰে জীয়াই থকা সকলে আত্মিক বিষয়ে ভাবে।

6 কাৰণ মাংসৰ ভাব হ’ল মৃত্যু; কিন্তু আত্মাৰ ভাব হৈছে জীৱন আৰু শান্তি, 7 কিয়নো মাংসৰ ভাব ঈশ্বৰলৈ শত্ৰুতা; 3 কাৰণ সেয়ে ঈশ্বৰৰ বিধানৰ বশীভূত নহয় আৰু হবও নোৱাৰে৷ 8 যি সকলে মাংসৰ বশত আছে, তেওঁলোকে ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে।

9 যিয়েই নহওক, তোমালোক মাংসৰ বশত নহয় কিন্তু আত্মাৰ বশতহে আছা, আৰু সেয়াই যদি সত্য হয়, তেনেহলে ঈশ্বৰৰ আত্মা তোমালোকৰ অন্তৰত বাস কৰে। কিন্তু যি জনত খ্ৰীষ্টৰ আত্মা নাই, তেওঁ খ্ৰীষ্টৰ নহয়। 10 যদি খ্ৰীষ্ট তোমালোকৰ জীৱনত থাকে, তেনেহলে পাপৰ কাৰণে এই শৰীৰ মৰা; কিন্তু ধাৰ্মিকতাৰ বাবে আত্মাই জীৱন।

11 যি জনে খ্ৰীষ্ট যীচুক মৃত লোকৰ মাজৰ পৰা তুলিলে, তেওঁৰ আত্মা যদি তোমালোকৰ জীৱনত থাকে, তেনেহলে খ্ৰীষ্ট যীচুক মৃত লোকৰ মাজৰ পৰা তোলা জনে তোমালোকত নিবাস কৰা তেওঁৰ আত্মাৰ যোগেদি, তোমালোকৰ মৰ্ত্ত্য দেহকো জীয়াব।

12 এতেকে হে ভাইসকল, আমি মাংসৰ বশত জীয়াই থাকিবলৈ মাংসৰ ধৰুৱা নহওঁ। 13 কাৰণ তোমালোকে যদি মাংসৰ বশত জীয়াই থাকা, তেনেহলে তোমালোক যেনে হলেও মৰিবা; কিন্তু আত্মাৰ দ্বাৰাই যদি শৰীৰৰ কৰ্মবোৰ বধ কৰা 4 হয়, তেনেহলে তোমালোক জীবা।

14 কিয়নো যিমান লোক ঈশ্বৰৰ আত্মাৰ দ্বাৰা চালিত হয়, সেই সকলোৱে ঈশ্বৰৰ সন্তান। 15 সেয়েহে তোমালোকে ভয় কৰিবলৈ পুনৰায় দাসত্বৰ আত্মা পাইছা, এনে নহয়; কিন্তু যি আত্মাৰ দ্বাৰা আমি আব্বা, পিতৃ বুলি মাতো, এনে তোলনীয়া পুত্ৰৰ আত্মা পালা।

16 আমি যে ঈশ্বৰৰ সন্তান, এই বিষয়ে পবিত্ৰ আত্মাই নিজে আমাৰ আত্মাৰ সৈতে সাক্ষ্য দিয়ে। 17 আমি যদি সন্তান হওঁ, তেনেহলে উত্তৰাধিকাৰীও হওঁ। খ্ৰীষ্টে সৈতে মহিমান্বিত হবলৈ যদিহে আমি তেৱেঁ সৈতে দুখভোগ কৰো, তেনেহলে আমি ঈশ্বৰৰ উত্তৰাধিকাৰী আৰু খ্ৰীষ্টে সৈতেও উত্তৰাধিকাৰী হওঁ। 5

18 কিয়নো আমাৰ বাবে যি প্ৰতাপ প্ৰকাশিত হব, তাৰে সৈতে বৰ্ত্তমান সময়ৰ দুখৰ তুলনা কৰিবলৈ মই কোনো বিষয় যোগ্য নহয় বুলি গণ্য কৰো। 19 কাৰণ ঈশ্বৰৰ সন্তান সকল প্ৰকাশিত হোৱালৈ, সৃষ্টিয়ে আশাৰে বাট চাই আছে।

20 কাৰণ সৃষ্টি খন যে আপোন ইচ্ছাৰে অসাৰতাৰ বশীভূত হ’ল, 6 এনে নহয়; কিন্তু বশকৰ্ত্তাৰ কাৰণেহে হ’ল; সেয়ে এই আশাৰে হ’ল যে, 21 সৃষ্টিখনে নিজেও ক্ষয়মূলক দাসত্বৰ পৰা মুক্ত হৈ ঈশ্বৰৰ সন্তান সকলৰ প্ৰতাপ মূলক মুক্তি পাব। 22 কিয়নো এতিয়াও গোটেই সৃষ্টিয়ে প্ৰসৱ বেদনাৰ দৰে দুখ পাই একেলগে কেঁকাই আছে, ইয়াক আমি জানো।

23 অকল সেয়ে নহয়, আত্মাৰ প্ৰথম ফল পোৱা যি আমি, আমিও তোলনীয়া পুত্ৰৰ বাবলৈ বাট চাই, আমাৰ শৰীৰৰ মুক্তিৰ অপেক্ষাৰে অন্তৰত কেঁকাই আছো। 24 কিয়নো আমি আশাৰেহে পৰিত্ৰাণ পালো; কিন্তু দেখাত যি আশা, সেয়ে আশা নহয়; কাৰণ যিহক দেখা যায়, তালৈ কোনে আশা কৰে? 25 কিন্তু আমি যিহক দেখা নাই, তালৈ যদি আশা কৰো, তেনেহলে ধৈৰ্যৰেহে তালৈ বাট চাই থাকো।

26 সেই একেদৰে আত্মায়ো আমাৰ দূৰ্বলতাত উপকাৰ কৰে৷ 7 কাৰণ, উচিত মতে কি প্ৰাৰ্থনা কৰিব লাগে, সেই বিষয়ে আমি নাজানো; কিন্তু আত্মাই নিজে আমাৰ বাবে অনিৰ্ব্বচনীয় কেঁকনিৰে নিবেদন কৰে। 27 আত্মাৰ ভাব কি, সেই বিষয়ে অন্তৰ্য্যামী ঈশ্বৰে জানে, কাৰণ ঈশ্বৰৰ ইচ্ছা অনুসৰি, তেওঁ পবিত্ৰ লোকৰ বাবে নিবেদন কৰে।

28 আমি জানো যে, যি সকলে ঈশ্বৰক প্ৰেম কৰে, সেই সকল তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, 8 তেওঁলোকৰ বাবে তেওঁ মঙ্গলৰ অৰ্থে সকলো উত্তম কাৰ্য একেলগে কৰিছে। 29 কিয়নো ঈশ্বৰৰ পুত্ৰ যেন অনেক ভাই সকলৰ মাজত প্ৰথমে জন্মা হয়, এই কাৰণে ঈশ্বৰে যি সকলক আগেয়ে জানিলে, তেওঁলোকক তেওঁৰ সেই পুত্ৰৰ প্ৰতিমূৰ্তিৰ অনুৰূপ হবলৈ, 9 আগেয়ে নিৰূপণো কৰিলে; 30 আৰু যি সকলক আগেয়ে নিৰূপণ কৰিলে, তেওঁলোকক আমন্ত্ৰণো কৰিলে৷ যি সকলক আমন্ত্ৰণ কৰিলে, তেওঁলোকক ধাৰ্মিক বুলি গণিত কৰিলে; আৰু যি সকলক ধাৰ্মিক বুলি গণিত কৰিলে, তেওঁলোকক মহিমান্বিতো কৰিলে।

31 তেতিয়া হলে এইবোৰ কথাত আমি কি কম? যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, তেনেহলে আমাৰ বিপক্ষ কোন হব পাৰে? 32 যি জনে নিজৰ পুত্ৰকো মৰম নকৰি, আমাৰ আটাইৰে কাৰণে তেওঁক শোধাই দিলে, সেই জনে আমাক অনুগ্ৰহ কৰি তেওঁৰ সৈতে সকলো নিদিব নে?

33 ঈশ্বৰৰ মনোনীত সকলৰ বিৰুদ্ধে কোনে অপবাদ দিব? ঈশ্বৰেহে ধাৰ্মিক বুলি গণিত কৰোঁতা। 34 দণ্ডাজ্ঞা দিওঁতা নো কোন? যি জন মৰিল, এনে কি, মৃত লোকৰ মাজৰ পৰা তোলাও হ’ল, সেই জন খ্ৰীষ্ট যীচু; তেওঁ ঈশ্বৰৰ সোঁফালে থাকি, আমাৰ কাৰণে নিবেদনো কৰি আছে। 10

35 খ্ৰীষ্টৰ প্ৰেমৰ পৰা কোনে আমাক বিচ্ছিন্ন কৰিব পাৰে? 11 ক্লেশ বা সঙ্কট, তাড়না বা আকাল, বস্ত্ৰহীনতা বা প্ৰাণৰ সংশয় বা তৰোৱাল, এইবোৰে পাৰে নে? 36 এই বিষয়ে লিখাও আছে, 12
“আমি তোমাৰ কাৰণে ওৰে দিনটো হত হব লাগিছো৷
কাটিবলৈ নিয়া মেৰৰ দৰে আমি গণিত হলো।”

37 তথাপি আমাক প্ৰেম কৰা জনৰ যোগেদি, এই সকলো কথাত আমি জয়তকৈয়ো জয়যুক্ত। 13 38 কিয়নো মোৰ এনে দৃঢ় বিশ্বাস আছে যে, তাৰ পৰা মৃত্যু বা জীৱন, স্বৰ্গৰ দূত বা শাসনকৰ্তা, বৰ্ত্তমান বা ভৱিষ্যৎ বিষয় বা পৰাক্ৰম, 39 ওপৰ বা তল বা আন কোনো সৃষ্ট বস্তুৱেই আমাক প্ৰভু খ্ৰীষ্ট যীচুত থকা ঈশ্বৰৰ প্ৰেমৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে।


1গালা 4:4, 5; ফিলি 2:6-8
2গালা 5:16-25
3কল 1:21; যাক 4:4
4কল 3:5-10
5গালা 4:7; ইফি 1:11; 2 তীম 2:11, 12; 1 পি 1:3, 4
6আদি 3:17, 18; যিৰি 12:4
7ইফি 2:18; 6:18
8তীম 1:9; 1 পি 5:10
9ৰো 6:4-8; ফিলি 3:10, 21; 1 যো 3:2
10ইব্ৰী 7:25; 1 যো 2:1, 2
11যো 10:27, 28
12গীত 44:29
13কৰি 15:57; 1 যো 5:4, 5

9

1 মই খ্ৰীষ্টৰ অধীনত সত্য কওঁ, মিছা নকওঁ, আৰু মোৰ বিবেকেও পবিত্ৰ আত্মাৰ অধীনত মোৰ পক্ষে সাক্ষ্য দিছে যে, 2 মোৰ হৃদয়ত অতি দুখ আৰু নিৰন্তৰ যাতনা হৈছে।

3 কিয়নো যি সকল শৰীৰৰ সম্বন্ধে মোৰ স্বজাতীয়, মোৰ সেই ভাই সকলৰ কাৰণে মই নিজেই খ্ৰীষ্টৰ পৰা শাপগ্ৰস্ত হবলৈ ইচ্ছা কৰিব পাৰিলোহেঁতেন। 1 4 তেওঁলোক ইস্ৰায়েলীয়া৷ তেওঁলোক ঈশ্বৰৰ মনোনীত সন্তান, তেওঁলোক ঈশ্বৰৰ মহিমা প্ৰাপ্ত লোক, ঈশ্বৰৰ আৰু তেওঁলোকৰ মাজত হোৱা বুজা বুজিৰ চুক্তি থকা লোক, ঈশ্বৰে তেওঁলোকক মোচিৰ যোগেদি বিধান দিয়া লোক, আৰু ঈশ্বৰৰ নানা প্ৰতিজ্ঞা সমূহ পোৱা লোক। 5 ওপৰ-পুৰুষসকলো তেওঁলোকৰেই; আৰু শৰীৰৰ সম্বন্ধে খ্ৰীষ্টও তেওঁলোকৰ পৰাই হ’ল৷ যি জন সৰ্ব্বোপৰি, সেই ঈশ্বৰ যুগে যুগে ধন্য। আমেন।

6 কিন্তু ঈশ্বৰৰ বাক্য যে বিফল হৈ পৰিল, এনে নহয়। কিয়নো ইস্ৰায়েলৰ পৰা হোৱা সকলোৱে যে ইস্ৰায়েল, এনে নহয়৷ 7 তেওঁলোক অব্ৰাহামৰ বংশ হোৱাত, সকলো যে তেওঁৰ সন্তান, সেয়াও নহয়; কিন্তু “ইচহাকৰ পৰাহে তোমাৰ বংশ বিখ্যাত হব” 2 8 এই শাস্ত্ৰীয় বচনৰ অৰ্থ হ’ল; শৰীৰৰ যি সন্তান, তেওঁলোক ঈশ্বৰৰ সন্তান নহয়; কিন্তু প্ৰতিজ্ঞাৰ যি সন্তান, তেওঁলোকহে বংশ বুলি গণিত হয়৷ 9 কিয়নো প্ৰতিজ্ঞাৰ বাক্য এই 3 : এনেকুৱা সময়ত মই আহিম, তেতিয়া চাৰাৰ এটি পুত্ৰ হব।

10 অকল সেয়ে নহয়; কিন্তু ৰিবেকাও এজনৰ পৰা, আমাৰ পিতৃ ইচহাকৰ পৰা গৰ্ভৱতী হোৱাত, 11 সন্তান নৌ ওপজোঁতেই আৰু ভাল বা বেয়া একো নকৰোঁতেই, কৰ্মৰ কাৰণে নহয়, কিন্তু আমন্ত্ৰণকাৰীৰ ইচ্ছাৰ কাৰণে, ঈশ্বৰৰ মনোনীতৰ দৰে 4 হোৱা অভিপ্ৰায়ত থিৰে থাকিবলৈ, 12 তেওঁক কোৱা হৈছিল, বোলে, “বৰটোৱে সৰুটোৰ সেৱাকৰ্ম কৰিব।” 13 এই বিষয়ে লিখাও আছে: 5 “মই যাকোবক প্ৰেম কৰিলো, কিন্তু এচৌক ঘিণ কৰিলো।”

14 তেনেহলে আমি কি কম? ঈশ্বৰত অধাৰ্মিকতা আছে নে? এনে নহওক। 15 কিয়নো তেওঁ মোচিক কৈছিল, “মই যি জনক দয়া কৰো, তেওঁকেই দয়া কৰিম; আৰু যি জনক কৃপা কৰো, তেওঁকেই কৃপা কৰিম।” 6 16 এতেকে এয়ে, ইচ্ছা কৰা বা দৌৰ মৰা জনৰ পৰা নহয়, কিন্তু দয়াকাৰী ঈশ্বৰৰ পৰাহে হয়।

17 কিয়নো শাস্ত্ৰই ফৌৰণকো কৈছে, “তোমাত মোৰ পৰাক্ৰম যেন দেখুৱাম, তাৰ বাবে আৰু গোটেই জগতত মোৰ নাম প্ৰচাৰিত হবৰ বাবে, মই তোমাক তুলিলো।” 7 18 এতেকে যি জনৰ বাবে তেওঁৰ ইচ্ছা হয়, তেওঁকেই তেওঁ দয়া কৰে আৰু যি জনৰ বাবে তেওঁৰ ইচ্ছা হয়, তেওঁকেই তেওঁ কঠিন কৰে।

19 তেতিয়া তুমি মোক কবা, বোলে, “তেনেহলে তেওঁ আকৌ দোষ ধৰে কিয়? কিয়নো তেওঁৰ ইচ্ছাৰ প্ৰতিৰোধ কোনে কৰিলে?” 20 হে অবাধ্য লোক, ঈশ্বৰক প্ৰত্যুত্তৰ কৰা তুমি নো কোন? নিৰ্ম্মিত বস্তুৱে, “তুমি মোক এনেকুৱা কিয় কৰিলা” বুলি নিৰ্ম্মাণকৰ্ত্তাক কবা নে? 21 একে লদা মাটিৰে সমাদৰলৈ এটা, অনাদৰলৈ এটা, এনে দুবিধ পাত্ৰ বনাবলৈ, মাটিৰ ওপৰত কুমাৰৰ ক্ষমতা নাই নে? 8

22 ঈশ্বৰে, নিজ ক্ৰোধ দেখুৱাবৰ বাবে আৰু পৰাক্ৰম জনাবৰ ইচ্ছাৰে যদি বিনাশৰ কাৰণে যুগুত হোৱা ক্ৰোধৰ পাত্ৰ সকলক অধিক চিৰসহিষ্ণুতাৰে সহন কৰিলে, 9 23 আৰু যি সকলক প্ৰতাপৰ কাৰণে তেওঁ আগেয়ে প্ৰস্তুত কৰিলে, সেই অনুগ্ৰহৰ পাত্ৰবোৰত নিজ প্ৰতাপৰূপ ধনৰ বিষয় জনোৱাৰ অভিপ্ৰায়েৰে দয়াও সাধন কৰিলে, 24 তেওঁ আমাক তেনেকুৱা দয়াৰ পাত্ৰ বুলি, কেৱল যিহূদী সকলৰ মাজৰ পৰা নহয়, কিন্তু অনা-যিহূদী সকলৰ মাজৰ পৰাও আমন্ত্ৰণ কৰিলে। 25 সেইদৰে তেওঁ হোচেয়াৰ পুস্তকতো কৈছে: 10
“যি লোক মোৰ নহয়, তেওঁক মোৰ লোক বুলি,
আৰু অপ্ৰিয় জনীক প্ৰেমৰ বুলি মাতিম।
26 আৰু ‘তোমালোক মোৰ লোক নোহোৱা,’ এই কথা যি ঠাইত তেওঁলোকক কোৱা হৈছিল,
তাত তেওঁলোক জীৱনময় ঈশ্বৰৰ সন্তান বুলি প্ৰখ্যাত হব।”

27 কিন্তু ইস্ৰায়েলৰ বিষয়ে যিচয়াই এই কথা ঘোষণা কৰে, 11 “ইস্ৰায়েলৰ সন্তানসকলৰ সংখ্যা যদিও সমুদ্ৰৰ বালিৰ নিচিনা হয়, তথাপি অৱশিষ্ট ভাগেহে পৰিত্ৰাণ পাব৷ 28 কিয়নো প্ৰভুৱে তেওঁৰ বাক্য সংক্ষিপ্ত আৰু সমাপ্ত কৰি, পৃথিৱীত সিদ্ধ কৰিব। 29 এই বিষয়ে যিচয়া আগেয়ে কৈছিল, 12 “বাহিনীসকলৰ প্ৰভুৱে আমাৰ বাবে সঁচ নৰখা হলে, আমি চদোমৰ নিচিনা হলোহেতেন
আৰু ঘমোৰা নগৰৰ তুল্য
হলোহেঁতেন।

30 তেনেহলে আমি কি কম? অনা-যিহূদীসকলে ধাৰ্মিকতালৈ কার্য নকৰিও, ধাৰ্মিকতা পালে; 31 কিন্তু ইস্ৰায়েল লোকে ধাৰ্মিকতাৰ বিধানলৈ কার্য কৰিও, সেই বিধানৰ পূৰ্ণতা নাপালে।

32 ইয়াৰ কাৰণ কি? কিয়নো তেওঁলোকে বিশ্বাসৰ দ্বাৰাই নহয়, কৰ্মৰ দ্বাৰাইহে পোৱা যায় বুলি কার্য কৰিলে। উজুটি খুউৱা শিলত তেওঁলোকে উজুটি খালে; 33 এই বিষয়ে লিখাও আছে, 13
“চোৱা, মই চিয়োনত উজুটি খুউৱা শিল, অৰ্থাৎ বিঘ্নজনক শিল থম।
তেওঁত বিশ্বাস কৰা জন লাজত নপৰিব।”


1যা 32:32
2আ 21:12
3আ 18:14; গালা 4:23, 28
4ৰো 11:5-7; 2 তী 1:9; তীত 3:5
5মলা 1:2, 3
6যা 33:19
7যা 9:16
8যিচ 45:9; 64:8; যিৰি 18:6
9পি 3:9
10হো 1:10; 2:23; 1 পি 2:10
11যিচ 10:22, 23
12যিচ 1:9
13যিচ 8:14; 28:16

10

1 হে ভাইসকল, তেওঁলোকৰ বাবে মোৰ হৃদয়ৰ বাঞ্ছা আৰু ঈশ্বৰৰ আগত জনোৱা প্ৰাৰ্থনা এই যে, তেওঁলোকে যেন পৰিত্রাণ পায়। 1 2 ঈশ্বৰলৈ তেওঁলোকৰ আগ্ৰহ আছে বুলি মই তেওঁলোকৰ পক্ষে সাক্ষ্য দিছো; কিন্তু সেই জ্ঞান আলোকিত কৰা নহল। 3 কাৰণ তেওঁলোকে ঈশ্বৰৰ ধাৰ্মিকতা নাজানি, নিজৰ ধাৰ্মিকতা স্থাপন কৰিবলৈ বিচাৰি, 2 ঈশ্বৰৰ ধাৰ্মিকতাৰ বশীভূত নহল।

4 কিয়নো ধাৰ্মিকতাৰ কাৰণে বিশ্বাস কৰা প্ৰত্যেক জনৰ বাবে খ্ৰীষ্ট হ’ল বিধানৰ সম্পূৰ্ণতা৷ 3 5 কাৰণ মোচিয়ে লিখিছে যে, যি মানুহে ব্যৱস্থামূলক ধাৰ্মিকতা পালন কৰে, তেওঁহে এই ধাৰ্মিকতাৰ দ্বাৰা জীয়াই থাকিব।

6 কিন্তু বিশ্বাসমূলক ধাৰ্মিকতাই এইদৰে কয়, 4 “তুমি নিজ হৃদয়ত নকবা যে, স্বৰ্গলৈ কোন উঠিব? অৰ্থাৎ খ্ৰীষ্টক নমাই আনিবলৈ 7 বা, অগাধ ঠাইলৈ কোন নামিব? অৰ্থাৎ মৃত লোকৰ মাজৰ পৰা খ্ৰীষ্টক তুলি আনিবলৈ৷”

8 কিন্তু ই কি কয়?
“সেই বাক্য তোমাৰ ওচৰত,
তোমাৰ মুখত আৰু তোমাৰ হৃদয়তে আছে৷” সেয়ে আমি ঘোষণা কৰা বিশ্বাসৰ বাক্য৷
9 কিয়নো তুমি যদি নিজ মুখেৰে যীচুক প্ৰভু বুলি স্বীকাৰ কৰা 5 আৰু ঈশ্বৰে যে তেওঁক মৃত লোকৰ মাজৰ পৰা তুলিলে, ইয়াক যদি হৃদয়েৰে বিশ্বাস কৰা, তেনেহলে পৰিত্ৰাণ পাবা। 10 কাৰণ ধাৰ্মিকতাৰ কাৰণে হৃদয়েৰে বিশ্বাস কৰা হয়; আৰু পৰিত্রাণৰ কাৰণে মুখেৰে স্বীকাৰ কৰা হয়।

11 কিয়নো শাস্ত্ৰৰ বচনে কৈছে, 6 “যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ লাজত নপৰিব।” 12 কাৰণ যিহূদী বা গ্ৰীকৰ মাজত একো প্ৰভেদ নাই; কিয়নো সকলোৰে একমাত্ৰ প্ৰভু আছে; যিমান মানুহে তেওঁক বিশ্বাস কৰে, তেওঁলোকৰ বাবে তেওঁ ধনৱান৷ 13 কাৰণ যি কোনোৱে প্ৰভুৰ নামেৰে প্ৰাৰ্থনা কৰে, তেওঁ পৰিত্ৰাণ পাব। 7

14 এতেকে যি জনক তেওঁলোকে বিশ্বাস কৰা নাই, সেই জনৰ আগত কেনেকৈ প্ৰাৰ্থনা কৰিব? আৰু যি জনৰ বিষয়ে শুনা নাই, তেওঁত নো কেনেকৈ বিশ্বাস কৰিব? আৰু ঘোষণাকাৰী নহলে, কেনেকৈ শুনিব? 15 আৰু পঠোৱা নহলে, কোনে ঘোষণা কৰিব? এই বিষয়ে লিখাও আছে, 8 “মঙ্গলৰ শুভবাৰ্তা প্ৰচাৰ কৰা সকলৰ ভৰি কেনে সুন্দৰ!”

16 কিন্তু সকলোৱে যে শুভবাৰ্তা মানি ললে, এনে নহয়; কাৰণ যিচয়ায়ো কৈছে, 9 “হে প্ৰভু, আমি কোৱা বাৰ্তা কোনে বিশ্বাস কৰিলে?” 17 এতেকে শ্ৰৱণৰ দ্বাৰাই বিশ্বাস আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাইহে শ্ৰৱণ হয়।

18 কিন্তু মই কওঁ, “তেওঁলোকে জানো শুনিবলৈ পোৱা নাই? অৱশ্যে পালে৷ তেওঁলোকৰ স্বৰ গোটেই পৃথিৱীলৈ, আৰু তেওঁলোকৰ কথা জগতৰ সীমালৈকে বিয়পি গল৷” 10

19 তদুপৰি মই কওঁ, “ইস্ৰায়েলৰ লোকে জানো জানিবলৈ পোৱা নাই?” প্ৰথমতে মোচিয়ে কৈছে, 11
“নগণ্য জাতিৰ দ্বাৰাই তোমালোকৰ ঈৰ্ষা জন্মাম৷
নিৰ্ব্বোধ জাতিৰ দ্বাৰাই তোমালোকৰ খং তোলাম৷”

20 আৰু যিচয়ায়ো অতি সাহস কৰি কৈছে, 12
“যি সকলে মোক নিবিচাৰিলে, তেওঁলোকে মোক পালে৷
যি বিলাকে মোৰ বিষয়ে নুসুধিলে, তেওঁলোকৰ আগত মই প্ৰকাশিত হলো৷”

21 কিন্তু ইস্ৰায়েলৰ লোকৰ বিষয়ে তেওঁ কৈছে, “আজ্ঞা নমনা আৰু আপত্তি কৰা লোকলৈ মই ওৰে দিনটো হাত মেলিলো৷”


1লূক 19:41, 42
2লূক 18:9-14
3মথি 5:17; গালা 3:24
4দ্বি বি 30:11-14
5মথি 10:32, 33
6যিচ 28:16; 49:23
7যোৱে 2:32
8যিচ 52:7
9যিচ 53:1; যো 12:37, 38
10গীত 19:4
11দ্বি বি 32:21
12যিচ 65:1, 2

11

1 তেনেহলে মই কওঁ, ঈশ্বৰে নিজ লোকক ত্যাগ কৰিলে নে? এনে নহওক; কিয়নো ময়ো অব্ৰাহামৰ বংশৰ বিন্যামীন ফৈদৰ এজন ইস্ৰায়েলীয়া। 2 ঈশ্বৰে আগেয়ে জনা নিজ লোকক ত্যাগ কৰা নাই। নতুবা, এলিয়াৰ বিৱৰণত শাস্ত্ৰই কি কৈছে, সেই বিষয়ে তোমালোকে নাজানা নে? তেওঁ ইস্ৰায়েলৰ লোকৰ বিৰুদ্ধে ঈশ্বৰৰ আগত কিদৰে নিবেদন কৰিছিল? 1 তেওঁ কৈছিল, 3 “হে প্ৰভু, লোকসকলে তোমাৰ ভাববাদী সকলক বধ কৰিলে, তোমাৰ বেদিবোৰ খান্দি পেলালে; আৰু এতিয়া মইহে অৱশিষ্ট আছো; মোৰো প্ৰাণ তেওঁলোকে বিচাৰি আছে”।

4 কিন্তু উত্তৰত ঈশ্বৰে তেওঁক কি কয়? “বাল দেৱতাৰ আগত আঁঠু নোলোৱাকৈ থকা এনে সাত হাজাৰ মানুহ মই নিজলৈ অৱশিষ্ট ৰাখিলো।” 5 এইদৰে বৰ্ত্তমান কালতো অনুগ্ৰহেৰে মনোনীত কৰা অৱশিষ্ট লোক আছে।

6 কিন্তু সেয়ে যদি অনুগ্ৰহেৰে হয়, তেনেহলে কৰ্মেৰে নহয়; অন্যথা সেই অনুগ্ৰহ, অনুগ্ৰহ হৈ নাথাকে। 7 তেনেহলে কি? ইস্ৰায়েলে যি বিচাৰিছে, সেইয়া পোৱা নাই, কিন্তু মনোনীত লোকেহে তাক পালে; অৱশিষ্ট সকলক কঠিন কৰা হ’ল। 8 এই বিষয়ে এইদৰে লিখাও আছে, “ঈশ্বৰে সিঁহতক মূৰ্চ্ছাজনক আত্মা, আৰু যাতে নেদেখিব, এনে চকু আৰু যাতে নুশুনিব, এনে কাণ দিলে; আজিলৈকে তেওঁলোক সেইদৰেই আছে।”

9 আৰু দায়ুদেও কৈছে, 2
“সিঁহতৰ ভোজনৰ মেজ, সিহঁতলৈ ফান্দ
আৰু কুন্দা, বিঘিনি আৰু প্ৰতিফল স্বৰূপ হওক;
10 সিহঁতে নেদেখিবলৈ, সিহঁতৰ চকু অন্ধকাৰময় হওক৷”
আৰু তুমি সিহঁতৰ পিঠি সদায় কুঁজা কৰা।

11 তেনেহলে মই কওঁ, তেওঁলোকে পৰিবলৈ উজুটি খালে নে? এনে নহওক। কিন্তু তেওঁলোকৰ অন্তৰ্জ্বালা জন্মাবলৈ তেওঁলোকৰ অপৰাধৰ দ্বাৰাই অনা-যিহূদী সকলৰ পৰিত্রাণ হ’ল। 12 পাছত তেওঁলোকৰ অপৰাধেই যদি জগতৰ ধন আৰু তেওঁলোকৰ হানিয়েই যদি অনা-যিহূদী সকলৰ ধন হয়, তেনেহলে তেওঁলোকৰ পৰিপূৰ্ণতা তাতকৈ কিমান অধিক হব?

13 এতিয়া অনা-যিহূদী লোক যি তোমালোক, তোমালোকক মই কৈছো। যেতিয়ালৈকে মই অনা-যিহূদী সকলৰ নিযুক্ত পাঁচনি হৈ আছো, মোৰ সেই পৰিচৰ্যা পদৰ গৌৰৱ কৰিছো; 14 কিজানি কোনোমতে মোৰ স্বজাতীয় সকলৰ ঈৰ্ষা জন্মাই, তেওঁলোকৰ কিছুমানৰ পৰিত্ৰাণ কৰাব পাৰো।

15 কিয়নো তেওঁলোকক ত্যাগ কৰাই যদি জগতৰ মিলন হয়, তেনেহলে তেওঁলোকক গ্ৰহণ কৰাই মৃত সকলৰ জীৱন লাভৰ বাহিৰে আন কি হব পাৰে? 16 যদি সনা পিঠাগুড়িৰ প্ৰথম ভাগ পবিত্ৰ, তেনেহলে গোটেই লদাই পবিত্ৰ; আৰু যদি শিপা পবিত্ৰ, তেনেহলে ডালবোৰো পবিত্ৰ।

17 কিন্তু কেতবোৰ ডাল যদি ভাঙি পেলোৱা হ’ল আৰু তুমি বনৰীয়া জলফাই গছ হৈয়ো, যদি সেইবোৰৰ মাজত কলম স্বৰূপে লগোৱা হলা আৰু তুমি জলফাইৰ শিপাৰ ৰসৰ সহভাগী হলা, 18 তেনেহলে ডালবোৰৰ বিৰুদ্ধে দৰ্প নকৰিবা। যদিও দৰ্প কৰা, তথাপি তুমি যে শিপাক ভৰণ-পোষণ দি আছা, এনে নহয়, কিন্তু শিপাইহে তোমাক ভৰণ-পোষণ দি আছে৷

19 ইয়াতে তুমি কবা, “মোক কলম স্বৰূপে লগাবলৈহে ডালবোৰ ভাঙি পেলোৱা হ’ল।” 20 সঁচা, তেওঁলোকৰ অবিশ্বাসৰ কাৰণে সেইবোৰ ভাঙি পেলোৱা হ’ল, কিন্তু তুমি হলে বিশ্বাসৰ দ্বাৰাই স্থিৰ হৈ আছা। উচ্চমনা নহবা, বৰং ভয় কৰা৷ 3 21 কাৰণ যদি ঈশ্বৰে স্বাভাবিক ডালবোৰক মৰম নকৰিলে, তেনেহলে তোমাকো মৰম নকৰিব।

22 এতেকে ঈশ্বৰৰ স্নেহ আৰু তীক্ষ্ণ ভাবক চোৱা৷ এফালে যি সকল যিহূদী পৰিল, তেওঁলোকৰ বাবে হৈছে তীক্ষ্ণ ভাব; আনফালে তোমালোকৰ বাবে তেওঁৰ ভাব হৈছে স্নেহশীল৷ যদি তুমি সেই স্নেহ ভাবত থাকা, তেতিয়াহে; নহলে, তুমিও কটা যাবা।

23 যদি সেইবোৰ অবিশ্বাসত নাথাকে, তেনেহলে সেইবোৰকো কলম স্বৰূপে লগোৱা হব; কিয়নো সেইবোৰক পুনৰ কলম স্বৰূপে লগাবলৈ ঈশ্বৰ সক্ষম। 24 কাৰণ স্বাভাবিক বনৰীয়া জলফাই গছৰ পৰা কটা যোৱা যি তুমি, তুমি যদি স্বভাৱৰ বিপৰীতে উত্তম জলফাই গছত কলম স্বৰূপে লগোৱা হলা, তেনেহলে স্বাভাবিক ডাল যি সেইবোৰ, সেই যিহূদীসকল কিমান অধিক নিঃসন্দেহে নিজৰ জলফাই গছত কলম স্বৰূপে লগোৱা হব।

25 কিয়নো, হে ভাইসকল, তোমালোকে যেন নিজকে জ্ঞানৱন্ত বুলি নামানা, এই কাৰণে, যেতিয়ালৈকে অনা-যিহূদী লোকৰ পৰিপূৰ্ণতা নহয়, তেতিয়ালৈকে কিছু পৰিমাণে ইস্ৰায়েলী লোকৰ যে কঠিনতা জন্মিল, এই নিগূঢ়-তত্ত্ব তোমালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই।

26 এইদৰে সকলো ইস্ৰায়েলী লোকে পৰিত্ৰাণ পাব; এই বিষয়ে লিখাও আছে: 4
চিয়োনৰ পৰা উদ্ধাৰকৰ্ত্তা আহিব;
তেওঁ যাকোবৰ বংশৰ পৰা ভক্তি লঙ্ঘন দূৰ কৰিব;
27 আৰু এয়েই তেওঁলোকে সৈতে মোৰ নিয়ম হব,
তেতিয়া মই তেওঁলোকৰ পাপ গুচাম৷”

28 এফালে তেওঁলোক শুভবাৰ্তাৰ সম্বন্ধে তোমালোকৰ কাৰণে শত্ৰু; কিন্তু আনফালে ঈশ্বৰৰ মনোনীতৰ সম্বন্ধে তেওঁলোক ওপৰ-পুৰুষসকলৰ কাৰণে প্ৰিয় পাত্ৰ। 29 কিয়নো ঈশ্বৰৰ অনুগ্ৰহৰ বৰ আৰু আমন্ত্ৰণ অপৰিৱৰ্তনীয়।

30 কাৰণ যেনেকৈ তোমালোকে আগেয়ে ঈশ্বৰৰ অবাধ্য আছিলা, কিন্তু এতিয়া তেওঁলোকৰ অবাধ্যতাৰ কাৰণে দয়া পালা, 31 তেনেকৈ এতিয়া এই যিহূদীসকলেও যেন তোমালোকৰ দয়া প্ৰাপ্তিৰ কাৰণে দয়া পায়, তাৰ বাবে তেওঁলোক এতিয়া অবাধ্য হ’ল; 32 কিয়নো ঈশ্বৰে সকলোকে দয়া কৰিবৰ বাবে, সকলোকে অবাধ্যতাত বন্ধ কৰিলে।

33 ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে গভীৰ! তেওঁৰ বিচাৰবোৰ বোধৰ কেনে অগম্য! আৰু তেওঁৰ পথ অনুসন্ধান কৰাটো কেনে অসাধ্য!
34 “কিয়নো প্ৰভুৰ মন কোনে জানিলে?
আৰু তেওঁৰ মন্ত্ৰণাকাৰীয়ে বা কোন হ’ল?
35 নতুবা কোনে ঈশ্বৰলৈ আগেয়ে দিলে
যে, তাৰ বাবে তেওঁক প্ৰতিদান কৰিব লাগে?”

36 কিয়নো সকলো বস্তু তেওঁৰ পৰা, তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণেই হয়; তেওঁৰেই মহিমা চিৰকাল হওক। আমেন।


1ৰা 19:10-18
2গীত 69:22, 23
3ফিলি 2:12; 1 পি 5:5
4যিচ 45:17; 54:7, 8; 59:20, 21; যিৰি 31:31-34; হো 3:5

12

1 এতেকে, হে ভাইসকল, ঈশ্বৰৰ সকলো কৰুণাৰ দ্বাৰাই মই তোমালোকক এই মিনতি কৰো যে, তোমালোকে নিজ নিজ শৰীৰক ঈশ্বৰৰ গ্ৰহণীয়, জীৱিত, আৰু পবিত্ৰ বলি স্বৰূপে উৎসৰ্গ কৰা; এয়েই তোমালোকৰ যুক্তিসঙ্গত আৰাধনা। 2 তোমালোক জগতৰ অনুৰূপ নহবা; কিন্তু নতুন মন কৰাৰ যোগেদি ৰূপান্তৰীত হোৱা, তোমালোকে পৰীক্ষা কৰি জানি লবা কোনটো উত্তম, গ্ৰহণীয় আৰু সিদ্ধ, কিয়নো এয়ে ঈশ্বৰৰ ইচ্ছা৷

3 কিয়নো মোক দিয়া অনুগ্ৰহৰ দ্বাৰাই মই তোমালোকৰ প্ৰত্যেক জনক কওঁ যে, উপযুক্ত বিবেচনাতকৈ কোনেও নিজকে বৰ বুলি বিবেচনা নকৰক; কিন্তু ঈশ্বৰে যাক যি পৰিমাণে বিশ্বাস দিলে, তেওঁ সেই অনুসাৰে নিজৰ বিষয়ে গভীৰ মনেৰে বিবেচনা কৰক।

4 কাৰণ আমাৰ এই শৰীৰত যেনেকৈ অনেক অঙ্গ-প্ৰত্যঙ্গ আছে, অথচ সেই সকলো অঙ্গ-প্ৰত্যঙ্গৰ একে ৰূপৰ কাৰ্য নহয়, 5 তেনেকৈ আমিও অনেক হৈ খ্ৰীষ্টত এক দেহ হওঁ আৰু প্ৰতিজনে পৰস্পৰ অঙ্গ-প্ৰত্যঙ্গ হৈ আছো। 1

6 কিন্তু আমাক দিয়া অনুগ্ৰহৰ দৰে, আমি পৃথক পৃথক অনুগ্ৰহৰ বৰ প্ৰাপ্ত হৈছো৷ 2 সেই বৰ যদি ভাববাণী হয়, তেনেহলে বিশ্বাসৰ পৰিমাণেৰে সেয়া কওঁহক৷ 7 যদি পৰিচৰ্যাৰ বৰ হয়, তেনেহলে পৰিচৰ্যাতে থাকোহঁক; বা শিক্ষা দিওঁতাই শিক্ষা দিয়া কাৰ্যত থাকোহঁক৷ 8 উদগাওঁতাই উদগোৱা কাৰ্যত থাকক; দান দিওঁতাই দানশীলতাৰে দান কৰক; শাসন কৰা জনে যত্নেৰে শাসন কৰক; দয়া কৰা জনে হৰ্ষিত মনেৰে দয়া কৰক। 3

9 প্ৰেম অকল্পিত হওক। যি মন্দ, তাক ঘিণ কৰা; যি উত্তম, তাত আসক্ত হোৱা৷ 10 ভাতৃ-প্ৰেমত পৰস্পৰ স্নেহশীল হোৱা; আৰু সমাদৰ কৰা কথাত ইজনে সিজনতকৈ আগ হোৱা৷ 4

11 যত্নত এলেহুৱা নহবা; আত্মাত উৎসাহী হোৱা; প্ৰভুৰ সেৱাকৰ্ম কৰা৷ 12 আশাত আনন্দ কৰা; ক্লেশত সহনীয় হোৱা; 5 প্ৰাৰ্থনাত লাগি থাকা; 6 13 পবিত্ৰ লোকসকলৰ অভাৱ দূৰ কৰা কথাত, তেওঁলোকৰ সহভাগী হোৱা; অতিথি-সেৱাত আসক্ত হোৱা।

14 যি সকলে তোমালোকক তাড়না কৰে, তেওঁলোকক আশীৰ্বাদ কৰা; শাও নিদি আশীৰ্বাদ কৰা। 7 15 যি সকলে আনন্দ কৰে, তেওঁলোকে সৈতে আনন্দ কৰা; যি সকলে ক্ৰন্দন কৰে, তেওঁলোকে সৈতে ক্ৰন্দন কৰা। 16 তোমালোকৰ পৰস্পৰৰ ভাব একে হওক। বৰ বৰ বিষয়বোৰ চিন্তা নকৰি, সামান্য লোকৰ দৰে চলা 8 ৷ নিজৰ নিজৰ মনত জ্ঞানী নহবা।

17 অপকাৰৰ সলনি কাৰো অপকাৰ নকৰিবা৷ সকলো মানুহে দেখাত যি উত্তম, সেই উত্তমতালৈ চিন্তা কৰা৷ 18 যদি হব পাৰে, তেনেহলে তোমালোকৰ সাধ্য অনুসাৰে সকলো মানুহৰ সৈতে মিলেৰে থাকা।

19 হে প্ৰিয়সকল, তোমালোকে অন্যায়ৰ প্ৰতিকাৰ নকৰিবা, কিন্তু ক্ৰোধলৈ ঠাই থবা; কিয়নো এনেদৰে লিখা আছে, 9 প্ৰভুৱে কৈছে, “প্ৰতিকাৰ কৰা মোৰ কৰ্ম; মইহে প্ৰতিফল দিম।”
20 “কিন্তু যদি তোমাৰ শত্ৰুৰ ভোক লাগে, তেনেহলে তেওঁক ভোজন কৰোৱা;
যদি তেওঁৰ পিয়াহ লাগে, তেনেহলে জল পান খাবলৈ দিয়া;
তেনে কৰিলে তেওঁৰ মূৰত জ্বলি থকা আঙঠা দমাই থবা”। 10
21 কুকৰ্মৰ দ্বাৰাই পৰাজিত নহৈ, সুকৰ্মৰ দ্বাৰাই কুকৰ্মক পৰাজয় কৰা। 11


1কৰি 12:12-18;
2পি 4:10-12
3কৰি 9:7
4ফিলি 2:3
5ৰো 5:3-5; ইব্ৰী 12:1, 2; যাক 1:2-4; 1ম পি 2:19, 20
6লূক 18:1; কল 4:2
7লূক 6:28; 1 কৰি 4:12; 1 পি 2:23; 3:9
8ফিলি 2:3-7
9দ্বি বি 32:45
10হিতো 25:21, 22
11হিতো 16:32; লূক 6:35, 36

13

1 প্ৰত্যেক ব্যক্তিয়ে শাসনকৰ্তা সকলৰ 1 বশীভূত হওক; কিয়নো ঈশ্বৰৰ পৰা নাহলে, কোনোৱে কতৃত্ব নাপায়; আৰু যি যি আছে, সেইবোৰ ঈশ্বৰৰ দ্বাৰাই নিৰূপিত। 2 এতেকে যি জনে সেই ক্ষমতাৰ প্ৰতিৰোধ কৰে, তেওঁ ঈশ্বৰৰ আজ্ঞাৰ প্ৰতিৰোধ কৰে; আৰু যি সকলে প্ৰতিৰোধ কৰে, তেওঁলোকে নিজেই নিজলৈ দণ্ডাজ্ঞা মাতি আনে।

3 কিয়নো শাসনকৰ্তা সকল ভাল কৰ্মলৈ নহয়, কিন্তু কুকৰ্মলৈহে ভয়ৰ কাৰণ হয়। তুমি ক্ষমতালৈ নিৰ্ভয়ে থাকিব খোজা নে? তেনেহলে ভাল কৰ্ম কৰা, তেতিয়াহে প্ৰশংসা পাবা; 4 কিয়নো তোমাৰ ভালৰ কাৰণে, তেওঁ ঈশ্বৰৰ পৰিচাৰক হৈছে। কিন্তু তুমি যদি কুকৰ্ম কৰা, তেনেহলে ভয় কৰিবা; কিয়নো তেওঁ তৰোৱাল বৃথা ধৰিছে, এনে নহয়; কাৰণ তেওঁ ঈশ্বৰৰ পৰিচাৰক, দুৰাচাৰী লোকলৈ ক্ৰোধৰ অৰ্থে তেওঁ প্ৰতিফল দিওঁতা। 5 এই কাৰণে বশীভূত হোৱা, অকল ক্ৰোধৰ ভয়ত নহয়; বিবেকৰ কাৰণেও ঈশ্বৰৰ বশীভূত হোৱা উচিত।

6 আৰু এই কাৰণে তোমালোকে দিব লগীয়া কৰ আদায় দিয়া; কিয়নো তেওঁলোক ঈশ্বৰৰ সেৱক হৈ, সেই কৰ্মতেই লাগি থাকে। 7 যাৰ যি পাব লগীয়া, তেওঁ তাক দিয়া; কৰ দিব লগীয়াক কৰ দিয়া; মাচুল দিব লগীয়াক মাচুল দিয়া; ভয় কৰিব লগা জনক ভয় কৰা; সন্মান কৰিব লগীয়া জনক সন্মান কৰা।

8 পৰস্পৰে প্ৰেম কৰাৰ বাহিৰে, আন কোনো কথাত তোমালোক কাৰো ধৰুৱা নহবা; কিয়নো যি জনে আন লোকক প্ৰেম কৰে, তেওঁ বিধানকো সিদ্ধ কৰিলে। 2 9 কিয়নো “ব্যভিচাৰ নকৰিবা, নৰ-বধ নকৰিবা, চুৰ নকৰিবা, লোভ নকৰিবা” আদি কৰি আন কোনো আজ্ঞাও যদি আছে, তেনেহলে এই কথাতে এইবোৰো পোৱা যায়- “তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা৷” 10 প্ৰেমে চুবুৰীয়াৰ অনিষ্ট সাধন নকৰে; এই কাৰণে প্ৰেমেৰে বিধান পালন কৰা হয়।

11 এই কাৰণে তোমালোকে এই কাল জানা যে, এতিয়াই টোপনিৰ পৰা সাৰ পাবৰ সময় হ’ল; 3 কিয়নো প্ৰথমে যেতিয়া আমি বিশ্বাস কৰিলো, তেতিয়াতকৈ এতিয়া পৰিত্রাণ আমাৰ ওচৰ হ’ল। 12 ৰাতিৰ অধিক ভাগ গল, দিন ওচৰ চাপিল; এই কাৰণে আহাঁ, আন্ধাৰৰ কৰ্ম এৰি থৈ পোহৰৰ সাজ পিন্ধোহঁক। 4

13 ৰঙ্গৰস, মত্ততা, লম্পট আচৰণ, কামাভিলাষ, বিবাদ আৰু ঈৰ্ষা, এইবোৰ ত্যাগ কৰি, দিনৰ উপযুক্ত শিষ্টাচৰণ কৰোহঁক। 5 14 কিন্তু তোমালোকে প্ৰভু যীচু খ্ৰীষ্টৰ সেই নৈতিক চৰিত্ৰ স্বীকাৰ কৰা আৰু অভিলাষ পূৰ্ণ কৰিবৰ বাবে নিজ নিজ মাংসৰ অৰ্থে একো আয়োজন নকৰিবা।


1মথি 22:21; তীত 3:1৷
2গাল 5:14; যাক 2:8৷
3থি 5:4-8; 1 পি 4:7, 8৷
4ইফি 5:11; 6:13-18৷
5গাল 6:8; 1 পি 2:11৷

14

1 যি জন বিশ্বাসত দুৰ্বল, তেওঁক বিচাৰ নকৰি তোমালোকে গ্ৰহণ কৰা; কিন্তু বিভিন্ন মত, বিবাদ, বা সোধবিচাৰ কৰিবৰ অৰ্থে নহয়। 2 কোনো এজনৰ সকলো বস্তু খাবলৈ বিশ্বাস আছে; কিন্তু আনহাতে যি জন দুৰ্বল, তেওঁ কেৱল শাক-পাচলিহে খায়।

3 যি লোকে সকলো খায়, তেওঁ নোখোৱা জনক হেয়জ্ঞান নকৰক আৰু যি জনে নাখায়, তেওঁ খোৱা জনৰ বিচাৰ নকৰক; কিয়নো ঈশ্বৰে তেওঁক গ্ৰহণ কৰিলে। 4 তুমি লোকৰ দাসৰ যে বিচাৰ কৰিছা, তুমি নো কোন? তেওঁ নিজ প্ৰভুৰ আগত হয় থিৰে থাকে নাইবা পৰে; কিন্তু তেওঁক থিৰ কৰা যাব; কিয়নো প্ৰভুৱে তেওঁক থিৰ কৰিব পাৰে।

5 কোনো জনে যদি এটা দিনক আন দিনতকৈ অধিক মান্য কৰে; আনহাতে কোনোৱে সকলো দিনকে সমানে মান্য কৰে, কিন্তু প্ৰতিজনে নিজ নিজ মন বিশ্ৱাসত দৃঢ় কৰি ৰাখক। 6 যি জনে বিশেষ দিন মানে, তেওঁ প্ৰভুৰ উদ্দেশ্যে সেইদিন মানক; যি জনে খায়, তেওঁ প্ৰভুৰ উদ্দেশ্যে খাওক; কিয়নো তেওঁ ঈশ্বৰৰ ধন্যবাদ কৰে৷ যি জনে নাখায়, তেৱোঁ প্ৰভুৰ উদ্দেশ্যে নাখাওঁক; আৰু ঈশ্বৰৰ ধন্যবাদ কৰক।

7 কিয়নো আমাৰ কোনেও নিজৰ কাৰণে জীয়াই নাথাকো আৰু কোনেও নিজৰ কাৰণে নমৰো। 8 কিয়নো যদি আমি জীয়াই থাকো, তেনেহলে প্ৰভুৰ উদ্দেশ্যে জীওঁ; আৰু যদি মৰো, তেনেহলে প্ৰভুৰ উদ্দেশ্যেই মৰো; এই কাৰণে যদিও জীওঁ বা মৰো, আমি প্ৰভুৰেই হৈ আছো। 1 9 কিয়নো মৃত্যু হোৱাসকলৰ আৰু জীৱিত সকলৰ প্ৰভু হবলৈ, খ্ৰীষ্ট মৰিল আৰু জী উঠিল।

10 কিন্তু তুমি কিয় নিজৰ ভায়েৰাৰ সোধবিচাৰ কৰিছা? তোমাৰ ভায়েৰাক নো কিয় হেয়জ্ঞান কৰিছা? কিয়নো আমি সকলোৱে ঈশ্বৰৰ বিচাৰৰ আসনৰ আগত থিয় হম। 2 11 কাৰণ এনেকৈ লিখা আছে, 3 প্ৰভুৱে কৈছে,
“মোৰ জীৱনৰ শপত, প্ৰভুৱে যে কৈছে, সকলোৱে মোৰ আগত আঁঠু লব,
আৰু প্ৰত্যেক জিভাই ঈশ্বৰৰ গৌৰৱ কৰিব।”

12 এনেদৰে আমি প্ৰতিজনে ঈশ্বৰৰ আগত নিজৰ বিষয়ে হিচাব দিব লাগিব।

13 এই কাৰণে আমি কেতিয়াও পৰস্পৰৰ সোধবিচাৰ নকৰিম; কিন্তু ইয়াৰ পৰিৱর্তে তোমালোকে এই বিচাৰ কৰা, কোনেও যেন নিজ ভাইৰ আগত উজুটি খোৱা বস্তু বা ফান্দ পাতি নাৰাখে। 4

14 স্বভাৱতে কোনো বস্তু যে অশুচি নহয়, ইয়াক মই জানো আৰু প্ৰভু যীচুত দৃঢ় বিশ্বাস কৰো; কিন্তু যি জনে যি বস্তু অশুচি বুলি জ্ঞান কৰে, তেওঁলৈ সেই বস্তু অশুচি হয়। 15 কিয়নো তোমাৰ খোৱা বস্তুৰ দ্বাৰাই যদি তোমাৰ ভাই দুঃখিত হয়, তেনেহলে তুমি প্ৰেম আচৰণ কৰা নহল। যি জনৰ কাৰণে খ্ৰীষ্ট মৰিল, সেই জনক তোমাৰ খোৱা বস্তুৰ দ্বাৰাই বিনষ্ট নকৰিবা। 5

16 এতেকে তোমালোকৰ ভাল কর্মবোৰ আন লোকৰ ঠাট্টা বা নিন্দাৰ কাৰণ হবলৈ নিদিবা; 17 কিয়নো ভোজন বা পান কৰাই ঈশ্বৰৰ ৰাজ্য নহয়; 6 কিন্তু ধাৰ্মিকতা, শান্তি আৰু পবিত্ৰ আত্মাৰ আনন্দ, এইবোৰহে ঈশ্বৰৰ ৰাজ্যৰ সাৰ।

18 কাৰণ এই বিষয়ত যি জনে খ্ৰীষ্টৰ সেৱা কৰে, তেওঁ ঈশ্বৰৰ গ্ৰহণকাৰী আৰু ব্যক্তি সকলৰ আগতো পৰীক্ষা সিদ্ধ। 19 এতেকে শান্তিজনক আৰু পৰস্পৰৰ উন্নতি সাধক যি যি আছে, সেইবোৰহে অনুসৰণ কৰো আহাঁ।

20 খোৱা বস্তুৰ কাৰণে ঈশ্বৰৰ কৰ্ম বিনষ্ট নকৰিবা। সকলো বস্তু শুচি; তথাপি যি মানুহে যি ভোজন কৰিলে তেওঁলৈ বিঘিনি জন্মে, সেইটোৱেই তেওঁলৈ মন্দ। 21 মঙহ খোৱা বা দ্ৰাক্ষাৰস পান কৰা বা আন যি কাৰ্যৰ দ্বাৰাই তোমাৰ ভায়েৰাই দোষী হয়, সেইবোৰ নকৰাই উচিত। 7

22 তোমাৰ যি নির্দিষ্ট বিশ্বাসবোৰ আছে, সেইবোৰ তোমাৰ আৰু ঈশ্বৰৰ মাজত ৰাখা। যি জনে যি বিষয়ক যোগ্য জ্ঞান কৰে, সেই বিষয়ত নিজৰ বিচাৰ নকৰা জন ধন্য। 23 কিন্তু সংশয় কৰা জনে যদি খায়, তেনেহলে তেওঁক দোষী কৰা হ’ল; কিয়নো সেয়ে বিশ্বাসমূলক নহয়; আৰু যি যি বিশ্বাসমূলক নহয়, সেই সকলোৱেই পাপ।


1ফিলি 1:20-23৷
2পাঁ 17:31৷
3যিচ 45:23৷
4কৰি 8:8-13; 10:32; যাক 4:11, 12৷
5কৰি 8:10, 11৷
6কৰি 8:8; ইব্ৰী 13:9৷
7কৰি 8:8-13৷

15

1 কিন্তু বলৱন্ত যি আমি, আমি নিজক সন্তুষ্ট নকৰি, দুৰ্বল লোক সকলৰ দূৰ্বলতাৰূপ ভাৰ বোৱা উচিত। 2 আমাৰ প্ৰতিজনে নিজ চুবুৰীয়াক ধৰ্মত বৃদ্ধি কৰিবলৈ, তেওঁৰ ভাললৈ চাই, তেওঁক সন্তুষ্ট কৰক। 1

3 কিয়নো খ্ৰীষ্টও নিজকে নিজে সন্তুষ্ট নকৰিলে; কিন্তু যেনেদৰে লিখা আছে, বোলে, “তোমাক নিন্দা কৰা সকলৰ নিন্দাও মোৰ ওপৰত পৰিল”, ঠিক সেইদৰে হ’ল; 4 কিয়নো আগেয়ে যিবোৰ কথা লিখা হৈছিল, 2 সেইবোৰ আমি ধৈৰ্যৰে আৰু শাস্ত্ৰৰ সান্ত্বনাৰে ভাৰসা পাবলৈ আমাৰ শিক্ষাৰ কাৰণেহে লিখা হৈছিল।

5 খ্ৰীষ্টৰ অনুগামী যি তোমালোক তোমালোকৰ মাজত একতা বৰ্তাই ৰাখিবলৈ ধৰ্য আৰু উৎসাহ দাতা ঈশ্বৰে তোমালোকক তেনে মন দান কৰক। 6 এইদৰে তোমালোকে এক মনেৰে আৰু এক স্বৰেৰে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ প্ৰশংসা কৰা৷

7 এতেকে ঈশ্বৰৰ মহিমাৰ অৰ্থে, যেনেকৈ খ্ৰীষ্টে তোমালোকক গ্ৰহণ কৰিলে, তেনেকৈ তোমালোকেও ইজনে সিজনক গ্ৰহণ কৰা।

8 কিয়নো মই কওঁ, পূৰ্ব্ব-পুৰুষসকলক দিয়া প্ৰতিজ্ঞাবোৰ নিশ্চিত কৰিবলৈ আৰু ঈশ্বৰৰ সত্যতাৰ পক্ষে খ্ৰীষ্টত চুন্নৎ হোৱাসকলৰ পৰিচাৰক কৰা হ’ল 9 আৰু অনা-যিহূদী লোকেও ঈশ্বৰৰ দয়াৰ অৰ্থে তেওঁক গৌৰৱান্বিত কৰিবলৈ, এই বিষয়ে এনে ধৰণে লিখাও আছে, 3
“এই কাৰণে মই অনা-যিহূদীসকলৰ মাজত তোমাৰ স্তুতি কৰিম;
আৰু তোমাৰ নামেৰে গীতো গাম।”

10 আকৌ কৈছে, 4
“হে অনা-যিহূদীসকল, তেওঁলোকৰ সৈতে আনন্দ কৰা।”

11 আকৌ, 5
“প্ৰভুৰ প্ৰশংসা কৰা, হে সকলো অনা-যিহূদী
আৰু সকলোৱে তেওঁৰ প্ৰশংসা কৰা।”

12 আকৌ যিচয়াও কৈছে, 6
“যিচয়ৰ পৰা এনে এটি গজালি ওলাব, 7
যি জনে অনা-যিহূদীসকলৰ ওপৰত শাসন কৰিবলৈ উঠিব,
আৰু তেওঁত অনা-যিহূদী লোকসকলে ভাৰসা কৰিব।”

13 এতেকে তোমালোকে যেন পবিত্ৰ আত্মাৰ শক্তিৰে আশাত উপচি পৰিব পাৰা, তাৰ বাবে আশাৰ আকৰ ঈশ্বৰে তোমালোকক আৰু বিশ্বাস কৰাৰ সকলোকে আনন্দ আৰু শান্তিৰে পৰিপূৰ্ণ কৰক।

14 হে মোৰ ভাইসকল, তোমালোকৰ বিষয়ে মোৰ নিজৰো এই দৃঢ় বিশ্বাস আছে যে, তোমালোক সকলোৱে জ্ঞানত আৰু পৰস্পৰক চেতনা দিবলৈ সমৰ্থ হৈ মঙ্গল ভাৱত পৰিপূৰ্ণ হৈ আছা।

15 কিয়নো ঈশ্বৰে মোক দিয়া এই অনুগ্ৰহৰ কাৰণে, তোমালোকক পুনৰ সোঁৱৰাবলৈ কিছুমান বিষয়ত বেছি সাহসেৰে লিখিলো৷ 16 অনা-যিহূদীসকলে যেন পবিত্ৰ আত্মাৰ দ্বাৰাই পবিত্ৰকৃত নৈবেদ্য স্বৰূপে পৰম গ্ৰহণীয় হয়, এই আশয়েৰে, মই অনা-যিহূদীসকলৰ বাবে খ্ৰীষ্ট যীচুৰ সেৱক ৰূপে, ঈশ্বৰৰ শুভবাৰ্তাৰ পৰিচৰ্যা কৰিবলৈ পালো৷

17 এতেকে, ঈশ্বৰ সম্বন্ধীয় কাৰ্যৰ বিষয়ে, খ্ৰীষ্ট যীচুত মোৰ গৌৰৱ আছে। 18 কিয়নো মই যে কোনো কাম কৰিছো, এনে কথা মই কোৱা নাই৷ মোৰ বাক্য আৰু কাৰ্যৰ দ্বাৰা অনা-যিহূদীসকলক ঈশ্বৰৰ বাধ্য কৰিবৰ বাবে খ্ৰীষ্টই মোৰ যোগেদি যি কৰিছে, ইয়াৰ বাহিৰে আন একো কথা কবলৈ সাহস নকৰো৷ 19 তেওঁ আচৰিত চিন আৰু আলৌকিক কার্য আৰু পবিত্ৰ আত্মাৰ শক্তিৰ দ্ৱাৰাই এই সকলো সাধন কৰিলে; তাতে মই যিৰূচালেমৰ পৰা ইল্লুৰিয়ালৈকে আৰু ইয়াৰ চাৰিওফালে খ্ৰীষ্টৰ শুভবাৰ্তা সম্পূৰ্ণৰূপে প্ৰচাৰ কৰিব পাৰিলো৷

20 এইদৰে য’ত খ্ৰীষ্টৰ নাম কেতিয়াও প্ৰচাৰ কৰা হোৱা নাই, সেই ঠাইত খ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰ কৰাই মোৰ লক্ষ্য৷ অন্য লোকে স্থাপন কৰা ভেটিৰ ওপৰত সাজিবলৈ মই নিবিচাৰিলো৷ 21 যেনেকৈ লিখা আছে, বোলে, 8
“যি সকলৰ আগত তেওঁৰ বিষয়ে সম্বাদ দিয়া নাই, তেওঁলোকে দেখিব,
আৰু যি সকলে শুনা নাই, তেওঁলোকে বুজিব৷”

22 এই কাৰণে মই তোমালোকৰ ওচৰলৈ যাবৰ বাবে অনেকবাৰ বাধা পালো; 23 কিন্তু এতিয়া এইবোৰ অঞ্চলত মোৰ কাৰ্য কৰিবলৈ ঠাই নাই, আৰু বহু বছৰ ধৰি তোমালোকৰ ওচৰত যাবলৈ ইচ্ছা কৰিছিলো৷

24 যেতিয়া মই স্পেইন দেশলৈ যাত্ৰা কৰিম, মই আশা কৰো যে, মই তোমালোকক দেখা পাম আৰু তেতিয়া তোমালোকৰ কথাত কিছু সময় সহভাগীত লাভ কৰি আনন্দিত হৈ, পাছত তোমালোকৰ দ্ৱাৰাই তালৈ আগবঢ়াই থোৱা হম৷ 25 কিন্তু মই এতিয়া পবিত্ৰ লোকৰ পৰিচৰ্যাৰ অৰ্থে যিৰূচালেমলৈ যাওঁ।

26 কিয়নো মাকিদনিয়া আৰু আখায়া দেশীয় লোকসকলে যিৰূচালেমত থকা পবিত্ৰ লোকসকলৰ মাজৰ দৰিদ্ৰ সকলৰ অৰ্থে, কিছু দান কৰিবলৈ ভাল দেখিলে। 9 27 হয়, তেওঁলোকে সেই বিষয়ে সন্তোষজনক দেখিলে আৰু প্ৰকৃততে তেওঁলোকে যিৰূচালেমত থকা পবিত্ৰ লোকসকলৰ ধৰুৱাও আছিল৷ কিয়নো অনা-যিহূদীসকল যদি অপার্থিৱ বিষয়ত তেওঁলোকৰ সহভাগী হ’ল, তেনেহলে পার্থিৱ বিষয়তো তেওঁলোকৰ শুশ্ৰূষা কৰিবলৈ ধৰুৱা হ’ল। 10

28 এতেকে মই যেতিয়া সেই কাৰ্য সমাপ্ত কৰিম, অৰ্থাৎ সেই দান ৰূপ ফল প্ৰমাণ সিদ্ধ কৰি তেওঁলোকক শোধাই দিয়াৰ পাছত, মই স্পেইন দেশৰ যাত্ৰাত থাকোতে তোমালোকৰ ওচৰলৈ যাম। 29 আৰু মই জানো যে, তোমালোকৰ ওচৰলৈ যাওঁতে, খ্ৰীষ্টৰ আশীৰ্বাদৰ পৰিপূৰ্ণতাৰে যাম।

30 হে ভাই সকল, মই অনুৰোধ কৰো, প্ৰভু যীচু খ্ৰীষ্টৰ নামৰ দ্বাৰাই আৰু পবিত্ৰ আত্মাৰ প্ৰেমৰ দ্বাৰাই তোমালোকে মোৰ অৰ্থে, ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰা আৰু মোৰে সৈতে প্ৰাণপণে যত্ন কৰা; 31 যাতে যিহূদিয়াত থকা আজ্ঞা নমনাসকলৰ পৰা মই যেন ৰক্ষা পাওঁ আৰু যিৰূচালেমলৈ মোৰ যি পৰিচৰ্যা, সেয়ে পবিত্ৰ লোকসকলৰ আগত যেন গ্ৰহণীয় হয়৷ 32 আৰু ঈশ্বৰৰ ইচ্ছাৰে তোমালোকৰ ওচৰলৈ আনন্দেৰে গৈ, তোমালোকৰ সৈতে যেন মোৰ প্ৰাণ জুৰাব পাৰিম৷

33 শান্তিৰ আকৰ ঈশ্বৰ তোমালোক সকলোৰে লগত থাকক। আমেন।


1কৰি 10:24; ফিলি 2:4, 5৷
2গীত 69:9৷
3গীত 18:49৷
4দ্ৱি বি 32:43৷
5গীত 117:1৷
6যিচ 11:1, 10৷
7গজালি যিচয়ৰ বংশৰ কোনো এজন লোক৷
8যিচ 52:15৷
9কৰি 8:1-4৷
10কৰি 9:11; গাল 6;6৷

16

1 মই তোমালোকক নিবেদন কৰিছো যে, কিংক্ৰিয়া নগৰৰ মণ্ডলীৰ পৰিচাৰিকা ফৈবি নামেৰে আমাৰ ভনীক, 2 তোমালোকে পবিত্ৰ লোকসকলৰ যোগ্যমতে প্ৰভুত তেওঁক গ্ৰহণ কৰিবা আৰু তোমালোকৰ পৰা যদি কোনো ধৰণৰ সাহায্য বিচাৰে, তেনেহলে সাহায্য দিবা; কিয়নো তেওঁ অনেক লোকৰ সহায় আৰু মোৰ নিজৰো উপকাৰ কৰিছিল।

3 খ্ৰীষ্ট যীচুত মোৰ সহকাৰী হোৱা প্ৰিষ্কা আৰু আক্কিলাক মঙ্গলবাদ দিবা; 4 তেওঁলোকে মোৰ প্ৰাণৰ কাৰণে নিজৰ প্ৰাণ দিবলৈকো সাজু আছিল; মই তেওঁলোকক ধন্যবাদ দিওঁ আৰু কেৱল মই নহয়, অনা-যিহূদীসকলৰ আটাই মণ্ডলীৰ সকলো লোকে তেওঁলোকক ধন্যবাদ দিছে; 5 আৰু তেওঁলোকৰ ঘৰত গোট খোৱা মণ্ডলীকো তোমালোকে মঙ্গলবাদ দিবা। খ্ৰীষ্টৰ উদ্দেশ্যে হোৱা এচিয়া দেশৰ প্ৰথম ফল, মোৰ যি প্ৰিয় ইপেনিত, তেওঁকো মঙ্গলবাদ দিবা।

6 যি মৰিয়মে তোমালোকৰ কাৰণে বহু পৰিশ্ৰম কৰিলে, তেওঁক মঙ্গলবাদ দিবা। 7 মোৰ জ্ঞাতি আৰু লগৰ বন্দীয়াৰ আৰু পাঁচনিসকলৰ মাজত প্ৰসিদ্ধ হোৱা, মোতকৈয়ো আগেয়ে খ্ৰীষ্টত আশ্ৰয় লোৱা, যি আন্দ্ৰনিক আৰু যুনিয়, তেওঁলোকক মঙ্গলবাদ দিবা। 8 প্ৰভুত মোৰ প্ৰিয় আমপ্লিয়াতক মঙ্গলবাদ দিবা।

9 খ্ৰীষ্টত আমাৰ সহকাৰী উৰ্ব্বাণক আৰু মোৰ প্ৰিয় স্তাখুক মঙ্গলবাদ দিবা। 10 খ্ৰীষ্টত পৰীক্ষাসিদ্ধ, আপিল্লিক মঙ্গলবাদ দিবা। আৰিষ্টবুলৰ পৰিয়ালক মঙ্গলবাদ দিবা। 11 মোৰ জ্ঞাতি হেৰুদিয়োনক মঙ্গলবাদ দিবা। নাৰ্কিচহঁতৰ যি সকল প্ৰভুত আছে, তেওঁলোকক মঙ্গলবাদ দিবা। 12 প্ৰভুত পৰিশ্ৰমকাৰিণী ত্ৰুফেনা আৰু ত্ৰুফোচাক মঙ্গলবাদ দিবা। যি প্ৰিয় পৰ্চীয়ে প্ৰভুত বহু পৰিশ্ৰম কৰিলে, তেওঁক মঙ্গলবাদ দিবা। 13 প্ৰভুত মনোনীত ৰূফক, আৰু মোৰ মাতৃ স্বৰূপা তেওঁৰ মাকক মঙ্গলবাদ দিবা। 14 অচুঙ্কৃত, ফ্লিগোন, হৰ্ম্মা, পাত্ৰোবা, হৰ্ম্মি, আৰু এওঁলোকৰ লগৰ ভাইসকলক মঙ্গলবাদ দিবা।

15 ফিললগ, যুলিয়া, নীৰিয় আৰু তেওঁৰ ভনীয়েক আৰু ওলুম্প, এওঁলোকক আৰু এওঁলোকৰ লগত থকা সকলো পবিত্ৰ লোককো মঙ্গলবাদ দিবা। 16 তোমালোকে পৰস্পৰে পবিত্ৰ চুমাৰে মঙ্গলবাদ কৰিবা। খ্ৰীষ্টৰ সকলো মণ্ডলীয়ে তোমালোকক মঙ্গলবাদ কৰিছে।

17 হে ভাইসকল, মই তোমালোকক মিনতি কৰো যে, যি সকলে দল দল হৈ গোট সৃষ্টি কৰি পাপক প্ৰৰোচিত কৰে, তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখিবা৷ তোমালোকে যি সত্যৰ শিক্ষা পালা, তেওঁলোক সেই শিক্ষাৰ বিপৰীত; এনেকুৱা লোকৰ পৰা তোমালোক দূৰত থাকিবা৷ 1 18 কিয়নো তেনেকুৱা লোকে আমাৰ প্ৰভু খ্ৰীষ্টৰ সেৱাকৰ্ম নকৰি, নিজ নিজ পেটৰ সেৱাকৰ্ম কৰে; আৰু মধুৰ বাক্য আৰু সুন্দৰ কথাৰে নির্দোষী লোকৰ মন ভুলায়।

19 কিয়নো তোমালোকৰ আজ্ঞাধীনতাৰ কথা সকলো ঠাইতে বিয়পি পৰিছে। সেয়েহে মই তোমালোকৰ কথাত আনন্দ কৰো; কিন্তু তোমালোক উত্তম বিষয়ত জ্ঞানী আৰু মন্দ বিষয়ত যেন শুদ্ধ হোৱা, এয়ে মোৰ বাঞ্ছা। 20 আৰু শান্তিৰ আকৰ ঈশ্বৰে অতি সোণকালে চয়তানক তোমালোকৰ ভৰিৰ তলত মৰ্দ্দন কৰিব। 2 আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ তোমালোকৰ লগত থাকক।

21 মোৰ সহকাৰী তীমথিয় আৰু স্বজাতীয় লুকিয়া, যাচোন আৰু চোচিপাত্ৰ, এওঁলোকে তোমালোকক মঙ্গলবাদ জনাইছে। 22 আৰু এই পত্ৰ লিখক মই তৰ্ত্তিয়ই, প্ৰভুত তোমালোকক মঙ্গলবাদ কৰিছো।

23 মোৰ আৰু গোটেই মণ্ডলীৰ আলহী শুশ্ৰূষা কৰোঁতা গায়ে তোমালোকক মঙ্গলবাদ কৰিছে। এই নগৰৰ ভঁৰালী ইৰাস্তচে আৰু ক্বাৰ্ত্ত ভায়ে তোমালোকক মঙ্গলবাদ কৰিছে। 24 আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ তোমালোক সকলোলৈ হওক৷ 3

25 এতিয়া যীচু খ্ৰীষ্টৰ বিষয়ে যি শুভবাৰ্তা মই প্রচাৰ কৰিলো, সেই শুভবাৰ্তাৰ মাধ্যমত তোমালোকক স্থিৰ ৰাখিবলৈ ঈশ্বৰৰ ক্ষমতা আছে৷ অনাদি কালৰে পৰা ঈশ্বৰে তেওঁৰ ৰহস্য গোপনে ৰাখিছিল, কিন্তু এতিয়া শুভবাৰ্তাৰ মাধ্যমত সেয়া প্ৰকাশ পালে আৰু সেইদৰেই মই প্ৰচাৰো কৰিলো৷ 26 সম্প্ৰতি অনাদি ঈশ্বৰৰ আজ্ঞাৰ দৰে ভাববাদীসকলে লিখা শাস্ত্ৰৰ দ্বাৰাই এতিয়া প্ৰকাশিত হ’ল আৰু আজ্ঞাধীনতাৰ কাৰণে সকলো অনা-যিহূদী লোকৰ আগত জনোৱা হ’ল৷ 27 যি একমাত্ৰ প্ৰজ্ঞাৱান ঈশ্বৰ, যীচু খ্ৰীষ্টৰ দ্বাৰাই, তেওঁৰেই মহিমা চিৰকাল হওক। আমেন।


1থি 3:6, 14৷
2আদি 3:15; প্ৰ 12:9, 10৷
3কিছুমান পুৰণি অনুলিপিত এইদৰে লিখা আছে