Assamese: Assamese Unlocked Literal Bible Print

Updated ? hours ago # views See on WACS
ইফিচীয়া পত্ৰ
ইফিচীয়া পত্ৰ
1

1 মই পৌল, ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই খ্ৰীষ্ট যীচুৰ নিযুক্ত এজন পাঁচনি। ইফিচত থকা ঈশ্বৰৰ আৰু খ্ৰীষ্ট যীচুত বিশ্বাস কৰা পবিত্ৰ লোক সকলৰ সমীপলৈ; 2 আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টই তোমালোকক অনুগ্ৰহ আৰু শান্তি দান কৰক।

3 আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰৰ প্রশংসা হওক। তেওঁ স্বর্গীয় ঠাইবোৰত সকলো আত্মিক আশীর্বাদেৰে সৈতে খ্রীষ্টত আমাক আশীর্বাদ কৰিলে। 4 জগত সৃষ্টিৰ পূর্বতে ঈশ্বৰে খ্রীষ্টত বিশ্বাস কৰা সকলক মনোনীত কৰিলে। আমি যেন ঈশ্বৰৰ দৃষ্টিত পবিত্ৰ আৰু নিষ্কলঙ্ক হওঁ, এই কাৰণে তেওঁ আমাক মনোনীত কৰিলে। 5 ঈশ্বৰে প্রেমৰ দ্বাৰা পূর্বৰে পৰা আমাক যীচু খ্রীষ্টৰ মাধ্যমেদি নিজৰ তোলনীয়া সন্তান ৰূপে নিৰূপণ কৰিলে। এই কার্য ঈশ্বৰে আনন্দেৰে নিজৰ মনোবাঞ্ছাৰে সম্পন্ন কৰিলে। 6 ঈশ্বৰে এই সকলো কৰিলে, যাতে তেওঁৰ প্ৰিয় যীচু খ্রীষ্টত আমাক যি অনুগ্ৰহ বিনামূল্যে দান কৰিলে, সেই গৌৰৱময় অনুগ্ৰহৰ প্ৰশংসা হয়। 7 কিয়নো ঈশ্বৰৰ সেই প্ৰিয় জনত, তেওঁৰ তেজৰ দ্বাৰা আমি মুক্তি পালোঁ; তেওঁৰ উপচি পৰা অনুগ্রহৰ দ্বাৰা আমি পাপৰ ক্ষমা পালোঁ। 8 সেই অনুগ্ৰহ তেওঁ আমালৈ সকলো জ্ঞান আৰু বুদ্ধিত উপচাই দিলে।

9 খ্রীষ্টত কার্য সম্পন্ন কৰাৰ পৰিকল্পনাৰে ঈশ্বৰে নিজ ইচ্ছা অনুসাৰে তেওঁৰ পৰিকল্পনাৰ গোপনীয়তা আমাৰ আগত প্রকাশ কৰিলে। 10 ঈশ্বৰে স্থিৰ কৰি ৰাখিছিলে যে নিৰূপিত সময় পূর্ণ হলে পৰিকল্পনাৰ কার্য-সাধনৰ অর্থে তেওঁ স্বৰ্গত আৰু পৃথিৱীত থকা সকলোকে মিলন কৰাই খ্ৰীষ্টৰ অধীনলৈ আনিব। 11 ঈশ্বৰে নিজৰ ইচ্ছাৰ মন্ত্রণা অনুসাৰে সকলো কার্য সাধন কৰে। তেওঁৰ পৰিকল্পনাৰ দৰে আগেয়ে যি যি স্থিৰ কৰি ৰাখিছিল, সেই দৰেই তেওঁ আমাক খ্রীষ্টত মনোনীত কৰি ললে। 12 আমি যি সকলে আগেয়ে খ্ৰীষ্টত আশা ৰাখিছো, সেই সকলৰ পৰাই যেন তেওঁৰ মহিমাৰ প্ৰশংসা হয়, সেই বাবেই তেওঁ আমাক মনোনীত কৰি ললে। 13 তোমালোকেও খ্রীষ্টতে সত্যৰ বাক্য, পৰিত্রাণ লাভৰ শুভবার্তা শুনি তেওঁত বিশ্বাস কৰিলা। তোমালোকক উত্তৰাধিকাৰৰ অর্থে ঈশ্বৰৰ প্ৰতিজ্ঞাযুক্ত পবিত্ৰ আত্মাৰে মোহৰ মৰা হ’ল। 14 ঈশ্বৰে যি সকলো প্রতিজ্ঞা কৰিছে, সেই সকলো প্ৰতিজ্ঞা সম্পূর্ণকৈ প্রাপ্তি নোহোৱালৈকে সেই আত্মা আমাৰ উত্তৰাধিকাৰৰ বইনা স্বৰূপ হৈ আছে। এই সকলোবোৰৰ দ্বাৰাই ঈশ্বৰৰ মহিমাৰ প্রশংসা হব।

15 এই কাৰণে মই যেতিয়াৰে পৰা প্ৰভু যীচুত তোমালোকৰ বিশ্বাসৰ কথা আৰু ঈশ্বৰৰ মনোনীত পবিত্র লোক সকলৰ প্রতি তোমালোকৰ প্ৰেমৰ কথা শুনিলো, 16 তেতিয়াৰে পৰা মই তোমালোকৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিবলৈ আৰু মোৰ প্ৰাৰ্থনা কালত তোমালোকৰ নাম উল্লেখ কৰিবলৈ এৰা নাই। 17 মই এই প্রার্থনা কৰোঁ যেন, তোমালোকক আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ঈশ্বৰ অর্থাৎ, সেই গৌৰৱময় পিতৃয়ে আত্মিক জ্ঞান দিয়ক আৰু তেওঁক বুজিবলৈ নিজৰ তত্ব-জ্ঞান প্রকাশ কৰক। 18 ঈশ্বৰৰ আমন্ত্রণৰ যি আশা আৰু মনোনীত পবিত্র লোক সকলৰ মাজত তেওঁৰ যি উত্তৰাধিকাৰৰ প্ৰতাপৰূপ ধন, তাক তোমালোকৰ হৃদয়ৰ ঐশ্বৰিক চকুৱে যেন দেখা পায়; 19 লগতে ঈশ্বৰৰ শক্তিৰ কার্যসাধক গুণ অনুসাৰে বিশ্বাস কৰা যি আমি, আমাৰ মাজত তেওঁৰ শক্তিৰ যি মহা আত্মাৰ দ্বাৰাই কাৰ্য কৰিছে, সেই বিষয়েও যেন তোমালোকে জানিব পাৰা তাৰ বাবে তোমালোকৰ চকু মুকলি হওঁক। 20 সেই মহাশক্তিৰেই তেওঁ মৃত লোকৰ মাজৰ পৰা খ্রীষ্টক তুলিলে আৰু নিজৰ সোঁ হাতে স্বর্গীয় ঠাইত বহুৱালে। 21 সকলো শাসন, ক্ষমতা, পৰাক্ৰম, আৰু প্ৰভুত্ব আদি কৰি যিমান নাম ইহলোক আৰু পৰলোকত উল্লেখ কৰা যায়, সেই সকলো নামৰ উর্দ্ধত খ্রীষ্টৰ নাম স্থাপিত হ’ল। 22 ঈশ্বৰে সকলোকে খ্রীষ্টৰ চৰণৰ তলত বশীভূত কৰিলে আৰু তেওঁকেই সকলোৰে মূৰ কৰি মণ্ডলীক দান কৰিলে; 23 সেই মণ্ডলী তেওঁৰ শৰীৰ; তেওঁৰ পৰিপূর্ণতাই সকলো বিষয় সকলো প্রকাৰে পূর্ণ কৰে।

2

1 পূর্বতে তোমালোক নিজ নিজ অপৰাধ আৰু পাপবোৰত মৰি আছিলা। 2 এইবোৰৰ সৈতে তোমালোকে জীৱন-যাপন কৰি জগতৰ নিয়ম অনুসাৰে চলি আছিলা। তোমালোকে আকাশৰ মন্দ শক্তিৰ অধিকাৰীৰ অনুসৰণকাৰী হৈ, অবাধ্যতাৰ সন্তান সকলৰ জীৱনত কার্য কৰি থকা অশুচি আত্মাৰ দৰে চলি আছিলা। 3 আমি সকলোৱেই এসময়ত মাংস আৰু মনৰ ইচ্ছাৰে কার্য কৰিছিলোঁ আৰু আমাৰ মাংসিক কু-অভিলাষবোৰৰ কামনা পূর্ণ কৰি সেই বিশ্বাসবিহীন লোক সকলৰ মাজত জীয়াই আছিলোঁ। আমিও আন সকলোৰে নিচিনা, স্বভাবতে ঈশ্বৰৰ ক্ৰোধৰ সন্তান আছিলোঁ। 4 কিন্তু দয়া ধনেৰে ধনৱান ঈশ্বৰে যি মহা প্ৰেমেৰে আমাক প্ৰেম কৰিলে, 5 তাৰ কাৰণে আমি অপৰাধত মৰি থকা কালতেই, খ্ৰীষ্টেৰ সৈতে তেওঁ আমাক নতুন জীৱন দিলে; অনুগ্ৰহেৰে তোমালোকে পৰিত্ৰাণ পালা; 6 তেওঁ আমাক খ্রীষ্টে যীচুৰ সৈতে তুলিলে আৰু খ্রীষ্ট যীচুৰ সৈতে স্বর্গীয় ঠাইবোৰত বহুৱালে। 7 ঈশ্বৰে এই কাম কৰিলে, যাতে খ্রীষ্ট যীচুত আমাৰ বাবে তেওঁৰ যি স্নেহ, তাৰ দ্বাৰাই যেন ভাবী যুগত তেওঁৰ অনুগ্রহৰ মহা ধন যুগে যুগে প্রকাশ কৰিব পাৰে। 8 কিয়নো অনুগ্ৰহৰ যোগেদি বিশ্বাসৰ দ্বাৰা তোমালোকে পৰিত্ৰাণ পালা; আৰু সেয়ে আমাৰ পৰা নহয়; কিন্তু ঈশ্বৰৰহে দান। 9 কোনেও যেন গর্ব কৰিব নোৱাৰে, সেয়ে কর্মৰ পৰাও নহয়। 10 কিয়নো আমি ঈশ্বৰৰ কাৰিকৰী; যি সৎ কাম ঈশ্বৰে আমাৰ কাৰণে আগেয়ে প্রস্তুত কৰিলে, সেই পথত চলিবলৈ আৰু সৎ কাম কৰিবলৈ ঈশ্বৰে আমাক খ্রীষ্ট যীচুত সৃষ্টি কৰিলে।

11 মনত ৰাখিবা যে, মাংসত তোমালোক অনা-যিহুদী লোক আছিলা; মাংসত হাতেৰে যি সকলৰ চুন্নৎ কৰা হৈছে অর্থাৎ যি সকলে নিজকে চুন্নৎ কৰা লোক বুলি কয়, তেওঁলোকে তোমালোকক অচুন্নৎ লোক বুলি কৈছিল। 12 সেই সময়ত তোমালোক খ্রীষ্টৰ পৰা পৃথক হৈ আছিলা; তোমালোক ইস্ৰায়েলৰ নাগৰিক নাছিলা; প্ৰতিজ্ঞাযুক্ত বিধান সমূহৰ লগত তোমালোকৰ কোনো সম্বন্ধ নাছিল; তোমালোকৰ আশাও নাছিল; এই পৃথিৱীত তোমালোক ঈশ্বৰবিহীন আছিলা। 13 আগেয়ে তোমালোক ঈশ্বৰৰ পৰা বহুত দূৰৈত আছিলা, কিন্তু এতিয়া খ্ৰীষ্ট যীচুত থকাৰ কাৰণে তেওঁৰ তেজৰ দ্বাৰা ঈশ্বৰৰ ওচৰলৈ অনা হ’লা। 14 তেৱেঁই আমাৰ শান্তি। কিয়নো তেওঁ যিহুদী আৰু অনা-যিহুদী উভয়কে এক কৰিলে। খ্রীষ্টই ক্রুচত নিজৰ দেহ উৎসর্গ কৰি আমাৰ পৰস্পৰৰ মাজৰ ঘৃণা আৰু শত্রুতাৰ প্রাচীৰ ভাঙি পেলালে। 15 খ্রীষ্ট যীচুৱে সমস্ত আজ্ঞা আৰু বিধান লোপ কৰিলে, যাতে দুই দলৰ পৰা তেওঁ এক নতুন লোকৰ সৃষ্টি কৰিব পাৰে আৰু তাৰ দ্বাৰাই শান্তি স্থাপন হয়। 16 তেওঁলোকৰ মাজত থকা শত্রুতাৰ অৱসান ঘটাই ক্ৰুচৰ দ্বাৰাই উভয় পক্ষক এক দেহত ঈশ্বৰে সৈতে মিলন কৰিবৰ কাৰণে তেওঁ এইদৰে কৰিলে। 17 এই বাবেই খ্রীষ্টই আহি তোমালোক যি সকলে দূৰৈত আছিলা, তোমালোকৰ আগতো শুভবার্তা আৰু তেওঁৰ শান্তি প্রচাৰ কৰিলে আৰু যি সকল ওচৰত আছিল তেওঁলোকৰ আগতো শান্তি প্রচাৰ কৰিলে। 18 কিয়নো খ্রীষ্টৰ মাধ্যমেদি আমি উভয় পক্ষৰ লোকে এক আত্মাৰে পিতৃৰ ওচৰলৈ যাবৰ বাবে অধিকাৰ পালোঁ।

19 হে অনা-যিহুদী সকল, তোমালোক এতিয়াৰ পৰা পুনৰ অতিথি বা বিদেশী নোহোৱা, কিন্তু ঈশ্বৰৰ পবিত্ৰ লোকৰ সৈতে তোমালোকো সহ-নাগৰিক আৰু ঈশ্বৰৰ পৰিয়াল স্বৰূপ হৈছা। 20 এইবোৰৰ ভিত্তিমূল পাঁচনি আৰু ভাৱবাদী সকল; খ্ৰীষ্ট যীচু স্বয়ং সেই ভিত্তিমূলৰ চুকৰ প্রধান শিল আৰু সেই ভিত্তিমূলৰ ওপৰতে তোমালোক গঁথা হৈ আছা। 21 যীচুৰ শক্তিত ঈশ্বৰৰ পৰিয়ালৰ সকলো গাঁথনি একেলগে সংলগ্ন হৈ, প্রভুৰ কাৰণে এক পবিত্ৰ গৃহ স্বৰূপে বৃদ্ধি পাইছা৷ 22 তেওঁতেই তোমালোক একেলগে গঁথা হৈ, আত্মাত ঈশ্বৰৰ এক আবাস ৰূপে গঢ়ি উঠিছা।

3

1 এই কাৰণে মই পৌল, তোমালোক অনা-যিহুদী লোকৰ কাৰণে খ্রীষ্ট যীচুৰ এজন বন্দী। 2 তোমালোকে শুনিছা যে তোমালোকৰ কাৰণে ঈশ্বৰৰ অনুগ্ৰহৰ কার্যৰ ভাৰ তেওঁ মোক দিলে। 3 ঈশ্বৰে তেওঁৰ সত্যৰ নিগূঢ়-তত্ব মোক জানিবলৈ দিলে। এই বিষয়ে মই তোমালোকলৈ আগেয়ে অলপ লিখিছিলো। 4 তোমালোকে সেইবোৰ পঢ়িলে, খ্ৰীষ্ট সম্বন্ধীয় সত্যৰ এই নিগূঢ় তত্বত মোৰ অন্তর্দৃষ্টি বুজিব পাৰিবা। 5 সেই নিগূঢ় তত্ব আত্মাৰ দ্বাৰা এতিয়া যিভাৱে তেওঁৰ পবিত্র ভাৱবাদী আৰু পাঁচনি সকলৰ ওচৰত প্রকাশ কৰা হ’ল, আগৰ যুগৰ ব্যক্তি সকলৰ ওচৰত এই ভাবত জনোৱা হোৱা নাছিল। 6 সেই নিগূঢ়-তত্ব এই- শুভবার্তাৰ দ্বাৰাই অনা-যিহুদী সকল খ্ৰীষ্ট যীচুত সৈতে যোগ হৈ যিহুদী সকলৰ সৈতে সহ অধিকাৰী, এক শৰীৰৰ সদস্য আৰু প্ৰতিজ্ঞাত সহভাগী হয়। 7 ঈশ্বৰে নিজৰ পৰাক্ৰম কাৰ্য সাধন কৰি মোক যি অনুগ্রহ দিলে, ঈশ্বৰৰ সেই বিশেষ অনুগ্ৰহ দানৰ ফলত শুভবার্তা প্রচাৰ কৰাৰ কাৰণে মই এজন দাস হ’লো।

8 ঈশ্বৰৰ পবিত্ৰ লোক সকলৰ মাজত মই অতি নগণ্যতকৈও নগণ্য; তথাপি ঈশ্বৰে মোক এই বৰ দান কৰিলে, যাতে মই খ্রীষ্টত থকা ধাৰণাতীত সম্পদৰ শুভবার্তা অনা-যিহুদী সকলৰ ওচৰলৈ গৈ ঘোষণা কৰোঁ; 9 আৰু সকলো বস্তুৰে সৃষ্টিকর্তা ঈশ্বৰৰ নিগূঢ় পৰিকল্পনাৰ কথা সকলোকে জনাওঁ৷ এই নিগূঢ় সত্য পূৰ্ব কালৰে পৰা ঈশ্বৰৰ দ্বাৰা গুপ্ত আছিল।

10 ঈশ্বৰৰ ইচ্ছা এই যেন মণ্ডলীৰ যোগেদি স্বর্গীয় স্থানবোৰত আধিপত্য আৰু ক্ষমতা প্রাপ্ত শাসনকৰ্তা সকলৰ ওচৰত ঈশ্বৰৰ জ্ঞান জনোৱা হয়; 11 তাতে তেওঁ আমাৰ খ্রীষ্ট যীচুত নিজৰ অনন্ত কালৰ পৰিকল্পনা অনুসাৰে কার্য কৰিলে। 12 খ্রীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই আমি সাহস আৰু দৃঢ় প্ৰত্যয়েৰে সৈতে ঈশ্বৰৰ সন্মুখলৈ আহিব ক্ষমতা পালোঁ। 13 গতিকে মোৰ নিবেদন এই যে, তোমালোকৰ কাৰণে মই ক্লেশ ভোগ কৰিছোঁ বাবে তোমালোক যেন নিৰুৎসাহ নোহোৱা; কাৰণ সেই সকলোবোৰ তোমালোকৰ গৌৰৱৰ বাবেই হৈছে।

14 এই কাৰণে মই পিতৃৰ ওচৰত আঁঠু লৈছোঁ। 15 সেই পিতৃৰ পৰাই স্বৰ্গত আৰু পৃথিৱীত প্রত্যেক পৰিয়ালে প্ৰকৃত নাম পাইছে। 16 ঈশ্বৰে নিজৰ প্ৰতাপৰ ধন অনুসাৰে এনে শক্তি তোমালোকক দান কৰক যাতে, তেওঁৰ আত্মাৰ দ্বাৰাই তোমালোকৰ আন্তৰিক পুৰুষ শক্তিশালী হয়। 17 বিশ্বাসৰ দ্বাৰাই তোমালোকৰ হৃদয়বোৰত খ্ৰীষ্ট নিবাস কৰক, যাতে তোমালোক তেওঁৰ প্রেমৰ ভিত্তিমূলত শিপা ধৰি সুদৃঢ় হোৱা। 18 তাতে তোমালোক আৰু ঈশ্বৰৰ সকলো পবিত্র লোক সকলে যেন খ্রীষ্টৰ প্রেমৰ গভীৰতা, উচ্চতা, দৈর্ঘ্য আৰু বিস্তাৰতা বুজি পাব পাৰা। 19 তোমালোকে জানিব পাৰা যি কোনো ব্যক্তিৰ প্ৰেমতকৈ খ্ৰীষ্টৰ প্ৰেম অতি গভীৰ, অদ্বিতীয় অৰু মহান। মোৰ প্ৰাৰ্থনা তোমালোকে যেন তেওঁৰ সেই প্ৰেম জানা আৰু ঈশ্বৰৰ সকলো পূৰ্ণতাৰে তোমালোক পৰিপূৰ্ণ হোৱা।

20 আমাৰ হৃদয়ত ঈশ্বৰৰ যি শক্তিয়ে কার্য কৰে, তেওঁ সেই শক্তি অনুসাৰে আমি যি যাচনা কৰোঁ বা চিন্তা কৰোঁ, সেয়ে আমাৰ অন্তৰত কাৰ্য কৰে। 21 মণ্ডলীত আৰু খ্ৰীষ্ট যীচুতো, যুগে যুগে, সদাসর্ব্বদায় তেওঁৰেই মহিমা হওক। আমেন।

4

1 এতেকে প্ৰভুত বন্দীয়াৰ যি মই; মই তোমালোকক এই মিনতি কৰোঁ যে, ঈশ্বৰে যি আমন্ত্রণেৰে তোমালোকক আমন্ত্রিত কৰিলে; সেই আমন্ত্ৰণৰ যোগ্য আচৰণ কৰি জীৱন-যাপন কৰা। 2 তোমালোকে সকলো সময়তে নম্ৰ ভাৱে, মৃদুতাৰে আৰু সহিষ্ণুতাৰে প্ৰেমত থাকি পৰস্পৰক গ্ৰহণ কৰা। 3 শান্তিৰ বন্ধনত থাকি আত্মাৰ ঐক্য ৰাখিবলৈ যত্নৱান হোৱা।

4 শৰীৰ এক আৰু আত্মাও এক; ঠিক সেইদৰে তোমালোক সকলো এক আমন্ত্রণৰ আশাৰ কাৰণে আমন্ত্ৰিত হ’লা৷ 5 প্ৰভু এক, বিশ্বাস এক , বাপ্তিস্মও এক আৰু 6 এজনাই ঈশ্বৰ, যি জন সকলোৰে পিতৃ; তেওঁ সকলোৰে ওপৰত, সকলোতে ব্যাপ্ত আৰু সকলোৰে অন্তৰত আছে।

7 খ্ৰীষ্টই যি পৰিমাণৰ বৰ দান আমাৰ কাৰণে ৰাখিছে, সেই পৰিমাণ অনুসাৰে আমাক প্ৰতিজনকে দান কৰিছে। 8 শাস্ত্রত লিখাৰ দৰে,
তেওঁ ওপৰলৈ উঠিল,
বন্দীয়াৰ সকলক বন্দী কৰি নিলে, আৰু লোক সকলক নানা বৰ দান দিলে।

9 যেতিয়া কোৱা হৈছে, “তেওঁ ওপৰলৈ উঠিল” ইয়াৰ অর্থ কি? এই কথাত এইটোৱে বুজা নাযায় নে, যে তেওঁ পৃথিৱীৰ তল ভাগলৈও নামিছিল? 10 যি জন নামিছিল, তেওঁ সেই একেই ব্যক্তি; যি জনে সকলো পূর্ণ কৰিবৰ কাৰণে স্বৰগৰ ওপৰলৈ উঠিল।

11 সেই খ্ৰীষ্টই লোক সকলক এইৰূপে বৰ দান দিলে; কিছুমানক পাঁচনি, কিছুমানক ভাৱবাদী, কিছুমানক শুভবার্তা প্ৰচাৰক, কিছুমানক পালক আৰু শিক্ষক হবলৈ ক্ষমতা দিলে। 12 ঈশ্বৰৰ পবিত্ৰ লোক সকলক প্রস্তুত কৰিবৰ বাবে পৰিচর্যাৰ কার্য কৰিবলৈ আৰু খ্ৰীষ্টৰ শৰীৰ বৃদ্ধি কৰিবলৈ তেওঁ এই সকলো বৰ দান দিলে। 13 যেতিয়ালৈকে আমি সকলোৱে ঈশ্বৰৰ পুত্ৰ বিষয়ক বিশ্বাসৰ আৰু জ্ঞানৰ ঐকতাত এক নহও আৰু সম্পূর্ণ সিদ্ধতা অর্থাৎ খ্ৰীষ্টৰ নিচিনাকৈ সম্পূর্ণ সিদ্ধ নহওঁ, তেতিয়ালৈকে আমি কার্য কৰি বৃদ্ধি পাই থাকিম।

14 তেতিয়া আমি পুনৰ শিশুৰ নিচিনা হৈ নাথাকো। ভ্রান্তিজনক প্রৱঞ্চনাৰ ধূর্ততাত মানুহৰ ছলনাৰ দ্বাৰা ভুল শিক্ষা পাই বতাহত ঢলং-পলং হৈ ইফালে সিফালে নিয়া নহওঁ। 15 কিন্তু প্ৰেমৰ সৈতে সত্য কথা কম আৰু সকলো ভাৱে যি খ্ৰীষ্ট মূৰ স্বৰূপ, তেওঁৰ উদ্দেশ্যে সকলো বিষয়ত আমি বৃদ্ধি পাম। 16 মানুহৰ শৰীৰৰ অঙ্গবোৰ যেনেদৰে একেলগে যুক্ত হৈ থাকে আৰু সেইবোৰে কৰণীয় কার্য সাধন কৰি গোটেই শৰীৰৰ বৃদ্ধি কৰে, সেইদৰে খ্ৰীষ্টৰ পৰা উৎপন্ন হোৱা সকলো বিশ্বাসী, খ্ৰীষ্টৰ শৰীৰত সংযুক্ত আৰু সংলগ্ন হৈ পৰস্পৰৰ সৈতে প্ৰেমত একত্ৰিত হৈ বৃদ্ধি সাধন কৰে। কিয়নো শৰীৰৰ অঙ্গ-প্রত্যঙ্গ পৰস্পৰৰ ওপৰত নির্ভৰশীল।

17 এতেকে প্ৰভু যীচুৰ হৈ মই দৃঢ়ভাৱে কওঁ যে, বিশ্বাস নকৰা অনা-যিহুদী লোক সকলৰ দৰে তোমালোকে জীৱন-যাপন নকৰিবা। কিয়নো তেওঁলোকৰ মনৰ চিন্তা অসাৰ। 18 কিয়নো ভাল-বেয়া বিষয়ত তেওঁলোকৰ হৃদয় অন্ধকাৰময় আছিল। তেওঁলোকে হৃদয়েৰ কঠিনতাৰ কাৰণে তেওঁৰ বার্তা শুনিবলৈ নিবিচাৰে আৰু সেই বাবেই যীচুৱে আমাক দিয়া অনন্ত জীৱনৰ পৰা তেওঁলোক বঞ্চিত হৈ থাকে। 19 তেওঁলোকৰ বিবেক অসাৰ হৈছে; তেওঁলোক সকলো প্রকাৰৰ লোভত পৰি অশুচি কর্মবোৰত লিপ্ত হৈ কামনাৰ হাতত নিজক শোধাই দিছে।

20 কিন্তু তোমালোক হলে খ্ৰীষ্টৰ বিষয়ে এইবোৰ শিক্ষা পোৱা নাই; 21 তোমালোকে তেওঁৰ বিষয়ে শুনিছা আৰু যীচুত থকা সত্যতাৰ বিষয়েও শিক্ষা পাইছা, 22 তোমালোকে প্ৰৱঞ্চনাপূর্ণ অভিলাষত নষ্ট হোৱা পুৰাতন পুৰুষ অৰ্থাৎ পূর্বকালৰ জীৱন-যাপনৰ বন্ধন সোলোকাই থবলৈ শিক্ষা পালা। 23 সেই শিক্ষা অনুসাৰে তোমালোক যেন নিজৰ নিজৰ মনৰ আত্মাত পুনৰায় নতুন হৈ, 24 সত্যতাৰ ধাৰ্মিকতা আৰু পবিত্ৰতাত ঈশ্বৰৰ প্ৰতিমূৰ্তিৰ দৰে সৃষ্ট হোৱা নতুন পুৰুষক যেন পিন্ধা।

25 সেয়ে, তোমালোকে মিছা এৰি, প্ৰতিজনে নিজ নিজ ওচৰ চুবুৰীয়াই সৈতে সত্য আলাপ কৰা; কিয়নো আমি ইজনে সিজনৰ অঙ্গ- প্ৰত্যঙ্গ হৈ আছোঁ। 26 ক্ৰুদ্ধ হৈ তাৰ প্ৰভাৱত পাপ নকৰিবা, বেলি মাৰ নৌ যাওঁতেই তোমালোকৰ কোপ শান্ত হওক; 27 তোমালোকে চয়তানক সুযোগ নিদিবা।

28 যি জনে চুৰ কৰে, তেওঁ পুনৰ চুৰ নকৰক; কিন্তু অভাৱত পৰা লোকক দান কৰিবলৈ সমৰ্থ হবৰ কাৰণে, নিজ হাতেৰে সৎ ব্যৱসায়ত পৰিশ্ৰম কৰক। 29 তোমালোকৰ মুখৰ পৰা কোনো বেয়া কথা নোলাওক, কিন্তু শুনা সকলক অনুগ্ৰহ দান কৰিবলৈ ভাল কথা কোৱা। 30 মুক্তি দিনৰ অর্থে ঈশ্বৰৰ যি পবিত্ৰ আত্মাত তোমালোকক মোহৰ মৰা হল, তেওঁক অসন্তুষ্ট নকৰিব।

31 সকলো কটুবাক্য, খং, ক্ৰোধ, দ্বন্দ-কাজিয়া, নিন্দা আটাই হিংসাৰে সৈতে এই সকলো তোমালোকৰ পৰা দূৰ হওক। 32 পৰস্পৰৰ প্ৰতি স্নেহশীল আৰু কোমল চিত্তৰ লোক হোৱা; ঈশ্বৰে তোমালোকক যেনেকৈ খ্ৰীষ্টত ক্ষমা কৰিলে, তেনেকৈ তোমালোকেও পৰস্পৰে ক্ষমা কৰা।

5

1 এতেকে তোমালোক ঈশ্বৰৰ প্ৰিয় সন্তান হিচাপে তেওঁৰ অনুকাৰী হোৱা। 2 খ্ৰীষ্টে যেনেকৈ তোমালোকক প্ৰেম কৰিলে আৰু আমাৰ কাৰণে ঈশ্বৰৰ উদ্দেশ্যে সুগন্ধযুক্ত নৈবেদ্য আৰু বলি স্বৰূপে নিজকে শোধাই দিলে, তেনেকৈ তোমালোকও প্ৰেমৰ পথত চলা।

3 তোমালোকৰ মাজত ব্যভিচাৰ আদি কোনো ধৰণৰ অনৈতিক বা অশুচি কৰ্ম আৰু লোভ নাথাকক; সেইবোৰৰ বিষয়ে কথা-বার্তাও নহওক; ঈশ্বৰৰ পবিত্ৰ লোকৰ এয়ে উচিত; 4 তোমালোকৰ কথা-বার্তা মাত্র ধন্যবাদযুক্ত হওঁক। লজ্জাজনক অশ্লিলতা, নির্বোধ বলকনি, নিম্নমানৰ ৰসিকতা তোমালোকৰ মাজত নহওক।

5 তোমালোকে নিশ্চয়ে জানা যে, যি সকলে ব্যভিচাৰ কৰে বা যি সকল অশুচি আৰু লুভীয়া, যি সকল মূৰ্তিপূজক তেওঁলোকৰ কাৰণে খ্ৰীষ্টৰ আৰু ঈশ্বৰৰ ৰাজ্যত কোনো স্থান নাই। 6 অনৰ্থক বাক্যৰ দ্বাৰা তোমালোকক ভুলাবলৈ কাকো নিদিবা; কিয়নো এইবোৰৰ কাৰণে অবাধ্যতাৰ সন্তান সকলৰ ওপৰলৈ ঈশ্বৰৰ ক্ৰোধ নামি আহে। 7 গতিকে, তোমালোক তেওঁলোকৰ সহভাগী নহবা।

8 কিয়নো পূর্বতে তোমালোক যদিও আন্ধাৰত আছিলা কিন্তু এতিয়া প্ৰভুত সংযুক্ত হৈ পোহৰত আছা। সেয়ে পোহৰৰ সন্তান সকলৰ দৰে জীৱন-যাপন কৰা। 9 কাৰণ সকলো মঙ্গলভাৱ, ধাৰ্মিকতা আৰু সত্যতাই হৈছে পোহৰৰ ফল। 10 ইয়াৰ দ্বাৰাই তোমালোকে প্রভুৰ সন্তোষজনক কি, সেই বিষয়ে বিবেচনা কৰি নির্ণয় কৰিবা। 11 আন্ধাৰৰ ফলহীন কাৰ্যবোৰৰ অংশীদাৰ নহব; বৰং সেইবোৰৰ দোষ উন্মুক্ত কৰি দিয়া; 12 কিয়নো তেওঁলোকে গুপুতে যি যি কৰে, সেইবোৰ উচ্চাৰণ কৰিবলৈকো লাজৰ বিষয়। 13 পোহৰৰ দ্বাৰাই সকলো প্ৰকাশিত হয় 14 কিয়নো পোহৰতে সকলো স্পষ্ট হৈ পৰে। সেই বাবে কোৱা হৈছে:
“হে টোপনিওৱা জন সাৰ পোৱা
আৰু মৃত লোক সকলৰ মাজৰ পৰা উঠা;
তাতে খ্ৰীষ্টই তোমালোকৰ ওপৰত
পোহৰ দিব।”

15 এতেকে কিদৰে জীৱন-যাপন কৰিছা, তালৈ সাৱধানে দৃষ্টি কৰা; অজ্ঞানৰ দৰে নহয়, কিন্তু জ্ঞানীৰ দৰে চলা; 16 সুসময়ক কিনি লব, কিয়নো এই কাল মন্দ। 17 এই হেতুকে তোমালোক নিৰ্ব্বোধ নহব, কিন্তু প্ৰভুৰ ইচ্ছা কি তাক জ্ঞাত হোৱা।

18 দ্ৰাক্ষাৰসেৰে মতলীয়া নহবা; কিয়নো তাত নষ্টামি আছে; কিন্তু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হোৱা; 19 ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে তোমালোকে পৰস্পৰে আলোচনা কৰক আৰু প্ৰভুৰ উদ্দেশ্যে হৃদয়েৰে গান আৰু প্রসংশা কৰা। 20 সদায় আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে সকলো বিষয়ৰ কাৰণে পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰা। 21 খ্ৰীষ্টৰ ভয়ত ইজনে সিজনৰ বশীভূত হোৱা।

22 হে ভাৰ্যা সকল, তোমালোকে যেনেকৈ প্ৰভুৰ, তেনেকৈ নিজ নিজ স্বামীৰো বশীভূত হোৱা; 23 কিয়নো খ্ৰীষ্ট যেনেকৈ মণ্ডলীৰ মূৰ আৰু নিজেই শৰীৰৰ ত্ৰাণকৰ্তা, তেনেকৈ স্বামীও ভাৰ্য্যাৰ মূৰ স্বৰূপ হৈছে। 24 মণ্ডলী যেনেকৈ খ্ৰীষ্টৰ বশীভূত, তেনেকৈ সকলো বিষয়ত ভাৰ্যা সকলো নিজ নিজ স্বামীৰ বশীভূত হওক।

25 হে পুৰুষ সকল, খ্ৰীষ্টে যেনেকৈ মণ্ডলীক প্ৰেম কৰিলে আৰু তাৰ কাৰণে নিজকে শোধাই দিলে, তেনেকৈ তোমালোকেও নিজ নিজ ভাৰ্যাক প্ৰেম কৰা; 26 মণ্ডলী যেন পবিত্ৰ হয়, তাৰ বাবে তেওঁ আমাক বাক্যৰূপ জলস্নানত ধুই শুচি কৰিলে। 27 তেওঁ মণ্ডলীক পৰিষ্কাৰ কৰিলে যাতে তেওঁ নিজৰ আগত মণ্ডলীক গৌৰৱময়, দাগ থকা বা শোটোৰা পৰা আদি কৰি একো ঘূণ নথকা, পবিত্ৰ আৰু নিষ্কলঙ্কৰূপে উপস্থিত কৰিব পাৰে। 28 সেইদৰে স্বামী সকলে নিজ নিজ ভাৰ্যাক, নিজ নিজ শৰীৰ বুলি প্ৰেম কৰা উচিত। যি জনে নিজ ভাৰ্যাক প্ৰেম কৰে, তেওঁ নিজকেই প্ৰেম কৰে। 29 কিয়নো কোনেও নিজৰ শৰীৰক কেতিয়াও ঘৃণা নকৰে; কিন্তু পৰিপুষ্ট আৰু প্ৰতিপালন কৰি তাৰ যত্ন লয়। সেইদৰে খ্রীষ্টয়ো মণ্ডলীক প্ৰেমকৰে। 30 কাৰণ আমি তেওঁৰ শৰীৰৰ অঙ্গ-প্ৰত্যঙ্গ। 31 ‘এই কাৰণে মানুহে নিজৰ পিতৃ-মাতৃক এৰি, নিজ তিৰোতাত আসক্ত হব আৰু তাতে দুয়ো এক দেহ হব।’ 1 32 ই এক মহান গোপন সত্য, কিন্তু মই আচলতে খ্ৰীষ্ট আৰু তেওঁৰ মণ্ডলীৰ বিষয়েহে কৈছোঁ। 33 যি কি নহওক, তোমালোক প্ৰতিজনে নিজ নিজ ভাৰ্যাক নিজৰ নিচিনাকৈ প্ৰেম কৰা আৰু ভার্য্যায়ো উচিত মতে নিজৰ স্বামীক সন্মান কৰক।


1আদি 2:24

6

1 হে সন্তান সকল, তোমালোক পিতৃ-মাতৃৰ আজ্ঞাধীন হোৱা; কিয়নো ঈশ্বৰৰ, দৃষ্টিত এয়ে উচিত। 2 “তোমালোকে নিজৰ পিতৃ-মাতৃক সন্মান কৰা” 1 এয়ে প্ৰতিজ্ঞাযুক্ত প্ৰথম আজ্ঞা। 3 তেতিয়াহে তোমালোকৰ কল্যাণ হব আৰু পৃথিৱীত দীৰ্ঘায়ু লৈ জীৱিত থাকিবা।” 2

4 হে পিতৃ সকল, তোমালোকে নিজ নিজ সন্তানৰ খং নোতোলিবা; কিন্তু প্ৰভুৰ শিক্ষা আৰু অনুশাসনত তেওঁলোকক প্ৰতিপালন কৰা।

5 হে দাস বিলাক, তোমালোক যেনেকৈ খ্ৰীষ্টৰ, তেনেকৈ গভীৰ আন্তৰিক শ্ৰদ্ধা আৰু ভয়েৰে নিজ নিজ জগতৰ প্ৰভু সকলৰ আজ্ঞাধীন হোৱা; 6 কেৱল চকু-চাকৰৰ দৰে মানুহৰ সন্তোষজনক নহৈ, বৰং নিজকে খ্ৰীষ্টৰ দাস ৰূপে আন্তৰিকতাৰে ঈশ্বৰৰ ইচ্ছা পালন কৰি প্ৰভু সকলৰ সেৱা কৰা। 7 তোমালোকে আনন্দ মনেৰে এনেদৰে কাম কৰিবা যেন মানুহক নহয় ঈশ্বৰৰহে সেৱা কৰিছা। 8 মনত ৰাখিবা, তোমালোক দাস বা স্বাধীন যিয়েই নহোৱা প্রতিজনে সকলো সৎকর্ম্মৰ কাৰণে প্ৰভুৰ পৰা পুৰস্কাৰ পাবা।

9 তোমালোক যি সকল প্রভু, তোমালোকও, তোমালোকৰ দাস সকলক সেই একে ব্যৱহাৰ কৰা। তেওঁলোকক ভয় নেদেখুৱাই এৰি দিয়ক, কাৰণ তোমালোকে জানা যে স্বৰ্গত তেওঁলোক আৰু তোমালোকৰ এজন গৰাকী আছে আৰু তেওঁত কোনো পক্ষপাত নাই।

10 শেষত, প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হোৱা।

11 ঈশ্বৰৰ আটাই যুদ্ধৰ সাজ পিন্ধা যাতে চয়তানৰ নানা বিধ কৌশলৰ বিৰুদ্ধে থিয় হব পাৰা। 12 কিয়নো ৰক্ত আৰু মাংসৰ সৈতে আমাৰ মালযুদ্ধ হোৱা নাই; কিন্তু আধিপত্য, ক্ষমতা আৰু এই অন্ধকাৰ যুগৰ শাসনকৰ্তা, আৰু স্বৰ্গীয় ঠাইবোৰৰ মন্দ শক্তিৰ দলবোৰৰ সৈতে হৈছে। 13 এই হেতুকে, তোমালোকে ঈশ্বৰৰ আটাই সাজ পিন্ধা; মন্দ দিনত চয়তানক প্ৰতিৰোধ কৰিবলৈ সমর্থ হবৰ কাৰণে সকলোকে সিদ্ধ কৰি থিৰে থাকা। 14

14 এতেকে সত্যেৰে কঁকাল বান্ধি, ধাৰ্মিকতাৰ বুকুবৰি পিন্ধি, 15 শান্তিৰ শুভবাৰ্তা ঘোষণাৰ কাৰণে প্ৰস্তুততাৰ ভৰিত জোতা পিন্ধি থিৰে থাকা। 16 যিহেৰে তোমালোকে সকলো পাপ শক্তিৰ অগ্নি শৰ নুমাব পাৰা, এনে বিশ্বাসৰ ঢাল লোৱা।

17 পৰিত্রাণৰ 3 শিৰস্ত্ৰাণ 4 আৰু আত্মাৰ তৰোৱাল ৰূপ ঈশ্বৰৰ বাক্য গ্ৰহণ কৰা। 18 সকলো প্ৰাৰ্থনা আৰু নিবেদনেৰে সকলো সময়তে আত্মাত প্ৰাৰ্থনা কৰা; আৰু ইয়াৰ কাৰণে পৰ দি, ঈশ্বৰৰ সকলো পবিত্ৰ লোকৰ কাৰণে সম্পূৰ্ণ ধৈৰ্য আৰু নিবেদনত লাগি থাকা।

19 মোৰ কাৰণেও প্ৰার্থনা কৰিবা, যাতে শুভবার্তাৰ নিগূঢ়-তত্ত্ব সাহসেৰে প্ৰচাৰ কৰিবলৈ মই মুখ মেলিবৰ সময়ত উপযুক্ত কথা মোক দিয়া হয়৷ 20 কিয়নো মই শুভবার্তাৰ কাৰণে শিকলিৰে বন্ধা হৈয়ো এজন ৰাজদূতৰ কাম কৰিছোঁ৷ প্ৰার্থনা কৰিবা, বন্দীশালতো যিভাৱে শুভবার্তা কোৱা উচিত, মই সেইভাৱে সাহসেৰে কবলৈ পাৰিম৷

21 মই কেনে আছোঁ, কি কৰিছোঁ, সেই বিষয়ে প্ৰিয় ভাই আৰু প্ৰভুৰ বিশ্বাসী সেৱক তুখিকৰ পৰা সকলো জানিব পাৰিবা৷ 22 তোমালোকে যেন আমাৰ বিষয়ে জানিব পাৰা আৰু তেওঁ যেন তোমালোকৰ হৃদয়ত আশ্বাস দিয়ে, এই আশয়েৰেই মই তেওঁক তোমালোকৰ ওচৰলৈ পঠালোঁ।

23 পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টই ভাই সকলক শান্তি আৰু বিশ্বাস সহিত প্ৰেম দান কৰক। 24 আমাৰ প্ৰভু যীচু খ্ৰীষ্টক যি সকলে অক্ষয় প্ৰেম কৰে, সেই সকলোৰে লগত অনুগ্ৰহ থাকক।


1যাত্ৰা 20:12, 2 বিৱৰণ 5:16
2যাত্ৰা 20:12, 2বি 5:16
3মোৰ ৰক্ষা কৰিবলৈ পিন্ধা টুপি৷
4হেলমেট