Assamese: Assamese Unlocked Literal Bible Print

Updated ? hours ago # views See on WACS
১থিচলনীকীয়া
১থিচলনীকীয়া
1

1 মই পৌল, চীল আৰু তীমথিয়, পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টত থকা থিচলনীকীয়া সকলৰ মণ্ডলীৰ সমীপলৈ; তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক।

2 আমি সদায় প্ৰাৰ্থনা কালত তোমালোক সকলোৰে নাম সোঁৱৰণ কৰোঁ আৰু তোমালোকৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। 3 তোমালোকৰ বিশ্বাসৰ কাৰ্য, প্ৰেমৰ পৰিশ্ৰম আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টত যি আশা আছে, সেই আশাক দৃঢ়ভাবে আৰু সহনশীলতাৰে যে তোমালোকে ধৰি ৰাখিছা, সেয়েহে এইবোৰ বিষয় সোঁৱৰণ কৰি নিৰন্তৰে আমি পিতৃ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি আছোঁ।

4 হে ঈশ্বৰৰ প্ৰিয় ভাইসকল, তোমালোক যে মনোনীত লোক, সেই বিষয়ে আমি জানো; 5 কাৰণ আমাৰ দ্বাৰা প্ৰচাৰিত শুভবাৰ্তা কেৱল কথাৰে তোমালোকলৈ অহা নাছিল; কিন্তু পৰাক্ৰম, পবিত্ৰ আত্মা আৰু অধিক নিশ্চয়তাৰে আহিছিল। তাতে আমি তোমালোকৰ বাবে কেনে ধৰণে আছিলোঁ, সেই বিষয়ে তোমালোকৰ লগত থকাৰ সময়ত তোমালোকে নিজে জানিছিলা। 6 বহু ক্লেশৰ মাজত পবিত্ৰ আত্মাই দিয়া আনন্দৰ সৈতে তোমালোকে সেই শুভবার্তা গ্ৰহণ কৰি আমাৰ আৰু প্ৰভুৰ অনুকাৰী হ’লা। 7 তাৰ ফলত তোমালোক মাকিদনিয়া আৰু আখায়াত থকা সকলো বিশ্বাসী লোকলৈ আৰ্হি হৈছা। 8 মাত্র মাকিদনিয়া আৰু আখায়া 1 অঞ্চলতে যে তোমালোকৰ পৰা প্ৰভুৰ বাক্য বিয়পি পৰিছে এনে নহয়, কিন্তু ঈশ্বৰৰ প্ৰতি তোমালোকৰ যি বিশ্বাস, সেই বাৰ্তা সকলো ঠাইতে বিয়পি পৰিছে। এই বিষয়ে আমি একো কোৱাৰ প্ৰয়োজন নাই। 9 কাৰণ লোক সকলে আমাক জনাইছে, তোমালোকে কিদৰে আমাক গ্ৰহণ কৰিছিলা আৰু কি ভাবে তোমালোকে মূর্তি পূজাৰ পৰা ঘূৰি জীৱন্ত আৰু সত্য ঈশ্বৰৰ সেৱা কৰি আছা৷ 10 ঈশ্বৰে যি পুত্রক মৃত লোকৰ মাজৰ পৰা তুলিলে, তেওঁ স্বৰ্গৰ পৰা ঘূৰি অহালৈ আমি অপেক্ষাও কৰি আছোঁ। সেই পুত্র যীচুৱেই আমাক আহিব লগা ক্রোধৰ পৰা ৰক্ষা কৰিলে।


1প্ৰকৃততে গ্ৰীচ দেশৰ এক অঞ্চল

2

1 প্ৰিয় ভাইসকল, তোমালোকে নিজেই জানা যে, তোমালোকৰ ওচৰলৈ আমাৰ যোৱা অৰ্থহীন নহ’ল; 2 তোমালোকে এই কথাও জানা যে, আমি আগেয়ে ফিলিপী নগৰত অনেক দুখভোগ কৰিছিলোঁ আৰু আমাক অপমানিত কৰা হৈছিল। তেতিয়া নানা বিৰোধিতাৰ মাজতো আমি তোমালোকৰ আগত শুভবাৰ্তা কবলৈ আমাৰ ঈশ্বৰত সাহস পালোঁ।

3 কিয়নো আমাৰ উপদেশ ভুল শিক্ষাৰ পৰা নহয়, অশুচিতা উদ্দেশ্যৰ পৰাওঁ নহয় বা ছলনাযুক্ত নহয়; 4 কিন্তু যেনেকৈ ঈশ্বৰে আমাক বিচাৰ কৰি বিশ্বাসী গণ্য কৰিলে আৰু শুভবার্তা জনোৱাৰ ভাৰ দিলে; তেনেকৈ আমি মানুহক সন্তুষ্ট নকৰি আমাৰ হৃদয়ৰ পৰীক্ষা কৰোঁতা ঈশ্বৰকহে সন্তুষ্ট কৰি কওঁ। 5 তোমালোকে জানা যে, আমি কোনো কালে তোষামোদ কৰা বাক্য কোৱা নাই বা লোভ ঢাকিবলৈ ছলনা কৰি কোনো কথা কোৱা নাই; ঈশ্বৰ ইয়াৰ সাক্ষী। 6 আমি তোমালোকৰে হওক বা আনৰে হওক, কোনো মানুহৰ পৰা, পাঁচনি হিচাপে মান মৰ্যদা বিচৰা নাই; অৱশ্যে খ্ৰীষ্টৰ পাঁচনি হোৱা বাবে আমি কোনো বিষয় দাবী কৰিব পাৰিলোহেঁতেন৷ 7 মাকে নিজৰ সন্তানক লালন-পালন কৰাৰ নিচিনাকৈ আমিও তোমালোকৰ ওচৰত অতি মৃদুশীলতাৰে আছিলোঁ। 8 এইদৰে তোমালোকৰ প্ৰতি আমি অধিক স্নেহশীল আছিলোঁ। তোমালোকক কেৱল ঈশ্বৰৰ শুভবাৰ্তা দিয়াতে সন্তুষ্ট নাছিলো, কিন্তু তোমালোকৰ কাৰণে নিজৰ প্ৰাণ দিবলৈও আমি সন্মত আছিলোঁ; কাৰণ আমাৰ বাবে তোমালোক অতি প্ৰিয়। 9 ভাইসকল, তোমালোকে সোঁৱৰণ কৰা; আমাৰ পৰিশ্ৰম আৰু কষ্ট নিশ্চয় মনত আছে৷ তোমালোকৰ কাৰো ওপৰত বোজা নহবলৈ, আমি দিনে-ৰাতিয়ে কাম কৰি তোমালোকৰ আগত ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰিছিলোঁ।

10 তোমালোকৰ আৰু বিশ্বাসী সকলৰ মাজত আমি কেনে পবিত্ৰ, ধাৰ্মিক, আৰু নিৰ্দোষ আচৰণকাৰী আছিলোঁ, তাৰ সাক্ষী তোমালোক আছিলা আৰু ঈশ্বৰো আছে। 11 তোমালোকে জানা, পিতৃয়ে নিজৰ সন্তান সকলক ব্যৱহাৰ কৰাৰ দৰে আমিও তোমালোকৰ প্ৰতিজনক উপদেশ, উৎসাহ আৰু সান্ত্বনা দৃঢ় ভাবে দিছিলোঁ যাতে, 12 যিজন ঈশ্বৰে তোমালোকক তেওঁৰ ৰাজ্য আৰু মহিমালৈ আমন্ত্ৰণ কৰিলে, সেই জন ঈশ্বৰৰ দৃষ্টিত তোমালোক যেন যোগ্য জীৱন-যাপন কৰা।

13 এই কাৰণতে আমি সকলো সময়তে ঈশ্বৰক ধন্যবাদ জনাওঁ; ঈশ্বৰৰ বাক্য যেতিয়া তোমালোকে আমাৰ পৰা পাইছিলা, তেতিয়া মানুহৰ বাক্য বুলি নহয়, কিন্তু ঈশ্বৰৰ বাক্য বুলিহে গ্রহণ কৰিছিলা, আৰু এই বাক্য স্বৰূপেই ঈশ্বৰৰ, যি বাক্যই বিশ্বাস কৰা সকলোৰে মাজত কাৰ্য সাধন কৰি আছে।

14 হে ভাইসকল, যিহূদাত 1 খ্ৰীষ্ট যীচুত ঈশ্বৰৰ যি মণ্ডলী সমূহ আছে, তোমালোকে সেই মণ্ডলী সমূহৰ অনুকাৰী হ’লা; যিহুদী সকলৰ পৰা তেওঁলোকে যিবোৰ দুখ-কষ্ট ভোগ কৰিছে, সেই একে নিৰ্যাতন তোমালোকেও স্বজাতীয় লোকৰ হাতত ভোগ কৰি আছা। 15 যিহুদী সকলে প্ৰভু যীচুক আৰু ভাববাদী সকলক হত্যা কৰিছিল আৰু এতিয়া আমাকো তাড়না কৰি আছে। তেওঁলোকে ঈশ্বৰক সন্তুষ্ট নকৰে আৰু সকলো মানুহৰ বিপক্ষত থাকে। 16 আমি অনা-যিহুদী সকলক পাপৰ পৰা উদ্ধাৰ পাবৰ বাবে শিক্ষা দিওঁ, কিন্তু তেওঁলোকে আমাক পৰিত্ৰাণৰ কথা কবলৈ যাওতে বাধা আৰোপ কৰে; এইদৰে তেওঁলোকে অগৰে পৰা পাপত পতিত হৈ পাপৰ ওপৰি পাপ কৰি আছে। সেয়ে ঈশ্বৰৰ ক্ৰোধ চূড়ান্ত ৰূপত তেওঁলোকলৈ নামি আহিছে৷

17 হে ভাইসকল, মনৰ পৰা নহলেও, তোমালোকৰ পৰা কিছুদিনৰ কাৰণে আমি শৰীৰিৰিক ভাবে আতৰত আছোঁ; কিন্তু তোমালোকৰ মুখ পুণৰ দেখা পাবলৈ আমি অতি আগ্ৰহেৰে ৰৈ আছোঁ; সেয়েহে তোমালোকৰ ওচৰলৈ আহিবলৈ অধিক চেষ্টা কৰিছিলোঁ। 18 এই কাৰণে আমি, বিশেষকৈ মই পৌলে দুই এবাৰ তোমালোকৰ ওচৰলৈ যাব খুজিছিলোঁ; কিন্তু চয়তানে আমাক বাধা দি আছে। 19 কিয়নো আমাৰ প্ৰভু যীচুৰ আগমণৰ দিনা তেওঁৰ সাক্ষাতে তোমালোকেই জানো আমাৰ আশা, আনন্দ আৰু গৌৰৱৰ মুকুট নহ’বা? 20 বাস্তৱিকতে তোমালোকেই আমাৰ গৌৰৱ আৰু আনন্দ।


1সেই সময়ৰ এখন প্ৰদেশ

3

1 গতিকে আমি যেতিয়া ধৈর্য ধৰিব নোৱাৰিলোঁ, তেতিয়া আথিনী নগৰতে থাকিবলৈকে মনস্থ কৰিলোঁ। 2 সেয়ে, তোমালোকক বিশ্বাসত দৃঢ় কৰিবলৈ আৰু আশ্বাস দিবলৈ আমি খ্ৰীষ্টৰ শুভবার্তাত ঈশ্বৰৰ পৰিচাৰক আমাৰ যি ভাই তীমথিয়, তেওঁক তোমালোকৰ ওচৰলৈ পঠাইছিলোঁ, 3 যাতে এনেবোৰ ক্লেশৰ মাজত তোমালোক কোনোও হতাশ নোহোৱা। কাৰণ তোমালোকে জানা যে ক্লেশৰ কাৰণেই আমি নিযুক্ত হৈছোঁ।

4 সেই বিষয়ে আমি তোমালোকৰ লগত থাকোতেই ক্লেশ যে আমাৰ ওপৰত আহিব সেই কথা আগেয়ে কৈছিলোঁ। পাছত সেইদৰে ঘটিল, সেই বিষয়ে তোমালোকে জানা। 5 সেই বিষয়ে ময়ো পুনৰ সহিব নোৱাৰি, তোমালোকৰ বিশ্বাসৰ স্হিতি জানিবৰ কাৰণে তেওঁক পঠিয়াইছিলোঁ। আমাৰ ভয় হয়, যদি চয়তানে তোমালোকক পৰীক্ষাত পেলায় আমাৰ সকলো পৰিশ্ৰম ব্যৰ্থ হ’ব। 6 এতিয়া তীমথিয়ই তোমালোকৰৰ ওচৰৰ পৰা ঘূৰি আহি তোমালোকৰ বিশ্বাস আৰু প্ৰেমৰ শুভ সংবাদ আমাক দিলেহি; তেওঁ জনালে যে, আমাৰ কাৰণে থকা তোমালোকৰ আনন্দদায়ক সোঁৱৰণী আৰু আমাৰ দৰেই তোমালোকেও আমাক লগপাবলৈ হাবিয়াহ কৰাৰ কথা আমাক জনালে। 7 এই কাৰণে, হে ভাইসকল, তোমালোকৰ বিশ্বাসৰ যোগেদি আমাৰ সকলো দুখ ক্লেশতো আমি উৎসাহ পাওঁ।

8 কিয়নো তোমালোক প্ৰভুত দৃঢ় থকাৰ বাবে আমি এতিয়া সঁচাকৈ জীয়াই আছোঁ। 9 তোমালোকৰ কাৰণে ঈশ্বৰৰ সাক্ষাতে আমি যেনেদৰে আনন্দিত হৈছোঁ, তাৰ প্ৰতিদান স্বৰূপে কেনেকৈ যে তোমালোকৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিব পাৰিম, আমি নাজানো! 10 তোমালোকৰ মুখ আমি যেন দেখা পাওঁ আৰু তোমালোকৰ বিশ্বাসত যি অভাৱ আছে, সেয়া যেন পূৰণ কৰিব পাৰোঁ, এই বাবে দিনে-ৰাতিয়ে আমি প্ৰাৰ্থনা কৰি আছোঁ৷

11 পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচুৱে তোমালোকৰ ওচৰলৈ যোৱাৰ পথ সুগম কৰি দিয়ক। 12 তোমালোকলৈ আমাৰ প্ৰেম যেনে, তেনেকৈ ইজনে সিজনলৈ আৰু সকলো লোকলৈ প্ৰভুৱে তোমালোকৰ প্ৰেম উপচি পৰাকৈ বঢ়াই দিয়ক। 13 ঈশ্বৰে তোমালোকৰ হৃদয় দৃঢ় কৰক। আমাৰ প্ৰভু যীচু যেতিয়া তেওঁৰ সকলো পবিত্ৰ লোকে সৈতে আহিব, তেতিয়া তেওঁৰ সেই আগমণৰ কালত আমাৰ পিতৃ ঈশ্বৰৰ আগত তোমালোক যেন পবিত্ৰতাৰে নির্দোষী হৈ থিয় থকিব পাৰা, তাৰ বাবেই আমি প্ৰাৰ্থনা কৰি আছোঁ।

4

1 সর্বশেষত, হে প্রিয় ভাইসকল, ঈশ্বৰক সন্তুষ্ট কৰিবৰ কাৰণে কি ৰূপে জীৱন-যাপন কৰিব লাগে, এই বিষয়ে তোমালোকে আমাৰ পৰা যি শিক্ষা গ্রহণ কৰিলা, সেই ভাৱেই তোমালোকে চলি থাকা। আমি প্রভু যীচুত থাকি তোমালোকক উদগাওঁ আৰু পৰামর্শ দিওঁ, তোমালোকে যেন অধিককৈ সেই ভাৱে জীৱন-যাপন কৰা। 2 কাৰণ প্ৰভু যীচুৰ অধিকাৰৰ দ্বাৰাই আমি তোমালোকক কি কি পৰামৰ্শ দিছিলোঁ, সেই বিষয়ে তোমালোকে জানা। 3 কিয়নো ঈশ্বৰৰ ইচ্ছা এই যে, তোমালোক যেন পবিত্ৰ হোৱা অর্থাৎ সকলো ধৰণৰ ব্যভিচাৰৰ পৰা যেন দূৰৈত থাকা। 4 তোমালোক প্রত্যেকে নিজৰ নিজৰ ভার্যাৰ লগত কেনেদৰে পবিত্রতাৰে আৰু সন্মানজনক ভাৱে সহবাস কৰিব লাগে, সেই বিষয়ে জানা। 5 ঈশ্বৰক নজনা অনা-যিহুদী সকলৰ নিচিনা অবৈধ মাংসিক কামনাৰ বশত চলিব নালাগে। 6 এই বিষয়ত কোনেও যেন সীমা পাৰ নহয় আৰু তেওঁৰ ভাইক নঠগায়; আমি আগেয়ে তোমালোকক জনাইছিলোঁ আৰু সাৱধান কৰি দিছিলোঁ যে, এই সকলো পাপ বিষয়ৰ কাৰণে প্রভুৱে তেওঁলোকক দণ্ড দিব। 7 কিয়নো ঈশ্বৰে আমাক অপবিত্রতালৈ নহয়, কিন্তু পবিত্ৰ জীৱন-যাপনৰ কাৰণেহে আমন্ত্ৰণ কৰিলে। 8 এতেকে যি জনে এই সকলো অগ্ৰাহ্য কৰে, তেওঁক মনুষ্যৰ দ্বাৰা নহয়, কিন্তু যিজনে তেওঁৰ পবিত্ৰ আত্মা তোমালোকক দান কৰিলে, সেই ঈশ্বৰে হে অগ্ৰাহ্য কৰিলে।

9 ভাতৃ প্ৰেমৰ বিষয়ে হ’লে তোমালোকলৈ লিখা অপ্ৰয়োজন; কিয়নো এজনে আন জনক প্রেম কৰাৰ শিক্ষা তোমালোকে ঈশ্বৰৰ পৰাই শিকিছা। 10 বাস্তৱতে সমুদায় মাকিদনিয়া প্রদেশৰ সকলো বিশ্বাসী ভাই সকলকে তোমালোকে প্রেম কৰা। কিন্তু হে ভাই সকল, আমাৰ পৰামর্শ এই যে, তোমালোকে যেন প্রেমত অধিককৈ উপচি পৰা। 11 আমি তোমালোকক পুনৰ পৰামর্শ দিওঁ যে, তোমালোকে শান্তিপূর্ণ জীৱন-যাপন কৰাৰ বাবে আপ্রাণ চেষ্টা কৰা; আমি দিয়া আজ্ঞা অনুসাৰে নিজৰ কার্যত মনোযোগ দিয়া, নিজ হাতেৰে শ্রম কৰা। 12 তোমালোকে এনেদৰে জীৱন কটোৱা যাতে বিশ্বাস নকৰা বাহিৰা লোকে তোমালোকৰ সন্মানপূর্ণ উপযুক্ত আচাৰ-ব্যৱহাৰক মান্য কৰিব পাৰে আৰু এইদৰে তোমালোক যেন একোতে নিৰ্ভৰ কৰিব লগীয়া নহয়।

13 হে ভাই সকল, যিসকল লোক নিদ্রিত 1 হ’ল তেওঁলোকৰ কি হ’ব সেই সম্বন্ধে তোমালোকে একো নজনাকৈ থকাটো আমি নিবিচাৰোঁ; কাৰণ আশাহীন অন্য লোকৰ নিচিনাকৈ তোমালোক শোকাকুল হোৱাটো আমি নিবিচাৰোঁ। 14 কিয়নো যীচু মৰি পুনৰায় উঠিল, ইয়াক যদি আমি বিশ্বাস কৰোঁ, তেনেহলে আমি ইয়াকো বিশ্বাস কৰোঁ যে, ঈশ্বৰে যীচুৰ আশ্ৰয়ত নিদ্ৰিত হোৱা সকলকো যীচুৰ লগত লৈ যাব।

15 প্ৰভুৰ বাক্যৰ দ্বাৰাই আমি তোমালোকক এই কথা কওঁ যে, আমি যিমান লোক জীয়াই আছোঁ আৰু প্ৰভুৰ আগমণত যিমান লোক অৱশিষ্ট থাকিম, আমি সকলোৱে কোনোমতে সেই মৃত লোক সকলতকৈ আগ নহম। 16 কিয়নো প্রভু নিজে জয়ধ্বনি, প্ৰধান স্বর্গৰ দূতৰ স্বৰ, আৰু ঈশ্বৰৰ তূৰী বাদ্যৰে সৈতে স্বৰ্গৰ পৰা নামি আহিব; তেতিয়া খ্ৰীষ্টৰ আশ্ৰয়ত মৰা লোক সকল প্ৰথমে উঠিব; 17 তাৰ পাছত আমি যি সকল জীয়াই থাকিম, সেই সময়ত আকাশত প্ৰভুৰ লগ লবলৈ তেওঁলোকৰ সৈতে আমাকো মেঘ ৰথত তুলি নিয়া হব আৰু এইদৰে আমি সদায় প্ৰভুৰ সাক্ষাতে থাকিম। 18 এতেকে, এইবোৰ কথাৰ দ্বাৰাই তোমালোকে পৰস্পৰে পৰস্পৰক সান্ত্বনা দিয়া।


1সাধাৰণ অৰ্থত-মৃত্যু

5

1 হে ভাই সকল, এতিয়া সেই কাল বা সেই সময়ৰ কথা মই তোমালোকলৈ একো লিখাৰ প্রয়োজন নাই; 2 কিয়নো তোমালোকে নিজেই ভাল দৰে জানা যে, ৰাতি যেনেকৈ চোৰ আহে, প্ৰভুৰ দিনো তেনেকৈয়ে আহিব। 3 যেতিয়া লোক সকলে “শান্তি আৰু নিৰাপত্তাৰ” কথা কব, তেতিয়া হঠাতে হোৱা গর্ভৱতীৰ প্ৰসৱ বেদনাৰ নিচিনাকৈ, তেওঁলোকলৈ 1 বিনাশ আহিব আৰু তেওঁলোক কোনো মতেই সাৰিব নোৱাৰিব। 4 কিন্তু হে ভাই সকল, চোৰৰ দৰে আহি তোমালোকৰ ওচৰত উপস্থিত হবলৈ, এতিয়া তোমালোক আন্ধাৰত থকা নাই; 5 কিয়নো তোমালোক সকলোৱেই পোহৰ আৰু দিনৰ সন্তান। আমি ৰাতি বা আন্ধাৰৰ লোক নহওঁ। 6 এই হেতুকে আহা, আমি আন লোকবোৰৰ নিচিনাকৈ টোপনিয়াই নাথাকি, পৰ দি আৰু সংযতহৈ 2 থাকোহঁক। 7 কিয়নো যি সকলে টোপনিয়াই, তেওঁলোকে ৰাতিহে টোপনিয়ায়; যি সকল মদ্যপায়ী, তেওঁলোক ৰাতিহে মাতাল হয়। 8 কিন্তু আমি হলে দিনৰ সন্তান হোৱাত, আহা আমি সংযমী হওঁ; বিশ্বাস আৰু প্ৰেমৰ বুকুবৰি পিন্ধি, মূৰত পৰিত্রাণৰ আশাৰূপ নিশ্চয়তাৰ টকয়া পিন্ধোহঁক। 9 কিয়নো আমি ক্ৰোধৰ পাত্ৰ হবলৈ নহয়, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই পৰিত্রাণ লাভ কৰিবলৈহে ঈশ্বৰে আমাক মনোনীত কৰিলে; 10 আমি জীয়াই থাকো বা নিদ্ৰিত অৱস্থাতেই থাকো, আমি যেন তেওঁৰ লগতেই জীৱিত থাকিব পাৰোঁ, এই কাৰণে যীচুৱে আমাৰ কাৰণে প্রাণ দিলে। 11 এতেকে তোমালোকে এতিয়া যেনেকৈ কৰি আছা, তেনেকৈয়ে পৰস্পৰে সান্ত্বনা দি থাকা আৰু এজনে আন জনৰ প্ৰতিপালন কৰা।

12 ভাই সকল, আমি বিনয় কৰোঁ, যি লোক সকলে তোমালোকৰ মাজত পৰিশ্ৰম কৰে আৰু প্ৰভুত তোমালোকৰ ওপৰত পৰিচালনাত আছে, আৰু তোমালোকক উপদেশ দিয়ে, সেই লোক সকলক তোমালোকে সন্মান কৰা।

13 আমি পুণৰ কওঁ, তোমালোকে তেওঁলোকৰ কার্যৰ কাৰণে প্রেমৰ মনোভাৱেৰে অতিশয়ৰূপে তেওঁলোকক সন্মান কৰা আৰু পৰস্পৰৰ মাজত শান্তি বজায় ৰাখা। 14 ভাই সকল, আমি তোমালোকক এই উপদেশ দিওঁ, অনিয়মত 3 চলা লোকক তোমালোকে সাৱধান কৰা; নিৰুৎসাহী 4 লোকক উৎসাহ দিয়া, দুর্বল লোকৰ সাৰথি আৰু সকলোৰে প্রতি সহিষ্ণু হোৱা ।

15 সাৱধান, কোনেও যেন অপকাৰৰ সলনি কাৰো অপকাৰ নকৰে। কিন্তু পৰস্পৰৰ আৰু সকলোৰে কাৰণে যি উত্তম, তেনে কৰ্ম কৰিবলৈ যেন চেষ্টা কৰে। 16 সকলো সময়তে আনন্দ কৰা। 17 নিৰন্তৰে প্ৰাৰ্থনাকৰি থাকা। 18 সকলো বিষয়তে ঈশ্বৰক ধন্যবাদ দিয়া; কিয়নো তোমালোকৰ প্ৰতি খ্ৰীষ্ট যীচুত ঈশ্বৰৰ এই ইচ্ছা।

19 পবিত্ৰ আত্মাক নুনুমাবা। 20 ভাৱবাণী হেয়জ্ঞান নকৰিবা। 21 সকলো বিষয় বিবেচনা কৰি যি বিষয় ভাল, তাকে ধৰি ৰাখা। 22 সকলো প্ৰকাৰৰ মন্দৰ পৰা পৃথকে থাকা।

23 শান্তিদাতা ঈশ্বৰে তোমালোকক সম্পূর্ণৰূপে পবিত্ৰ কৰক; আৰু তোমালোকৰ আত্মা, প্ৰাণ, আৰু শৰীৰ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ আগমণৰ দিন পর্যন্ত নির্দোষীৰূপে সম্পূর্ণকৈ ৰক্ষিত ৰাখক। 24 যি জনে তোমালোকক আমন্ত্ৰণ কৰিছে, তেৱেঁই সেই সকলো কৰিব, কাৰণ তেওঁ বিশ্বাসী। 25 ভাই সকল, আমাৰ কাৰণেও প্ৰাৰ্থনা কৰিবা।

26 সকলো ভাইকে পবিত্ৰ চুমাৰে 5 শুভেচ্ছা জনাবা। 27 মই তোমালোকক প্ৰভুৰ যোগেদি এই অনুৰোধ কৰোঁ যে, এই পত্ৰ যেন সকলো ভাইৰ আগত পাঠ কৰি শুনোৱা হয়। 28 আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ তোমালোক সকলোৰে লগত থাকক।vxv


1পুণৰাগমণত যীচুৰ লগত মেঘত সাক্ষাৎ নোহোৱা লোক
2সংযত ইন্দ্রিয়-দমন কৰোঁতা
3অনিয়মত এলেহুৱা
4নিৰুৎসাহী ভীৰু
5ৰোমী. 16:16; 1কৰি 16:20; 2কৰি 13:12; 1পিত. 5:14; সেই সময়ত ই ভাতৃপ্ৰেমৰ প্ৰতীক আছিল৷