Assamese: Assamese Unlocked Literal Bible Print

Updated ? hours ago # views See on WACS
1 যোহন
1 যোহন
1

1 যি আদিৰে পৰা আছিল 1 , যি আমি শুনিলো, যি চকুৰে দেখিলো, যি আমি মনোযোগেৰে দৃষ্টি কৰি দেখিলো আৰু যি আমাৰ হাতেৰে অনুভৱ কৰিলো, সেই জীৱনৰ বাক্যৰ প্ৰসংগ আমি লিখিলো, 2 আৰু সেই জীৱন প্ৰকাশিত আছিল 2 , আমি দেখিছিলো, সাক্ষ্য বহন কৰিছিলো আৰু তোমালোকলৈ সেই অনন্ত জীৱন ঘোষণা কৰো, যি অনন্ত জীৱন পিতৃৰ সৈতে আছিল আৰু আমাৰ আগত প্ৰকাশিত হ’ল;

3 সেয়া আমি দেখিলো, শুনিলো আৰু তোমালোকলৈ ঘোষণাও কৰিলো, গতিকে তোমালোকেও আমাৰ সৈতে সহভাগীতা ৰাখিবা। আমাৰ যি সহভাগীতা, সেয়া পিতৃৰ সৈতে আৰু তেওঁৰ পুত্র যীচু খ্রীষ্টৰ সৈতে সহভাগিতা। 3 4 আৰু তোমালোকৰ আনন্দ যেন সম্পূৰ্ণ হয়, সেই কাৰণে আমি এইবোৰ কথা লিখিছো।

5 আমি যি বাৰ্তা তেওঁৰ পৰা শুনি তোমালোকৰ আগত ঘোষণা কৰিছো, সেই বার্তাই হ’ল, ঈশ্বৰৰ পোহৰ আৰু তেওঁত আন্ধাৰ লেশ মানো নাই। 6 সেয়েহে আমি যদি তেওঁৰে সৈতে সহভাগিতাত আছো বুলি কওঁ আৰু আমি আন্ধাৰত চলো 4 তেনেহলে আমি মিছলীয়া আৰু সত্যৰ আচৰণ আমাৰ নাই৷ 7 কিন্তু তেওঁ যেনেকৈ পোহৰত আছে, তেনেকৈ আমিও যদি পোহৰত চলো, তেনেহলে পৰস্পৰৰ মাজত আমাৰ সহভাগিতা আছে আৰু তেওঁৰ পুত্ৰ, যীচুৰ তেজে সকলো পাপৰ পৰা আমাক শুচি কৰে।

8 আমাৰ পাপ নাই বুলি যদি কওঁ, তেনেহলে আমি নিজেই নিজকে ভুলাওঁ; আৰু আমাৰ অন্তৰত সত্যতা নাই। 9 কিন্তু আমি যদি আমাৰ পাপবোৰ স্বীকাৰ কৰো 5 তেনেহলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ, তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক শুচি কৰে। 10 আমি পাপ কৰা নাই বুলি যদি কওঁ, তেনেহলে তেওঁক মিছলীয়া পাতো আৰু আমাৰ অন্তৰত তেওঁৰ বাক্য নাই।


1যো. 1:1
2সেই জীৱন যীচু খ্ৰীষ্ট
3যো 17:21
4যো 12:35; 1 থি 5:4
5গীত 32:5; হিতো 28:13

2

1 হে মোৰ প্ৰিয় সন্তান সকল, তোমালোকে যেন পাপ নকৰা, এই আশয়েৰে মই তোমালোকলৈ এইবোৰ কথা লিখিছো। কিন্তু কোনোৱে যদি পাপ কৰে, তথাপি পিতৃৰ আগত আমাক সহায় কৰিবলৈ ধাৰ্মিক যীচু খ্ৰীষ্ট আছে। 2 তেৱেঁই আমাৰ পাপৰ প্ৰায়শ্চিত্ত 1 কৰোঁতা; কেৱল আমাৰেই নহয়, গোটেই জগতৰো, 3 আৰু আমি তেওঁৰ আজ্ঞাবোৰ যদি পালন কৰো, তেনেহলে তাৰ দ্বাৰা আমি জানিম যে, তেওঁক আমি জানিলো।

4 কোনোৱে যদি কয়, ‘মই ঈশ্বৰক জানো’, কিন্তু তেওঁৰ আজ্ঞাবোৰ পালন নকৰে; তেনেহলে তেওঁ এজন মিছলীয়া আৰু সত্য তেওঁৰ অন্তৰত নাই৷ 5 কিন্তু যি জনে তেওঁৰ বাক্য পালন কৰে, তেওঁৰ অন্তৰত ঈশ্বৰৰ প্ৰেম স্বৰূপেই সিদ্ধ হ’ল। তাৰ দ্বাৰা আমি জানো যে, তেওঁত আমি আছো। 6 ‘মই তেওঁত থাকো’, এই বুলি যদি কোনোৱে কয়, তেনেহলে যীচুৱে যেনে আচৰণ কৰিলে, তেৱোঁ তেনে আচৰণ কৰা উচিত। 2

7 হে প্ৰিয়সকল, মই তোমালোকলৈ কোনো নতুন আজ্ঞা লিখা নাই, কিন্তু আদিৰে পৰা তোমালোকে যি পাই আহিছা, এনে পুৰণি আজ্ঞাকে লিখিছো; তোমালোকে আগেয়ে যি বাক্য শুনিলা, সেয়ে এই পুৰণি আজ্ঞা। 8 এতিয়া মই তোমালোকলৈ এটা নতুন আজ্ঞা লিখিছো, এই কথা খ্ৰীষ্টত আৰু তোমালোকতো সত্য হয়; কাৰণ আন্ধাৰ আঁতৰি যাব ধৰিছে আৰু সম্প্ৰতি প্ৰকৃত পোহৰ প্ৰকাশিত হৈছে৷

9 ‘মই পোহৰতে আছো’, এই বুলি যি কোনোৱে নিজ ভাইক ঘিণ কৰে, তেওঁ এতিয়ালৈকে আন্ধাৰতে আছে। 10 যি কোনোৱে নিজ ভাইক প্ৰেম কৰে, তেওঁ পোহৰত থাকে আৰু তেওঁৰ অন্তৰত বিঘ্নজনক একো নাই। 11 কিন্তু যি কোনোৱে নিজ ভাইক ঘিণ কৰে, তেওঁ আন্ধাৰত আছে আৰু আন্ধাৰত ফুৰে; কলৈ যায় সেই বিষয়ে তেওঁ নাজানে; কাৰণ আন্ধাৰে তেওঁৰ চকু অন্ধ কৰিলে।

12 হে প্রিয় সন্তান সকল,
যীচু খ্ৰীষ্টৰ নামৰ গুণে তোমালোকৰ পাপ ক্ষমা কৰা হ’ল;
এই কাৰণে মই তোমালোকলৈ লিখিছো৷
13 হে পিতৃ সকল,
মই তোমালোকলৈ লিখিছো,
কাৰণ যিজন আৰম্ভণিৰে পৰা আছে,
তেওঁক তোমালোকে জানিলা;
হে যুৱক সকল, মই তোমালোকলৈ লিখিছো,
কাৰণ তোমালোকে চয়তানক জয় কৰিলা৷ হে শিশু সকল,
মই তোমালোকলৈ লিখিলো,
কাৰণ তোমালোকে পিতৃ ঈশ্বৰক জানিলা৷
14 হে পিতৃ সকল,
যিজন আদিৰে পৰা আছে,
তেওঁক তোমালোকে জানিছা;
এই কাৰণে মই তোমালোকলৈ লিখিলো।
হে ডেকা সকল তোমালোক বলৱন্ত আৰু ঈশ্বৰৰ বাক্য তোমালোকৰ অন্তৰত আছে আৰু তোমালোকে চয়তানক জয় কৰিছা; 3
এই কাৰণে মই তোমালোকলৈ লিখিলো।

15 তোমালোকে জগতক বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিবা; কোনোৱে যদি জগতক প্ৰেম কৰে, তেনেহলে পিতৃ ঈশ্বৰৰ প্ৰেম তেওঁৰ অন্তৰত নাই। 4 16 কিয়নো জগতত যিবোৰ আছে, অৰ্থাৎ মাংসৰ অভিলাষ, চকুৰ অভিলাষ, আৰু জীৱন কালৰ অহংকাৰ, এইবোৰ পিতৃ ঈশ্বৰৰ পৰা উৎপন্ন নহয়, জগতৰ পৰাহে হয়। 17 জগত আৰু জগতৰ কামনা-বাসনা শেষ হৈ গুচি যাব ধৰিছে; কিন্তু যিজনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে থাকে।

18 হে শিশুসকল, শেষকাল উপস্থিত হৈছে৷ আৰু খ্ৰীষ্টৰ শত্রু 5 আহিব লাগিছে, এই যি কথা তোমালোকে শুনিলা, সেইদৰে এতিয়াই অনেক খ্ৰীষ্টৰ শত্রু আহিল; ইয়াৰ দ্বাৰা আমি জানো যে, শেষকাল উপস্থিত হৈছে। 19 খ্ৰীষ্টৰ এই শত্রুবোৰ আমাৰ মাজৰ পৰা ওলাই গল, কিন্তু আমাৰ সম্বন্ধীয় নাছিল; কিয়নো আমাৰ সম্বন্ধীয় হোৱা হলে, আমাৰ লগতে থাকিলেহেঁতেন; কিন্তু তেওঁলোক প্ৰকাশিত হবলৈ, অৰ্থাৎ তেওঁলোক যে আমাৰ সম্বন্ধীয় নহয়, এই বিষয়ে প্ৰকাশিত হবলৈ তেওঁলোক ওলাই গল।

20 কিন্তু তোমালাকে পবিত্ৰ জনৰ পৰা অভিষেক পাইছা, 6 আৰু তোমালোকে সত্যক জানা। 21 তোমালোকে সত্যক নাজানা বুলি যে মই এইবোৰ তোমালোকলৈ লিখিছো, এনে নহয়; কিন্তু তোমালোকে সত্যক জানা আৰু সত্যত যে কোনো মিছা নাই, এই বিষয়েও জানিছা কাৰণেহে মই লিখিলো৷

22 যীচু সেই অভিষিক্ত জনা বুলি যিজনে অস্বীকাৰ কৰে, তেওঁৰ বাহিৰে প্ৰকৃত মিছলীয়া আন কোন আছে? সেই জনেই খ্ৰীষ্টৰ শত্রু; তেওঁ পিতৃ আৰু পুত্ৰকো অস্বীকাৰ কৰে। 23 যিজনে পুত্ৰক অস্বীকাৰ কৰে, তেওঁ পিতৃক পোৱা নাই; কিন্তু যিজনে পুত্ৰক স্বীকাৰ কৰে, তেওঁ পিতৃক পালে।

24 তোমালোকে আদিৰে পৰা যি যি শুনিলা, সেয়ে তোমালোকৰ অন্তৰত থাকক। আদিৰে পৰা শুনা সেই কথা তোমালোকৰ অন্তৰত যদি থাকে, তেনেহলে তোমালোকে পুত্ৰত আৰু পিতৃত থাকিবা, 25 আৰু এয়ে আমাৰ আগত কৰা তেওঁৰ প্ৰতিশ্ৰুতিপূৰ্ণ প্ৰতিজ্ঞা; অনন্ত জীৱন। 26 যি সকলে তোমালোকক বিপথগামী কৰে, তেওঁলোকৰ প্ৰসংগতো মই তোমালোকলৈ এইবোৰ কথা লিখিলো।

27 আৰু তেওঁৰ পৰা গ্ৰহণ কৰা অভিষেক তোমালোকৰ অন্তৰত থকাত, তোমালোকক আন কোনোবাই শিক্ষা দিয়াৰ প্ৰয়োজন নাই৷ কিন্তু তেওঁৰ সেই অভিষেকে যেনেকৈ সকলো বিষয়তে তোমালোকক শিক্ষা দি আছে আৰু সেই অভিষেক সত্য, মিছা নহয় আৰু তোমালোকে সেই শিক্ষাৰে তেওঁতে থাকা৷ 7

28 আৰু এতিয়া, হে মোৰ প্ৰিয় সন্তানসকল, তোমালোকে তেওঁত থাকা; তেওঁ প্ৰকাশিত হলে আমি সাহিয়াল হম আৰু তেওঁৰ আগমনৰ সময়ত তেওঁৰ সন্মুখত লজ্জিত নহম৷ 29 যদি তোমালোকে জানিছা যে, তেওঁ ধাৰ্মিক; তেনেহলে ধাৰ্মিকতাপূৰ্ণ আচৰণ কৰা প্ৰতিজন যে তেওঁৰ পৰা জন্ম পোৱা হয়, ইয়াকো তোমালোকে জানিবা৷


1ৰো 3:25
2যো 13:15; 1 পি 2:21
3ইফি 6:10-13; 1 পি 5:8, 9
4যাক 4:4
5মথি 24:24; 2 থি 2:3-9
6কৰি 1:21, 22
7যো 15:4-7

3

1 ভাবি চোৱা, পিতৃ ঈশ্বৰে আমাক কেনে প্ৰেম প্ৰদান কৰিলে, আমি যেন ঈশ্বৰৰ সন্তান বুলি অভিহিত হওঁ আৰু আমি হৈছোও! 1 এই বাবে জগতৰ মানুহে আমাক নাজানে, কাৰণ জগতে তেওঁক নাজানিলে৷ 2 হে প্ৰিয়সকল, এতিয়া আমি ঈশ্বৰৰ সন্তান; কিন্তু পাছত কি হম, সেয়ে এতিয়ালৈকে প্ৰকাশিত হোৱা নাই। কিন্তু আমি জানো যে, খ্ৰীষ্ট যেতিয়া প্ৰকাশিত হব, তেতিয়া আমি তেওঁৰ নিচিনাই হম৷ 2 তেওঁ যেনেকুৱা আছে, তেনেকুৱাই তেওঁক দেখিম৷ 3 আৰু তেওঁৰ ওপৰত যি ব্যক্তিৰ এনে আশা বা আত্মবিশ্বাস আছে, তেওঁ যেনে শুচি, তেৱোঁ তেনেকৈ নিজকে শুচি কৰে।

4 যি কোনোৱে পাপ-আচৰণ কৰে, তেওঁ বিধান লঙ্ঘন কৰে; আৰু বিধান-লঙ্ঘন কৰাই পাপ। 5 তোমালোকে জানা যে, পাপ দূৰ কৰিবলৈ 3 তেওঁ প্ৰকাশিত হ’ল আৰু তেওঁত কোনো পাপ নাই। 6 যি কোনোৱে তেওঁত থাকে, তেওঁ পাপ নকৰে; যি কোনোৱে পাপ কৰে, তেওঁ তেওঁক দেখা নাই আৰু জনাও নাই।

7 হে প্রিয় সন্তানসকল, তোমালোকক ভুলাবলৈ কাকো নিদিবা; যি কোনোৱে ধাৰ্মিকতা আচৰণ কৰে, খ্ৰীষ্ট যেনে ধাৰ্মিক, তেৱোঁ তেনে ধাৰ্মিক হয়। 8 যি কোনোৱে পাপ-আচৰণ কৰে, তেওঁ চয়তানৰ; 4 কিয়নো চয়তানে আদিৰে পৰা পাপ কৰি আছে। চয়তানৰ কৰ্ম ধ্বংস কৰিবৰ কাৰণে 5 ঈশ্বৰৰ পুত্ৰ প্ৰকাশিত হ’ল।

9 যিজন ঈশ্বৰৰ পৰা জন্ম পোৱা হয়, তেওঁ পাপ-আচৰণ নকৰে; কাৰণ ঈশ্বৰৰ বীজ তেওঁৰ অন্তৰত থাকে৷ তেওঁ পাপ কৰিব নোৱাৰে; কাৰণ ঈশ্বৰৰ পৰা তেওঁৰ জন্ম হ’ল। 10 ইয়াতে প্রকাশ পায় কোন ঈশ্বৰৰ সন্তান আৰু কোন চয়তানৰ সন্তান! যি কোনোৱে ধাৰ্মিকতাৰ আচৰণ নকৰে, তেওঁ ঈশ্বৰৰ সন্তান নহয়। যিজনে নিজ ভায়েকক প্ৰেম নকৰে, তেৱোঁ ঈশ্বৰৰ সন্তান নহয়।

11 কিয়নো আমি যেন পৰস্পৰে প্ৰেম কৰো, এই বার্তা তোমালোকে আদিৰে পৰা শুনি আছা। 12 তোমালোক কয়িনৰ নিচিনা নহবা। কয়িন চয়তানৰ লোক আছিল আৰু তেওঁ চয়তানৰ পৰা হ’ল আৰু নিজ ভায়েকক বধ কৰিলে। 6 তেওঁ কি কাৰণে নিজ ভাইক বধ কৰিলে? কাৰণ তেওঁৰ কৰ্ম মন্দ আছিল, কিন্তু তেওঁৰ ভায়েক ধাৰ্মিক আছিল।

13 হে মোৰ ভাই সকল, জগতে যদি তোমালোকক ঘৃণা কৰে, তেনেহলে তাত বিস্ময় নামানিবা। 14 আমি ভাই সকলক প্ৰেম কৰাৰ কাৰণে বুজি পাওঁ যে, আমি মৃত্যুৰ পৰা জীৱনলৈ পাৰ হলো, ইয়াকে জানো। যি কোনোৱে প্ৰেম নকৰে, তেওঁ মৃত্যুতেই থাকে। 15 যি কোনোৱে নিজ ভাইক ঘিণ কৰে, তেওঁ এজন নৰবধী৷ কোনো নৰবধীৰ অন্তৰত অনন্ত জীৱন নাথাকে, ইয়াক তোমালোকে জানা। 16 যীচু খ্ৰীষ্টে আমাৰ কাৰণে নিজৰ প্ৰাণ দিলে, ইয়াতেই আমি প্ৰেমৰ তত্ব জানিবলৈ পালো৷ আমিও ভাই সকলৰ কাৰণে নিজ নিজ প্ৰাণ দিয়া উচিত। 17 কিন্তু যিজনৰ সাংসাৰিক জীৱিকাৰ উপায় আছে, তেওঁ নিজ ভাইৰ অভাৱ দেখিও যদি স্নেহ নকৰি হৃদয় বন্ধ কৰি থয় আৰু তেওঁৰ পৰা নিজ স্নেহ আটক কৰে, তেনেহলে ঈশ্বৰৰ প্ৰেম কেনেকৈ তেওঁৰ অন্তৰত থাকিব? 18 হে প্রিয় সন্তান সকল, আহাঁ; আমি কেৱল বাক্যৰ দ্বাৰা বা জিভাৰে নহয়, কৰ্ম আৰু সত্যেৰে প্ৰেম কৰোঁহক।

19 ইয়াৰ দ্বাৰা আমি জানো যে, সত্যৰ পৰা হওঁ; 20 আৰু আমাৰ অন্তৰে আমাক দোষী কৰিলেও তেওঁৰ উপস্থিতিত আমাৰ অন্তৰ আশ্বাসত থাকিব৷ কাৰণ ঈশ্বৰ আমাৰ হৃদয়তকৈ মহান আৰু তেওঁ সকলো জানে। 21 হে প্ৰিয় সন্তান সকল, আমাৰ হৃদয়ে যদি আমাক দোষী নকৰে, তেনেহলে ঈশ্বৰত আমাৰ নিশ্চয়তা বা আত্মবিশ্বাস আছে; 22 আৰু আমি যিহকে যাচনা কৰো, তাকে আমি তেওঁৰ পৰা পাওঁ৷ কিয়নো আমি তেওঁৰ আজ্ঞাবোৰ পালন কৰো আৰু তেওঁৰ দৃষ্টিত যি যি সন্তোষজনক, সেই কৰ্ম আমি কৰো।

23 তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টৰ নামত আমি যেন বিশ্বাস কৰো আৰু তেওঁ আমাক দিয়া আজ্ঞাৰ দৰে আমি যেন পৰস্পৰে প্ৰেম কৰো, এয়ে তেওঁৰ আজ্ঞা। 24 আৰু যিজনে ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰে, তেওঁ ঈশ্বৰত থাকে আৰু ঈশ্বৰো তেওঁত থাকে৷ তেওঁ যে আমাৰ লগত থাকে, ইয়াকে তেওঁ আমাক দিয়া আত্মাৰ দ্বাৰা আমি জানো।


1ৰো 8:14-17; গালা 3:26; 4:6, 7
2ৰো 8:29; ফিলি 3:21
3যো 1:29
4যো 8:44
5ইব্ৰী 2:14
6আদি 4:4-8

4

1 হে প্ৰিয়সকল, তোমালোকে সকলো আত্মাত বিশ্বাস নকৰিবা; কিন্তু সেই আত্মা ঈশ্বৰৰ হয় নে নহয়, সেই বিষয়ে জানিবৰ বাবে আত্মাবোৰ পৰীক্ষা কৰি চাবা; কাৰণ জগতত বহুত ভুৱা ভাববাদী ওলাল। 2 তোমালোকে ঈশ্বৰৰ আত্মাক এনেদৰে জানিব পাৰিবা, যীচু খ্ৰীষ্ট যে মাংসত আহিল, এই কথা যিবোৰ আত্মাই স্বীকাৰ কৰে, সেই আত্মা ঈশ্বৰৰ; 3 আৰু যি আত্মাই যীচুক স্বীকাৰ নকৰে, সেইবোৰ ঈশ্বৰৰ নহয়; সেয়ে খ্ৰীষ্টৰ শত্ৰুৰ 1 আত্মা৷ এই বিষয়ে তোমালোকে শুনিছা, এইবোৰ ইতিমধ্যে জগতত এতিয়া উপস্থিত হৈ আছে।

4 হে প্ৰিয় সন্তান সকল, তোমালোক হলা ঈশ্বৰৰ আৰু তোমালোকে সেই আত্মা 2 বোৰৰ ওপৰত জয় কৰিলা; কিয়নো জগতত থকা জনতকৈ তোমালোকত থকা জন মহান। 5 এই আত্মাবোৰ জগতৰ; এই কাৰণে জগতৰ কথাহে কয় আৰু জগতৰ লোক সকলেও এইবোৰৰ কথা শুনে। 6 আমি হলে ঈশ্বৰৰ লোক; যিজনে ঈশ্বৰক জানে, তেওঁ আমাৰ কথা শুনে; যিজন ঈশ্বৰৰ নহয়, তেওঁ আমাৰ কথা নুশুনে৷ ইয়াৰ দ্বাৰা আমি সত্যৰ আত্মা আৰু ভ্ৰান্তিৰ আত্মাক জানিব পাৰো।

7 হে প্ৰিয় লোকসকল আহাঁ, আমি পৰস্পৰে প্ৰেম কৰোঁহক; কিয়নো প্ৰেম ঈশ্বৰৰ পৰা হয়৷ যি কোনোৱে প্ৰেম কৰে, তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা আৰু তেওঁ ঈশ্বৰক জানে। 8 যিজনে প্ৰেম নকৰে, তেওঁ ঈশ্বৰক নাজানে; কিয়নো ঈশ্বৰেই প্ৰেম।

9 ঈশ্বৰৰ একমাত্ৰ পুত্ৰৰ দ্বাৰা আমি জীৱন লাভ কৰিবলৈ ঈশ্বৰে যে তেওঁক জগতলৈ পঠালে, ইয়াতে আমাৰ বাবে ঈশ্বৰৰ প্ৰেম প্ৰকাশিত হ’ল৷ 10 ঈশ্বৰক যে আমি প্ৰেম কৰিলো, এনে নহয়; কিন্তু তেওঁহে আমাক প্ৰেম কৰিলে আৰু আমাৰ পাপৰ প্ৰায়শ্চিত্ত হবলৈ নিজ পুত্ৰক পঠাই দিলে, ইয়াতেই প্ৰেম আছে। 3

11 হে প্ৰিয় সকল, ঈশ্বৰে আমাক যদি এনে প্ৰেম কৰিলে, তেনেহলে আমিও পৰস্পৰে প্ৰেম কৰা উচিত। 12 ঈশ্বৰক কোনেও কেতিয়াও দেখা নাই; আমি যদি পৰস্পৰে প্ৰেম কৰো, তেনেহলে ঈশ্বৰ আমাৰ লগত থাকে আৰু তেওঁৰ প্ৰেম আমাৰ মাজত সিদ্ধ হয়। 13 আমি জানো যে, তেওঁ আমাৰ মাজত আছে; আৰু আমিও তেওঁৰ লগত আছো৷ এই বিষয়ে আমি জানো, কাৰণ ঈশ্বৰে তেওঁৰ আত্মাক আমাৰ বাবে দান কৰিলে৷ 14 আমি দেখিছো আৰু সাক্ষ্য দিছো যে, পিতৃয়ে জগতৰ ত্ৰাণকৰ্তা হবলৈ তেওঁৰ পুত্ৰক পঠাই দিলে৷

15 যীচু যে ঈশ্বৰৰ পুত্ৰ; ইয়াক যিজনে স্বীকাৰ কৰে, ঈশ্বৰ তেওঁত থাকে আৰু তেৱোঁ ঈশ্বৰত থাকে। 16 আমালৈ ঈশ্বৰৰ প্ৰেম আছে, এই কথা আমি জানো আৰু বিশ্বাসো কৰো। ঈশ্বৰ প্ৰেম আৰু যি জন প্ৰেমত থাকে, তেওঁ ঈশ্বৰত থাকে আৰু ঈশ্বৰো তেওঁত থাকে।

17 এই প্ৰেমে আমাৰ ক্ষেত্ৰত এনেদৰে পূর্ণতা পালে যে, আমি সোধ বিচাৰৰ দিনা আত্মবিশ্ৱাসী 4 হৈ থিয় হব পাৰিম; কিয়নো তেওঁ যেনেকুৱা, আমিও এই জগতত তেনেকুৱাই আছো। 18 প্ৰেমত ভয় নাই, কিন্তু সিদ্ধ প্ৰেমে ভয় দূৰ কৰে; কাৰণ ভয়ৰ সৈতে শাস্তি জড়িত থাকে৷ কিন্তু যি জনে ভয় কৰে, তেওঁ প্ৰেমত সিদ্ধতা লাভ কৰা নাই৷

19 আমি প্ৰেম কৰো, কাৰণ তেৱেঁই প্ৰথমে আমাক প্ৰেম কৰিলে৷ 20 কোনোৱে যদি কয়, ‘মই ঈশ্বৰক প্ৰেম কৰো’, কিন্তু তেওঁ যদি নিজ ভাইক ঘৃণা কৰে, তেনেহলে তেওঁ মিছলীয়া; কিয়নো ভাইক যদি তেওঁ দেখিও প্ৰেম কৰা নাই, তেনেহলে যি জনক দেখা নাই, এনে ঈশ্বৰক তেওঁ প্ৰেম কৰিব নোৱাৰে। 21 যিজনে ঈশ্বৰক প্ৰেম কৰে, তেওঁ আপোন ভাইকো প্ৰেম কৰক; এই আজ্ঞা 5 আমি তেওঁৰ পৰা পালো।


1শত্ৰুৰ খ্ৰীষ্টাৰি
2সেই আত্মা ভুৱা ভাববাদী
3ৰো 5:8, 10৷
4যো 2:28; 3:21৷
5যো. 15:12

5

1 যীচু যে সেই অভিষিক্ত জনা 1 হয়, ইয়াক যিজনে বিশ্বাস কৰে, তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা; আৰু যিজনে জন্ম দিওঁতা পিতৃক প্ৰেম কৰে, তেওঁ পিতৃৰ পৰা জন্ম পোৱা জনকো প্ৰেম কৰে। 2 আমি যেতিয়া ঈশ্বৰক প্ৰেম কৰো আৰু তেওঁৰ আজ্ঞা পালন কৰো, তেতিয়া ঈশ্বৰৰ সন্তান সকলকো যে প্ৰেম কৰো, ইয়াকে জানো। 3 কাৰণ ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই, আমি যেন তেওঁৰ আজ্ঞাবোৰ পালন কৰো; আৰু তেওঁৰ আজ্ঞাবোৰ ববলৈ গধুৰ নহয়৷ 2

4 যিসকল ঈশ্বৰৰ পৰা জন্ম পোৱা, তেওঁলোকে জগতক জয় কৰে। 3 আৰু জগতক জয় কৰা যি জয়, সেয়ে আমাৰ বিশ্বাস। 5 যীচু যে ঈশ্বৰৰ পুত্ৰ হয়, ইয়াক যি জনে বিশ্বাস কৰে, তেওঁৰ বাহিৰে জগতক জয় কৰোঁতা কোন?

6 জল আৰু তেজেদি অহা জন তেৱেঁই; তেওঁ হ’ল যীচু খ্ৰীষ্ট; তেওঁ কেৱল জলেৰে নহয়, কিন্তু জল আৰু তেজ, এই উভয়েৰে আহিল। এই সাক্ষ্য আত্মাই দিয়ে, কাৰণ আত্মা সত্য। 7 আৰু সাক্ষ্য দিওঁতা তিনিটা; 8 আত্মা, জল, আৰু তেজ, এই তিনিওৰো সাক্ষ্য এক।

9 আমি যদি মানুহবোৰৰ সাক্ষ্য গ্ৰহণ কৰো, তেনেহলে ঈশ্বৰৰ সাক্ষ্য তাতকৈয়ো শ্ৰেষ্ঠ; কিয়নো এয়া ঈশ্বৰৰ সাক্ষ্য। তেওঁ নিজৰ পুত্ৰৰ বিষয়ে সাক্ষ্য দিলে। 10 যিজনে ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰে, সেই সাক্ষ্য তেওঁৰ অন্তৰত থাকে; 4 যিজনে ঈশ্বৰত বিশ্বাস নকৰে, তেওঁ ঈশ্বৰক মিছলীয়া পাতিলে; কিয়নো নিজৰ পুত্ৰৰ বিষয়ে ঈশ্ৱৰে যি সাক্ষ্য দিলে, সেই সাক্ষ্যত তেওঁ বিশ্বাস কৰা নাই।

11 সেই সাক্ষ্য এই যে, ঈশ্বৰে আমাক অনন্ত জীৱন দিলে আৰু সেই জীৱন তেওঁৰ পুত্ৰত আছে। 12 যিজনে পুত্ৰক পালে, তেওঁৰ জীৱন আছে; 5 যিজনে ঈশ্বৰৰ পুত্ৰক পোৱা নাই, তেওঁৰ জীৱন নাই।

13 ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা যি তোমালোক, তোমালোকৰ যে অনন্ত জীৱন 6 আছে, সেই বিষয়ে তোমালোকে জানিবৰ বাবে এইবোৰ কথা মই তোমালোকলৈ লিখিলো। 14 তেওঁত এই আমাৰ সাহসিকতা যে, আমি যদি তেওঁৰ ইচ্ছা অনুসাৰে তেওঁৰ ওচৰত নিবেদন কৰো, তেনেহলে তেওঁ আমাৰ নিবেদন শুনে; 15 আৰু যদি আমি জানো যে, আমাৰ নিবেদন সমূহ তেওঁ শুনিলে; তেনেহলে আমি বিচাৰিছিলো, সেই সকলো পালোঁ বুলি জানো৷

16 কোনোৱে যদি নিজ ভাইক মৃত্যুজনক নোহোৱা পাপ কৰা দেখে, তেনেহলে তেওঁ প্ৰার্থনা কৰক আৰু ইয়াৰ যোগেদি ঈশ্বৰে মৃত্যুজনক নোহোৱা পাপ কৰা লোকক জীৱন দিব। মৃত্যুজনক পাপ আছেই; তাৰ বিষয়ে নিবেদন কৰিবলৈ মই নকওঁ। 7 17 সকলো অধৰ্মই পাপ; কিন্তু মৃত্যুজনক নোহোৱা পাপও আছে।

18 আমি জানো যে, ঈশ্বৰৰ পৰা জন্ম পোৱা জনে পাপ নকৰে; কিন্তু যিজনে ঈশ্ৱৰৰ পৰা জন্ম পালে, ঈশ্ৱৰে তেওঁক চয়তানৰ পৰা ধৰি ৰাখে; আৰু চয়তানে তেওঁক স্পৰ্শ কৰিব নোৱাৰে। 19 আমি জানো যে, আমি ঈশ্বৰৰ সন্তান হওঁ আৰু গোটেই জগত মিছাকৈয়ে চয়তানৰ অধীনত আছে৷

20 আমি ইয়াকো জানো যে, ঈশ্বৰৰ পুত্ৰ আহিল আৰু তেওঁ আমাক সেই জ্ঞান দিলে; ইয়াৰ দ্ৱাৰা আমি জানো কোন সত্য। এতিয়া আমি সেই সত্য ঈশ্ৱৰত আছো আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টতো আছো৷ এয়ে সত্য ঈশ্বৰ আৰু অনন্ত জীৱন। 21 তেৱেঁই সত্য ঈশ্বৰ আৰু অনন্ত জীৱন। হে প্ৰিয় সন্তানসকল, মূৰ্তিবোৰৰ পৰা নিজক দূৰৈত ৰাখা৷


1অভিষিক্ত খ্ৰীষ্ট
2মথি 11:30৷
3যো 16:33৷
4ৰো 8:16৷
5যো 3:36; 5;24৷
6যো 20:31৷
7যিৰি 7:13-16; মথি 12:31, 32৷