Assamese: Assamese Unlocked Literal Bible Print

Updated ? hours ago # views See on WACS
3 যোহন
3 যোহন
1

1 যি জনক মই সত্যৰে প্ৰেম কৰো, সেই জন প্ৰিয় পৰিচাৰক গায়ৰ সমীপলৈ৷

2 হে প্ৰিয়জন, তোমাৰ জীৱাত্মা যেনে কুশলপ্ৰাপ্ত, তেনেকৈ সকলো বিষয়তে তোমাৰ কুশল আৰু সুস্বাস্থ্য হওক, এই মোৰ প্ৰাৰ্থনা। 3 যেতিয়া ভাই সকলে আহি তোমাৰ অন্তৰত থকা সত্যৰ বিষয়ে, অৰ্থাৎ তুমি যে সত্যক ধৰি ৰাখি জীৱন-যাপন কৰি আছা, সেই বিষয়ে সাক্ষ্য দিয়াত, মই অতিশয় আনন্দিত হলো। 4 মোৰ সন্তান সকল সত্যত চলাৰ বাৰ্তা শুনিলে যি আনন্দ জন্মে, সেই বিষয়তকৈ অধিক আনন্দ মোৰ আন একো নাই।

5 হে প্ৰিয়, তুমি ভাই আৰু অচিনাকি ভাইসকলৰ কাৰণে যেতিয়া কর্ম কৰিলা, সেয়া আছিল তোমাৰ বিশ্বস্তাৰ অনুশীলন 6 তেওঁলোকে তোমাত জন্ম হোৱা প্ৰেমক দেখিলে আৰু সাক্ষ্য ৰূপে মণ্ডলীৰ সন্মুখত তোমাৰ প্ৰেমৰ বিষয়ে সাক্ষ্য দিলে। ঈশ্ৱৰ সন্তুষ্ট হোৱাকৈ তেওঁলোকৰ যাত্ৰা পথত তুমি আগ বঢ়াই সাহায্য কৰি ভালেই কৰিলা৷ 7 কিয়নো তেওঁলোকে অনা-যিহূদী সকলৰ পৰা একো নলৈ, প্ৰভুৰ নামৰ কাৰণে ওলাই গৈছিল। 8 এতেকে আমি সত্যৰ সহকাৰী হবলৈ, এনে লোক সকলক প্ৰতিপালন কৰা উচিত।

9 মই মণ্ডলীলৈ কিছু কথা লিখিছিলো; কিন্তু তেওঁলোকৰ মাজত প্ৰাধান্যৰ অভিলাষী দিয়ত্ৰিফিয়ে মোৰ ক্ষমতা স্বীকাৰ নকৰে। 10 এই কাৰণে মই যদি যাওঁ, তেতিয়া তেওঁ কৰা সকলো কর্ম মই তেওঁক সোঁৱৰাম, তেওঁ আমাৰ বিৰুদ্ধে হাস্যকৰ ভাবে অসৎ কথাবোৰ কয়; আৰু এই কর্মবোৰৰ সৈতে কোনো কৰ্মসূচী নথকাত, তেওঁলোকে নিজেও ভাই সকলক গ্ৰহণ নকৰে আৰু গ্ৰহণ কৰিব খোজা সকলোকো বাৰণ কৰি মণ্ডলীৰ পৰা বাহিৰ কৰে।

11 হে প্ৰিয়, তুমি দুষ্কৰ্মীৰ অনুকাৰী নহবা, কিন্তু সৎকৰ্মৰ অনুকাৰী হোৱা। যি জনে সৎ কৰ্ম কৰে, তেওঁ ঈশ্বৰৰ হয়; যি জনে দুষ্কৰ্ম কৰে, তেওঁ ঈশ্বৰক দেখাই নাই। 12 দীমীত্ৰিয় সকলোৰে বাবে সাক্ষ্য, এনে কি, স্বয়ং সত্যৰ দ্বাৰায়ো সাক্ষ্য দিয়া হৈছে; আমিও সাক্ষ্য দিছো; আৰু আমাৰ সাক্ষ্য যে সত্য, 1 সেই বিষয়ে তুমি জানা।

13 তোমালৈ লিখিবৰ বাবে মোৰ অনেক কথা আছিল; কিন্তু চিয়াঁহী আৰু কলমেৰে লিখিবলৈ মই ইচ্ছা নকৰো; 14 বৰং আশা কৰো যে, তোমাক অতি সোনকালে লগ পাম আৰু তেতিয়া মুখা-মুখি হৈ কথা-বতৰা পাতিম। 15 তোমাৰ শান্তি হওক। তোমাৰ বন্ধু সকলে 2 তোমাক সম্ভাষণ জনাইছে। তুমিও তোমাৰ বন্ধু সকলক 3 মোৰ নামেৰে সম্ভাষণ জনাবা৷


1যো 21:24৷
2যোহনৰ লগত থকা গায়কৰ বন্ধু সকল৷
3গায়কৰ সতে থকা বন্ধু সকল৷